আঞ্চলিক সংবাদ

August 7, 2025 7:32 PM August 7, 2025 7:32 PM

views 13

দুৰ্ঘটনা ৰোধ কৰাৰ লক্ষ্যৰে বিশ্বনাথ জিলা পৰিবহণ বিভাগৰ যান-বাহন আইন উলংঘাকাৰীৰ বিৰুদ্ধে কঠোৰ পদক্ষেপ গ্ৰহণ

দুৰ্ঘটনা ৰোধ কৰাৰ লক্ষ্যৰে বিশ্বনাথ জিলা পৰিবহণ বিভাগে যান-বাহন আইন উলংঘাকাৰীৰ বিৰুদ্ধে কঠোৰ পদক্ষেপ লৈছে। পৰিবহণ বিভাগে হেলমেট পৰিধান নকৰা মটৰচাইকেল আৰোহী অথবা ৪ চকীয়া বাহনত ছিল্টবেল্ট ব্যৱহাৰ নকৰা চালকক জৰিমনা বিহিছে। চলিত বৰ্ষৰ এপ্ৰিল মাহৰ পৰা জুলাই মাহলৈ জিলা পৰিবহণ বিভাগে আইন উলংঘাকাৰীৰ বিৰুদ্...

August 7, 2025 7:27 PM August 7, 2025 7:27 PM

views 11

দেশৰ বিভিন্ন প্ৰান্তত আজি ৰাষ্ট্ৰীয় হস্ততাঁত দিৱস পালন

দেশৰ বিভিন্ন প্ৰান্তত আজি ৰাষ্ট্ৰীয় হস্ততাঁত দিৱস পালন কৰা হয়। প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এই খণ্ডৰ সৈতে জড়িত লোকসকলক শুভেচ্ছা জ্ঞাপন কৰে। হস্ততাঁত খণ্ডৰ জৰিয়তে নাগৰিকৰ সৃষ্টিশীলতা প্রকাশ পাই বুলি তেওঁ কয়। নতুন দিল্লীত আয়োজিত কাৰ্যসূচীত কেন্দ্রীয় বস্ত্র মন্ত্রী গিৰিৰাজ সিঙে হস্ততাঁত খণ্ডত ...

August 7, 2025 7:25 PM August 7, 2025 7:25 PM

views 10

নাওবৈচাৰ ফুকনদলনিৰ ২৩৪ বিঘা ভূমিত লখিমপুৰ জিলা প্ৰশাসনৰ উচ্ছেদ

লখিমপুৰ জিলা প্ৰশাসনে আজি নাওবৈচাৰ ফুকনদলনিৰ ২৩৪ বিঘা ভূমিত উচ্ছেদ চলায়। আৰক্ষী প্ৰশাসনৰ সূত্ৰই প্ৰকাশ কৰা মতে উচ্ছেদ অভিযান সুকলমে সম্পন্ন হয়। প্রশাসনে ফুকনদলনিৰ ১১৪টা পৰিয়াললৈ জাননী জাৰি কৰিছিল। উচ্ছেদৰ পূৰ্বে ৯০ শতাংশ পৰিয়ালে নিজৰ বাসগৃহ খালী কৰি অইন স্থানলৈ আঁতৰি যায়। জিলাখনত ৩ হাজাৰ বিঘা ভ...

August 7, 2025 7:20 PM August 7, 2025 7:20 PM

views 4

আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ মূল প্ৰৱেশদ্বাৰৰ সন্মুখত ভাস্কৰ্য খোদিত দেৱাল স্থাপন

আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ মূল প্ৰৱেশদ্বাৰৰ সন্মুখত আজি অসমৰ বিভিন্ন জাতি-জনগোষ্ঠীৰ সাংস্কৃতিক ঐতিহ্য প্ৰতিফলিত কৰা এখন ভাস্কৰ্য খোদিত দেৱাল স্থাপন কৰা হয়। শিল্পী জয়ন্ত চক্ৰৱৰ্তীয়ে খোদিত কৰা এই দেৱালখনত বিহুনৃত্যৰ লগতে বাগৰুম্বা, কাৰ্বি আৰু চাহ জনগোষ্ঠীয় ঝুমুইৰ নৃত্য ভংগিমা প্ৰদৰ্শিত হৈছে। আজি দ...

August 7, 2025 7:11 PM August 7, 2025 7:11 PM

views 51

আকাশবাণীৰ ৯০ বছৰীয়া বৰ্ণিল পৰিক্ৰমাক উদযাপনৰ উদ্দেশ্যে কনকলাল বৰুৱা প্ৰেক্ষাগৃহত বিশেষ কাৰ্যসূচীৰ আয়োজন

আকাশবাণীৰ ৯০ বছৰীয়া বৰ্ণিল পৰিক্ৰমাক উদযাপন কৰাৰ উদ্দেশ্যে গুৱাহাটীৰ যুৱবাণী শাখাৰ উদ্যোগত কাইলৈ অসম ৰাজ্যিক সংগ্ৰহালয়ৰ কনকলাল বৰুৱা প্ৰেক্ষাগৃহত কেইটামান বিশেষ কাৰ্যসূচীৰ আয়োজন কৰা হৈছে। কাইলৈ পুৱা ৯.৩০ বজাৰ পৰা আকাশবাণীৰ ৯০ বছৰ শীৰ্ষক কুইজ প্রতিযোগিতা অনুষ্ঠিত হ'ব। এই প্রতিযোগিতাত প্ৰচাৰণ সেৱাৰ...

