আঞ্চলিক সংবাদ

October 10, 2025 12:50 PM

views 49

অসম প্ৰত্যক্ষ নিযুক্তি পৰীক্ষাৰ তৃতীয় বৰ্গৰ ফলাফলসমূহ ঘোষণা

অসম প্ৰত্যক্ষ নিযুক্তি পৰীক্ষাৰ তৃতীয় বৰ্গৰ ফলাফলসমূহ আজি ঘোষণা কৰা হয়। পৰীক্ষাৰ্থীসকলে অসম প্ৰত্যক্ষ নিযুক্তি পৰীক্ষাৰ সংশ্লিষ্ট ৱেবছাইটত গৈ তেওঁলোকৰ ফলাফলসমূহ লাভ কৰিব পাৰিব। প্ৰতিটো পদৰ বাবে দুজনকৈ প্ৰাৰ্থী বাছনি কৰা হৈছিল। এই বাছনিকৃত প্ৰাৰ্থীসকলৰ দক্ষতা প্ৰমাণৰ পাছত আজি চূড়ান্ত ফলাফল প্রকাশ ...

October 10, 2025 12:56 PM

views 60

ছিংগাপুৰৰ অসম এচ’ছিয়েছনৰ ১০ জন সদস্যলৈ নতুনকৈ চমন জাৰি

● জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনাৰ তদন্তত সহযোগিতা আগনবঢ়োৱাৰ পৰিপ্ৰেক্ষিতত বিশেষ অনুসন্ধানকাৰী গোটে ছিংগাপুৰৰ অসম এচ'ছিয়েছনৰ ১০ জন সদস্যলৈ নতুনকৈ চমন জাৰি কৰিছে। প্ৰাৰম্ভিক অৱস্থাত এছ আই টিয়ে অসম এচছিয়েছনৰ ৮ জনলৈ চমন জাৰি কৰিছিল যদিও ইয়াৰে কেৱল ৰূপকমল কলিতাহে যোৱা মঙলবাৰে এছ আই টিৰ সন্মুখত হাজিৰ হয়।...

October 10, 2025 1:42 PM

views 53

শ্যামকানু মহন্তৰ বিৰুদ্ধে আয়কৰ বিভাগৰ গোচৰ ৰুজু

■ জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰত নাম সাঙুৰ খোৱাৰ পাছত এইবাৰ শ্যামকানু মহন্তৰ বিৰুদ্ধে বিত্তীয় অনিয়মৰ অভিযোগত বিধিবলৱৎকাৰী সঞ্চালকালয় আৰু আয়কৰ বিভাগে গোচৰ ৰুজু কৰিছে। ইয়াৰ পূৰ্বে চি আই ডিয়ে বিত্তীয় অনিয়মৰ অভিযোগত গোচৰ ৰুজু কৰি মহন্তৰ বিৰুদ্ধে তদন্ত চলাই আছে। উল্লেখযোগ্য যে, জুবিন গাৰ্গৰ মৃত্যুৰ গ...

October 10, 2025 1:38 PM

views 49

ডিব্ৰুগড় বিধানসভা সমষ্টিৰ প্ৰায় ২০ হাজাৰ মহিলাক মুখ্যমন্ত্ৰীৰ চেক প্রদান

■ মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই ডিব্ৰুগড়ৰ খনিকৰ খেলপথাৰত আয়োজিত এটা অনুষ্ঠানত আজি মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা আঁচনিৰ চেকসমূহ প্ৰদান কৰিব। ডিব্ৰুগড় বিধানসভা সমষ্টিৰ প্ৰায় ২০ হাজাৰ মহিলাক এই চেক প্রদান কৰা হ'ব। মুখ্যমন্ত্ৰীয়ে নাৰী শক্তিক আত্মনিৰ্ভৰশীল কৰি তোলাৰ দিশত মুখ্যমন্ত্ৰী মহিলা উদ্যম...

October 9, 2025 9:29 PM

views 20

কোকৰাঝাৰত বিটিচিৰ নৱগঠিত হাগ্ৰামা মহিলাৰী নেতৃত্বাধীন বিপিএফ চৰকাৰৰ প্ৰথমখন বিধায়িনী সভা

বিটিচিৰ নৱগঠিত হাগ্ৰামা মহিলাৰী নেতৃত্বাধীন বিপিএফ চৰকাৰৰ প্ৰথমখন বিধায়িনী সভাৰ অধিবেশন আজি কোকৰাঝাৰৰ বডোফা নগৰৰ বিটিচি বিধায়িনী ভৱনত অনুষ্ঠিত হয়। বিপিএফৰ ২৮ জন, ইউ পি পি এলৰ ৫ জন আৰু বিজেপিৰ ৪ জনকে ধৰি মুঠ ৩৭ জন নৱনিৰ্বাচিত পাৰিষদে অধিবেশনৰ সময়ত নতুন বিটিচি চৰকাৰৰ আনুষ্ঠানিক আৰম্ভণি উপলক্ষে আজি...

