আঞ্চলিক সংবাদ

September 9, 2025 7:25 PM September 9, 2025 7:25 PM

views 3

শিলচৰত মাদক দ্ৰৱ্যৰ আসক্তিৰ বিৰুদ্ধে জনসচেতনতা সৃষ্টিৰ বাবে সভাৰ আয়োজন

মাদক দ্ৰৱ্যৰ আসক্তসকলৰ চিকিৎসা আৰু পুনৰ্বাসন সুনিশ্চিত কৰাৰ লগতে মাদক দ্ৰৱ্যৰ আসক্তিৰ বিৰুদ্ধে জনসচেতনতা সৃষ্টিৰ বাবে শিলচৰৰ গান্ধী ভৱনত আজি এখন গুৰুত্বপূৰ্ণ সভাৰ আয়োজন কৰা হয়। স্বেচ্ছাসেৱী সংস্থা ৰুট টু কানেক্ট আৰু সামাজিক ন্যায় আৰু সবলীকৰণ বিভাগৰ উদ্যোগত ২০২৫-২৬ বিত্তীয় বৰ্ষৰ বাবে ৰাজ্যিক কার্...

September 9, 2025 7:22 PM September 9, 2025 7:22 PM

views 38

চিনামৰাত চি আই এছ এফৰ উদ্যোগত চাইবাৰ সুৰক্ষাৰ সামৰ্থ্যবৰ্দ্ধন সন্দৰ্ভত কাৰ্যসূচী

যোৰহাট জিলাৰ তিতাবৰৰ চিনামৰাত চি আই এছ এফৰ উদ্যোগত চাইবাৰ সুৰক্ষাৰ সামৰ্থ্যবৰ্দ্ধন সন্দৰ্ভত এটা কাৰ্যসূচী আজি অনুষ্ঠিত হয়। এই অনুষ্ঠানত চি আই এছ এফৰ কমেও ৭০গৰাকী জোৱানে মত বিনিময় কালত চাইবাৰ সুৰক্ষা সম্পৰ্কে অৱগত কৰে। তেওঁলোকে জনসাধাৰণক চাইবাৰ অপৰাধীৰ কবলত নপৰাকৈ কিদৰে নিজৰ কাম-কাজসমূহ কৰিব পাৰি এ...

September 9, 2025 7:16 PM September 9, 2025 7:16 PM

views 5

অসম কৃষি বিশ্ববিদ্যালয়ত মহিলা কৃষকৰ বাবে অনুষ্ঠিত শিক্ষামূলক ভ্ৰমণ আৰু কৃষি প্ৰশিক্ষণৰ সামৰণি

মটক স্বায়ত্ত শাসিত পৰিষদৰ কৃষি বিভাগৰ উদ্যোগত অসম কৃষি বিশ্ববিদ্যালয়ত মহিলা কৃষকৰ বাবে দুদিনীয়াকৈ অনুষ্ঠিত শিক্ষামূলক ভ্ৰমণ আৰু কৃষি প্ৰশিক্ষণৰ আজি সামৰণি পৰে। এই প্ৰশিক্ষণত মটক জনগোষ্ঠীৰ ৪০গৰাকী মহিলা কৃষকে অংশগ্ৰহণ কৰে। প্ৰশিক্ষণৰ অন্তত আজি অসম কৃষি বিশ্ববিদ্যালয়ৰ কৃষি প্রযুক্তি তথ্য কেন্দ্ৰত ...

September 9, 2025 7:05 PM September 9, 2025 7:05 PM

views 10

পাঠশালাৰ ভট্টদেৱ বিশ্ববিদ্যালয়ত দুদিনীয়াকৈ ৰাষ্ট্ৰীয় আলোচনা সত্ৰ অনুষ্ঠিত

পাঠশালাৰ ভট্টদেৱ বিশ্ববিদ্যালয়ত সুধাকণ্ঠ ড° ভূপেন হাজৰিকাৰ জন্ম শতবর্ষ উপলক্ষে কালিৰে পৰা দুদিনীয়াকৈ ৰাষ্ট্ৰীয় আলোচনা সত্ৰ অনুষ্ঠিত হৈছে। আজি এই আলোচনা সত্ৰত অংশগ্ৰহণ কৰি ৰাজ্যৰ বিশিষ্ট শিক্ষাবিদ অমৰজ্যোতি চৌধুৰীয়ে ড° হাজৰিকাৰ গীতক লুইতৰ টোৰ সৈতে তুলনা কৰি তেওঁৰ জীৱন আৰু আদর্শ সন্দৰ্ভত বহু গুৰুত...

September 9, 2025 7:04 PM September 9, 2025 7:04 PM

views 32

দীনদয়াল দিব্যাংগ পেন্সন আঁচনি পুনৰ প্ৰৱৰ্তনৰ বাবে মুখ্যমন্ত্ৰীলৈ বৰপেটা জিলা সমিতিৰ স্মাৰক-পত্ৰ প্ৰেৰণ

অসমত দীনদয়াল দিব্যাংগ পেন্সন আঁচনি পুনৰ প্ৰৱৰ্তন কৰা আৰু দিব্যাংগসকলৰ মাহিলী পেন্সনৰ পৰিমাণ বৃদ্ধি কৰিবলৈ আজি বৰপেটা জিলা দিব্যাংগ সন্থাৰ বৰপেটা জিলা সমিতিয়ে জিলা আয়ুক্তৰ জৰিয়তে মুখ্যমন্ত্ৰীলৈ এখন স্মাৰক-পত্ৰ প্ৰেৰণ কৰে। বৰপেটা জিলা দিব্যাংগ সন্থাৰ সম্পাদক অনন্ত ডেকাই ভাৰতৰ আনবোৰ ঠাইত বর্তমানে চ...

