আঞ্চলিক সংবাদ

October 13, 2025 7:24 PM

views 39

এ ডি আৰ ইৰ চতুৰ্থবৰ্গৰ পদসমূহৰ ফলাফল বুধবাৰে ঘোষণা কৰা হ’ব

এ ডি আৰ ইৰ চতুৰ্থবৰ্গৰ পদসমূহৰ ফলাফল পৰহিলৈ ঘোষণা কৰা হ'ব। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই এই কথা সদৰি কৰি কয়, যে সেইদিনা দিনৰ চাৰে ১০ বজাত সংশ্লিষ্ট ৱেবছাইটত প্ৰাৰ্থীসকলে ফলাফলসমূহ লাভ কৰিব। তেওঁ লগতে ১৫ৰ পৰা ১৭ অক্টোবৰৰ ভিতৰত স্নাতকোত্তৰ শিক্ষকৰ পদসমূহৰ ফলাফল ঘোষণা কৰা হ'ব বুলি প্ৰকাশ কৰে। অক...

October 13, 2025 7:20 PM

views 21

শদিয়া সমজিলাত কাইলৈ মেগা স্বাস্থ্য শিবিৰৰ বাবে আজি এখন সজাগতা সভা অনুষ্ঠিত

তিনিচুকীয়া জিলাৰ শদিয়া সমজিলাত কাইলৈ হ'বলগীয়া মেগা স্বাস্থ্য শিবিৰৰ বাবে আজি এখন সজাগতা সভা অনুষ্ঠিত হয়। জিলা আয়ুক্তই শদিয়া চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয় প্ৰাঙ্গনত আয়োজন কৰা এই শিবিৰৰ ক্ষেত্ৰ পৰিদৰ্শন কৰি প্ৰস্তুতি সন্দৰ্ভত বুজ লয়।

October 13, 2025 7:19 PM

views 22

ৰাজ্যৰ চাহ বাগিচা আৰু বান ক্ষতিগ্ৰস্ত অঞ্চলসমূহৰ কন্যা শিশুক শিক্ষা প্ৰদানৰ লক্ষ্যৰে ইউনিছেফ ইণ্ডিয়াই বিশেষ পদক্ষেপ গ্ৰহণ

ৰাজ্যৰ চাহ বাগিচা আৰু বান ক্ষতিগ্ৰস্ত অঞ্চলসমূহৰ কন্যা শিশুক শিক্ষা প্ৰদানৰ লক্ষ্যৰে ইউনিছেফ ইণ্ডিয়াই বিশেষ পদক্ষেপ গ্ৰহণ কৰিছে। আজি সংস্থাটোৱে ইণ্টাৰ নেচনেল ক্রিকেট কাউন্সিল আৰু ইয়ং ইণ্ডিয়ানছ চি আই আই ৱাই আইৰ সহযোগত গুৱাহাটীত আয়োজন কৰা এখন আলোচনা চক্ৰত এই কন্যা শিশুসকলৰ নিৰাপত্তা আৰু জীৱিকাৰ ক্...

October 13, 2025 7:15 PM

views 26

জোনাইৰ কুলি তিনিআলিৰ পৰা নিচাযুক্ত সামগ্রীসহ ২ সৰবৰাহকাৰীক আটক

ধেমাজি জিলাৰ জোনাই সমজিলা আৰক্ষীয়ে আজি স্থানীয় দল-সংগঠনৰ সহযোগত জোনাইৰ কুলি তিনিআলিৰ পৰা নিচাযুক্ত সামগ্রীসহ দুজন সৰবৰাহকাৰীক আটক কৰে। চিমেনচাপৰিৰ পৰা জোনাই হৈ অৰুণাচল প্ৰদেশৰ আলঙলৈ সামগ্ৰীখিনি লৈ যোৱাৰ সময়তে আৰক্ষীয়ে সৰবৰাহকাৰী দুজনক আটক কৰাৰ লগতে তেওঁলোকে ব্যৱহাৰ কৰা ইনভা বাহনখনো জব্দ কৰে।

October 13, 2025 7:09 PM

views 38

ছিংগাপুৰৰ ৩ জন প্রবাসী অসমীয়া অসম আৰক্ষীৰ অপৰাধ অনুসন্ধান শাখাৰ কাৰ্যালয়ত হাজিৰ

জুবিন গাৰ্গৰ মৃত্যু সন্দৰ্ভত সাক্ষ্য দিবলৈ আজি ছিংগাপুৰৰ তিনিজন প্রবাসী অসমীয়া অসম আৰক্ষীৰ অপৰাধ অনুসন্ধান শাখাৰ কাৰ্যালয়ত হাজিৰ হয়। পৰিক্ষিত শৰ্মা, সিদ্ধাৰ্থ বৰা আৰু জাঅ’লাংছাত নাৰ্জাৰী নামৰ এই লোককেইজনক এছ আই টিয়ে সোধা-পোছা কৰাৰ পাছত কামৰূপ মহানগৰ জিলাৰ মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতত তেওঁলোকৰ...

