আঞ্চলিক সংবাদ

September 22, 2025 9:23 PM

views 79

নাগালেণ্ডৰ ৰাষ্ট্ৰীয় সমাজবাদী পৰিষদৰ লগতে ফৈদ আৰু শাখাসমূহক ৫ বছৰৰ বাবে অবৈধ সংগঠন হিচাপে ঘোষণা গৃহ মন্ত্ৰালয়ৰ

গৃহ মন্ত্ৰালয়ে আজি নাগালেণ্ডৰ ৰাষ্ট্ৰীয় সমাজবাদী পৰিষদৰ লগতে ইয়াৰ সকলো ফৈদ আৰু শাখাসমূহক এই মাহৰ ২৮ তাৰিখৰ পৰা তাৎক্ষণিকভাৱে কাৰ্যকৰী হোৱাকৈ ৫ বছৰৰ বাবে অবৈধ সংগঠন হিচাপে ঘোষণা কৰে ৷ এখন অধিসূচনাত মন্ত্রালয়ে প্রকাশ কৰে যে এই সংগঠনটো ভাৰতৰ সাৰ্বভৌমত্ব আৰু অখণ্ডতাৰ ক্ষতিকাৰক কাৰ্যকলাপৰ সৈতে জড়িত ...

September 22, 2025 8:17 PM

views 34

কেন্দ্ৰীয় চৰকাৰৰ সুস্থ নাৰী শক্তিশালী পৰিয়াল আঁচনিৰ সৈতে সংগতি ৰাখি বঙাইগাঁৱত যক্ষ্মা ৰোগীসকলক পুষ্টিকৰ খাদ্যৰ টোপোলা প্ৰদান

কেন্দ্ৰীয় চৰকাৰৰ সুস্থ নাৰী শক্তিশালী পৰিয়াল আঁচনিৰ সৈতে সংগতি ৰাখি আজি বঙাইগাঁও জিলাৰ তিনিওটা বিধানসভা সমষ্টিতে যক্ষ্মা ৰোগীসকলক পুষ্টিকৰ খাদ্যৰ টোপোলা দিয়া হয়। প্ৰতিটো বিধানসভা সমষ্টিৰ এশজন যক্ষ্মা ৰোগীক, নিক্ষয়মিত্ৰই এই খাদ্যৰ টোপোলা বিতৰণ কৰে। বঙাইগাঁও জিলা স্বাস্থ্য সমিতিৰ উদ্যোগত অনুষ্ঠিত...

September 22, 2025 8:13 PM

views 21

আকাশবাণী গুৱাহাটীৰ অনলাইন বাতৰি পঢ়া প্ৰতিযোগিতাৰ আয়োজন

আকাশবাণী গুৱাহাটীৰ প্ৰাক্তন বাতৰি পঢ়োঁতা গোলাপ শ‍ইকীয়াৰ পঞ্চম মৃত্যু বার্ষিকী উপলক্ষে অষ্টম শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীৰ বাবে অসমীয়াত অনলাইন বাতৰি পঢ়া প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছে। ইচ্ছুক প্রতিযোগীয়ে সাম্প্রতিক ঘটনাৱলী সম্পৰ্কীয় ১ মিনিটৰ বাতৰিৰ অ'ডিঅ' মোবাইল ফোন অথবা অডিঅ' ৰেকৰ্ডাৰ...

September 22, 2025 8:10 PM

views 28

দেৱী দুৰ্গাক আৰাধনাৰ বাবে আজি শুক্লা প্ৰতিপদৰ পৰা আধ্যাত্মিক ৰীতি-নীতিৰে নৱৰাত্ৰি পূজা

দেৱী দুৰ্গাক আৰাধনাৰ বাবে আজি শুক্লা প্ৰতিপদৰ পৰা আধ্যাত্মিক ৰীতি-নীতিৰে নৱৰাত্ৰি পূজা কৰা হৈছে। প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি আৰম্ভ হোৱা নৱৰাত্ৰি উপলক্ষে জনসাধাৰণলৈ শুভেচ্ছা জ্ঞাপন কৰিছে। উল্লেখযোগ্য যে নৱৰাত্ৰিৰ সময়ত ভক্তসকলে দেৱী দুৰ্গাৰ ৯টা ৰূপক পূজা-অৰ্চনা কৰে। আজি প্ৰথম দিনা শৈলপুত্রী হি...

September 22, 2025 7:57 PM

views 27

ৰাজ্য চৰকাৰে জুবিন গাৰ্গৰ পুনৰ মৰণোত্তৰ পৰীক্ষা সম্পন্ন কৰিব

ৰাজ্য চৰকাৰে অসমৰ জনসাধাৰণৰ বিপুল দাবীৰ পৰিপ্ৰেক্ষিতত আদৰৰ শিল্পী জুবিন গাৰ্গৰ পুনৰ মৰণোত্তৰ পৰীক্ষা সম্পন্ন কৰিব। মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই কিছু সময়ৰ পূৰ্বে এখন সংবাদমেল যোগে এই বিষয়ে নিশ্চিত কৰে। তেওঁ কয়, যে ছিংগাপুৰত মৰণোত্তৰ পৰীক্ষা সম্পন্ন কৰা হৈছে যদিও ৰাইজে সমগ্ৰ ঘটনাটোক লৈ সন্দে...

