আঞ্চলিক সংবাদ

September 2, 2025 1:32 PM September 2, 2025 1:32 PM

views 4

আকাশবাণী গুৱাহাটীৰ বাতৰি বিভাগৰ অনলাইন বাতৰি পঢ়া প্ৰতিযোগিতাৰ আয়োজন

আকাশবাণী গুৱাহাটীৰ প্ৰাক্তন বাতৰি পঢ়োতা গোলাপ শ‍ইকীয়াৰ পঞ্চম মৃত্যু বার্ষিকী উপলক্ষে আন আন বছৰৰ দৰে এইবাৰো বাতৰি বিভাগৰ তৰফৰ পৰা এখন অনলাইন বাতৰি পঢ়া প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছে। অষ্টম শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীৰ বাবে মুকলি এই প্রতিযোগিতাৰ ভাষা হ'ব অসমীয়া আৰু সময় ১ মিনিট নিৰ্ধাৰণ ...

September 2, 2025 11:41 AM September 2, 2025 11:41 AM

views 1

বিটিচি নিৰ্বাচনৰ বাবে মনোনয়ন-পত্ৰ দাখিলৰ আজি অন্তিম দিন; কেইবাগৰাকীও প্ৰাৰ্থীৰ মনোনয়ন-পত্র দাখিল

সমাগত বিটিচি নিৰ্বাচনৰ বাবে মনোনয়ন দাখিলৰ আজি অন্তিম দিন। কালি বিভিন্ন ৰাজনৈতিক দলৰ কেইবাগৰাকীও প্ৰাৰ্থীয়ে মনোনয়ন-পত্র দাখিল কৰে। কোকৰাঝাৰ জিলাৰ ১২ টা সমষ্টিৰ বাবে কালি ২৯ গৰাকী প্রার্থীয়ে মনোনয়ন দাখিল কৰে। ইউ পি পি এল, বি পি এফ আৰু কংগ্ৰেছ দলৰ প্ৰাৰ্থীকেইগৰাকীয়ে কালি মনোনয়ন জমা দিয়ে। ইয়াৰ ...

September 2, 2025 11:36 AM September 2, 2025 11:36 AM

views 4

২০২৬ চনত হ’বলগীয়া হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ প্ৰ-পত্ৰ পূৰণৰ দিন ঘোষণা

অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদে ২০২৬ চনত অনুষ্ঠিত হ'বলগীয়া হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ বাবে প্ৰ-পত্ৰ পূৰণৰ দিন ঘোষণা কৰিছে। কালি জাৰি কৰা অধিসূচনা অনুসৰি শিক্ষাৰ্থীসকলে অহা ৪ অক্টোবৰলৈ অনলাইন প্ৰ-পত্ৰ পূৰণ কৰিব পাৰিব। একেদৰে শিক্ষাৰ্থীসকলে ১০ অক্টোবৰলৈকে অনলাইন মাচুল জমা দিয়াৰ লগতে চালান সংগ্ৰ...

September 2, 2025 11:29 AM September 2, 2025 11:29 AM

views 1

মেৰাপানীত নগা ভিলেজ কাউন্সিল আৰু অসমৰ গাঁওপ্ৰধানৰ গুৰুত্বপূৰ্ণ বৈঠক

অসম-নাগালেণ্ডৰ মেৰাপানী সীমাত নাগালেণ্ড প্রশাসনে অসমীয়া লোকৰ প্ৰৱেশক লৈ জাৰি কৰা জাননী সন্দৰ্ভত শেহতীয়ালৈ নগা ভিলেজ কাউন্সিল আৰু অসমৰ গাঁওপ্ৰধানৰ মাজত এখন গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হয়। এই বৈঠকত অসমৰ সীমাৱৰ্তী অঞ্চলৰ ১৭খন গাঁৱৰ গাঁওপ্রধান, দৈয়াং গাঁওবুঢ়া সন্থাৰ সভাপতি সম্পাদক আৰু নাগালেণ্ডৰ ভাণ...

September 1, 2025 8:08 PM September 1, 2025 8:08 PM

views 7

বাংলাদেশৰ জামাত-ই-ইছলামীৰ সৈতে সম্পৰ্ক ৰক্ষাৰ অভিযোগত শিক্ষক আটক

বাংলাদেশৰ জামাত-ই-ইছলামীৰ সৈতে সম্পৰ্ক ৰক্ষাৰ অভিযোগত আজি ধুবুৰী আৰক্ষীয়ে এজন শিক্ষকক আটক কৰিছে। গোপন সূত্ৰৰ পম খেদি জিলাখনৰ গোলকগঞ্জ আৰক্ষীৰ এটা দলে কোকৰাঝাৰ জিলাৰ কাজিগাঁৱৰ পৰা চুবুৰীয়া ৰাষ্ট্ৰখনৰ জেহাদী সংগঠনটোৰ সৈতে ঘনিষ্ট সম্পর্ক থকা শিক্ষক হজৰত আলীক আটক কৰে। কেইবাদিন ধৰি পলাতক হৈ থকা শিক্ষকজ...

