আঞ্চলিক সংবাদ

September 17, 2025 11:57 AM September 17, 2025 11:57 AM

views 14

বিশ্বখনিকৰ শ্ৰীশ্ৰীবিশ্বকৰ্মা পূজা ৰাজ্যৰ বিভিন্ন প্ৰান্তত পালন

কাৰিকৰী বিদ্যাৰ অধিষ্ঠাতা, বিশ্বখনিকৰ শ্ৰীশ্ৰীবিশ্বকৰ্মা পূজা আজি ৰাজ্যৰ বিভিন্ন প্ৰান্তত পালন কৰিবলৈ লোৱা হৈছে। গুৱাহাটী মহানগৰীৰ লগতে ৰাজ্যৰ বিভিন্ন প্ৰান্তত প্ৰতিকূল বতৰকো নেওচি আজি এই পূজাৰ বাবে ব্যাপক আয়োজন কৰা হৈছে। আজি পুৱাৰে পৰা গুৱাহাটী মহানগৰীৰ লগতে ৰাজ্যৰ বিভিন্ন অঞ্চলৰ পূজা মণ্ডপ সমূহত ...

September 17, 2025 11:50 AM September 17, 2025 11:50 AM

views 25

বিটিচি নিৰ্বাচনৰ প্ৰচাৰ অভিযান ক্ৰমাৎ তীব্ৰতৰ

বিটিচি নিৰ্বাচনৰ প্ৰচাৰ অভিযানৰ সামৰণি পৰিবলৈ মাজত মাথো দুটা দিন বাকী থকা অৱস্থাত প্ৰচাৰ অভিযান তুংগত উঠিছে। ওদালগুৰি জিলাত বিজেপি দলে ১০ টা সমষ্টিৰ ভিতৰত সাতটাত প্ৰতিদ্বন্দ্বিতা কৰিছে। জিলাখনত মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাকে ধৰি বিজেপিৰ কেইবাগৰাকীও শীর্ষ নেতাই ব্যাপক প্ৰচাৰ চলাই আছে। ড° শৰ্মাই...

September 17, 2025 11:37 AM September 17, 2025 11:37 AM

views 16

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ৭৫ সংখ্যক জন্মদিন উপলক্ষে দেশৰ বিভিন্ন প্ৰান্তত ভিন ভিন কাৰ্যসূচীৰ আয়োজন

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আজি ৭৫ সংখ্যক জন্মদিন। কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে এই উপলক্ষে নতুন দিল্লীৰ ত্যাগৰাজ ষ্টেডিয়ামত আজি ১৫ খন গুৰুত্বপূৰ্ণ আঁচনি মুকলি কৰিব। এই সমূহৰ ভিতৰত মহাবিদ্যালয় পৰ্যায়ৰ দৃষ্টিহীন কন্যা শিক্ষাৰ্থীসকলৰ বাবে অটল দৃষ্টি ছাত্ৰীবাস, বৌদ্ধিকভাৱে দিব্যাংগ ব্যক্তিসকলৰ ...

September 17, 2025 11:31 AM September 17, 2025 11:31 AM

views 14

অসমত বানৰ ফলত ছখন জিলাৰ ২২ হাজাৰৰো অধিক লোক প্ৰভাৱিত

ৰাজ্যত এইবাৰৰ বানত ছখন জিলাৰ ২২ হাজাৰৰো অধিক লোক প্ৰভাৱিত হৈছে। বানৰ ফলত ৪ হেজাৰ হেক্টৰৰো অধিক কৃষিভূমিৰ শস্য নষ্ট হৈছে। দিখৌ, দিচাং, ধনশিৰি, বৰাক আৰু কুছিয়াৰাকে ধৰি ৰাজ্যখনৰ মাজেৰে বৈ যোৱা কেইবাখনো নৈৰ জলস্তৰ বিপদসীমাৰ ওপৰেৰে বৈ আছে। ৰাজ্যিক ব্যৱস্থাপনা প্ৰাধিকৰণে প্ৰকাশ কৰা মতে, বিভিন্ন স্থানত স্...

September 16, 2025 8:52 PM September 16, 2025 8:52 PM

views 12

দিল্লীৰ ইন্দিৰা গান্ধী ৰাষ্ট্ৰীয় কলাকেন্দ্ৰৰ সম্ভেট প্ৰেক্ষাগৃহত আকাশবাণীৰ মন কী বাত অনুষ্ঠানৰ ভিত্তিত কলা প্ৰদৰ্শনীৰ আয়োজন

নতুন দিল্লীৰ ইন্দিৰা গান্ধী ৰাষ্ট্ৰীয় কলাকেন্দ্ৰৰ সম্ভেট প্ৰেক্ষাগৃহত আজি আকাশবাণীৰ মন কী বাত অনুষ্ঠানৰ ভিত্তিত এখন কলা প্ৰদৰ্শনীৰ আয়োজন কৰা হৈছে। কেন্দ্ৰটোৰ কলাদৰ্শন বিভাগৰ বিভাগীয় মুৰব্বী অধ্যাপক ৰিচা কাম্বোজৰ পৰিকল্পনাত আয়োজিত এই প্রদর্শনীত প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ মন কী বাত অনুষ্ঠানৰ দ্ব...

