আঞ্চলিক সংবাদ

January 13, 2026 4:54 PM

views 85

বিশিষ্ট সংগীত শিল্পী সমৰ হাজৰিকাৰ ৭৯ বছৰ বয়সত দেহাৱসান

অসমীয়া সংগীত জগতৰ এটি উজ্জ্বল নক্ষত্র বিশিষ্ট সংগীত শিল্পী সমৰ হাজৰিকাৰ বিয়োগত অসমবাসীৰ মাজত শোকৰ ছাঁ পৰিছে। ৭৯ বছৰ বয়সত দেহাৱসান ঘটা শিল্পীগৰাকীৰ মৃত্যুত বিভিন্নজনে গভীৰ শোক প্রকাশ কৰিছে। গুৱাহাটীৰ নিজৰাপাৰৰ বাসগৃহত গুণমুগ্ধসকলে শিল্পীগৰাকীৰ প্ৰতি শেষ শ্রদ্ধা জ্ঞাপন কৰে। ইয়াৰ পাছত তেওঁৰ নশ্বৰ দ...

January 13, 2026 5:39 PM

views 31

শিৱসাগৰ জিলাত লালী গুৰৰ মজুত আৰু বিক্ৰীৰ ক্ষেত্ৰত জিলা প্ৰশাসনৰ নিষেধাজ্ঞা

শিৱসাগৰ জিলাত গৰুৰ খাদ্য হিচাপে ব্যৱহাৰ কৰা লালী গুৰৰ মজুত আৰু বিক্ৰীৰ ক্ষেত্ৰত জিলা প্ৰশাসনে নিষেধাজ্ঞা আৰোপ কৰিছে। লালীগুৰ ব্যৱহাৰ কৰি অবৈধভাৱে প্ৰস্তুত কৰা দেশী সুৰাই জনস্বাস্থ্য লৈ গুৰুতৰ ভাৱুকি সৃষ্টি কৰাৰ উপৰি শান্তি-শৃংখলা বিঘ্নিত হোৱাৰ আশংকা কৰি জিলা প্ৰশাসনে এই নিষেধাজ্ঞা জাৰি কৰিছে। নিৰ্দে...

January 12, 2026 12:48 PM

views 34

ডিব্ৰুগড় জিলা দুলীয়াজান সাহিত্য সভাই সদৌ অসম ভিত্তিত আয়োজন কৰা প্ৰৱন্ধ প্রতিযোগিতাৰ ফলাফল ঘোষণা

ডিব্ৰুগড় জিলা দুলীয়াজান সাহিত্য সভাই সুধাকণ্ঠ ভূপেন হাজৰিকাৰ জন্ম শতবার্ষিকী উপলক্ষে সদৌ অসম ভিত্তিত আয়োজন কৰা প্ৰৱন্ধ প্রতিযোগিতাৰ ফলাফল ঘোষণা কৰিছে। প্রতিযোগিতাৰ ক শাখাত ড° ভূপেন হাজৰিকাৰ গীতত উত্তৰ-পূৰ্বাঞ্চলৰ সমাজ শীর্ষক বিষয়ত কোকৰাঝাৰ বাণিজ্য মহাবিদ্যালয়ৰ একাদশ শ্ৰেণীৰ ছাত্ৰী নিয়ৰ নিৰিবিলি বৰাই...

January 12, 2026 12:46 PM

views 23

এ ডি আৰ ইত উত্তীর্ণ ২৯২ গৰাকী চাহ জনগোষ্ঠীৰ প্ৰাৰ্থীৰ মাজত আজি নিযুক্তি পত্র বিতৰণ

অসম প্রত্যক্ষ নিযুক্তি পৰীক্ষা- এ ডি আৰ ইত উত্তীর্ণ ২৯২ গৰাকী চাহ জনগোষ্ঠীৰ প্ৰাৰ্থীৰ মাজত আজি নিযুক্তি পত্র বিতৰণ কৰা হ'ব। গুৱাহাটী চিকিৎসা মহাবিদ্যালয় প্রেক্ষাগৃহত আয়োজিত এটা অনুষ্ঠানত প্রার্থীসকলক নিযুক্তিপত্র প্রদান কৰা হ'ব।

January 12, 2026 12:42 PM

views 43

শ্রীহৰিকোটাৰ পৰা উৎক্ষেপন কৰা উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰথমটো কৃত্রিম উপগ্রহ ‘লাচিত-বান’কে ধৰি ১৫ টা উপগ্ৰহৰ উৎক্ষেপনৰ তৃতীয় পর্যায়ত বিজুতি

অন্ধ্রপ্রদেশৰ শ্রীহৰিকোটাৰ সতীশ ধাবন মহাকাশ কেন্দ্ৰৰ পৰা পি এছ এল ভিচি ছিক্সটি টু ৰকেটৰ সহায়ত আজি উৎক্ষেপন কৰা উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰথমটো কৃত্রিম উপগ্রহ 'লাচিত-বান'কে ধৰি ১৫ টা উপগ্ৰহৰ উৎক্ষেপনৰ তৃতীয় পর্যায়ত বিজুতি সংঘটিত হয়। অসম ডনবস্ক' বিশ্ববিদ্যালয়ৰ গৱেষক ছাত্ৰৰ দলে সাজু কৰা উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰ...

