আঞ্চলিক সংবাদ

September 5, 2025 8:31 PM

views 40

কৃষি বিভাগৰ উচ্চ পদস্থ বিষয়া সকলৰ সৈতে কৃষি মন্ত্ৰী অতুল বৰাৰ বৈঠক

ৰাজ্যখনৰ বিভিন্ন ঠাইৰ কৃষি ভূমিত শুঁৰ পোকৰ উপদ্ৰৱ ৰোধ কৰিবলৈ কৃষি বিভাগে ব্যৱস্থা গ্ৰহণ কৰিছে। কৃষি মন্ত্ৰী অতুল বৰাই দিচপুৰৰ জনতা ভৱনত আজি কৃষি বিভাগৰ উচ্চ পদস্থ বিষয়া সকলৰ সৈতে এই সন্দৰ্ভত পর্যালোচনা অংশ লয়। ৰাজ্যখনৰ কেইবাখনো জিলাৰ খৰাং সদৃশ পৰিস্থিতি কৃষক সকলক সহায় কৰাৰ বাবে গ্ৰহণ কৰা ব্যৱস্থা...

September 5, 2025 7:56 PM

views 31

গোলাপ শ‍ইকীয়াৰ পঞ্চম মৃত্যু বার্ষিকী উপলক্ষে আকাশবাণী গুৱাহাটীৰ অনলাইন বাতৰি পঢ়া প্ৰতিযোগিতা

আকাশবাণী গুৱাহাটীৰ প্ৰাক্তন বাতৰি পঢ়োঁতা গোলাপ শ‍ইকীয়াৰ পঞ্চম মৃত্যু বার্ষিকী উপলক্ষে অষ্টম শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীৰ বাবে অসমীয়াত অনলাইন বাতৰি পঢ়া প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছে। ইচ্ছুক প্রতিযোগীয়ে সাম্প্রতিক ঘটনাৱলী সম্পৰ্কীয় ১ মিনিটৰ বাতৰিৰ অ'ডিঅ' মোবাইল ফোন অথবা অডিঅ' ৰেকৰ্ডাৰ...

September 5, 2025 7:48 PM

views 29

মৰিগাঁও জিলা কৃষি বিভাগৰ সহযোগত দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত কৃষক-বিজ্ঞানী মত-বিনিময় অনুষ্ঠানৰ আজি সামৰণি

কৃষি প্রযুক্তি ব্যৱস্থাপনা সংস্থাৰ উদ্যোগত আৰু মৰিগাঁও জিলা কৃষি বিভাগৰ সহযোগত জিলাখনত দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত কৃষক-বিজ্ঞানী মত-বিনিময় অনুষ্ঠানৰ আজি সামৰণি পৰে। এই অনুষ্ঠানত কৃষি আৰু ইয়াৰ আনুষংগিক বিষয়সমূহত কৃষকসকলক সজাগ কৰাৰ লগতে তেওঁলোকক কাৰিকৰী প্ৰশিক্ষণ আগবঢ়োৱাৰ উপৰি বিভিন্ন আঁচনিৰ সু...

September 5, 2025 7:39 PM

views 24

শিৱসাগৰৰ জিলা আয়ুক্তৰ কাৰ্যালয়ত সেৱা সপ্তাহ আয়োজনৰ প্ৰস্তুতি সন্দৰ্ভত বৈঠক

শিৱসাগৰৰ জিলা আয়ুক্তৰ কাৰ্যালয়ত আজি সেৱা সপ্তাহ আয়োজনৰ প্ৰস্তুতি সন্দৰ্ভত এখন বৈঠক অনুষ্ঠিত হয়। সেৱা সপ্তাহ উদযাপনৰ অংশ হিচাপে বিধানসভা ভিত্তিত হ'বলগীয়া মেগা স্বাস্থ্য সেৱা শিবিৰৰ বিষয়ে বৈঠকত আলোচনা কৰা হয়। ডিমৌ সমষ্টিৰ বাবে অহা ১৯ ছেপ্তেম্বৰত, নাজিৰা সমষ্টিৰ বাবে চকীমুখ উচ্চতৰ মাধ্যমিক বিদ্য...

September 5, 2025 7:33 PM

views 23

শাৰদীয় দুর্গোৎসৱৰ প্ৰস্তুতি সম্পৰ্কত শিৱসাগৰৰ জিলা আযুক্তৰ কাৰ্যালয়ত গুৰুত্বপূৰ্ণ বৈঠক

শিৱসাগৰৰ জিলা আযুক্তৰ কাৰ্যালয়ত আজি শাৰদীয় দুর্গোৎসৱৰ প্ৰস্তুতি সম্পৰ্কত এখন গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হয়। পূজাৰ সময়ত দৰ্শনাৰ্থীৰ সুৰক্ষা, পূজা উদযাপনৰ বাবে প্ৰয়োজনীয় অনুমতি, যান-বাহনৰ নিয়মাৱলী, প্রতিমা বিসর্জনকে ধৰি কেইবাটাও বিষয়ক লৈ বৈঠকত আলোচনা কৰা হয়। পূজা সমিতি সমূহক এই বৈঠকত জিলা প্ৰ...

