আঞ্চলিক সংবাদ

September 17, 2025 7:02 PM

views 33

নূপুৰ বৰাৰ পৰা পুনৰ ২৩ লাখ ৭৫ হাজাৰ টকা উদ্ধাৰ

বৰপেটা জিলাৰ বাঘবৰ ৰাজহ চক্ৰৰ তদানীন্তন চক্র বিষয়া তথা বর্তমান কামৰূপ জিলাৰ গৰৈমাৰীৰ ৰাজহ চক্ৰ বিষয়া নূপুৰ বৰাৰ পৰা পুনৰ ২৩ লাখ ৭৫ হাজাৰ টকা উদ্ধাৰ কৰা হৈছে। মুখ্যমন্ত্ৰীৰ তদাৰকী শাখাৰ এটা দলে নূপুৰ বৰাক লগত লৈ বৰপেটা ৰোডৰ শিমলাগুৰিত অৱস্থিত ভাৰতীয় ষ্টেট বেংকৰ শাখাৰ এটা ল’কাৰৰ পৰা এই বৃহৎ ধনৰাশি ...

September 17, 2025 7:00 PM

views 20

ৰাজ্যৰ বিভিন্ন প্ৰান্তত পৰম্পৰাগত ৰীতি আৰু উলহ মালহেৰে বিশ্বখনিকৰ শ্রীশ্রীবিশ্বকৰ্মা পূজা পালন

কাৰিকৰী বিদ্যাৰ অধিষ্ঠাতা, বিশ্বখনিকৰ শ্রীশ্রীবিশ্বকৰ্মা পূজা আজি ৰাজ্যৰ বিভিন্ন প্ৰান্তত পৰম্পৰাগত ৰীতি আৰু উলহ মালহেৰে পালন কৰা হয়। আজি পুৱাৰে পৰা গুৱাহাটী মহানগৰীৰ লগতে ৰাজ্যৰ বিভিন্ন অঞ্চলৰ পূজা মণ্ডপসমূহত বিশ্বখনিকৰক আৰাধনা কৰা হয়। এই পূজাৰ লগে লগে ৰাজ্যখনত শাৰদীয় পূজাৰ পৰিৱেশৰো সূচনা হৈছে। ...

September 17, 2025 6:56 PM

views 22

এইমছ গুৱাহাটীত সুস্থ নাৰী সবল পৰিয়াল অভিযানৰ অধীনত এটা স্বাস্থ্য সজাগতা শিবিৰ অনুষ্ঠিত

এইমছ গুৱাহাটীত আজি সুস্থ নাৰী সবল পৰিয়াল অভিযানৰ অধীনত এটা স্বাস্থ্য সজাগতা শিবিৰ অনুষ্ঠিত হয়। কেন্দ্ৰীয় চৰকাৰৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ে আজিৰে পৰা ২ অক্টোবৰলৈ গ্ৰহণ কৰা অভিযানৰ অংশ হিচাপে এই শিবিৰ মুকলি কৰা হৈছে। বিজেপিৰ ৰাজ্যিক সভাপতি তথা সাংসদ দিলীপ শ‍ইকীয়াই শিবিৰটো মুকলি কৰে। ...

September 17, 2025 6:54 PM

views 25

প্রধানমন্ত্ৰী মোদীৰ ৭৫ সংখ্যক জন্মদিনৰ সৈতে সংগতি ৰাখি স্বচ্ছতাই সেৱা আৰু সেৱাই সমৰ্পণ ২০২৫ শীৰ্ষক ৰাজ্যিক অনুষ্ঠানৰ শুভাৰম্ভ

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ৭৫ সংখ্যক জন্মদিনৰ সৈতে সংগতি ৰাখি আয়োজন কৰা স্বচ্ছতাই সেৱা আৰু সেৱাই সমৰ্পণ ২০২৫ শীৰ্ষক ৰাজ্যিক অনুষ্ঠানৰ গুৱাহাটী বশিষ্ঠ মন্দিৰ প্ৰাংগণত আজি গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই শুভাৰম্ভ কৰে। স্বচ্ছ ভাৰত অভিযান, গ্রামীণ আৰু স্বচ্ছ ভাৰত অভিযান নগৰৰ সহ...

September 17, 2025 1:02 PM

views 39

দৰং জিলাৰ দিপিলাৰ খটৰা সত্ৰত চাৰিদিনীয়া কাৰ্যসূচীৰে পাচেতি উৎসৱ অনুষ্ঠিত হৈছে

দৰং জিলাৰ দিপিলাৰ ঐতিহ্যমণ্ডিত খটৰা সত্ৰত কালিৰেপৰা চাৰিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে পাচেতি উৎসৱ অনুষ্ঠিত হৈছে। ১৫৬৮ চনত মহাপুৰুষ শ্ৰীশ্ৰীমাধৱদেৱৰ পৰম শিষ্য নেচাকণীয়া গোবিন্দ আতাই প্রতিষ্ঠা কৰা সত্ৰখনত লোকবিশ্বাস আৰু পৰম্পৰা অনুসৰি ভগৱান শ্ৰীকৃষ্ণৰ জন্ম বৃত্তান্তৰ সৈতে জড়িত এই উৎসৱ পালন কৰা হয়। ক...