August 7, 2025 7:06 PM August 7, 2025 7:06 PM

views 10

বর্তমান ৰাজ্যত ৯৪ হাজাৰ ৪৭৭ গৰাকী ডি-ভোটাৰ আছেঃ ৰণজিৎ কুমাৰ দাস

ধৰ্মীয় নিৰ্যাতনৰ বলি হৈ ২০১৪ চনৰ ৩১ ডিচেম্বৰলৈকে চুবুৰীয়া দেশৰ পৰা ভাৰতলৈ অহা হিন্দু, শিখ, বৌদ্ধ, খ্রীষ্টান, জৈন আৰু পাৰ্চি লোকৰ বিৰুদ্ধে বিদেশী ন্যায়াধীকৰণত ৰুজু হৈ থকা গোচৰ প্ৰত্যাহাৰ কৰাৰ সন্দৰ্ভত মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে আজি বৰপেটাত মতামত ব্যক্ত কৰে। তেওঁ কয়, যে বর্তমান ৰাজ্যত ৯৪ হাজাৰ ৪৭৭ গ...

August 7, 2025 7:01 PM August 7, 2025 7:01 PM

views 23

বিটিচি নিৰ্বাচনক লৈ ৰাজনৈতিক দলসমূহৰ তৎপৰতা বৃদ্ধি

আসন্ন বিটিচি নিৰ্বাচনক লৈ ৰাজনৈতিক দলসমূহৰ তৎপৰতা বৃদ্ধি পাইছে। শাসকীয় দল বিজেপিয়েও বিটিআৰৰ প্ৰতিখন জিলাৰ মণ্ডল, বুথ সমিতিসমূহৰ সাংগঠনিক ভেটি শক্তিশালী কৰি নিৰ্বাচনৰ বাবে সাজু হৈছে। মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই আজি বাক্সা জিলাৰ বাগানপাৰাত ৯ আগষ্টত মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই অংশগ্ৰহণ কৰিবলগীয...

August 7, 2025 6:48 PM August 7, 2025 6:48 PM

views 18

দুর্গা পূজাৰ পূৰ্বে বিচিটি নির্বাচনৰ ফলাফল ঘোষণা কৰাৰ সম্ভাৱনাঃ মুখ্যমন্ত্ৰী

দুর্গা পূজাৰ পূৰ্বে বিচিটি নির্বাচনৰ ফলাফল ঘোষণা কৰাৰ সম্ভাৱনা আছে বুলি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই আজি কোকৰাঝাৰত প্ৰকাশ কৰে। মুখ্যমন্ত্ৰী ড০ শর্মাই দটমাত অনুষ্ঠিত বিজয় সংকল্প সভাত অংশ লৈ এইদৰে কয় । আসন্ন বিচিটিৰ নিৰ্বাচনত ভাৰতীয় জনতা পাৰ্টিয়ে এটা শক্তিশালী দল হিচাপে প্ৰতিষ্ঠা হ'বলৈ সমৰ্...

August 7, 2025 6:44 PM August 7, 2025 6:44 PM

views 8

মঙলদৈ-মাজিকুছি সংযোগী পথ নিৰ্মাণত উত্তৰ-পূব উন্নয়ন মন্ত্রালয়ৰ অনুমোদন

উত্তৰ-পূব উন্নয়ন মন্ত্রালয়ে মঙলদৈ-মাজিকুছি সংযোগী পথ নিৰ্মাণত অনুমোদন জনাইছে। উত্তৰ-পূব বিশেষ আন্তঃগাঁথনি উন্নয়ন আঁচনিৰ অধীনত প্রায় ৪৫ কোটি ৩১ লাখ টকা ব্যয়েৰে ১৫ কিলোমিটাৰ দৈৰ্ঘ্যৰ এই পথচোৱা নিৰ্মাণ কৰা হ'ব। উত্তৰ-পূব উন্নয়ন মন্ত্ৰালয়ে প্ৰকাশ কৰা মতে এই পথচোৱাই দৰং আৰু ওদালগুৰি জিলাক পোনপটীয়...

August 7, 2025 12:58 PM August 7, 2025 12:58 PM

views 2

উত্তৰ-পূৰ্বাঞ্চলত পৰিবহণ ব্যয়, আন্তঃগাঁথনি আৰু যোগাযোগ সম্পৰ্কীয় প্ৰথমখন বৈঠক অনুষ্ঠিত

উত্তৰ-পূৰ্বাঞ্চলত পৰিবহণ ব্যয়, আন্তঃগাঁথনি আৰু যোগাযোগ সম্পৰ্কীয় উচ্চ পৰ্যায়ৰ কৰ্মবাহিনীৰ প্ৰথমখন বৈঠক মুখ্যমন্ত্ৰী  ড০ হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত কালি গুৱাহাটীত অনুষ্ঠিত হয়। কৰ্মবাহিনীৰ সদস্য, উত্তৰ-পূব উন্নয়ন দপ্তৰৰ মন্ত্ৰী জ্যোতিৰাদিত্য সিন্ধিয়া, অৰুণাচল প্ৰদেশৰ মুখ্যমন্ত্ৰী পেমা খাণ্ডু, মিজো...