September 5, 2025 7:21 PM

views 33

ৰাজ্য চৰকাৰৰ মাতৃ-পিতৃ বন্দনা আঁচনিৰ অধীনত ৰাজ্যিক কৰ্মচাৰীসকলৰ বাবে বিশেষ নৈমিত্তিক ছুটি মঞ্জুৰ

ৰাজ্য চৰকাৰৰ মাতৃ-পিতৃ বন্দনা আঁচনিৰ অধীনত ৰাজ্যিক কৰ্মচাৰীসকলৰ বাবে বিশেষ নৈমিত্তিক ছুটি মঞ্জুৰ কৰা হৈছে। এই সন্দৰ্ভত সাধাৰণ প্ৰশাসন বিভাগে জাৰি কৰা নিৰ্দেশ অনুসৰি অহা ১৪ আৰু ১৫ নৱেম্বৰত কৰ্মচাৰীসকলে এই বিশেষ নৈমিত্তিক ছুটি লাভ কৰিব। কৰ্মচাৰীসকলে ১৬ নৱেম্বৰ অৰ্থাৎ দেওবাৰৰ দিনটোও মাতৃ-পিতৃ- বন্দনাৰ ...

September 5, 2025 7:18 PM

views 75

ৰাষ্ট্ৰীয় কৃতী শিক্ষক বঁটাৰে সন্মানিত বর্ষীয়ান ব্যক্তি ৰজত চন্দ্ৰ গোস্বামীক সম্বর্ধনা জ্ঞাপন ৰাজ্যপাল লক্ষ্মন প্রসাদ আচার্যৰ

সমগ্ৰ ৰাজ্যতে আজি বিভিন্ন কাৰ্যসূচীৰে শিক্ষক দিৱস উদযাপন কৰা হয়। ৰাজ্যপাল লক্ষ্মন প্রসাদ আচার্যই শিক্ষক দিৱস উপলক্ষে যোৰহাটৰ টীয়কৰ আধাৰসত্ৰত ৰাষ্ট্ৰীয় কৃতী শিক্ষক বঁটাৰে সন্মানিত বর্ষীয়ান ব্যক্তি ৰজত চন্দ্ৰ গোস্বামীক সম্বর্ধনা জ্ঞাপন কৰে। ৰাজ্যপালগৰাকীয়ে শিক্ষকগৰাকীক সমাজৰ প্ৰতি আগবঢ়োৱা সেৱাৰ ...

September 5, 2025 7:06 PM

views 38

ইনাৰ পাৰ্মিট কাৰ্যকৰীকৰণ ক্ষীপ্ৰতাৰে কৰিবলৈ মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড কে চাংমাই গৃহমন্ত্রী অমিত শ্বাহক আহ্বান

মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড কে চাংমাই কেন্দ্ৰীয় গৃহমন্ত্রী অমিত শ্বাহক বাংলাদেশ সীমান্তত অবৈধ অনুপ্রবেশ ৰোধ কৰিবলৈ ৰাজ্যখনত ইনাৰ পাৰ্মিট কাৰ্যকৰীকৰণ ক্ষীপ্ৰতাৰে কৰিবলৈ আহ্বান জনাইছে। নতুন দিল্লীত কালি মুখ্যমন্ত্রী চাংমাই শ্ৰীশ্বাহক সাক্ষাৎ কৰি এই কথা প্ৰকাশ কৰে। দুয়োগৰাকী নেতাৰ মাজত কালি অনুষ্ঠিত ...

September 5, 2025 6:33 PM

views 30

কাছাৰ জিলাৰ আইন শৃংখলা পৰিস্থিতিৰ পৰ্যালোচনা সন্দৰ্ভত অসম আৰক্ষীৰ সঞ্চালক প্রধান হৰমিত সিঙৰ গুৰুত্বপূৰ্ণ বৈঠক

অসম আৰক্ষীৰ সঞ্চালক প্রধান হৰমিত সিঙে আজি কাছাৰ জিলাৰ আইন শৃংখলা পৰিস্থিতিৰ পৰ্যালোচনা সন্দৰ্ভত এখন গুৰুত্বপূৰ্ণ বৈঠকত অংশ লয়। এই বৈঠকত সকলো উচ্চ পদস্থ বিষয়াৰ লগতে প্ৰতিখন থানাৰ ভাৰপ্ৰাপ্ত বিষয়া সকলে এই বৈঠকত অংশ লয়। সঞ্চালক প্ৰধান গৰাকীয়ে বৈঠকৰ অন্তত সাংবাদিকৰ সৈতে হোৱা কথা-বতৰাত কয় যে অসম আৰ...

September 5, 2025 6:30 PM

views 21

সমগ্ৰ ৰাজ্যতে আজি বিভিন্ন কাৰ্যসূচীৰে শিক্ষক দিৱস উদযাপন

সমগ্ৰ ৰাজ্যতে আজি বিভিন্ন কাৰ্যসূচীৰে শিক্ষক দিৱস উদযাপন কৰা হয়। মৰিগাওঁ জিলাৰ শিক্ষা আৰু প্ৰশিক্ষণ প্ৰতিষ্ঠানৰ উদ্যোগত আয়োজিত শিক্ষক দিৱসৰ কাৰ্যসূচীত জিলাখনৰ শ্ৰেষ্ঠ বিদ্যালয়ৰ বঁটা প্ৰদান কৰা হয়। মৰিগাওঁ মজলীয়া বিদ্যালয় আৰু মৰিসুঁতি টোপ নতুন প্রাথমিক বিদ্যালয়ে এই বঁটা লাভ কৰে। অনুষ্ঠানত অৱসৰ...

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।