October 9, 2025 9:12 PM

views 30

জনতাৰ শিল্পী জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ ঘটনাৰ তদন্তৰ বাবে কেইবাজনো লোকক সোধা-পোছা বিশেষ তদন্তকাৰী দলৰ

জনতাৰ শিল্পী জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ ঘটনাৰ তদন্তৰ বাবে বিশেষ তদন্তকাৰী দলে আজি উলুবাৰীস্থিত চি আই ডিৰ কাৰ্যালয়ত কেইবাজনো লোকক সোধা-পোছা কৰে। শিল্পীগৰাকীৰ ব্যক্তিগত সুৰক্ষা বিষয়া পৰেশ বৈশ্য আৰু নন্দেশ্বৰ বৰাক আজি পুনৰ সোধা-পোছা কৰা হয়। উল্লেখযোগ্য যে চৰকাৰীভাৱে নিয়োজিত দুয়োগৰাকী বিষয়াকে স...

October 9, 2025 9:10 PM

views 48

হাংগেৰীৰ প্ৰখ্যাত ঔপন্যাসিক, চিত্ৰনাট্যকাৰ লাছল’ ক্ৰাছনাহ’কাইলৈ ২০২৫ বৰ্ষৰ সাহিত্যৰ নোবেল বঁটা

হাংগেৰীৰ প্ৰখ্যাত ঔপন্যাসিক আৰু চিত্ৰনাট্যকাৰ লাছল' ক্ৰাছনাহ' কাইলৈ ২০২৫ বৰ্ষৰ সাহিত্যৰ নোবেল বঁটা আগবঢ়োৱা হৈছে। ছুইডেনৰ ষ্টকহোমত থকা ছুইডিচ একাডেমী নোবেল কমিটীয়ে আজি এই বঁটা ঘোষণা কৰে। সন্ত্রাস আৰু হত্যা-হিংসা জৰ্জৰিত পৰিস্থিতিত নিজৰ প্ৰভাৱশালী আৰু ভৱিষ্যদর্শী সাহিত্যকৰ্মৰে কলা শক্তিক পুনৰ প্রতিষ...

October 9, 2025 9:07 PM

views 20

পশ্চিম কাৰ্বি আংলং জিলাৰ অসম-মেঘালয় সীমান্তৱৰ্তী তাপাত সীমান্তবাসীৰ মাজত সংঘৰ্ষ,  এজন নিহত

পশ্চিম কাৰ্বি আংলং জিলাৰ অসম-মেঘালয় সীমান্তৱৰ্তী তাপাত অঞ্চলত আজি ধান কটাক কেন্দ্ৰ কৰি দুয়োখন ৰাজ্যৰ সীমান্তবাসী লোকৰ মাজত সংঘৰ্ষৰ সৃষ্টি হয়। আমাৰ পশ্চিম কাৰ্বি আংলঙৰ সংবাদদাতাই জনোৱা মতে খাচি লোকৰ চোকা অস্ত্ৰৰ আক্ৰমণত অৰিয়েল টিমুং নামৰ এজন লোকৰ মৃত্যু হোৱাৰ উপৰি ষ্টেনৱেল টিমুং নামৰ আন এজন লোক গ...

October 9, 2025 9:05 PM

views 16

নলবাৰীত কেন্দ্ৰীয় চৰকাৰৰ কেইবাখনো ধ্বজাবাহী আঁচনি ৰূপায়ণৰ পৰ্যালোচনা কেন্দ্ৰীয় মন্ত্ৰী জিতন ৰাম মাঝিৰ

কেন্দ্ৰীয় ক্ষুদ্র, লঘু আৰু মজলীয়া উদ্যোগ মন্ত্ৰী জিতন ৰাম মাঝিয়ে আজি নলবাৰী জিলাত কেন্দ্ৰীয় চৰকাৰৰ কেইবাখনো ধ্বজাবাহী আঁচনি ৰূপায়ণৰ পৰ্যালোচনা কৰে। মন্ত্ৰীগৰাকীয়ে নলবাৰী জিলা আয়ুক্তৰ কাৰ্যালয়ত কেন্দ্ৰীয় চৰকাৰৰ এই আঁচনিসমূহ ৰূপায়ণৰ বুজ লয়। এই বৈঠকত মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীৰ উপৰি জিলা প্...

October 9, 2025 9:01 PM

views 22

ডিব্ৰুগড়ত ব্ৰহ্মপুত্ৰৰ খহনীয়াৰ কবলত পৰা ফুলবাগানৰ কাছাৰীঘাট পৰিদৰ্শন জলসম্পদ বিভাগৰ মন্ত্ৰী পীযূষ হাজৰিকাৰ

জলসম্পদ বিভাগৰ মন্ত্ৰী পীযূষ হাজৰিকাই আজি ডিব্ৰুগড়ত ব্ৰহ্মপুত্ৰৰ খহনীয়াৰ কবলত পৰা ফুলবাগানৰ কাছাৰীঘাট পৰিদৰ্শন কৰি পৰিস্থিতিৰ বুজ লয়। জলসম্পদ বিভাগে এই অংশটো সম্পূৰ্ণৰূপে বিপদমুক্ত কৰিবলৈ যুদ্ধকালীন ক্ষিপ্ৰতাৰে কাম কৰি আছে বুলি তেওঁ সাংবাদিকৰ আগত প্ৰকাশ কৰে। খহনীয়া প্ৰতিৰোধৰ বাবে বিভাগটোত পর্যাপ...

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।