September 22, 2025 7:51 PM

views 32

অসমৰ সংগীত আকাশৰ জ্যোতিষ্কক শেষবাৰৰ বাবে ওচৰৰ পৰা চাবলৈ আজিও অগণন লোক সৰুসজাই ষ্টেডিয়ামত সমবেত

কফিনত শুই থকা অসমৰ সংগীত আকাশৰ জ্যোতিষ্কক শেষবাৰৰ বাবে ওচৰৰ পৰা চাবলৈ আজিও অগণন লোক সৰুসজাই ষ্টেডিয়ামত সমবেত হয়। ৰাজ্যৰ সংগীত ক্ষেত্ৰত কাহানিও পূৰাব নোৱৰা শূন্যতাৰ সৃষ্টি কৰি আকস্মিকভাৱে আঁতৰি যোৱা প্ৰাণৰ শিল্পী জুবিন গাৰ্গক অনুৰাগীসকলে আজিও অভূতপূৰ্ব ৰূপত শ্রদ্ধা নিবেদন কৰে। হিয়াৰ আমঠু শিল্পীগৰা...

September 22, 2025 7:44 PM

views 53

যোৰহাট জিলাতো এখন জুবিন গাৰ্গৰ সমাধিক্ষেত্ৰ নিৰ্মাণ কৰাৰ বাবে মন্ত্রীসভাৰ সিদ্ধান্ত

ৰাজ্যৰ সংগীত ক্ষেত্ৰত বৃহৎ শূন্যতাৰ সৃষ্টি কৰি আকস্মিকভাৱে আঁতৰি যোৱা প্ৰাণৰ শিল্পী জুবিন গাৰ্গক অনুৰাগীসকলে অভূতপূৰ্ব ৰূপত শ্রদ্ধা জ্ঞাপন কৰিছে। হিয়াৰ আমঠু শিল্পীগৰাকীক শেষ দৰ্শনৰ বাবে সৰুসজাইৰ অৰ্জুন ভোগেশ্বৰ বৰুৱা ক্রীড়া প্ৰকল্পত কালি গোটেই নিশা অজস্র গুণমুগ্ধই ভিৰ কৰে। শিল্পীগৰাকীক সকলো অনুৰাগ...

September 22, 2025 7:13 PM

views 46

বিটিচি পৰিষদীয় নিৰ্বাচনৰ ভোটগ্ৰহণত ৭১.৮৪ শতাংশ ভোটদান

বিটিচি পৰিষদীয় নিৰ্বাচনৰ ভোটগ্ৰহণৰ আজি বিয়লি ৪ বজাত সামৰণি পৰিছে। আজি পুৱা ৭.৩০ বজাৰ পৰা অনুষ্ঠিত ভোটগ্ৰহণত ৭১.৮৪ শতাংশ ভোটদান হোৱা বুলি অসম ৰাজ্যিক নির্বাচন আয়োগে প্রকাশ কৰিছে। অৱশ্যে সকলো ভোটগ্রহণ কেন্দ্ৰৰ পৰা সম্পূৰ্ণ তথ্য লাভ কৰাৰ পাছত এই সংখ্যা আৰু বাঢ়িব পাৰে বুলি কোৱা হৈছে। আমাৰ সংবাদদাতাস...

September 22, 2025 7:11 PM

views 261

হিয়াৰ আমঠু জুবিন গাৰ্গক শেষ দৰ্শনৰ বাবে সমগ্ৰ নিশা অজস্র গুণমুগ্ধৰ ভিৰ

ৰাজ্যৰ সংগীত ক্ষেত্ৰত কাহানিও পূৰাব নোৱোৰা শূন্যতাৰ সৃষ্টি কৰি আকস্মিকভাৱে আঁতৰি যোৱা প্ৰাণৰ শিল্পী জুবিন গাৰ্গক অনুৰাগীসকলে আজিও অভূতপূৰ্ব ৰূপত শ্রদ্ধা নিবেদন কৰে। হিয়াৰ আমঠু শিল্পীগৰাকীক শেষ দৰ্শনৰ বাবে সৰুসজাইৰ অৰ্জুন ভোগেশ্বৰ বৰুৱা ক্রীড়া প্ৰকল্পত কালি গোটেই নিশা অজস্র গুণমুগ্ধই ভিৰ কৰে। আজি প...

September 22, 2025 7:03 PM

views 30

শিৱসাগৰ জিলাৰ ডিমৌৰ এটা বৈদ্যুতিন মাধ্যমৰ সাংবাদিক ইফতিকাৰ বিতু ৰহমানৰ পথ দুৰ্ঘটনাত মৃত্যু

শিৱসাগৰ জিলাৰ ডিমৌৰ এটা বৈদ্যুতিন মাধ্যমৰ সাংবাদিক ইফতিকাৰ বিতু ৰহমানৰ কালি সন্ধিয়া এটা পথ দুৰ্ঘটনাত মৃত্যু হয়। ডিমৌ প্ৰেছ ক্লাৱত অনুষ্ঠিত জুবিন গাৰ্গৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত অংশগ্ৰহণ কৰি তেওঁৰ দিহাজানস্থিত বাসগৃহলৈ এখন স্কুটিৰে গৈ থকা অৱস্থাত ইফতিকাৰ ৰহমান দুৰ্ঘটনাত পতিত হয়। সাংবাদিকগৰাকী প্ৰায়...

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।