September 16, 2025 8:36 PM September 16, 2025 8:36 PM

views 23

ভাৰতৰ স্বাস্থ্য খণ্ডলৈ অহা পৰিৱৰ্তনসমূহত এই প্রযুক্তিগত ব্যৱস্থা মাইলৰ খুটি হিচাপে পৰিগণিত হৈছেঃ জে পি নাড্ডা

কেন্দ্রীয় স্বাস্থ্য মন্ত্রী জগত প্রকাশ নাড্ডাই বৰ্তমানৰ চিকিৎ‍সা প্ৰযুক্তিৰ দিশটোৰ ওপৰত জোৰ দি কৈছে যে এতিয়াৰ ভাৰতৰ স্বাস্থ্য খণ্ডলৈ অহা পৰিৱৰ্তনসমূহত এই প্রযুক্তিগত ব্যৱস্থা মাইলৰ খুটি হিচাপে পৰিগণিত হৈছে। নতুন দিল্লীত ভিডিঅ' কনফাৰেন্সিং ব্যৱস্থাৰে একাদশ এছিয়া পেচিফিক মেড টেক ফ'ৰাম ২০২৫ উদ্বোধন ...

September 16, 2025 7:55 PM September 16, 2025 7:55 PM

views 20

ভাৰত এখন উন্নয়নশীল দেশৰ পৰা বিগত ১১ বছৰত জলবায়ু সংৰক্ষণৰ ক্ষেত্ৰত বিশ্বৰ এখন অগ্ৰণী দেশত পৰিগণিত হৈছে

লোকসেৱা আৰু সুশাসনৰ দ্বাৰা পৰিচালিত হৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত চৰকাৰে পৰিৱৰ্তন আৰু প্রগতি অনাৰ বাবে নিৰন্তৰ কাম কৰি আহিছে। ক্ৰমবৰ্ধমান শক্তিৰ চাহিদাৰ এখন উন্নয়নশীল দেশৰ পৰা ভাৰত যোৱা ১১ টা বছৰত জলবায়ু সংৰক্ষণৰ ক্ষেত্ৰত বিশ্বৰ এখন অগ্ৰণী দেশত পৰিগণিত হৈছে। বনভূমিৰ সংৰক্ষণৰ পৰা পৰিৱেশ ...

September 16, 2025 7:51 PM September 16, 2025 7:51 PM

views 14

কাছাৰত পুনৰ ১১ জন ৰোহিংগীয়া লোকক আটক

কাছাৰ জিলাত আজি পুনৰ ১১ জন ৰোহিংগীয়া লোকক আটক কৰা হৈছে। কাছাৰ আৰক্ষীয়ে শিলচৰৰ তাৰাপুৰ কালিবাৰী ৰোড এলেকাৰ পৰা মহিলা আৰু শিশুসহ ৰোহিংগীয়া লোককেইজনক আটক কৰে। আৰক্ষীৰ সূত্ৰৰ পৰা জানিব পৰা মতে হায়দাবাদৰ পৰা বিতাড়িত ৰোহিংগীয়াৰ দলটোৱে শিলচৰত ভাৰাঘৰৰ সন্ধান কৰিছিল। দলটোৰ সন্দেহজনক আচৰণৰ পৰিপ্ৰেক্ষিতত...

September 16, 2025 7:49 PM September 16, 2025 7:49 PM

views 13

অসমৰ পৰা অনুপ্ৰৱেশকাৰী আৰু মৌলবাদীক শীঘ্ৰেই উৎখাত কৰাকে ধৰি ভিন্ন দাবীত সদৌ অসম ছাত্ৰ সন্থাৰ ৰাজ্যৰ বিভিন্ন স্থানত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ

অসমৰ পৰা অনুপ্ৰৱেশকাৰী আৰু মৌলবাদীক শীঘ্ৰেই উৎখাত কৰাকে ধৰি কেইবাটাও দাবীত আজি সদৌ অসম ছাত্ৰ সন্থাই ৰাজ্যৰ বিভিন্ন স্থানত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে। নগাঁও জিলাৰ আয়ুক্ত কাৰ্যালয়ৰ সমীপত সংগঠনটোৰ সদস্য আৰু সমৰ্থকসকলে এই কাৰ্যসূচী ৰূপায়ণ কৰে। তেওঁলোকে নাগৰিকত্ব সংশোধনী আইনৰ আওতাৰ পৰা অসমৰ বাহিৰ...

September 16, 2025 7:46 PM September 16, 2025 7:46 PM

views 7

ষষ্ঠ অনুসূচীভুক্ত স্বায়ত্তশাসন প্ৰদান আৰু জনজাতিকৰণৰ দাবীত মৰাণ জাতীয় সংগঠনৰ উদ্যোগত ধাৰাবাহিক প্রতিবাদ অব্যাহত

ষষ্ঠ অনুসূচীভুক্ত স্বায়ত্তশাসন প্ৰদান আৰু জনজাতিকৰণৰ দাবীত মৰাণ জাতীয় সংগঠনৰ উদ্যোগত ধাৰাবাহিক প্রতিবাদ আজিও অব্যাহত আছে। মৰাণ জনসাধাৰণে তিনিচুকীয়াত কালিৰে পৰা অনিৰ্দিষ্টকালীন অৰ্থনৈতিক অৱৰোধ কাৰ্যসূচী ৰূপায়ণ কৰিছে। এই কাৰ্যসূচীত ৬ টা মৰাণ জাতীয় সংগঠনে অংশগ্ৰহণ কৰিছে। জিলাখনৰ পৰা তেল, কয়লা, গে...