আঞ্চলিক সংবাদ

August 20, 2025 12:17 PM August 20, 2025 12:17 PM

views 4

হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ বাবে পৰীক্ষাকেন্দ্ৰ স্থাপন কৰিবলগীয়া বিদ্যালয়সমূহৰ তালিকা ১ ছেপ্টেম্বৰৰ ভিতৰত বিদ্যালয়সমূহৰ পৰিদৰ্শকসকলক দাখিলৰ নিৰ্দেশ

অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদে পৰৱৰ্তী হাইস্কুল শিক্ষান্ত পৰীক্ষা অনুষ্ঠিত কৰাৰ বাবে পৰীক্ষাকেন্দ্ৰ স্থাপন কৰিবলগীয়া বিদ্যালয়সমূহৰ তালিকা ১ ছেপ্টেম্বৰৰ ভিতৰত বিদ্যালয়সমূহৰ পৰিদৰ্শকসকলক দাখিল কৰিবলৈ নিৰ্দেশ দিছে। পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিল, পৰীক্ষাৰ সময়ত হোৱা বিসংগতি দূৰ কৰাৰ বাবে অসম ৰাজ্যিক...

August 20, 2025 12:14 PM August 20, 2025 12:14 PM

views 4

হোজাইৰ খাৰিখানা বিলগাঁৱত খাদ্যত বিষক্রিয়া হৈ শিশু-মহিলাসহ ২০গৰাকী অসুস্থ

হোজাই জিলাৰ খাৰিখানা বিলগাঁৱত কালি খাদ্যত বিষক্রিয়া হৈ শিশু-মহিলাসহ ২০ গৰাকী লোক অসুস্থ হয়। বিলপাৰ গাঁৱত পূজাৰ প্ৰসাদ খোৱাৰ পাছতে শিশু-মহিলাকে ধৰি লোকসকল অসুস্থ হয়। পূজাৰ প্ৰসাদ খোৱাৰ পাছতে গাঁওবাসীৰ মাজত পেটৰ বিষ, বমি, শৌচ আদি লক্ষণ দেখা গৈছে। লগে লগে অসুস্থ লোকসকলক লংকাৰ জোৰাপুখুৰী জিলা অসামৰিক...

August 20, 2025 12:13 PM August 20, 2025 12:13 PM

views 10

ডিব্ৰুগড়ৰ মাইজান ঠাকুৰবাৰীত ব্ৰহ্মপুত্ৰৰ তীব্ৰ খহনীয়া

ব্ৰহ্মপুত্ৰৰ খহনীয়াই ডিব্ৰুগড়লৈ ভাবুকি কঢ়িয়াই আনিছে। ডিব্ৰুগড়ৰ মাইজান ঠাকুৰবাৰী ব্ৰহ্মপুত্ৰৰ তীব্ৰ খহনীয়াত পৰিছে। বিগত এসপ্তাহত ব্ৰহ্মপুত্ৰৰ খৰস্ৰোতা সোঁতে ৮০ মিটাৰ অৱশিষ্ট ভূমিৰ লগতে অঞ্চলটোৰ বহুকেইটা ঘৰ উটুৱাই নিয়ে। খহনীয়াৰ বাবে ঠাকুৰবাৰীৰ নৈপৰীয়া ৰাইজে সেই অঞ্চল ত্যাগ কৰি অন্য স্থানত আশ্...

August 20, 2025 11:38 AM August 20, 2025 11:38 AM

views 18

গুৱাহাটীত আই আই এম স্থাপনৰ পথ প্ৰশস্ত; লোকসভাত বিধেয়ক গৃহীত; মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সন্তোষ প্ৰকাশ

লোকসভাত কালি ভাৰতীয় ব্যৱস্থাপনা প্রতিষ্ঠান বিধেয়ক গৃহীত কৰাক লৈ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই সন্তোষ প্ৰকাশ কৰিছে। এই পদক্ষেপৰ বাবে মুখ্যমন্ত্ৰীয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, কেন্দ্রীয় মন্ত্রী অমিত শ্বাহ আৰু ধর্মেন্দ্র প্রধানক কৃতজ্ঞতা জ্ঞাপন কৰে। সামাজিক মাধ্যমযোগে মুখ্যমন্ত্ৰীয়ে কয়, য...

August 20, 2025 11:37 AM August 20, 2025 11:37 AM

views 38

বিটিচি নির্বাচনত জয়লাভৰ সম্ভাৱনা থকাসকলক প্রার্থিত্ব দিয়াৰ প্ৰস্তাৱ অসম গণ পৰিষদৰ

জয়লাভৰ সম্ভাৱনা থকা প্রার্থীক বি টি চি নির্বাচনত প্রার্থিত্ব দিয়াৰ বাবে অসম গণ পৰিষদে প্ৰস্তাৱ গ্ৰহণ কৰে। গুৱাহাটীৰ আমবাৰীত কালি অসম গণ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ এখন বিষয়ববীয়া সভা অনুষ্ঠিত হয়। দলৰ সভাপতি অতুল বৰাৰ সভাপতিত্বত অনুষ্ঠিত এই সভাত অহা ১৪ অক্টোবৰৰ পৰা দুদিনীয়াকৈ দলৰ প্ৰতিষ্ঠা দিৱস অনু...

