আঞ্চলিক সংবাদ

September 17, 2025 11:31 AM

views 28

অসমত বানৰ ফলত ছখন জিলাৰ ২২ হাজাৰৰো অধিক লোক প্ৰভাৱিত

ৰাজ্যত এইবাৰৰ বানত ছখন জিলাৰ ২২ হাজাৰৰো অধিক লোক প্ৰভাৱিত হৈছে। বানৰ ফলত ৪ হেজাৰ হেক্টৰৰো অধিক কৃষিভূমিৰ শস্য নষ্ট হৈছে। দিখৌ, দিচাং, ধনশিৰি, বৰাক আৰু কুছিয়াৰাকে ধৰি ৰাজ্যখনৰ মাজেৰে বৈ যোৱা কেইবাখনো নৈৰ জলস্তৰ বিপদসীমাৰ ওপৰেৰে বৈ আছে। ৰাজ্যিক ব্যৱস্থাপনা প্ৰাধিকৰণে প্ৰকাশ কৰা মতে, বিভিন্ন স্থানত স্...

September 16, 2025 8:52 PM

views 25

দিল্লীৰ ইন্দিৰা গান্ধী ৰাষ্ট্ৰীয় কলাকেন্দ্ৰৰ সম্ভেট প্ৰেক্ষাগৃহত আকাশবাণীৰ মন কী বাত অনুষ্ঠানৰ ভিত্তিত কলা প্ৰদৰ্শনীৰ আয়োজন

নতুন দিল্লীৰ ইন্দিৰা গান্ধী ৰাষ্ট্ৰীয় কলাকেন্দ্ৰৰ সম্ভেট প্ৰেক্ষাগৃহত আজি আকাশবাণীৰ মন কী বাত অনুষ্ঠানৰ ভিত্তিত এখন কলা প্ৰদৰ্শনীৰ আয়োজন কৰা হৈছে। কেন্দ্ৰটোৰ কলাদৰ্শন বিভাগৰ বিভাগীয় মুৰব্বী অধ্যাপক ৰিচা কাম্বোজৰ পৰিকল্পনাত আয়োজিত এই প্রদর্শনীত প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ মন কী বাত অনুষ্ঠানৰ দ্ব...

September 16, 2025 8:36 PM

views 36

ভাৰতৰ স্বাস্থ্য খণ্ডলৈ অহা পৰিৱৰ্তনসমূহত এই প্রযুক্তিগত ব্যৱস্থা মাইলৰ খুটি হিচাপে পৰিগণিত হৈছেঃ জে পি নাড্ডা

কেন্দ্রীয় স্বাস্থ্য মন্ত্রী জগত প্রকাশ নাড্ডাই বৰ্তমানৰ চিকিৎ‍সা প্ৰযুক্তিৰ দিশটোৰ ওপৰত জোৰ দি কৈছে যে এতিয়াৰ ভাৰতৰ স্বাস্থ্য খণ্ডলৈ অহা পৰিৱৰ্তনসমূহত এই প্রযুক্তিগত ব্যৱস্থা মাইলৰ খুটি হিচাপে পৰিগণিত হৈছে। নতুন দিল্লীত ভিডিঅ' কনফাৰেন্সিং ব্যৱস্থাৰে একাদশ এছিয়া পেচিফিক মেড টেক ফ'ৰাম ২০২৫ উদ্বোধন ...

September 16, 2025 7:55 PM

views 34

ভাৰত এখন উন্নয়নশীল দেশৰ পৰা বিগত ১১ বছৰত জলবায়ু সংৰক্ষণৰ ক্ষেত্ৰত বিশ্বৰ এখন অগ্ৰণী দেশত পৰিগণিত হৈছে

লোকসেৱা আৰু সুশাসনৰ দ্বাৰা পৰিচালিত হৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত চৰকাৰে পৰিৱৰ্তন আৰু প্রগতি অনাৰ বাবে নিৰন্তৰ কাম কৰি আহিছে। ক্ৰমবৰ্ধমান শক্তিৰ চাহিদাৰ এখন উন্নয়নশীল দেশৰ পৰা ভাৰত যোৱা ১১ টা বছৰত জলবায়ু সংৰক্ষণৰ ক্ষেত্ৰত বিশ্বৰ এখন অগ্ৰণী দেশত পৰিগণিত হৈছে। বনভূমিৰ সংৰক্ষণৰ পৰা পৰিৱেশ ...

September 16, 2025 7:51 PM

views 28

কাছাৰত পুনৰ ১১ জন ৰোহিংগীয়া লোকক আটক

কাছাৰ জিলাত আজি পুনৰ ১১ জন ৰোহিংগীয়া লোকক আটক কৰা হৈছে। কাছাৰ আৰক্ষীয়ে শিলচৰৰ তাৰাপুৰ কালিবাৰী ৰোড এলেকাৰ পৰা মহিলা আৰু শিশুসহ ৰোহিংগীয়া লোককেইজনক আটক কৰে। আৰক্ষীৰ সূত্ৰৰ পৰা জানিব পৰা মতে হায়দাবাদৰ পৰা বিতাড়িত ৰোহিংগীয়াৰ দলটোৱে শিলচৰত ভাৰাঘৰৰ সন্ধান কৰিছিল। দলটোৰ সন্দেহজনক আচৰণৰ পৰিপ্ৰেক্ষিতত...

