আঞ্চলিক সংবাদ

August 17, 2025 7:30 PM August 17, 2025 7:30 PM

views 8

গুৱাহাটী আৰু সোণাই জলসিঞ্চন প্ৰকল্পত এৰিয়েল লিডাৰ আৰু জি আই এছ সমীক্ষাত ৰাজ্য চৰকাৰৰ অনুমোদন

● অধিক দক্ষতাৰে ৰাজ্যৰ উন্নয়নৰ গতি আগুৱাই নিয়াৰ উদ্দেশ্যেৰে চৰকাৰে গুৱাহাটী আৰু সোণাই জলসিঞ্চন প্ৰকল্পত এৰিয়েল লিডাৰ আৰু জি আই এছ সমীক্ষাত অনুমোদন জনাইছে। গুৱাহাটী পৌৰ নিগম আৰু গুৱাহাটী নগৰ উন্নয়ন প্ৰাধিকৰণৰ অন্তৰ্গত ৩২৮ বর্গ কিলোমিটাৰ এলেকাত জৰীপ কৰা হ'ব। আনহাতে কাছাৰ জিলাৰ সোণাই জলসিঞ্চন প্ৰকল...

August 17, 2025 7:26 PM August 17, 2025 7:26 PM

views 7

উৰিয়ামঘাটৰ একাংশ উচ্ছেদিত লোকে নগাঁৱৰ বিভিন্ন স্থানত অৱস্থান কৰা অভিযোগৰ স্পষ্টীকৰণ নগাঁও জিলা আয়ুক্তৰ

● নগাঁও জিলা আয়ুক্ত দেৱাশীষ শৰ্মাই আজি এখন সংবাদমেল সম্বোধন কৰি শেহতীয়াকৈ উৰিয়ামঘাটৰ একাংশ উচ্ছেদিত লোকে নগাঁৱৰ বিভিন্ন স্থানত অৱস্থান কৰা বুলি উঠা অভিযোগ সন্দৰ্ভত কেতবোৰ স্পষ্টীকৰণ দাঙি ধৰে। আয়ুক্তগৰাকীয়ে কয়, যে যি সকল লোকৰ মাটিৰ কোনো বৈধ নথি পত্ৰ নাই অথবা চৰকাৰী ভূমিত বাস কৰি আছে সেইসকল লোকক...

August 17, 2025 7:22 PM August 17, 2025 7:22 PM

views 4

বাক্সাৰ ককলাবাৰী পৰিষদীয় সমষ্টিত জনসভাত উপস্থিত গৌৰৱ গগৈ

● বাক্সা জিলাৰ ককলাবাৰী পৰিষদীয় সমষ্টিৰ কেশৱ নগৰত আজি ককলাবাৰী ব্লক কংগ্ৰেছ কমিটিৰ উদ্যোগত এখন বিশাল জনসভা অনুষ্ঠিত হয়। বাক্সা জিলা কংগ্ৰেছ কমিটিৰ সভাপতি বুদ্ধদেৱ ফাদাঙগিৰীৰ সভাপতিত্বত অনুষ্ঠিত এই জনসভাত অসম প্রদেশ কংগ্ৰেছ কমিটিৰ সভাপতি গৌৰৱ গগৈয়ে মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰে। সভাত ভাষণ দি শ্ৰ...

August 17, 2025 7:17 PM August 17, 2025 7:17 PM

views 8

বাক্সাৰ সাউদৰভিঠাত কোকৰাঝাৰ লোকসভা সমষ্টিৰ সাংসদ জয়ন্ত বসুমতাৰীয়ে ভিন্ন কাৰ্যসূচীত অংশগ্ৰহণ

● বাক্সা জিলাৰ সাউদৰভিঠাত আজি কোকৰাঝাৰ লোকসভা সমষ্টিৰ সাংসদ জয়ন্ত বসুমতাৰীয়ে কেইবাটাও কাৰ্যসূচীত অংশগ্ৰহণ কৰে। সাংসদগৰাকীয়ে ২১ নম্বৰ শালবাৰী পৰিষদীয় সমষ্টিৰ জ্ঞান চৌৰাঙ বিথাংখি, যুৱ সজাগতা সভা আৰু বিটিচি নিৰ্বাচন সন্দৰ্ভত পর্যালোচনা সভাত অংশগ্ৰহণ কৰে। সভাৰ অন্তত সাংবাদিকৰ সৈতে হোৱা কথা-বতৰাত সাং...

August 17, 2025 7:01 PM August 17, 2025 7:01 PM

views 5

গায়ক, সুৰকাৰ তথা গীতিকাৰ খগেন মহন্তৰ আজি ৮৪ সংখ্যক জন্ম বার্ষিকী

● গায়ক, সুৰকাৰ তথা গীতিকাৰ খগেন মহন্তৰ আজি ৮৪ সংখ্যক জন্ম বার্ষিকী। অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত আজি গুৱাহাটী কাহিলিপাৰাত থকা জ্যোতি চিত্ৰবনৰ ৰুদ্ৰ বৰুৱা প্ৰেক্ষাগৃহত শিল্পী খগেন মহন্তৰ জয়ন্তী উপলক্ষে যায় অ' কানু বাই বেণু শীৰ্ষক এটা সুৰীয়া সন্ধিয়াৰ আয়োজন কৰা হৈছে। বিয়লি ৫.৩০ ...