September 1, 2025 8:01 PM September 1, 2025 8:01 PM

views 8

ৰাজ্যৰ বিভিন্ন জিলাত বিজেপিৰ কার্যকৰ্তাসকলে প্রতিবাদী কাৰ্যসূচী

কংগ্ৰেছ আৰু ইণ্ডি এলায়েন্স নেতৃত্বই প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ মাতৃক লক্ষ্য কৰি বিহাৰৰ নিৰ্বাচনী প্ৰচাৰ সভাত কৰা অশালীন মন্তব্যৰ বিৰুদ্ধে আজি ৰাজ্যৰ বিভিন্ন জিলাত বিজেপিৰ কার্যকৰ্তাসকলে প্রতিবাদী কাৰ্যসূচী গ্ৰহণ কৰে। লখিমপুৰ, ধেমাজি, বজালী, কাছাৰ, গোৱালপাৰা, শোণিতপুৰ, ডিব্ৰুগড় আদি জিলাৰ পৰা আমাৰ...

September 1, 2025 7:56 PM September 1, 2025 7:56 PM

views 5

জম্মুত নিহত হোৱা বি এছ এফৰ জোৱান ৰাজীৱ নুনীয়াৰ পৰিয়াললৈ ৫০ লাখ টকাৰ আৰ্থিক সাহায্য ঘোষণা

ৰাজ্য চৰকাৰে যোৱা ২৭ আগষ্টত জম্মুত নিহত হোৱা বি এছ এফৰ জোৱান ৰাজীৱ নুনীয়াৰ পৰিয়াললৈ ৫০ লাখ টকাৰ আৰ্থিক সাহায্য ঘোষণা কৰিছে। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শর্মাই এই বিষয়ে প্ৰকাশ কৰা বুলি ৰাজ্যসভাৰ সাংসদ কনাড পুৰকায়স্থ আৰু বিধায়ক নিহাৰ ৰঞ্জন দাসে নিহত জোৱানগৰাকীৰ পৰিয়ালক সদৰি কৰিছে। উল্লেখযোগ্য য...

September 1, 2025 7:47 PM September 1, 2025 7:47 PM

views 6

দক্ষিণ শালমাৰা মানকাচৰত মন্ত্ৰী ডাঃ ৰণোজ পেগুৰ পর্যালোচনা বৈঠক

দক্ষিণ শালমাৰা মানকাচৰত সমজিলা সম উন্নয়নৰ লক্ষ্যৰে মন্ত্ৰী ডাঃ ৰণোজ পেগুৱে আজি হাটশিঙিমাৰীত এখন পর্যালোচনা বৈঠকত অংশগ্ৰহণ কৰে। জিলা আয়ুক্তৰ কাৰ্যালয়ত জিলা প্ৰশাসনৰ বিষয়ববীয়া আৰু বিভিন্ন বিভাগৰ সৈতে বৈঠকত অংশগ্ৰহণ কৰি তেওঁ জিলাখনৰ উন্নয়নৰ সৈতে জড়িত কাম-কাজসমূহ ৰূপায়ণৰ অগ্ৰগতিৰ বুজ লয়। জিলাখন...

September 1, 2025 7:41 PM September 1, 2025 7:41 PM

views 12

বিটিচি নিৰ্বাচনৰ বাবে বিভিন্ন ৰাজনৈতিক দলৰ কেইবাগৰাকীও প্ৰাৰ্থীৰ মনোনয়ন পত্ৰ দাখিল

বিটিচি নিৰ্বাচনৰ বাবে বিভিন্ন ৰাজনৈতিক দলৰ কেইবাগৰাকীও প্ৰাৰ্থীয়ে আজি মনোনয়ন পত্ৰ দাখিল কৰে। চিৰাং জিলাৰ সদৰ কাজলগাঁৱত থকা জিলা আয়ুক্তৰ কাৰ্যালয়ত আজি প্ৰাক্তন মন্ত্ৰী চন্দন ব্ৰহ্ম, বি টি চিৰ উপ-মুখ্য কাৰ্যবাহী সদস্য খাম্পা বগয়াৰী আৰু কাৰ্যবাহী সদস্য চাইখং বসুমতাৰীয়ে ইউ পি পি এল দলৰ হৈ মনোনয়ন ...

September 1, 2025 7:36 PM September 1, 2025 7:36 PM

views 12

গুৱাহাটীত সশস্ত্র বাহিনী পতাকা দিৱসৰ পুজি ব্যৱস্থাপনা সমিতিৰ ৪৮ সংখ্যক ৰাজ্যিক বৈঠক

ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যই গুৱাহাটীত অনুষ্ঠিত সশস্ত্র বাহিনী পতাকা দিৱসৰ পুজি ব্যৱস্থাপনা সমিতিৰ ৪৮ সংখ্যক ৰাজ্যিক বৈঠকত অংশগ্ৰহণ কৰে। প্ৰাক্তন সেনাসকলৰ কল্যাণ আৰু পুনৰ সংস্থাপনৰ বাবে গঠিত এই সমিতিৰ বৈঠকত সেনাৰ জোৱান আৰু তেওঁলোকৰ কল্যাণৰ সৈতে জড়িত বিষয়সমূহ আলোচনা কৰা হয়। বৈঠকত ৰাজ্যপাল গৰাকী...