September 16, 2025 7:49 PM

views 26

অসমৰ পৰা অনুপ্ৰৱেশকাৰী আৰু মৌলবাদীক শীঘ্ৰেই উৎখাত কৰাকে ধৰি ভিন্ন দাবীত সদৌ অসম ছাত্ৰ সন্থাৰ ৰাজ্যৰ বিভিন্ন স্থানত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ

অসমৰ পৰা অনুপ্ৰৱেশকাৰী আৰু মৌলবাদীক শীঘ্ৰেই উৎখাত কৰাকে ধৰি কেইবাটাও দাবীত আজি সদৌ অসম ছাত্ৰ সন্থাই ৰাজ্যৰ বিভিন্ন স্থানত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে। নগাঁও জিলাৰ আয়ুক্ত কাৰ্যালয়ৰ সমীপত সংগঠনটোৰ সদস্য আৰু সমৰ্থকসকলে এই কাৰ্যসূচী ৰূপায়ণ কৰে। তেওঁলোকে নাগৰিকত্ব সংশোধনী আইনৰ আওতাৰ পৰা অসমৰ বাহিৰ...

September 16, 2025 7:46 PM

views 18

ষষ্ঠ অনুসূচীভুক্ত স্বায়ত্তশাসন প্ৰদান আৰু জনজাতিকৰণৰ দাবীত মৰাণ জাতীয় সংগঠনৰ উদ্যোগত ধাৰাবাহিক প্রতিবাদ অব্যাহত

ষষ্ঠ অনুসূচীভুক্ত স্বায়ত্তশাসন প্ৰদান আৰু জনজাতিকৰণৰ দাবীত মৰাণ জাতীয় সংগঠনৰ উদ্যোগত ধাৰাবাহিক প্রতিবাদ আজিও অব্যাহত আছে। মৰাণ জনসাধাৰণে তিনিচুকীয়াত কালিৰে পৰা অনিৰ্দিষ্টকালীন অৰ্থনৈতিক অৱৰোধ কাৰ্যসূচী ৰূপায়ণ কৰিছে। এই কাৰ্যসূচীত ৬ টা মৰাণ জাতীয় সংগঠনে অংশগ্ৰহণ কৰিছে। জিলাখনৰ পৰা তেল, কয়লা, গে...

September 16, 2025 7:37 PM

views 133

বিটিচি নিৰ্বাচনঃ ওদালগুৰিত মুখ্যমন্ত্রীৰ নিৰ্বাচনী প্ৰচাৰ

বিটিচি নিৰ্বাচনৰ প্ৰচাৰ অভিযানৰ সামৰণি পৰিবলৈ মাজত মাথো তিনিটা দিন বাকী থকা অৱস্থাত প্ৰচাৰ অভিযান তুংগত উঠিছে। ওদালগুৰি জিলাত বিজেপি দলে ১০ টা সমষ্টিৰ ভিতৰত সাতটাত প্রতিদ্বন্দ্বিতা কৰিছে। জিলাখনত মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাকে ধৰি বিজেপিৰ কেইবাগৰাকীও শীর্ষ নেতাই ব্যাপক প্ৰচাৰ চলাই আছে। ড০ হিমন...

September 16, 2025 7:18 PM

views 37

কামৰূপ জিলা পৰিষদৰ উদ্যোগত আৰু গোলাপ বৰবৰা ৰাজ্যিক পঞ্চায়ত আৰু গ্ৰামোন্নয়ন প্ৰতিষ্ঠানৰ সহযোগত জিলা আয়ুক্তৰ কাৰ্যালয়ত কর্মশালা

কামৰূপ জিলা পৰিষদৰ উদ্যোগত আৰু গোলাপ বৰবৰা ৰাজ্যিক পঞ্চায়ত আৰু গ্ৰামোন্নয়ন প্ৰতিষ্ঠানৰ সহযোগত আজি জিলা আয়ুক্তৰ কাৰ্যালয়ত এখন কর্মশালা অনুষ্ঠিত হয়। কর্মশালাখনত পঞ্চায়তীৰাজৰ বিভিন্ন দিশত নৱনিৰ্বাচিত জিলা পৰিষদৰ সদস্যসকলক প্ৰশিক্ষণ দিয়া হয়। গোলাপ বৰবৰা ৰাজ্যিক পঞ্চায়ত আৰু গ্ৰামোন্নয়ন প্ৰতিষ্ঠ...

September 16, 2025 7:14 PM

views 50

ঐতিহ্যমণ্ডিত খটৰা সত্ৰত আজিৰে পৰা ৪ দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে পাচেতি উৎসৱ অনুষ্ঠিত

দৰং জিলাৰ দিপিলাৰ ঐতিহ্যমণ্ডিত খটৰা সত্ৰত আজিৰে পৰা ৪ দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে পাচেতি উৎসৱ অনুষ্ঠিত হৈছে। ১৫৬৮ চনত মহাপুৰুষ শ্ৰীশ্ৰী মাধৱদেৱৰ পৰম শিষ্য লেচাকণীয়া গোবিন্দ আতাই প্ৰতিষ্ঠা কৰা সত্ৰখনত লোকবিশ্বাস আৰু পৰম্পৰা অনুসৰি ভগৱান শ্ৰীকৃষ্ণৰ জন্ম বৃত্তান্তৰ সৈতে জড়িত এই উৎসৱ পালন কৰা হয়। আজ...

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।