আঞ্চলিক সংবাদ

August 21, 2025 7:21 PM August 21, 2025 7:21 PM

views 16

চাহ বাগিচাৰ শ্ৰমিকসকলে অহা ১০ ছেপ্তেম্বৰৰ ভিতৰত দুৰ্গা পূজাৰ বানছ লাভ কৰিব লাগিব বুলি কাছাৰ জিলা প্রশাসনে নিৰ্দেশনা

চাহ বাগিচাৰ শ্ৰমিকসকলে অহা ১০ ছেপ্তেম্বৰৰ ভিতৰত দুৰ্গা পূজাৰ বানছ লাভ কৰিব লাগিব বুলি কাছাৰ জিলা প্রশাসনে নিৰ্দেশনা জাৰি কৰিছে। কাছাৰ জিলা আয়ুক্ত মৃদুল যাদৱৰ নেতৃত্বত আজি অনুষ্ঠিত এখন সভাত এই সন্দৰ্ভত নিৰ্দেশ দিয়া হৈছে। বাগিচাসমূহৰ কৰ্তৃপক্ষই অহা ৩১ আগষ্টৰ ভিতৰত বানছ ঘোষণা কৰিব লাগিব বুলি জিলা প্র...

August 21, 2025 7:14 PM August 21, 2025 7:14 PM

views 7

বাক্সাৰ ধনশ্ৰীপুৰত স্বেচ্ছাসেৱী সংস্থাৰ বিশেষ বিনামূলীয়া স্বাস্থ্য শিবিৰ মুকলি

বাক্সা জিলাৰ ধনশ্ৰীপুৰত আজি এটা স্বেচ্ছাসেৱী সংস্থাই বিশেষ বিনামূলীয়া স্বাস্থ্য শিবিৰ মুকলি কৰে। এই শিবিৰত কেইবাগৰাকীও বিশেষজ্ঞ চিকিৎসকে ৰোগীৰ স্বাস্থ্যপৰীক্ষা কৰি পৰামৰ্শ দিয়ে। এ চি আৰ ডি নামৰ সংস্থাটোৱে পূৰ্বেও এনে ধৰণৰ স্বাস্থ্য শিবিৰ মুকলি কৰি আহিছে।

August 21, 2025 7:11 PM August 21, 2025 7:11 PM

views 16

ৰাজ্যৰ সমাজ কল্যাণ বিভাগৰ সামাজিক ন্যায় আৰু সবলীকৰণ সঞ্চালকালয়ৰ উদ্যোগত কামৰূপ জিলাত নিচামুক্ত অভিযানৰ অধীনত প্ৰশিক্ষণ প্ৰদান

ৰাজ্যৰ সমাজ কল্যাণ বিভাগৰ সামাজিক ন্যায় আৰু সবলীকৰণ সঞ্চালকালয়ৰ উদ্যোগত তথা বেচৰকাৰী সামাজিক অনুষ্ঠান কোছেডাৰ সহযোগত আজি কামৰূপ জিলাত নিচামুক্ত অভিযানৰ অধীনত প্ৰশিক্ষণ প্ৰদান কাৰ্যসূচী অনুষ্ঠিত হয়। জিলাখনৰ ৯১গৰাকী স্বেচ্ছাসেৱকৰ লগতে কামৰূপ মহানগৰ, দৰং, গোৱালপাৰা আৰু নলবাৰী জিলাৰ ৪ শতাধিক স্বেচ্ছা...