September 9, 2025 8:45 PM September 9, 2025 8:45 PM

views 5

বাসুগাঁৱত বিজেপিৰ নিৰ্বাচনী কার্যালয় মুকলি

আসন্ন বিটিচি নিৰ্বাচনৰ বাবে বিভিন্ন ৰাজনৈতিক দলে বিটিআৰৰ জিলা কেইখনত ব্যাপক প্ৰচাৰ চলাই আছে। একেদৰে জিলা প্ৰশাসনসমূহেও নির্বাচনী দায়িত্বত নিয়োজিত বিষয়া-কৰ্মচাৰীৰ প্ৰশিক্ষণকে ধৰি অন্যান্য প্ৰস্তুতি অব্যাহত ৰাখিছে। চিৰাং জিলাৰ সাতটা পৰিষদীয় সমষ্টিটে ৰাজনৈতিক দলসমূহে প্ৰচাৰ চলাইছে। বিজেপিৰ ৰাজ্যিক ...

September 9, 2025 3:28 PM September 9, 2025 3:28 PM

views 12

আকাশবাণী গুৱাহাটীৰ অনলাইন বাতৰি পঢ়া প্রতিযোগিতাত অংশগ্ৰহণ কৰক

■ আকাশবাণী গুৱাহাটীৰ প্ৰাক্তন বাতৰি পঢ়োঁতা গোলাপ শ‍ইকীয়াৰ পঞ্চম মৃত্যু বার্ষিকী উপলক্ষে অষ্টম শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীৰ বাবে অসমীয়াত অনলাইন বাতৰি পঢ়া প্রতিযোগিতাৰ আয়োজন কৰা হৈছে। ইচ্ছুক প্রতিযোগীয়ে সাম্প্রতিক ঘটনাৱলী সম্পৰ্কীয় ১ মিনিটৰ বাতৰিৰ অডিঅ' মোবাইল ফোন অথবা অডিঅ' ৰেকৰ্ডা...

September 9, 2025 3:24 PM September 9, 2025 3:24 PM

views 15

বৈষ্ণৱ সংস্কৃতিৰ প্ৰাণকেন্দ্ৰ মাজুলী জিলাৰ প্ৰতিষ্ঠা দিৱস সোমবাৰে উদযাপন

■ বৈষ্ণৱ সংস্কৃতিৰ প্ৰাণকেন্দ্ৰ মাজুলী জিলাৰ প্ৰতিষ্ঠা দিৱস কালি উদযাপন কৰা হয়। ২০১৬ চনৰ কালিৰ দিনটোতে মাজুলীক জিলা হিচাপে স্বীকৃতি দিয়া হৈছিল। জিলা দিৱস উপলক্ষে গড়মূৰ খোনাচুকৰ মাধৱদেৱ কৃষ্টি সংঘত কেন্দ্ৰীয়ভাৱে বৰ্ণাঢ্য কাৰ্যসূচী অনুষ্ঠিত হয়। জিলা দিৱস উপলক্ষে জিলা আয়ুক্তৰ কাৰ্যালয়ৰ কৰ্মচাৰীস...

September 9, 2025 3:20 PM September 9, 2025 3:20 PM

views 14

ৰাষ্ট্ৰীয় আইনী সেৱা প্ৰাধিকৰণ বীৰ পৰিবাৰ সহায়ক যোজনা, ২০২৫-ৰ অধীনত লখিমপুৰত আইনী সেৱা কেন্দ্ৰ মুকলি

লখিমপুৰ জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ জিলা সৈনিক কল্যাণ বিভাগত কালি ৰাষ্ট্ৰীয় আইনী সেৱা প্ৰাধিকৰণ বীৰ পৰিবাৰ সহায়ক যোজনা, ২০২৫-ৰ অধীনত আইনী সেৱা কেন্দ্ৰ মুকলি কৰা হয়। জিলা আইন সেৱা প্ৰাধিকৰণৰ অধ্যক্ষ তথা জিলা ছেচন ন্যায়াধীশ পলি কটকীয়ে এই কেন্দ্ৰটো মুকলি কৰি ইয়াৰ ফলত প্রাক্তন সেনা তথা দেশৰ বাবে প্...

September 9, 2025 1:05 PM September 9, 2025 1:05 PM

views 14

সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত ডিব্ৰুগড়ত সুধাকণ্ঠৰ জন্ম শতবার্ষিকীৰ উদ্বোধনী অনুষ্ঠান

● সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত আৰু ডিব্ৰুগড় জিলা প্ৰশাসনৰ সহযোগত সুধাকণ্ঠ ড০ ভূপেন হাজৰিকাৰ জন্ম শতবার্ষিকীৰ উদ্বোধনী অনুষ্ঠান কালি ডিব্ৰুগড় জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহত অনুষ্ঠিত হয়। সাংস্কৃতিক উন্নয়ন বিষয়া সুদৰ্শন বৰাই আদৰণি ভাষণেৰে আৰম্ভ কৰা এই অনুষ্ঠানত অসম পর্যটন উন্নয়ন নিগমৰ অধ্যক্ষ ...