আঞ্চলিক সংবাদ

August 15, 2025 12:35 PM August 15, 2025 12:35 PM

views 3

দেশত আজি ৭৯সংখ্যক স্বাধীনতা দিৱস উদযাপন; লালকিল্লাত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ৰাষ্ট্ৰীয় পতাকা উত্তোলন

সমগ্ৰ ৰাষ্ট্ৰই আজি ৭৯ সংখ্যক স্বাধীনতা দিৱস উদযাপন কৰিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দিল্লীৰ ঐতিহাসিক লালকিল্লাত ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰি ১০৫ মিনিট জোৰা দীঘলীয়া ভাষণ দিয়ে। এই ভাষণে তেওঁৰ যোৱা বছৰৰ ৯৮ মিনিট জোৰা স্বাধীনতা দিৱসৰ ভাষণৰ অভিলেখ ভংগ কৰে। শ্ৰীমোদীয়ে ভাষণৰ আৰম্ভণিতে অপাৰেচন সিন্দ...

August 15, 2025 12:33 PM August 15, 2025 12:33 PM

views 5

গুবাহাটীৰ খানাপাৰাত কেন্দ্ৰীয়ভাৱে আয়োজিত স্বাধীনতা দিৱসত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ পতাকা উত্তোলন

ৰাজ্যৰ প্ৰান্তে প্রান্তে আজি ব্যাপক উৎসাহ উদ্দীপনাৰে দেশৰ ৭৯ সংখ্যক স্বাধীনতা দিৱস উদযাপন কৰা হৈছে। গুৱাহাটী মহানগৰীৰ খানাপাৰাৰ পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰত কেন্দ্রীয়ভাৱে আয়োজিত স্বাধীনতা দিৱসৰ কাৰ্যসূচীত মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই অংশ লয়। মুখ্যমন্ত্ৰীয়ে ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰ...

August 15, 2025 12:30 PM August 15, 2025 12:30 PM

views 3

ৰাজ্যত আজি উলহ-মালহেৰে স্বাধীনতা দিৱস পালন

ৰাজ্যৰ বিভিন্ন জিলাত আজি উলহ-মালহেৰে স্বাধীনতা দিৱস পালন কৰা হয়। কেইবাগৰাকী মন্ত্ৰীয়ে জিলা সদৰসমূহত আয়োজিত অনুষ্ঠানত ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰে। তিনিচুকীয়াত আয়োজিত স্বাধীনতা দিৱসৰ কাৰ্যসূচীত মন্ত্ৰী বিমল বৰাই ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰে। নগাঁও চহৰৰ ঐতিহ্য মণ্ডিত নুৰুল আমিন ষ্টেডিয়ামত ৰাজহ আ...

August 15, 2025 9:23 AM August 15, 2025 9:23 AM

views 13

দেশত আজি ৭৯ সংখ্যক স্বাধীনতা দিৱস উদযাপন

সমগ্র দেশে আজি ৭৯ সংখ্যক স্বাধীনতা দিৱস উদযাপন কৰিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে লালকিল্লাৰ প্ৰাচীৰত ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰি ৰাষ্ট্ৰক উদ্দেশ্যি ভাষণ দিয়ে। ২০৪৭ চনৰ ভিতৰত ভাৰতবৰ্ষক বিকশিত ৰাষ্ট্ৰ হিচাপে গঢ়ি তোলাৰ চৰকাৰৰ দৃষ্টিভংগীৰ দিশে দেশ ধাৱমান হোৱাৰ সময়ত উদযাপিত এইবাৰৰ স্বাধীনতা দিৱসৰ ...

August 15, 2025 9:18 AM August 15, 2025 9:18 AM

views 8

ভাৰত ২০৪৭ চনৰ ভিতৰত উন্নত অৰ্থব্যৱস্থা হোৱাৰ দিশে ধাৱমান হৈছেঃ ৰাষ্ট্ৰপতি দ্রৌপদী মুৰ্মু

ভাৰত ২০৪৭ চনৰ ভিতৰত উন্নত অৰ্থব্যৱস্থা হোৱাৰ দিশে ধাৱমান হৈছে বুলি ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৱে প্ৰকাশ কৰিছে। ৭৯ সংখ্যক স্বাধীনতা দিৱসৰ প্ৰাক্ সন্ধিয়া ৰাষ্ট্ৰক উদ্দেশি দিয়া ভাষণত শ্ৰীমতী দ্রৌপদী মুৰ্মুৱে এইদৰে প্ৰকাশ কৰে। তেওঁ কয়, যে সামাজিক খণ্ডৰ উদ্যমৰ লগতে সৰ্বাংগীন অর্থনৈতিক বিকাশৰ বাব...

