আঞ্চলিক সংবাদ

October 16, 2025 12:43 PM

views 45

জনতাৰ শিল্পী জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ ঘটনাৰ ন্যায়ৰ দাবীৰে সামাজিক মাধ্যমত অনুৰাগীৰ প্রতিবাদ অব্যাহত

জনতাৰ শিল্পী জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ ঘটনাৰ ন্যায়ৰ দাবীৰে শিল্পীগৰাকীৰ অনুৰাগীসকলে সামাজিক মাধ্যমত প্রতিবাদ অব্যাহত আছে। শিল্পীগৰাকীৰ মৃত্যুৰ ঘটনাৰ ক্ষিপ্ৰ তদন্তৰ দাবীৰেই ইতিমধ্যে সামাজিক মাধ্যমত প্ৰতিবাদ আৰম্ভ হৈছে। সামাজিক মাধ্যমত #JusticeForZubeenGarg লিখি এইপর্যন্ত ১২ লাখ অনুৰাগীয়ে ন্যায়...

October 16, 2025 12:41 PM

views 36

জনতাৰ শিল্পী জুবিন গাৰ্গক শ্ৰদ্ধা নিৱেদন কৰিবলৈ কাইলৈ অসমলৈ আহিব লোকসভাৰ বিৰোধী দলপতি ৰাহুল গান্ধী

জনতাৰ শিল্পী জুবিন গাৰ্গৰ প্ৰতি শ্ৰদ্ধা নিবেদনৰ বাবে কাইলৈ কংগ্ৰেছ দলৰ নেতা তথা লোকসভাৰ বিৰোধী দলপতি ৰাহুল গান্ধী অসমলৈ আহিব। তেওঁ সোণাপুৰৰ কমাৰকুছিত থকা শিল্পীগৰাকীৰ শেষকৃত্যস্থলীলৈ গৈ শ্রদ্ধা নিবেদন কৰিব। শ্ৰী গান্ধীয়ে শিল্পীগৰাকীৰ বাসগৃহলৈ গৈ পৰিয়ালৰ লোককো সাক্ষাৎ কৰাৰ কথা।

October 16, 2025 12:39 PM

views 17

ৰাজ্যত এ ডি আৰ ইৰ চতুৰ্থ বৰ্গৰ পদৰ নিযুক্তি পৰীক্ষাত ১৩,৯৯,৮৯৮গৰাকী প্ৰাৰ্থীৰ ভিতৰত ৫,০২৩ গৰাকী উত্তীৰ্ণ

ৰাজ্যত কালি ঘোষিত এ ডি আৰ ইৰ চতুৰ্থ বৰ্গৰ পদৰ নিযুক্তি পৰীক্ষাৰ ফলাফল অনুসৰি ১৩ লাখ ৯৯ হাজাৰ ৮৯৮ গৰাকী প্ৰাৰ্থীৰ ভিতৰত ৫ হাজাৰ ২৩ গৰাকী প্ৰাৰ্থী উত্তীৰ্ণ হৈছে। খানাপাৰাৰ অসম প্ৰশাসনীয় পদাধিকাৰী মহাবিদ্যালয়ত এখন সংবাদমেলত ৰাজ্যিক পৰ্যায়ৰ নিযুক্তি আয়োগৰ অধ্যক্ষ ড° বি কল্যাণ চক্ৰৱৰ্তীয়ে এই বিষয়ে ...

October 16, 2025 12:37 PM

views 21

অহা ১৭ অক্টোবৰত স্নাতক আৰু স্নাতকোত্তৰ শিক্ষকৰ পদৰ পৰীক্ষাৰ ফলাফল ঘোষণা

অহা ১৭ অক্টোবৰত স্নাতক আৰু স্নাতকোত্তৰ শিক্ষকৰ পদসমূহৰ বাবে অনুষ্ঠিত পৰীক্ষাৰ ফলাফল ঘোষণা কৰা হ'ব। মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই সামাজিক মাধ্যমত এই কথা প্ৰকাশ কৰিছে। অহা ২৫ অক্টোবৰৰ ভিতৰত নিম্ন প্ৰাথমিক আৰু উচ্চ প্ৰাথমিক শিক্ষক পদৰ ফলাফলসমূহ ঘোষণা কৰা হ'ব বুলি শিক্ষামন্ত্রী ডাঃ ৰণোজ পেগুৱে প্ৰ...

October 16, 2025 12:35 PM

views 37

উত্তৰ-পূৰ্বাঞ্চলত ক্ৰীড়াৰ প্ৰসাৰৰ বাবে কেন্দ্ৰীভূত আৰু বাস্তৱসন্মত আন্তঃগাঁথনিত ড’নাৰ মন্ত্ৰী জ্যোতিৰাদিত্য সিন্ধিয়াৰ গুৰুত্ব আৰোপ

উত্তৰ-পূৰ্বাঞ্চলত ক্ৰীড়াৰ প্ৰসাৰৰ বাবে কেন্দ্ৰীভূত আৰু বাস্তৱসন্মত আন্তঃগাঁথনিৰ ওপৰত ড’নাৰ মন্ত্ৰী জ্যোতিৰাদিত্য সিন্ধিয়াই গুৰুত্ব আৰোপ কৰিছে। কালি মণিপুৰৰ ৰাজ্যপাল অজয় কুমাৰ ভাল্লাৰ সৈতে ভিডিঅ’ কনফাৰেঞ্চিং ব্যৱস্থাৰে উত্তৰ-পূৰ্বাঞ্চলৰ ক্ৰীড়া প্ৰসাৰ সন্দৰ্ভত দ্বিতীয় উচ্চস্তৰীয় কৰ্মবাহিনীৰ বৈঠক...

