আঞ্চলিক সংবাদ

October 8, 2025 12:20 PM

views 28

মহিলাৰ আই চি চি বিশ্বকাপ ক্রিকেট প্রতিযোগিতাত বাংলাদেশক ৪ উইকেটত পৰাস্ত ইংলেণ্ডৰ

মহিলাৰ আই চি চি বিশ্বকাপ ক্রিকেট প্রতিযোগিতাত যোৱা নিশা গুৱাহাটীৰ বৰ্ষাপাৰা ক্ৰিকেট ষ্টেডিয়ামত অনুষ্ঠিত এখন খেলত ইংলেণ্ডে বাংলাদেশক ৪ উইকেটত পৰাস্ত কৰে। এয়া হ'ল প্ৰতিযোগিতাত বাংলাদেশৰ প্ৰথম পৰাজয় আৰু ইংলেণ্ডৰ দ্বিতীয় জয়। খেলখনত প্ৰথমে বেট ধৰাৰ আমন্ত্ৰণ লাভ কৰি বাংলাদেশে দুটা বল বাকী থকা অৱস্থাত...

October 8, 2025 12:19 PM

views 36

আমিনগাঁৱত অনুষ্ঠিত বি ডব্লিউ এফ বিশ্ব জুনিয়ৰ বেডমিণ্টন চেম্পিয়নশ্বিপত আজি ভাৰত-ইউ এ ই খেল

আমিনগাঁৱত অনুষ্ঠিত বি ডব্লিউ এফ বিশ্ব জুনিয়ৰ বেডমিণ্টন চেম্পিয়নশ্বিপৰ আজি তৃতীয় দিনা ভাৰত ইউ এ ইৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। পৰৱৰ্তী ৰাউণ্ডত ভাৰতীয় খেলুৱৈ চীন, জাপান, থাইলেণ্ড, ইণ্ডোনেছিয়াৰ খেলুৱৈৰ মুখামুখি হ'ব। কালি অনুষ্ঠিত খেলত ভাৰতে শ্ৰীলংকাৰ বিৰুদ্ধে জয়লাভ কৰে। কালিৰ খেলখনত শ্ৰীলংকাক ২-০ গেমত ...

October 8, 2025 12:18 PM

views 23

ধুবুৰীৰ গৌৰীপুৰৰ বালাজানত ৰে’লৰ খুন্দাত যুৱকৰ মৃত্যু

ধুবুৰী জিলাৰ গৌৰীপুৰৰ বালাজান অঞ্চলত কালি নিশা ৰে'লৰ খুন্দাত এজন যুৱকৰ মৃত্যু হয়। নিশা প্ৰায় ১০ বজাত পশ্চিমবংগৰ পৰা গৌৰীপুৰ অভিমুখে আহি থকা মালবাহী ৰে'লৰ খুন্দাত মধুশৌলমাৰী প্ৰথম খণ্ড অঞ্চলৰ বাসিন্দা আজগৰ আলীৰ পুত্ৰ আজিজুৰ ৰহমানৰ মৃত্যু হয়। পথচাৰীয়ে ঘটনা সন্দৰ্ভত আৰক্ষীক অৱগত কৰাৰ পাছত আৰক্ষীয়ে...

October 8, 2025 12:13 PM

views 67

গুৱাহাটী আৰু ইয়াৰ উপকণ্ঠ অঞ্চলত অহা ২৪ ঘণ্টাত বতৰ ডাৱৰীয়া, দুই-এজাক পাতলীয়া বৰষুণৰ সম্ভাৱনা

স্থানীয় বতৰৰ আগলি বতৰা অনুসৰি অহা ২৪ ঘণ্টাত গুৱাহাটী আৰু ইয়াৰ উপকণ্ঠ অঞ্চলত বতৰ ডাৱৰীয়া হৈ থকাৰ লগতে দুই-এজাক পাতলীয়া বৰষুণ হোৱাৰ সম্ভাৱনা আছে। আজি গুৱাহাটীৰ তাপমাত্রা সর্বোচ্চ ৩৩ ডিগ্রী ছেলছিয়াছ আৰু সৰ্বনিম্ন ২৪ ডিগ্ৰী ছেলছিয়াছ হ'ব পাৰে বুলি বৰঝাৰৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই আগজাননী দিছে। এ...

October 8, 2025 11:50 AM

views 33

ডিব্ৰুগড়ত আজি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই এটা স্বয়ংক্রিয় যান-বাহন উপযোগিতা পৰীক্ষণ কেন্দ্ৰ মুকলি কৰিব

চাৰিদিনীয়া ভ্ৰমণসূচীৰে কালি উজনি অসমত উপস্থিত হোৱা মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই আজি ডিব্ৰুগড়ত এটা স্বয়ংক্রিয় যান-বাহন উপযোগিতা পৰীক্ষণ কেন্দ্ৰ মুকলি কৰিব। এই পৰীক্ষণ কেন্দ্ৰটোৰ জৰিয়তে যান-বাহন উপযোগিতাৰ দ্ৰুত পৰীক্ষণ প্ৰক্ৰিয়া সম্ভৱ হ'ব। মুখ্যমন্ত্রী ড০ শৰ্মাই আজি তিনিচুকীয়াত মুখ্যমন্ত...