August 20, 2025 11:35 AM August 20, 2025 11:35 AM

views 9

উপ-ৰাষ্ট্ৰপতি পদৰ বাবে বিৰোধী INDI মিত্রজোঁটৰ মনোনীত প্ৰাৰ্থী প্ৰাক্তন ন্যায়াধীশ বি সুদৰ্শন ৰেড্ডী

উপ-ৰাষ্ট্ৰপতি পদৰ নিৰ্বাচনৰ বাবে বিৰোধীৰ INDI মিত্রজোঁটে অন্ধ্রপ্রদেশৰ বি সুদৰ্শন ৰেড্ডীক প্ৰাৰ্থীৰূপে মনোনীত কৰিছে। সৰ্বোচ্চ ন্যায়ালয়ৰ প্ৰাক্তন ন্যায়াধীশ বি সুদৰ্শন ৰেড্ডীৰ নাম কালি কংগ্ৰেছ সভাপতি মল্লিকার্জুন খাৰ্গেই ঘোষণা কৰে। বিৰোধীৰ INDI মিত্রজোঁটে বৈঠকৰ অন্তত প্ৰাক্তন ন্যায়াধীশগৰাকীক উপ-ৰা...

August 19, 2025 8:25 PM August 19, 2025 8:25 PM

views 2

আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ সভাকক্ষত অস্ত্ৰোপচাৰবিহীন বিষ নিৰাময় সম্পর্কত ডাঃ ভৱেন চন্দ্ৰ বড়োৰ ব্যাখ্যা

বিশিষ্ট বিষ নিৰাময় বিশেষজ্ঞ তথা গুৱাহাটীৰ এখন আগশাৰীৰ ব্যক্তিগত চিকিৎসালয়ৰ জ্যেষ্ঠ চিকিৎসক ডাঃ ভৱেন চন্দ্ৰ বড়োৱে আজি আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ সভাকক্ষত অস্ত্ৰোপচাৰবিহীন বিষ নিৰাময় সম্পর্কত ব্যাখ্যা আগবঢ়ায়। তেওঁ কয়, যে অত্যাধুনিক ৰেডিঅ' ইণ্টাৰভেনছন পদ্ধতিৰ জৰিয়তে বর্তমান মানৱ শৰীৰত বিষৰ উৎসৰ...

August 19, 2025 8:24 PM August 19, 2025 8:24 PM

views 3

ৰাজ্যৰ বিভিন্ন প্ৰান্তত আজি বিশ্ব আলোকচিত্ৰ দিৱস উপলক্ষে বিভিন্ন কাৰ্যসূচী অনুষ্ঠিত

বিশ্ব আলোকচিত্ৰ দিৱস উপলক্ষে আজি ৰাজ্যৰ বিভিন্ন প্ৰান্তত কাৰ্যসূচী অনুষ্ঠিত হয়। ১৮৩৭ চনত ফ্ৰান্সৰ আলোকচিত্র শিল্পী লুই ডাগেৰে বিকশিত কৰা ডাগে'ৰ' টাইপ ফটোগ্ৰাফী উদ্ভাৱনৰ স্মৃতিত প্ৰতিবছৰে আজিৰ দিনটো আলোকচিত্ৰ দিৱস হিচাপে উদযাপন কৰা হয়। এই দিৱসৰ লক্ষ্য হৈছে প্ৰকাশ আৰু সৃষ্টিশীলতাৰ মাধ্যম হিচাপে ফটোগ...

August 19, 2025 8:17 PM August 19, 2025 8:17 PM

views 6

ৰাজ্যিক পঞ্চায়ত আৰু গ্ৰামোন্নয়ন প্ৰতিষ্ঠানত আজি ৫ দিনীয়া প্রশিক্ষণ কাৰ্যসূচীৰ শুভাৰম্ভ

গুৱাহাটীৰ খানাপাৰাৰ ৰাজ্যিক পঞ্চায়ত আৰু গ্ৰামোন্নয়ন প্ৰতিষ্ঠানত আজি ৰাজ্যখনৰ ২৭খন জিলা পৰিষদৰ নৱ নিৰ্বাচিত সভাপতি আৰু সভানেত্ৰীসকলৰ ৫ দিনীয়া প্রশিক্ষণ কাৰ্যসূচীৰ শুভাৰম্ভ কৰা হয়। পঞ্চায়ত আৰু গ্ৰামোন্নয়ন মন্ত্ৰী ৰঞ্জিত দাসে এই প্ৰশিক্ষণৰ শুভাৰম্ভ কৰি নৱ নিৰ্বাচিত সভাপতি তথা সভানেত্রীসকলক সততা, ...

August 19, 2025 8:16 PM August 19, 2025 8:16 PM

views 15

নগাঁৱৰ দখলীকৃত ভূমিত শীঘ্ৰে উচ্ছেদ অভিযান চলিব বুলি কৃষ্ণেন্দু পালৰ ঘোষণা

নগাঁৱৰ দখলীকৃত ভূমিত শীঘ্ৰে উচ্ছেদ অভিযান চলিব বুলি জিলাখনত অভিভাৱক মন্ত্রী কৃষ্ণেন্দু পালে ঘোষণা কৰিছে। জিলাখনত ১৯ হাজাৰ বিঘা ভূমি দখলমুক্ত কৰা হ'ব বুলি ইতিমধ্যে জাননী জাৰি কৰা হৈছে । আজি জিলা আয়ুক্তৰ কাৰ্যালয়ত এখন পর্যালোচনা বৈঠকত অংশগ্ৰহণ কৰি সংবাদমাধ্যমৰ আগত মন্ত্ৰীগৰাকীয়ে এইদৰে কয়। জিলাখনত ...