October 16, 2025 12:34 PM

views 17

ৰাজ্যজুৰি অনুষ্ঠিত ‘শুশ্রূষা সেতু’ শীৰ্ষক স্বাস্থ্য শিবিৰত লক্ষাধিক শিশু আৰু কিশোৰ-কিশোৰীক চিকিৎসা প্ৰদান

অসম চৰকাৰে ৰাজ্যৰ ১২৬ টা বিধানসভা সমষ্টিক সামৰি ৰূপায়ণ কৰা মেগা স্বাস্থ্য শিবিৰ কাৰ্যসূচীৰ অধীনত কালি বিশ্বনাথ, কাছাৰ, কামৰূপ মহানগৰ, নগাঁও আৰু তিনিচুকীয়া জিলাত শিবিৰ মুকলি কৰা হয়। বিশ্বনাথ জিলাৰ কমাৰ্চ কলেজত, কাছাৰ জিলাৰ উদাৰবন্দ বিধানসভা সমষ্টিৰ বাবে, জগন্নাথ সিং কলেজত নগাঁও বটদ্ৰৱা সমষ্টিৰ বাব...

October 16, 2025 12:32 PM

views 31

কার্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ প্ৰধান আদিবাসী কাৰ্বি, খিলঞ্জীয়া জনজাতিক ভূমিপট্টা বিতৰণৰ পদক্ষেপ গ্ৰহণ

কার্বি আংলং স্বায়ত্ত শাসিত পৰিষদৰ এলেকাত বাস কৰা প্ৰধান আদিবাসী কাৰ্বিকে ধৰি খিলঞ্জীয়া জনজাতিৰ লোকসকলক দ্বিতীয় পৰ্যায়ৰ পুথিমি আকেমাং আঁচনিৰ অধীনত বিনামূলীয়াকৈ ভূমি পট্টা বিতৰণ কৰিবলৈ পৰিষদৰ ভূমি আৰু ৰাজহ বিভাগে প্রয়োজনীয় পদক্ষেপ গ্ৰহণ কৰিছে। বিভাগীয় সূত্ৰই প্ৰকাশ কৰা অনুসৰি এই আঁচনিৰ অংশ হিচ...

October 16, 2025 12:03 PM

views 54

জুবিন গাৰ্গৰ মৃত্যুৰ ন্যায় প্ৰদানৰ ক্ষেত্ৰত জনসাধাৰণক ন্যায় ব্যৱস্থাত আস্থা ৰাখিবলৈ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাৰ আহ্বান

মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই জুবিন গাৰ্গৰ মৃত্যুৰ ন্যায় প্ৰদানৰ প্ৰক্ৰিয়া সম্পূৰ্ণ কৰাৰ বাবে নিৰ্দিষ্ট সময়ৰ প্ৰয়োজন আৰু সেয়েহে জনসাধাৰণক ন্যায় ব্যৱস্থাৰ ওপৰত আস্থা ৰাখিবলৈ তেওঁ আহ্বান জনায়। নতুন দিল্লীত ছিংগাপুৰৰ উপ-উচ্চায়ুক্ত এলিছ চেঙৰ সৈতে জুবিন গাৰ্গৰ মৃত্যুৰ তদন্ত সন্দৰ্ভত আলোচনা ...

October 16, 2025 11:59 AM

views 33

বাক্সাৰ কাৰাগাৰৰ সন্মুখত কালি সংঘটিত হিংসাত্মক পৰিস্থিতিৰ বুজ লয় আৰক্ষী সঞ্চালকপ্ৰধান হৰমিত সিঙে

জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰত ন্যায়িক জিম্মা লাভ কৰা অভিযুক্ত শ্যামকানু মহন্ত, সিদ্ধার্থ শৰ্মাকে ধৰি পাঁচজনক কালি বাক্সা জিলাৰ নিকাছিত থকা কাৰাগাৰলৈ নিয়াৰ সময়ত উদ্ভৱ হোৱা হিংসাত্মক ঘটনাৰ পাছত মাজনিশা ৰাজ্যৰ আৰক্ষী সঞ্চালক প্ৰধান হৰমিত সিং ঘটনাস্থলীত উপস্থিত হৈ পৰিস্থিতিৰ বুজ লয়। আৰক্ষী সঞ্চালক প্ৰধ...

October 16, 2025 9:55 AM

views 32

দীপাৱলী আৰু ষট পূজাৰ সময়ত উত্তৰ ৰে’লৱেৰ এহাজাৰখন বিশেষ ৰে’লৰ ব্যৱস্থা

দীপাৱলী আৰু ষট পূজাৰ সময়ত যাত্ৰীৰ অতিৰিক্ত ভিৰ নিয়ন্ত্ৰণৰ বাবে জনসাধাৰণৰ সুবিধাৰ্থে উত্তৰ ৰে'লৱেই এহেজাৰখন বিশেষ ৰে'লৰ ব্যৱস্থা কৰিছে। নতুন দিল্লীত সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত উত্তৰ ৰে'লৱেৰ মহা প্ৰৱন্ধক অশোক কুমাৰ বাৰ্মাই এইকথা সদৰি কৰে। তেওঁ কয়, যে বিশেষ ৰে’লগাড়ীসমূহৰ যাত্ৰাৰ তদাৰক কৰিবলৈ এটা...

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।