October 8, 2025 11:47 AM

views 54

তিনিচুকীয়া জিলাত সুসজ্জ্বিত আৱৰ্ত ভৱন উদ্বোধন মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাৰ

মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই কালি তিনিচুকীয়া জিলাত এটা সুসজ্জ্বিত আৱৰ্ত ভৱন উদ্বোধন কৰে । জিলাখনৰ গেলাপুখুৰী বাইপাছৰ সন্মিলন কক্ষৰ চৌহদত নিৰ্মাণ কৰা এই আৱৰ্ত ভৱনটোৱে ৰাইজক উপকৃত কৰিব বুলি উল্লেখ কৰে। এই কাৰ্যসূচীত মন্ত্ৰী বিমল বৰা, ৰূপেশ গোৱালা, সাংসদ ৰামেশ্বৰ তেলীৰ লগতে কেইবাগৰাকীও বিধায়ক,...

October 8, 2025 11:41 AM

views 40

ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ বিষয়ত চৰকাৰে গঠন কৰা মন্ত্ৰীগোটে ২৫ নৱেম্বৰত দাখিল কৰিব চূড়ান্ত প্ৰতিবেদন

মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই কালি তিনিচুকীয়াত ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ বিষয়টো দ্রুত গতিত নিষ্পত্তিৰ দিশে আগবাঢ়িছে বুলি মন্তব্য কৰিছে। ড০ শৰ্মাই প্ৰকাশ কৰা মতে অহা ২৫ নৱেম্বৰত অসম চৰকাৰে গঠন কৰা মন্ত্ৰীগোটে এই সন্দৰ্ভত চূড়ান্ত প্রতিবেদন দাখিল কৰিব। ইয়াৰ পাছতে জনজাতিকৰণৰ বিষয়টো কাৰ্যকৰী কৰ...

October 8, 2025 11:35 AM

views 42

২০২৪ বৰ্ষত বানত হোৱা ক্ষয়-ক্ষতিৰ বাবে অসমলৈ ৩১৩ কোটি ৬৯ লাখ টকা মুকলি

কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ নেতৃত্বৰ উচ্চস্তৰীয় সমিতিয়ে ২০২৪ বৰ্ষত বানত হোৱা ক্ষয়-ক্ষতিৰ বাবে অসমলৈ ৩১৩ কোটি ৬৯ লাখ টকা মুকলি কৰি দিছে। অসমৰ উপৰি গুজৰাটলৈও প্ৰায় ৪০০ কোটি টকা মোকলাই দিয়া হৈছে। সমিতিখনে হাৰিয়ানা, মধ্যপ্ৰদেশ আৰু ৰাজস্থানলৈ এন ডি আৰ এফৰ সম্প্ৰসাৰণ আৰু অগ্নিনির্বাপন সেৱাৰ আধ...

October 7, 2025 7:48 PM

views 17

ধেমাজি জিলাৰ বিদ্যালয় শিক্ষা ক্ষেত্ৰৰ পৰ্যালোচনা ডাঃ ৰণোজ পেগুৰ

শিক্ষা, ভৈয়াম জনজাতি আৰু পিছপৰা শ্ৰেণীৰ কল্যাণ মন্ত্রী ডাঃ ৰণোজ পেগুৱে আজি ধেমাজি জিলাৰ বিদ্যালয় শিক্ষা ক্ষেত্ৰৰ পৰ্যালোচনা কৰে। মন্ত্ৰীগৰাকীয়ে জিলাখনৰ বিদ্যালয় শিক্ষা বিভাগৰ বিষয়াবৰ্গৰ উপস্থিতিত প্রাদেশিকীকৃত উচ্চ, উচ্চতৰ আৰু মাধ্যমিক বিদ্যালয়ৰ প্ৰধান শিক্ষকসকলৰ সৈতে পর্যালোচনা সভাত অংশগ্ৰহণ কৰে। জ...

October 7, 2025 7:46 PM

views 42

দিনজোৰা কাৰ্যসূচীৰে অনিল বৰাৰ ৫৩ সংখ্যক স্মৃতি দিৱস পালন

১৯৭২ চনৰ মাধ্যম আন্দোলনৰ দ্বিতীয় ছহিদ অনিল বৰাৰ ৫৩ সংখ্যক স্মৃতি দিৱস আজি তেওঁৰ জন্মস্থান নগাঁৱৰ পলাশনিত দিনজোৰা কাৰ্যসূচীৰে পালন কৰা হয়। সেই সময়ৰ সদৌ অসম ছাত্ৰ সন্থাৰ সহকাৰী সাধাৰণ সম্পাদক, নগাঁও জিলা ছাত্ৰ সন্থা আৰু নগাঁও মহাবিদ্যালয় ছাত্র একতা সভাৰ সাধাৰণ সম্পাদক অনিল বৰাই মাধ্যম আন্দোলনৰ নেতৃত্ব...

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।