August 14, 2025 7:28 PM August 14, 2025 7:28 PM

views 2

আজি বিভাজন বিভীষিকা স্মৃতি দিৱস পালন

আজি বিভাজন বিভীষিকা স্মৃতি দিৱস। ১৯৪৭ চনৰ এই দিনটোত দেশ বিভাজনৰ সময়ত জনসাধাৰণ সন্মুখীন হোৱা অবর্ণনীয় যাতনা আৰু কষ্টৰ কথা স্মৰণ কৰি এই দিৱস পালন কৰা হয়। এই উপলক্ষে ৰাষ্ট্ৰবাসীয়ে দেশ বিভাজনৰ সময়ত প্ৰাণ আহুতি দিয়া আৰু অকল্পনীয় বেথাৰ সন্মুখীন হোৱা লোকসকললৈ শ্ৰদ্ধা নিবেদন কৰে। দেশৰ অন্যান্য প্ৰান্...

August 14, 2025 7:26 PM August 14, 2025 7:26 PM

views 10

শনিবাৰে আকাশবাণীৰ দৃষ্টিপাত অনুষ্ঠানত “স্বাধীনতাৰ প্রত্যাশা-কি পালো, কি নাপালো” শীৰ্ষক বিশেষ অনুষ্ঠান প্ৰচাৰ

 আকাশবাণী গুৱাহাটী কেন্দ্ৰই স্বাধীনতাৰ ৭৮ বছৰ পূৰ্ণ হোৱা উপলক্ষে প্ৰচাৰ কৰি অহা অনুষ্ঠানমালাৰ অংশ হিচাপে অহা ১৬ আগষ্ট শনিবাৰে নিশা ৮ বাজি ২ মিনিটত এটা বিশেষ দৃষ্টিপাত অনুষ্ঠান প্ৰচাৰ কৰিব। "স্বাধীনতাৰ প্রত্যাশা-কি পালো, কি নাপালো" শীৰ্ষক এই অনুষ্ঠানত ৰাজ্যখনৰ বিভিন্ন স্থানৰ কেইবাগৰাকীও বিশিষ্ট ব্যক্...

August 14, 2025 6:58 PM August 14, 2025 6:58 PM

views 29

কাইলৈ ৰাজ্যৰ কেইবাখনো জিলাত ইয়েল’ এলার্ট জাৰি আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰৰ

বৰঝাৰৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই কাইলৈ কামৰূপ, নগাঁও, মৰিগাঁও আৰু কাৰ্বি আংলং জিলাত ধাৰাসাৰ বৰষুণ হ'ব পাৰে বুলি আশংকা কৰি জিলাকেইখনৰ বাবে ইয়েল' এলার্ট জাৰি কৰিছে। এই সময়ছোৱাত জিলাকেইখনৰ ঠাইবিশেষে ধাৰাসাৰ বৰষুণ হ'ব পাৰে আৰু বিজুলী ঢেৰেকনিৰে প্ৰতি ঘণ্টাত ৪০ৰ পৰা ৫০ কিলোমিটাৰ বেগেৰে বতাহ বলাৰ সম্ভ...

August 14, 2025 6:49 PM August 14, 2025 6:49 PM

views 3

কাইলৈৰ পৰা ২১ আগষ্টলৈ পৰাক্ৰমী পূৰ্বোত্তৰ নাট মেলাৰ আয়োজন

গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ শ্ৰীশ্ৰী মাধৱদেৱ আন্তর্জাতিক প্ৰেক্ষাগৃহত কাইলৈৰ পৰা ২১ আগষ্টলৈ পৰাক্ৰমী পূৰ্বোত্তৰ নাট মেলাৰ আয়োজন কৰা হৈছে। স্বাধীনতা সংগ্ৰামৰ উত্তৰ-পূৰ্বাঞ্চলৰ সংগ্ৰামীসকলৰ প্ৰতি শ্ৰদ্ধাৰ্য্য জনোৱাৰ উদ্দেশ্যে ৰাজ্য চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত এই নাটমেলাৰ আয়ো...

August 14, 2025 6:47 PM August 14, 2025 6:47 PM

views 4

হৰ ঘৰ তিৰংগা অভিযানৰ অধীনত ৰাজ্যৰ বিভিন্ন জিলাত বিভিন্ন কাৰ্যসূচী ৰূপায়ণ

স্বাধীনতা দিৱস উপলক্ষে যোৱা ২ আগষ্টৰ পৰা কেন্দ্ৰীয় চৰকাৰে আৰম্ভ কৰা হৰ ঘৰ তিৰংগা অভিযানৰ অধীনত ৰাজ্যৰ বিভিন্ন জিলাত প্রশাসনে বিভিন্ন কাৰ্যসূচী ৰূপায়ণ কৰিছে। শোণিতপুৰ জিলাত বিজেপিৰ তেজপুৰ নগৰ মণ্ডল আৰু হলেশ্বৰ মণ্ডলৰৰ উদ্যোগত ত্ৰিৰংগা যাত্ৰা উলিওৱা হয়। একেদৰে ন-দুৱাৰ সমষ্টিৰ চাৰিদুৱাৰ বন বিভাগৰ কা...