আঞ্চলিক সংবাদ

October 8, 2025 5:59 PM

views 32

মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযানৰ অধীনত ১৪,৩০৬ গৰাকী আত্মসহায়ক গোটৰ হিতাধিকাৰীক চেক প্ৰদান

মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই আজি তিনিচুকীয়াত মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযানৰ অধীনত ১৪ হাজাৰ ৩০৬ গৰাকী আত্মসহায়ক গোটৰ হিতাধিকাৰীক মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা আঁচনিৰ চেক প্ৰদান কৰে। ইয়াৰ ভিতৰত গ্ৰামাঞ্চলৰ ১০ হাজাৰ ৬৫৪ গৰাকী আৰু নগৰাঞ্চলৰ ৩ হাজাৰ ৬৪৭ গৰাকী হিতাধিকাৰী আছে। এই উপলক্ষে আজি ক...

October 8, 2025 1:30 PM

views 31

ৰাষ্ট্ৰীয় পৰীক্ষণ সংস্থাৰ চলিত বৰ্ষৰ ডিচেম্বৰত হ’বলগীয়া ইউ জি চি নেট পৰীক্ষাৰ পঞ্জীয়নৰ প্ৰক্ৰিয়া আৰম্ভ

ৰাষ্ট্ৰীয় পৰীক্ষণ সংস্থা, এন টি এ-য়ে চলিত বৰ্ষৰ ডিচেম্বৰত হ'বলগীয়া ইউ জি চি নেট পৰীক্ষাৰ বাবে পঞ্জীয়নৰ প্ৰক্ৰিয়া আৰম্ভ কৰিছে। ইচ্ছুক পৰীক্ষাৰ্থীসকলে সংস্থাৰ ৱেবছাইটত থকা লিংকৰ জৰিয়তে পঞ্জীয়ন কৰিব পাৰিব। বিশ্ববিদ্যালয় অনুদান আয়োগ, ইউ জি চি-য়ে জাৰি কৰা বিবৃতি অনুসৰি ৮৫টা বিষয়ত হ'বলগীয়া এই ...

October 8, 2025 1:27 PM

views 35

আন্তঃৰাষ্ট্ৰীয় ক্রিকেট পৰিষদৰ বিগত ছেপ্টেম্বৰৰ ‘প্লেয়াৰ অৱ দা মান্থ’ বঁটাৰ বাবে মনোনীত খেলুৱৈৰ তালিকা প্রকাশ

আন্তঃৰাষ্ট্ৰীয় ক্রিকেট পৰিষদ, আই চি চি এ-য়ে বিগত ছেপ্টেম্বৰৰ প্লেয়াৰ অৱ দা মান্থ বঁটাৰ বাবে মনোনীত খেলুৱৈসকলৰ তালিকা প্রকাশ কৰিছে। তালিকা অনুসৰি পুৰুষৰ শিতানত ভাৰতৰ অভিষেক শর্মা আৰু কুলদীপ যাদৱক মনোনয়ন দিয়া হৈছে। তালিকাখনৰ তৃতীয়গৰাকী খেলুৱৈ হিচাপে জিম্বাব’ৱেৰ ব্ৰায়ান বেনেটে স্থান লাভ কৰিছে। উ...

October 8, 2025 1:02 PM

views 29

তিনিচুকীয়াত ১৪,৩০৬ গৰাকী মহিলাক মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা আঁচনিৰ ধন প্ৰদান মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

চাৰিদিনীয়া ভ্ৰমণসূচীৰে কালি উজনি অসমত উপস্থিত হোৱা মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই আজি তিনিচুকীয়াত মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযানৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰে। অনুষ্ঠানত মুখ্যমন্ত্ৰীগৰাকীয়ে তিনিচুকীয়া বিধানসভা সমষ্টিৰ অন্তৰ্গত মুঠ ১৪ হাজাৰ ৩০৬ গৰাকী মহিলাক মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা আঁচনিৰ ...

October 8, 2025 1:01 PM

views 23

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বুঢ়াপাহাৰ বনাঞ্চলত আজিৰে পৰা পৰ্যটকৰ বাবে জীপ ছাফাৰি মুকলি

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু ব্যাঘ্ৰ সংৰক্ষিত বনাঞ্চলৰ অন্তৰ্গত বুঢ়াপাহাৰ বনাঞ্চল আজিৰে পৰা পৰ্যটকৰ বাবে জীপ ছাফাৰিৰ বাবে মুকলি কৰা হৈছে। আজি পুৱা উদ্যান কর্তৃপক্ষই বন্তি প্ৰজ্বলনেৰে বুঢ়াপাহাৰ বনাঞ্চলৰ আজিৰে পৰা শুভাৰম্ভ কৰা বুলি ঘোষণা কৰিছে।

October 8, 2025 12:58 PM

views 14

ওৰাং ৰাষ্ট্ৰীয় উদ্যান আৰু ব্যাঘ্ৰ সংৰক্ষিত বনাঞ্চলত বন সুৰক্ষা কৰ্মীৰ গুলীত চোৰাং চিকাৰী নিহত