August 17, 2025 12:54 PM August 17, 2025 12:54 PM

views 2

আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ ‘দৃষ্টিপাত’ত ৰাজ্যৰ কেইবাগৰাকী বিশিষ্ট লোকৰ স্বাধীনতাৰ অনুভৱ, প্ৰত্যাশা আৰু অভিজ্ঞতাৰ কথা প্ৰকাশ

দেশৰ ৭৯ সংখ্যক স্বাধীনতা দিৱসৰ সৈতে সংগতি ৰাখি আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ বাতৰি বিভাগে কালি প্ৰচাৰ কৰা "স্বাধীনতাৰ প্ৰত্যাশা- কি পালো, কি নাপালো" শীর্ষক এটা বিশেষ দৃষ্টিপাত অনুষ্ঠানত ৰাজ্যখনৰ কেইবাগৰাকী বিশিষ্ট লোকে স্বাধীনতাৰ অনুভৱৰ লগতে তেওঁলোকৰ প্ৰত্যাশা আৰু অভিজ্ঞতাৰ বিষয়ে ব্যক্ত কৰে। আকাশবাণী ...

August 17, 2025 12:53 PM August 17, 2025 12:53 PM

views 3

গায়ক, সুৰকাৰ তথা গীতিকাৰ খগেন মহন্তৰ আজি ৮৪সংখ্যক জন্মবার্ষিকী

গায়ক, সুৰকাৰ তথা গীতিকাৰ খগেন মহন্তৰ আজি ৮৪সংখ্যক জন্ম বার্ষিকী। অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত আজি গুৱাহাটী কাহিলিপাৰাত থকা জ্যোতি চিত্ৰবনৰ ৰুদ্ৰ বৰুৱা প্ৰেক্ষাগৃহত শিল্পী খগেন মহন্তৰ জয়ন্তী উপলক্ষে ‘যায় অ' কানু বাই বেণু’ শীৰ্ষক এটা সুৰীয়া সন্ধিয়াৰ আয়োজন কৰা হৈছে। বিয়লি চাৰে ৫...

August 17, 2025 12:51 PM August 17, 2025 12:51 PM

views 5

ডুৰাণ্ড কাপ ফুটবল প্রতিযোগিতাৰ ছেমিফাইনেলত নৰ্থ ইষ্ট ইউনাইটেড এফ চি

যোৱাবাৰৰ চেম্পিয়ন নৰ্থ ইষ্ট ইউনাইটেড এফ চিয়ে ডুৰাণ্ড কাপ ফুটবল প্রতিযোগিতাৰ ছেমিফাইনেলত প্ৰৱেশ কৰিছে। কোকৰাঝাৰৰ ভাৰতীয় খেল প্ৰাধিকৰণৰ ষ্টেডিয়ামত যোৱা নিশা অনুষ্ঠিত প্রতিযোগিতাৰ দ্বিতীয়খন কোৱাৰ্টাৰ ফাইনেলত নর্থ ইষ্ট ইউনাইটেড এফ চিয়ে বড়োলেণ্ড এফ চিক ৪-০ গ’লত পৰাস্ত কৰে। খেলৰ ২৯ মিনিটত আলাদিন আজ...

August 17, 2025 12:50 PM August 17, 2025 12:50 PM

views 3

সোণোৱাল কছাৰী স্বায়ত্তশাসিত পৰিষদ, ডিব্ৰুগড়ৰ শিক্ষা বিভাগৰ ২০২৫-২৬ শিক্ষাবৰ্ষত হ’বলগীয়া পাঠ্যক্ৰমৰ বাবে আৱেদন আহ্বান

সোণোৱাল কছাৰী স্বায়ত্তশাসিত পৰিষদ, ডিব্ৰুগড়ৰ শিক্ষা বিভাগে ২০২৫-২৬ শিক্ষাবৰ্ষত হ'বলগীয়া নাৰ্ছিং, ফার্মাচিউটিকেল ছায়েন্স, পেৰামেডিকেল, বাণিজ্য আৰু মেনেজমেণ্ট, ইঞ্জিনিয়াৰিং, কম্পিউটাৰ পাঠ্যক্ৰমৰ বাবে ইচ্ছুক প্রার্থীৰ পৰা আবেদন বিচাৰিছে। নির্বাচিত প্রার্থীসকলক যিকোনো চৰকাৰী স্বীকৃতিপ্রাপ্ত শিক্ষান...

August 17, 2025 12:48 PM August 17, 2025 12:48 PM

views 4

সীমা বিশ্বাস অভিনীত ‘অনশুনি চিখেঁ’ ছবিলৈ ঊনবিংশ অযোধ্যা চলচ্চিত্ৰ মহোৎসৱৰ শ্ৰেষ্ঠ সামাজিক বার্তাবাহী ছবিৰ সন্মান

ৰাষ্ট্ৰীয় বঁটাৰে সন্মানিত প্ৰসিদ্ধ অভিনেত্রী সীমা বিশ্বাসে এককভাৱে অভিনয় কৰা ‘অনশুনি চিখেঁ’ নামৰ চুটি ছবিখনে ঊনবিংশ অযোধ্যা চলচ্চিত্ৰ মহোৎসৱৰ শ্ৰেষ্ঠ সামাজিক বার্তাবাহী ছবিৰ সন্মান লাভ কৰিছে। ইতিপূৰ্বে ৰাষ্ট্ৰীয় তথা আন্তৰাষ্ট্ৰীয় পৰ্যায়ত বিশেষ সমাদৰ লাভ কৰা এই ছবিখন ৰাজ্যৰ শীৰ্ষ আৰক্ষী বিষয়া প...