আঞ্চলিক সংবাদ

August 16, 2025 5:58 PM August 16, 2025 5:58 PM

views 12

২০২৭ চনত অসমত ৰাষ্ট্ৰীয় ক্রীড়া মহোৎসৱ অনুষ্ঠিত হোৱাৰ সম্ভাৱনা

২০২৭ চনত অসমত ৰাষ্ট্ৰীয় ক্রীড়া মহোৎসৱ অনুষ্ঠিত হোৱাৰ সম্ভাৱনা আছে। উত্তৰ গুৱাহাটীত আজি দুখনকৈ উন্নত মানৰ ক্ৰীড়া একাডেমী মুকলি কৰি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই এইদৰে প্ৰকাশ কৰে। তেওঁ কয় যে এই একাডেমী দুখনৰ জৰিয়তে ৰাজ্যৰ ক্ৰীড়াক্ষেত্ৰলৈ আমূল পৰিৱৰ্তন আহিব। ড০ শৰ্মাই কয় যে বিশ্বমানৰ খেলুৱ...

August 16, 2025 11:28 AM August 16, 2025 11:28 AM

views 4

অসমক দেশৰ তৃতীয়খন দ্রুত বিকাশশীল ৰাজ্য হিচাপে গঢ়ি তোলাৰ ক্ষেত্ৰত পদক্ষেপ গ্ৰহণ

অসমক দেশৰ তৃতীয়খন দ্রুত বিকাশশীল ৰাজ্য হিচাপে গঢ়ি তোলাৰ ক্ষেত্ৰত ৰাজ্য চৰকাৰৰ বিভিন্ন পদক্ষেপ গ্ৰহণ কৰিছে। মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই কালি গুৱাহাটী মহানগৰীৰ খানাপাৰাৰ পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰত কেন্দ্ৰীয়ভাৱে আয়োজিত স্বাধীনতা দিৱসৰ কাৰ্যসূচীত পতাকা উত্তোলন কৰি দিয়া ভাষণত এই কথা প...

August 15, 2025 8:01 PM August 15, 2025 8:01 PM

views 8

নাওবৈচাৰ কলিতা গাঁৱত পঞ্চায়ত প্ৰতিনিধিৰ সভাত মন্ত্ৰী ডাঃ ৰণোজ পেগুৰ অংশগ্ৰহণ

ভৈয়াম জনজাতি আৰু পিছপৰা শ্ৰেণীৰ কল্যাণ মন্ত্ৰী ডাঃ ৰণোজ পেগুৱে আজি লখিমপুৰ জিলাৰ নাওবৈচা সমষ্টিৰ তেলাহী খণ্ডৰ অন্তৰ্গত কলিতা গাঁৱত পঞ্চায়ত প্ৰতিনিধিসকলৰ এখন সভাত ভাগ লয়। সভাত সাংসদ প্রদান বৰুৱা আৰু বিধায়ক নৱ কুমাৰ দলে উপস্থিত থাকে। এই সভাতে অহা ২৯ আগষ্টত গৃহমন্ত্ৰী অমিত শ্বাহৰ পঞ্চায়ত সন্মিলনত ...

August 15, 2025 7:58 PM August 15, 2025 7:58 PM

views 6

শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত ২১ আগষ্টলৈ পৰাক্ৰমী পূৰ্বোত্তৰ নাট মেলাৰ আয়োজন

গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ শ্ৰীশ্ৰী মাধৱদেৱ আন্তর্জাতিক প্ৰেক্ষাগৃহত আজিৰে পৰা ২১ আগষ্টলৈ পৰাক্ৰমী পূৰ্বোত্তৰ নাট মেলাৰ আয়োজন কৰা হৈছে। স্বাধীনতা সংগ্ৰামৰ উত্তৰ-পূৰ্বাঞ্চলৰ সংগ্ৰামীসকলৰ প্ৰতি শ্ৰদ্ধাৰ্ঘ জনোৱাৰ উদ্দেশ্যে ৰাজ্য চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত এই নাটমেলাৰ আয়োজন ...

August 15, 2025 7:53 PM August 15, 2025 7:53 PM

views 3

ৰাজ্যৰ বিভিন্ন জিলাত স্বাধীনতা দিৱসৰ কাৰ্যসূচী উলহ মালহেৰে উদযাপন

ৰাজ্যৰ বিভিন্ন জিলাত আজি স্বাধীনতা দিৱসৰ কাৰ্যসূচী উলহ মালহেৰে অনুষ্ঠিত হয়। কেইবাগৰাকী মন্ত্ৰীয়ে জিলা সদৰসমূহত আয়োজিত অনুষ্ঠানত ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰে। শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে বিশ্বনাথ জিলাৰ কাছাৰী মৈদানত আয়োজিত দিৱসৰ কাৰ্যসূচীত অংশ লৈ ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰে। অনুষ্ঠানত আৰক্ষী, অৰ্ধ...