September 17, 2025 12:19 PM

views 111

মণিপুৰত বান পৰিস্থিতি এতিয়াও শোচনীয়

মণিপুৰত উপত্যকা জিলাসমূহৰ বিভিন্ন স্থান বিশেষকৈ ইম্ফল পূৱ আৰু থৌবাল জিলাসমূহৰ বান পৰিস্থিতি এতিয়াও শোচনীয় হৈ আছে। উখৰুল জিলাত বৰষুণৰ বাবে যোৱা কেইদিনমানত ভূমিস্খলনৰ ঘটনা সংঘটিত হৈছে। ফলস্বৰূপে যাত্ৰী আৰু বাণিজ্যিক পৰিবহণ ব্যৱস্থা ব্যাহত হৈছে। পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি ৰাজ্য চৰকাৰে সকলো বিদ্যালয...

September 17, 2025 12:05 PM

views 17

বাঁহভিত্তিক জৈৱ ইথানল প্ৰকল্পই ৰাজ্যৰ ৫০ হাজাৰ বাঁহ খেতিয়কৰ জীৱনলৈ অভূতপূৰ্ব পৰিৱৰ্তন আনিব বুলি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ ঘোষণা

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে যোৱা ১৪ ছেপ্তেম্বৰত উদ্বোধন কৰা নুমলীগড় শোধনাগাৰৰ বাঁহভিত্তিক জৈৱ ইথানল প্ৰকল্পৰ বাবে ইতিমধ্যে এক কোটি টকা মূল্যৰ বাঁহ শোধনাগাৰ কৰ্তৃপক্ষই ক্ৰয় কৰিছে। এই প্ৰকল্পৰ বাবে বাঁহৰ এটা অবিৰত যোগান শৃংখলা গঢ়ি তুলিবলৈ এন আৰ এল কৰ্তৃপক্ষই বিশেষ ব্যৱস্থা লৈছে। শোধনাগাৰটোৰ পৰিচ...

September 17, 2025 11:57 AM

views 25

বিশ্বখনিকৰ শ্ৰীশ্ৰীবিশ্বকৰ্মা পূজা ৰাজ্যৰ বিভিন্ন প্ৰান্তত পালন

কাৰিকৰী বিদ্যাৰ অধিষ্ঠাতা, বিশ্বখনিকৰ শ্ৰীশ্ৰীবিশ্বকৰ্মা পূজা আজি ৰাজ্যৰ বিভিন্ন প্ৰান্তত পালন কৰিবলৈ লোৱা হৈছে। গুৱাহাটী মহানগৰীৰ লগতে ৰাজ্যৰ বিভিন্ন প্ৰান্তত প্ৰতিকূল বতৰকো নেওচি আজি এই পূজাৰ বাবে ব্যাপক আয়োজন কৰা হৈছে। আজি পুৱাৰে পৰা গুৱাহাটী মহানগৰীৰ লগতে ৰাজ্যৰ বিভিন্ন অঞ্চলৰ পূজা মণ্ডপ সমূহত ...

September 17, 2025 11:50 AM

views 42

বিটিচি নিৰ্বাচনৰ প্ৰচাৰ অভিযান ক্ৰমাৎ তীব্ৰতৰ

বিটিচি নিৰ্বাচনৰ প্ৰচাৰ অভিযানৰ সামৰণি পৰিবলৈ মাজত মাথো দুটা দিন বাকী থকা অৱস্থাত প্ৰচাৰ অভিযান তুংগত উঠিছে। ওদালগুৰি জিলাত বিজেপি দলে ১০ টা সমষ্টিৰ ভিতৰত সাতটাত প্ৰতিদ্বন্দ্বিতা কৰিছে। জিলাখনত মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাকে ধৰি বিজেপিৰ কেইবাগৰাকীও শীর্ষ নেতাই ব্যাপক প্ৰচাৰ চলাই আছে। ড° শৰ্মাই...

September 17, 2025 11:37 AM

views 28

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ৭৫ সংখ্যক জন্মদিন উপলক্ষে দেশৰ বিভিন্ন প্ৰান্তত ভিন ভিন কাৰ্যসূচীৰ আয়োজন

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আজি ৭৫ সংখ্যক জন্মদিন। কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে এই উপলক্ষে নতুন দিল্লীৰ ত্যাগৰাজ ষ্টেডিয়ামত আজি ১৫ খন গুৰুত্বপূৰ্ণ আঁচনি মুকলি কৰিব। এই সমূহৰ ভিতৰত মহাবিদ্যালয় পৰ্যায়ৰ দৃষ্টিহীন কন্যা শিক্ষাৰ্থীসকলৰ বাবে অটল দৃষ্টি ছাত্ৰীবাস, বৌদ্ধিকভাৱে দিব্যাংগ ব্যক্তিসকলৰ ...

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।