January 12, 2026 12:38 PM

views 13

তিনিদিনীয়া বর্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত চৰাইদেউ মহোৎসৱৰ কালি সামৰণি

বিশ্ব ঐতিহ্যক্ষেত্ৰ চৰাইদেউ মৈদাম ক্ষেত্ৰত পর্যটন বিভাগৰ উদ্যোগত আৰু চৰাইদেউবাসীৰ সহযোগত তিনিদিনীয়া বর্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত চৰাইদেউ মহোৎসৱৰ কালি সামৰণি পৰে। কালি অন্তিম দিনা আয়োজিত সাংস্কৃতিক শোভাযাত্রাত ৪ সহস্রাধিক লোকে অংশগ্রহণ কৰে। এই শোভাযাত্রাত আহোম সৈনিক আৰু আহোম ডা-ডাঙৰীয়াক লগত লৈ প্রতী...

January 12, 2026 12:36 PM

views 33

ভাৰত যুবনেতা সম্মিলন-২০২৬ত অসমৰ পৰা নির্বাচিত আৰিয়ান কাশ্যপ আৰু দীক্ষিতা চক্রবর্তীক মুখ্যমন্ত্রীৰ জ্ঞাপন

আজি ৰাষ্ট্ৰীয় যুব দিবস। প্রসিদ্ধ দার্শনিক, স্বপ্নদ্রষ্টা স্বামী বিবেকানন্দৰ জয়ন্তী উপলক্ষে প্ৰতিবছৰে আজিৰ দিনটোত এই দিৱস পালন কৰি অহা হৈছে। যুৱ প্ৰজন্মৰ মাজত আত্মবিশ্বাস, সেৱা আৰু দেশ গঢ়াৰ প্ৰেৰণা যোগোৱাৰ উদ্দেশ্যে পালন কৰি অহা ৰাষ্ট্ৰীয় যুব দিবস উপলক্ষে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই মহান চিন...

January 12, 2026 12:32 PM

views 17

গুৱাহাটী প্ৰেছ ক্লাবত প্রাক ভোগালী সাংবাদিকৰ আড্ডা শীর্ষক মনোগ্রাহী অনুষ্ঠানৰ আয়োজন

গুৱাহাটী প্ৰেছ ক্লাবত কালি প্রাক ভোগালী সাংবাদিকৰ আড্ডা শীর্ষক এটা মনোগ্রাহী অনুষ্ঠান আয়োজিত হয়। অনুষ্ঠানত বহুকেইজন সাংবাদিকে নিজৰ প্ৰতিভাৰ পৰিচয় দাঙি ধৰে। ইয়াৰ লগতে সাংবাদিকসকলে লোকনৃত্য, ঝুমুৰ আদি বিভিন্ন সাংস্কৃতিক অনুষ্ঠান পৰিৱেশন কৰে। এই অনুষ্ঠানত জুবিন গাৰ্গলৈ শ্রদ্ধাঞ্জলি জনাই সাংবাদিকসকলে কে...

January 12, 2026 12:30 PM

views 122

ৰাজ্যৰ বিভিন্ন প্ৰান্তত উৰুকাৰ বাবে ব্যাপক প্রস্তুতি

কাইলৈ মাঘ বিহুৰ উৰুকা। ৰাজ্যৰ বিভিন্ন প্ৰান্তত উৰুকাৰ বাবে ব্যাপক প্রস্তুতি চলিছে। গুৱাহাটী মহানগৰীকে ধৰি ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ বজাৰসমূহ বিহুৰ সামগ্ৰীৰে ভৰি পৰিছে। অসমীয়াৰ হেঁপাহৰ ভোগালী বিহুৰ বাবে ঠায়ে ঠায়ে বিভিন্ন আর্হিবে আটকধুনীয়া মেজি আৰু ভেলাঘৰ নিৰ্মাণ কৰাৰ লগতে ভোগালী মেলা অনুষ্ঠিত হৈছে। গ্র...

January 12, 2026 12:28 PM

views 23

চুতীয়া সাংস্কৃতিক আৰু জনগোষ্ঠীয় সমাৰোহত মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই অংশগ্ৰহণ

সদৌ অসম চুতীয়া জাতি সম্মিলনৰ উদ্যোগত আৰু চুতীয়া উন্নয়ন পৰিষদৰ ব্যৱস্থাপনাত তিতাবৰৰ জালুকনিবাৰী বীৰপাল ক্ষেত্রত অনুষ্ঠিত চুতীয়া সাংস্কৃতিক আৰু জনগোষ্ঠীয় সমাৰোহত কালি মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই অংশগ্ৰহণ কৰে। চাৰিদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত এই কার্যসূচীত অংশ লৈ মুখ্যমন্ত্ৰীয়ে কয় যে অসমৰ অতি প্...

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।