দৰং জিলাৰ ওৰাং ৰাষ্ট্ৰীয় উদ্যান আৰু ব্যাঘ্ৰ সংৰক্ষিত বনাঞ্চলত যোৱা নিশা বন সুৰক্ষা কৰ্মীৰ গুলীত এজন চোৰাং চিকাৰী নিহত হয়। ৰাষ্ট্ৰীয় উদ্যানখনত গঁড় চিকাৰৰ বাবে চোৰাং চিকাৰীৰ দল প্ৰৱেশ কৰাৰ সম্ভেদ লাভ কৰাৰ পাছত ৰহমানপুৰ বন শিৱিৰ এলেকাৰ বন সুৰক্ষা কৰ্মীৰ দলে নিশা চাৰে ১২ মান বজাত বিপৰীত দিশৰ পৰা অহা...

October 8, 2025 12:25 PM

views 36

বিত্তীয় খেলিমেলি সন্দৰ্ভত চিআইডিৰ কাৰ্যালয়ত শ্যামকানু মহন্তক ইডিৰ জেৰা

জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ তদন্তৰ সমান্তৰালভাৱে সংঘটিত বৃহৎ বিত্তীয় খেলিমেলি সন্দৰ্ভতো তদন্ত অব্যাহত আছে। এই উদ্দেশ্যে কালি চি আই ডিৰ কাৰ্যালয়ত বিধি বলৱৎকাৰী সঞ্চালকালয়ৰ দল উপস্থিত হৈ শ্যামকানু মহন্তক দীঘলীয়া সময় জুৰি পুনৰ জেৰা কৰে। ই ডিৰ গুৱাহাটী মণ্ডলৰ বিষয়াই কালি নিশাৰ ভাগত চি আই ডিৰ কাৰ...

October 8, 2025 12:24 PM

views 23

মহাবাহু ব্ৰহ্মপুত্ৰৰ খহনীয়াত ডিব্ৰুগড় মহানগৰৰ প্ৰতি ভাবুকি

ডিব্ৰুগড়ত মহাবাহু ব্ৰহ্মপুত্ৰৰ খহনীয়াই মহানগৰখনৰ প্ৰতি ভাবুকিৰ সৃষ্টি কৰিছে। ডিব্ৰুগড়ৰ সুৰক্ষা বান্ধত হোৱা খহনীয়াত কালি এটা যোগ প্রশিক্ষণ কেন্দ্ৰ ব্ৰহ্মপুত্ৰৰ বুকুত জাহ যায়। এই খহনীয়াৰ ফলত শতাধিক জিঅ' বেগো উটি যোৱা বুলি আমাৰ সংবাদদাতাই জানিবলৈ দিছে। এই খহনীয়া মহানগৰখনৰ জগাৰ্ছ পার্ককে ধৰি ভালে...

October 8, 2025 12:23 PM

views 18

চাওতাল সমাজক জনজাতিকৰণৰ তালিকাত অন্তৰ্ভুক্ত কৰিবলৈ ৰাষ্ট্ৰপতি দ্রৌপদী মুৰ্মুক স্মাৰক-পত্ৰ প্ৰদান অসম চাওতাল উন্নয়ন সংস্থাৰ

চাওতাল সমাজক জনজাতিকৰণৰ তালিকাত অন্তৰ্ভুক্ত কৰিবলৈ কালি অসম চাওতাল উন্নয়ন সংস্থাই নতুন দিল্লীৰ ৰাষ্ট্ৰপতি ভৱনত ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুক সাক্ষাৎ কৰি এখন স্মাৰক-পত্ৰ প্ৰদান কৰে। সাক্ষাৎকালত সংস্থাই অসম চৰকাৰে প্ৰাথমিক বিদ্যালয়ত অলচিকি ভাষাত প্ৰৱৰ্তন কৰিব লোৱা দুখন পুথিও প্ৰদান কৰে। সংস্থাৰ...

October 8, 2025 12:22 PM

views 25

যোৰহাটৰ চিনামৰা মহাবিদ্যালয়ৰ একাদশ ৰাষ্ট্ৰীয় আৰু ৰাজ্যিক পুৰস্কাৰ ঘোষণা

যোৰহাটৰ চিনামৰা মহাবিদ্যালয়ে সমাজৰ বিভিন্ন ক্ষেত্ৰলৈ অৱদান আগবঢ়োৱা লোকসকলক স্বীকৃতি আৰু উৎসাহ দিয়াৰ উদ্দেশ্যে একাদশ ৰাষ্ট্ৰীয় আৰু ৰাজ্যিক পুৰস্কাৰসমূহ ঘোষণা কৰিছে। এইবাৰ দধী মহন্ত সোঁৱৰণী সমাজ বিজ্ঞান ৰাষ্ট্ৰীয় বঁটা দিল্লী বিশ্ববিদ্যালয়ৰ সমাজ বিজ্ঞান বিভাগৰ প্ৰাধ্যাপক ড° বিজয়ালক্ষ্মী সিঙলৈ আগ...

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।