October 13, 2025 1:19 PM

views 34

ৰাজ্য চৰকাৰ আৰু মটক জনগোষ্ঠীৰ কেইবাটাও সংগঠনৰ মাজত গুৰুত্বপূর্ণ বৈঠক অনুষ্ঠিত

ৰাজ্য চৰকাৰ আৰু মটক জনগোষ্ঠীৰ কেইবাটাও সংগঠনৰ মাজত কালি দিছপুৰত এখন গুৰুত্বপূর্ণ বৈঠক অনুষ্ঠিত হয়। মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মা, মন্ত্রী পীযুষ হাজৰিকাৰ উপস্থিতিত অনুষ্ঠিত এই বৈঠকত সদৌ অসম মটক সম্মিলন, সদৌ অসম মটক যুৱ ছাত্র সম্মিলন, সদৌ অসম মহিলা মটক পৰিষদ, সদৌ অসম মটক যুৱ ছাত্ৰ পৰিষদ আৰু সদৌ অ...

October 13, 2025 1:17 PM

views 32

কালিৰেপৰা তিনিদিনীয়া কাৰ্যসূচীৰে উপৰাষ্ট্ৰীয় পলিঅ’ প্রতিষেধক প্রদান কার্যসূচী ৰূপায়ণ

শিশুৰ সম্পূৰ্ণ সুৰক্ষাৰ বাবে ৰাজ্যৰ ২৬ খন জিলাত কালিৰেপৰা তিনিদিনীয়া কাৰ্যসূচীৰে উপৰাষ্ট্ৰীয় পলিঅ' প্রতিষেধক প্রদান কার্যসূচী ৰূপায়ণ কৰা হৈছে। ডিব্ৰুগড় জিলাৰ সকলো খণ্ড প্রাথমিক স্বাস্থ্য কেন্দ্ৰৰ অধীনৰ অঞ্চল তথা নগৰ অঞ্চলৰ এক লাখ ৯২ হাজাৰ ৭১৬ গৰাকী শিশুক পলিঅ' প্রতিষেধক প্ৰদানৰ ব্যৱস্থা কৰা হৈছে। কা...

October 13, 2025 1:16 PM

views 22

মুখ্যমন্ত্ৰীৰ বিদেশী ভাষাৰ উদ্যোগ শীর্ষক কাৰ্যসূচীৰ শুভাৰম্ভ

ৰাজ্যৰ যুৱক-যুৱতীসকলক বিদেশী ভাষাৰ দক্ষতাৰে পাৰ্গত কৰি তুলি বিশ্বজুৰি কৰ্মৰ সুযোগ মুকলি কৰাৰ লক্ষ্যৰে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই কালি গোলকীয় প্রতিভাৰ বাবে মুখ্যমন্ত্ৰীৰ বিদেশী ভাষাৰ উদ্যোগ শীর্ষক কাৰ্যসূচীৰ শুভাৰম্ভ কৰে। এই উপলক্ষে গুৱাহাটীৰ উত্তৰ-পূব দক্ষতা কেন্দ্ৰত আয়োজিত এটা অনুষ্ঠানত ভা...

October 13, 2025 1:14 PM

views 65

জুবিন গাৰ্গৰ মৃত্যু সন্দৰ্ভত আজি এছ আই টিৰ ওচৰত ছিংগাপুৰৰ চাৰিজন প্রবাসী অসমীয়াৰ সাক্ষ্য প্ৰদান

জুবিন গাৰ্গৰ মৃত্যু সন্দৰ্ভত সাক্ষ্য দিবলৈ আজি ছিংগাপুৰৰ চাৰিজন প্রবাসী অসমীয়া অসম আৰক্ষীৰ অপৰাধ অনুসন্ধান শাখাৰ কাৰ্যালয়ত হাজিৰ হ'ব। মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই কালি নিশা ফে'চবুক লাইভযোগে এই কথা প্ৰকাশ কৰি কয়, যে ভাষ্য দিবলৈ নহাসকলৰ বিৰুদ্ধে আইনী ব্যৱস্থা লোৱা হ'ব। তেওঁ ছিংগাপুৰৰ প্ৰবাসী অস...

October 13, 2025 1:12 PM

views 27

অহা ১৬ অক্টোবৰত ঝুমইৰ বিনন্দিনীত অংশগ্ৰহণ কৰা যুৱক-যুৱতীসকলক মাননি প্ৰদান

ঝুমইৰ বিনন্দিনীত অংশগ্ৰহণ কৰা চাহ বাগিচাৰ যুৱক-যুৱতীসকলক অহা ১৬ অক্টোবৰত খানাপাৰাত হ'বলগীয়া এটা অনুষ্ঠানত ২৫ হাজাৰ টকাকৈ মাননি প্ৰদান কৰা হ'ব বুলি মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই কালি সামাজিক মাধ্যমযোগে প্রকাশ কৰিছে। ১৬ অক্টোবৰত হ'বলগীয়া অনুষ্ঠানত যুৱক যুৱতীসকলক যোগদান কৰিবলৈ তেওঁ আহ্বান জনায়। ম...

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।