August 21, 2025 7:10 PM August 21, 2025 7:10 PM

views 12

তামুলপুৰৰ ঔগুৰি আৰু কাৰিপাৰা গাঁৱত আফ্রিকান ছোৱাইন ফেভাৰৰ সংক্ৰমণৰ পৰিপ্ৰেক্ষিতত জিলা প্ৰশাসনৰ গাহৰি নিধনৰ বাবে নিৰ্দেশনা জাৰি

তামুলপুৰ জিলাৰ ঔগুৰি আৰু কাৰিপাৰা গাঁৱত আফ্রিকান ছোৱাইন ফেভাৰৰ সংক্ৰমণৰ পৰিপ্ৰেক্ষিতত জিলা প্ৰশাসনে গাহৰি নিধনৰ বাবে নিৰ্দেশনা জাৰি কৰিছে। জিলাখনৰ এই গাঁও দুখনত গাহৰিৰ দেহত এই ৰোগ ধৰা পৰাৰ পাছত তামুলপুৰ মহকুমাৰ পশুপালন আৰু পশু চিকিৎসা বিষয়াই সংক্রমিত অঞ্চলৰ গাহৰি নিধনৰ অনুমতি বিচাৰে। এই অনুসৰি জিলা...

August 21, 2025 7:00 PM August 21, 2025 7:00 PM

views 3

বিশ্বনাথৰ চৰণীয়া পথাৰৰ ভূমি দখল কৰি থকা ৪৩৩টা পৰিয়াললৈ জিলা প্ৰশাসনে উচ্ছেদৰ জাননী

বিশ্বনাথ জিলাৰ চৰণীয়া পথাৰৰ ভূমি দখল কৰি থকা ৪৩৩টা পৰিয়াললৈ জিলা প্ৰশাসনে উচ্ছেদৰ জাননী জাৰি কৰিছে। পৰিয়ালকেইটাক ১৫ দিনৰ ভিতৰত সেই ঠাই ত্যাগ কৰিবলৈ কোৱা হৈছে। জিলাখনৰ নিজ বাঘমাৰী গাঁৱৰ গোপচাৰৰ ২৬৫ বিঘা ভূমিত উচ্ছেদ চলোৱা হ'ব। ইপিনে, ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ দখলিকৃত ভূমি দখলমুক্ত নোহোৱা পৰ্যন্ত ৰাজ...

August 21, 2025 6:54 PM August 21, 2025 6:54 PM

views 22

ৰাজ্যৰ ১৮ বছৰ ঊৰ্ধৰ ব্যক্তিসকলক অক্টোবৰৰ পৰা নতুনকৈ আধাৰকাৰ্ড প্রদান কৰা নহ’বঃ মুখ্যমন্ত্রী

ৰাজ্যৰ ১৮ বছৰ ঊৰ্ধৰ ব্যক্তিসকলক অক্টোবৰৰ পৰা নতুনকৈ আধাৰকাৰ্ড প্রদান কৰা নহ'ব। কইনাধৰাত আয়োজিত মন্ত্ৰীসভাৰ বৈঠকৰ অন্তত মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই আজি সংবাদমেলযোগে এই কথা প্ৰকাশ কৰে। তেওঁ কয়, যে অনুসূচিত জাতি-জনজাতি আৰু চাহ জনগোষ্ঠীৰ লোকসকলক এই ক্ষেত্ৰত এবছৰৰ বাবে শিথিলতা প্ৰদান কৰা হ'ব। ম...

August 21, 2025 6:34 PM August 21, 2025 6:34 PM

views 15

ইজৰাইলৰ প্ৰতিৰক্ষা বাহিনীয়ে গাজাত দেশখনৰ সৈন্য বাহিনীক স্থল পথেৰে আক্ৰমণ পুনৰ আৰম্ভ কৰাৰ পাছৰে পৰা ২০০০ অধিক সন্ত্ৰাসবাদীক নিধন কৰাৰ দাবী

ইজৰাইলৰ প্ৰতিৰক্ষা বাহিনীয়ে গাজাত দেশখনৰ সৈন্য বাহিনীক স্থল পথেৰে আক্ৰমণ পুনৰ আৰম্ভ কৰাৰ পাছৰে পৰা দুহেজাৰৰো অধিক সন্ত্ৰাসবাদীক নিধন কৰা বুলি দাবী কৰিছে। এই আক্ৰমণত সন্ত্ৰাসবাদীৰ প্ৰায় ১০ হাজাৰ ঘাটিক লক্ষ্য কৰি লোৱা হৈছে আৰু হামাছৰ ওপৰত হেঁচা বৃদ্ধি কৰাৰ বাবে নিয়ন্ত্ৰণ কৰিড'ৰ স্থাপন কৰা হৈছে। ইজৰ...