August 15, 2025 7:46 PM August 15, 2025 7:46 PM

views 2

কেন্দ্রীয়ভাৱে আয়োজিত স্বাধীনতা দিৱসৰ কাৰ্যসূচীত মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাৰ পতাকা উত্তোলন

ৰাজ্যত বিগত ৪ বছৰত ১১ হাজাৰৰো অধিক বিদ্ৰোহীয়ে হিংসাৰ পথ ত্যাগ কৰি মূলসুঁতিলৈ উভতি আহিছে। মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই আজি গুৱাহাটী মহানগৰীৰ খানাপাৰাৰ পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰত কেন্দ্রীয়ভাৱে আয়োজিত স্বাধীনতা দিৱসৰ কাৰ্যসূচীত পতাকা উত্তোলন কৰি দিয়া ভাষণত এই কথা প্ৰকাশ কৰে । তেওঁ কয়...

August 15, 2025 12:52 PM August 15, 2025 12:52 PM

views 3

গুৱাহাটী আৰু ইয়াৰ উপকণ্ঠ অঞ্চলত অহা ২৪ ঘণ্টাত বতৰ ঘাইকৈ ডাৱৰীয়া, দুই-এজাক পাতলীয়া বৰষুণৰ সম্ভাৱনা

স্থানীয় বতৰৰ আগলি বতৰা অনুসৰি অহা ২৪ ঘণ্টাত গুৱাহাটী আৰু ইয়াৰ উপকণ্ঠ অঞ্চলত বতৰ ঘাইকৈ ডাৱৰীয়া হৈ থকাৰ লগতে দুই-এজাক পাতলীয়া বৰষুণ হোৱাৰ সম্ভাৱনা আছে। আজি গুৱাহাটীৰ তাপমাত্রা সর্বোচ্চ ৩৩ ডিগ্ৰী ছেলছিয়াছ আৰু সৰ্বনিম্ন ২৭ ডিগ্ৰী ছেলছিয়াছ হ'ব পাৰে বুলি বৰঝাৰৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই আগজাননী দ...

August 15, 2025 12:49 PM August 15, 2025 12:49 PM

views 4

আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ কাইলৈ ‘দৃষ্টিপাত’ত ‘স্বাধীনতাৰ প্ৰত্যাশা- কি পালো, কি নাপালো’ শীর্ষক আলোচনা

আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ বাতৰি বিভাগে কাইলৈ নিশা ৮ বাজি ২ মিনিটত এটা বিশেষ দৃষ্টিপাত অনুষ্ঠান প্ৰচাৰ কৰিব। "স্বাধীনতাৰ প্ৰত্যাশা-কি পালো, কি নাপালো" শীর্ষক এই অনুষ্ঠানত ৰাজ্যখনৰ বিভিন্ন স্থানৰ কেইবাগৰাকীও বর্ষীয়ান ব্যক্তিয়ে স্বৰাজোত্তৰ কালৰ অভিজ্ঞতা ব্যক্ত কৰিব। অনুষ্ঠানটোৰ পৰিকল্পনা, প্রযোজনা আ...

August 15, 2025 12:47 PM August 15, 2025 12:47 PM

views 3

আৰক্ষী, অগ্নিনির্বাপণ, গৃহৰক্ষী আৰু অসামৰিক প্ৰতিৰক্ষা সেৱাৰ ১,০৯০গৰাকী কৰ্মীলৈ ৰাষ্ট্ৰপতিৰ পদক

স্বাধীনতা দিৱসৰ লগত সংগতি ৰাখি ৰাষ্ট্ৰপতিৰ আৰক্ষী পদকসমূহ ঘোষণা কৰা হৈছে। এই বছৰ আৰক্ষী, অগ্নি নির্বাপন, গৃহৰক্ষী আৰু অসামৰিক প্ৰতিৰক্ষা সেৱাৰ মুঠ এহেজাৰ ৯০ গৰাকী কৰ্মীলৈ এই পদক আগবঢ়োৱা হৈছে। অসমৰ ১৭ গৰাকী আৰক্ষীয়ে ৰাষ্ট্ৰপতিৰ পদক লাভ কৰিছে। আৰক্ষী আয়ুক্ত পাৰ্থ সাৰথি মহন্তলৈ উৎকৃষ্ট সেৱাৰ বাবে ৰা...

August 15, 2025 12:42 PM August 15, 2025 12:42 PM

views 9

স্বাধীনতা দিৱস উপলক্ষে ৰাজ্যবাসীক উদ্দেশি ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যৰ ভাষণত

ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যই স্বাধীনতা দিৱস উপলক্ষে ৰাজ্যবাসীক উদ্দেশি দিয়া ভাষণত দেশৰ বীৰ ছদিহসকলৰ ত্যাগ আৰু বলিদানৰ প্ৰতি শ্ৰদ্ধা নিবেদন কৰে। স্বাধীনতাই কেৱল আমাৰ অধিকাৰ ৰক্ষা কৰাই নহয়, ই আমাক ৰাষ্ট্ৰৰ প্ৰতি কৰ্তব্য পালনৰ সুযোগ প্ৰদান কৰে বুলি ৰাজ্যপাল শ্ৰী আচাৰ্যই উল্লেখ কৰে। তেওঁ কয়, যে প্...