আঞ্চলিক সংবাদ

September 12, 2025 9:17 PM September 12, 2025 9:17 PM

views 7

দেশৰ ভিতৰত উত্তৰ-পূৰ্বাঞ্চল উদ্ভাসিত হৈ উঠিছে বুলি সামাজিক মাধ্যমত প্ৰধানমন্ত্ৰী মোদীৰ প্ৰবন্ধ শ্বেয়াৰ

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি দেশৰ ভিতৰত উত্তৰ-পূৰ্বাঞ্চল উদ্ভাসিত হৈ উঠিছে বুলি এটা প্ৰৱন্ধ সামাজিক মাধ্যমযোগে শ্বেয়াৰ কৰিছে। তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী অশ্বিনী বৈষ্ণৱে ভৈৰৱী চাইৰাং ৰেলপথ মুকলি কৰাৰ ফলত এটা ঐতিহাসিক মাইলৰ খুঁটি হিচাপে বিবেচিত হ'ব বুলি প্ৰকাশ কৰা এটা প্ৰৱন্ধ শ্ৰীমোদীয়ে শ্বেয়...

September 12, 2025 9:14 PM September 12, 2025 9:14 PM

views 2

মিজোৰামৰ ভৈৱবী-চাইৰাং ৰে’লপথত ৪৫টা সুৰংগ আৰু ৫৫খন দলং

কেন্দ্ৰীয় ৰে'ল মন্ত্ৰী অশ্বিনী বৈষ্ণৱে আজি কৈছে যে, প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কাইলৈ মুকলি কৰিব লগা মিজোৰামৰ অতি গুৰুত্বপূৰ্ণ ভৈৱবী-চাইৰাং ৰে'লপথত ৪৫ টা সুৰংগ আৰু ৫৫ খন দলং আছে। তেওঁ জানিবলৈ দিয়ে যে, এই প্ৰকল্পতো মিজোৰামৰ জনসাধাৰণৰ বাবে উল্লেখযোগ্য হিচাপে পৰিগণিত হৈছে। শ্ৰী বৈষ্ণৱে কয়, যে প্ৰ...

September 12, 2025 8:36 PM September 12, 2025 8:36 PM

views 4

বজালী জিলাৰ পাটাছাৰকুছিৰ নিৰ্মল হালৈ মহাবিদ্যালয়ত আইন সজাগতা সভা

বজালী জিলাৰ পাটাছাৰকুছিৰ নিৰ্মল হালৈ মহাবিদ্যালয়ত আজি অনুষ্ঠিত এখন আইন সজাগতা সভাত গুৱাহাটী উচ্চ ন্যায়ালয়ৰ জ্যেষ্ঠ অধিবক্তা তাহিদ আলম লস্কৰে কয়, যে সকলোৰে আইনৰ বিষয়ে জনাৰ অধিকাৰ আছে। বজালী ৰুৰেল এডভান্টেজ ছ’চাইটীৰ উদ্যোগত আৰু নিৰ্মল হালৈ মহাবিদ্যালয়ৰ আভ্যন্তৰীণ মান নিৰূপণ কোষৰ সহযোগত অনুষ্ঠিত ...

September 12, 2025 8:33 PM September 12, 2025 8:33 PM

views 4

বিশ্ব পৰ্যটন দিৱস উপলক্ষে পৰ্যটন সঞ্চালকালয়ৰ অসম ভিত্তিত ফটোগ্রাফী প্রতিযোগিতাৰ আয়োজন

বিশ্ব পৰ্যটন দিৱস, ২০২৫ উপলক্ষে অসম চৰকাৰৰ পৰ্যটন সঞ্চালকালয়ে অসম ভিত্তিত ফটোগ্রাফী প্রতিযোগিতাৰ আয়োজন কৰিছে। এই প্ৰতিযোগিতাৰ বিষয়সমূহ হৈছে— প্ৰকৃতি আৰু বন্যপ্ৰাণী, সংস্কৃতি আৰু খাদ্য সম্ভাৰ, চাহ পৰ্যটন, ধৰ্মীয় আৰু আধ্যাত্মিক পৰ্যটন। ১৮ ছেপ্তেম্বৰ প্ৰতিযোগিতাত অংশগ্ৰহণৰ অন্তিম দিন ধাৰ্য্য কৰা হৈ...

September 12, 2025 8:27 PM September 12, 2025 8:27 PM

views 8

ৰাজ্যৰ ভিন্ন স্থানত মহাপুৰুষ শ্ৰীশ্ৰী মাধৱদেৱৰ ৪২৯ সংখ্যক তিৰোভাৱ তিথি পালন

ৰাজ্যৰ বিভিন্ন স্থানত আজি মহাপুৰুষ শ্ৰীশ্ৰী মাধৱদেৱৰ ৪২৯ সংখ্যক তিৰোভাৱ তিথি শ্ৰদ্ধা-ভক্তিৰে পালন কৰা হৈছে। তিৰোভাৱ তিথি উপলক্ষে ৰাজ্যৰ সত্ৰ, নামঘৰসমূহত ভাগৱত পাঠ, নাম-প্ৰসংগ অনুষ্ঠিত হয়। তিৰোভাৱ তিথিত গুৰুজনালৈ প্ৰণিপাত জনাই নামঘৰ, সত্ৰত পুৱাৰ পৰাই ভকত-বৈষ্ণৱ সমবেত হৈ নাম-প্ৰসংগ কৰে । শ্ৰীশ্ৰীমাধৱ...