August 20, 2025 8:42 PM August 20, 2025 8:42 PM

views 12

জিলা আয়ুক্ত, অতিৰিক্ত আয়ুক্ত, বিদ্যালয় পৰিদৰ্শক, মহাবিদ্যালয়ৰ অধ্যক্ষৰে বৈঠক মন্ত্ৰী ডা০ ৰণোজ পেগুৰ

শিক্ষা মন্ত্ৰী ডা০ ৰণোজ পেগুৱে আজি জনতা ভৱনৰ পৰা জিলা আয়ুক্ত, অতিৰিক্ত আয়ুক্ত, বিদ্যালয় পৰিদৰ্শক আৰু মহাবিদ্যালয়ৰ অধ্যক্ষসকলৰ সৈতে ভার্চুৱেল ব্যৱস্থাৰে নৱ ভাৰত সাক্ষৰতা কাৰ্যসূচী উল্লাস সম্পর্কে আলোচনা কৰে। বৈঠকত শিক্ষামন্ত্ৰীগৰাকীয়ে প্ৰতিখন জিলাত এই আঁচনিৰ অধীনত চলি থকা কাৰ্যক্ৰমৰ পৰ্যালোচনাৰ ...

August 20, 2025 8:38 PM August 20, 2025 8:38 PM

views 6

গুৱাহাটীৰ চৰকাৰী চাৰু-কাৰু কলা মহাবিদ্যালয়ৰ নৱ-নিৰ্মিত শৈক্ষিক আৰু পুথিভঁৰাল ভৱন উদ্বোধন

গুৱাহাটীৰ চৰকাৰী চাৰু-কাৰু কলা মহাবিদ্যালয়ৰ নৱ-নিৰ্মিত শৈক্ষিক আৰু পুথিভঁৰাল ভৱন আজি সাংস্কৃতিক মন্ত্রী বিমল বৰাই উদ্বোধন কৰে। উদ্বোধনী ভাষণত মন্ত্ৰীগৰাকীয়ে ১৯৭০ চনত প্ৰতিষ্ঠিত গুৱাহাটীৰ চৰকাৰী চাৰু-কাৰু কলা মহাবিদ্যালয়ে একো গৰাকী পৰিপূৰ্ণ শিল্পী গঢ়ি তোলাৰ ক্ষেত্ৰত বিশেষ ভূমিকা গ্ৰহণ কৰি আহিছে ব...

August 20, 2025 8:33 PM August 20, 2025 8:33 PM

views 4

জনতা ভৱনত কৃষি বিভাগৰ জ্যেষ্ঠ বিষয়াৰ সৈতে কৃষি মন্ত্ৰী অতুল বৰাৰ বৈঠক

কৃষি মন্ত্ৰী অতুল বৰাই আজি জনতা ভৱনত কৃষি বিভাগৰ জ্যেষ্ঠ বিষয়াসকলৰ সৈতে এখন বৈঠকত মিলিত হয় আৰু বিভাগীয় কাম-কাজৰ অগ্ৰগতিৰ বুজ লয়। বৈঠকত মন্ত্ৰীগৰাকীয়ে ৰাজ্যৰ কেইখনমান জিলাৰ ধাননীত শেহতীয়াকৈ শুঁৰ পোকৰ আক্ৰমণ ৰোধ কৰাৰ বাবে বিষয়াসকলৰ সৈতে আলোচনা কৰে আৰু শূৰ পোককে ধৰি সকলো কীট-পতংগৰ আক্ৰমণ নিয়ন্ত...