September 12, 2025 8:25 PM September 12, 2025 8:25 PM

views 5

আক্ৰাছুৰ প্ৰাক্তন সভাপতি বিশ্বজিৎ ৰায়ৰ বিজেপিত যোগদান

আক্ৰাছুৰ প্ৰাক্তন সভাপতি বিশ্বজিৎ ৰায়ে আজি ভাৰতীয় জনতা পাৰ্টিত আনুষ্ঠানিকভাৱে যোগদান কৰে। ভাৰতীয় জনতা পাৰ্টিৰ গুৱাহাটীৰ বশিষ্ঠত থকা মুখ্য কাৰ্যালয়ত আয়োজিত অনুষ্ঠানত দলটোত যোগদান কৰে। যোগদানৰ পাছত সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত দলটোৰ ভিতৰত থাকি কোচ ৰাজবংশী সম্প্ৰদায়ৰ হৈ কাম কৰি যাব বুলি তেওঁ উল্...

September 12, 2025 8:23 PM September 12, 2025 8:23 PM

views 3

আলফা স্বাধীনৰ ৭৭৯ নম্বৰ শিবিৰৰ কামাণ্ডাৰ মৃগাংক অসমৰ আত্মসমৰ্পণ

আলফা স্বাধীনৰ ৭৭৯ নম্বৰ শিবিৰৰ কামাণ্ডাৰ মৃগাংক অসমে আজি তিনিচুকীয়া আৰক্ষীৰ ওচৰত আত্মসমৰ্পণ কৰে। আত্মসমৰ্পণৰ সময়ত সদস্যগৰাকীয়ে ভালেসংখ্যক অস্ত্ৰ-শস্ত্ৰ আৰক্ষীৰ হাতত জমা দিয়ে বুলি আমাৰ তিনিচুকীয়াৰ সংবাদদাতাই জনাইছে।

September 12, 2025 8:20 PM September 12, 2025 8:20 PM

views 3

হোজাই জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক পল্লৱ তামুলীক নিলম্বন

হোজাই জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক পল্লৱ তামুলীক গৰু ছিণ্ডিকেটৰ পৰা ধন লোৱাৰ অভিযোগত আজি নিলম্বন কৰা হয়। জিলাখনৰ অপৰাধ শাখাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক তামুলীক গৃহ বিভাগে এটা নিৰ্দেশযোগে নিলম্বনৰ শাস্তি আৰোপ কৰে৷

September 12, 2025 8:18 PM September 12, 2025 8:18 PM

views 7

ভাৰতীয় প্ৰযুক্তি প্রতিষ্ঠান গুৱাহাটীৰ গৱেষকসকলৰ মানৱ ইনছুলিন উৎপাদনৰ নতুন পদ্ধতি উদ্ভাৱন

ভাৰতীয় প্ৰযুক্তি প্রতিষ্ঠান গুৱাহাটীৰ গৱেষকসকলে ছ্যুড'ম'নাছ ফ্লু'ৰেচেন্স নামৰ নিৰাপদ আৰু কাৰ্যক্ষম বেক্টেৰীয়া ব্যৱস্থা ব্যৱহাৰ কৰি মানৱ ইনছুলিন উৎপাদনৰ এটা নতুন পদ্ধতি উদ্ভাৱন কৰিছে। অধ্যাপক তথা জৈৱ বিজ্ঞান আৰু জৈৱ অভিযান্ত্ৰিক বিভাগৰ প্ৰাক্তন মুৰববী ড০ বীৰাংকি ভেংকটা দাসুৰ নেতৃত্বত গঠিত এটা দলে এ...

September 12, 2025 8:14 PM September 12, 2025 8:14 PM

views 11

প্রধানমন্ত্ৰীৰ অসম, মণিপুৰ আৰু মিজোৰাম ভ্ৰমণ সন্দৰ্ভত আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ কাইলৈ ‘বিশেষ দৃষ্টিপাত’ অনুষ্ঠান

প্রধানমন্ত্ৰীৰ অসম, মণিপুৰ আৰু মিজোৰাম ভ্ৰমণ সন্দৰ্ভত আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ বাতৰি বিভাগে কাইলৈ নিশা ৮ বাজি ২ মিনিটত এটা বিশেষ দৃষ্টিপাত প্ৰচাৰ কৰিব। এই অনুষ্ঠানত আকাশবাণীৰ আইজল আৰু ইম্ফলৰ সংবাদদাতা দুগৰাকীও টেলিফোনযোগে সংযুক্ত হ'ব। জ্যেষ্ঠ সাংবাদিক মনীষ গোস্বামী, এট্ৰনৰ পৰামৰ্শদাতা বসন্ত বৰঠাকু...

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।