আঞ্চলিক সংবাদ

October 17, 2025 12:13 PM

views 41

শিশু যৌন নিৰ্যাতনৰ গোচৰত আয়ুব আলি চৌধুৰী নামৰ এজন লোকক ২০ বছৰৰ সশ্ৰম কাৰাদণ্ড আৰু ৫০ হাজাৰ টকাৰ জৰিমনা

কামৰূপ মহানগৰ জিলাৰ পক্‌ছ’ আদালতে কালি শিশু যৌন নিৰ্যাতনৰ গোচৰত আয়ুব আলি চৌধুৰী নামৰ এজন লোকক ২০ বছৰৰ সশ্ৰম কাৰাদণ্ড আৰু ৫০ হাজাৰ টকাৰ জৰিমনা বিহিছে। পক্‌ছ' আইন আৰু ভাৰতীয় ন্যায় সংহিতাৰ কেইবাটাও ধাৰাত দোষী সাব্যস্ত কৰি আদালতে অপৰাধীজনক দৃষ্টান্তমূলক শাস্তি প্ৰদান কৰে। হাতীগাঁও আৰক্ষী থানাত ৰুজু হ...

October 17, 2025 12:11 PM

views 44

বিদ্যালয়সমূহত দা গ্রেট আছাম স্কুল শ্বেকআউট প্র’গ্রাম শীর্ষক বিশেষ কার্যসূচী

● অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণে বিদ্যালয় শিক্ষা বিভাগ আৰু ইউনিচেফৰ সহযোগত ভূমিকম্পৰ দৰে প্ৰাকৃতিক দুৰ্যোগৰ সময়ত ছাত্ৰ-ছাত্ৰীসকলে ল'বলগীয়া সতর্কতামূলক ব্যৱস্থা সন্দৰ্ভত সজাগ কৰাৰ উদ্দেশ্যে বিদ্যালয়সমূহত দা গ্রেট আছাম স্কুল শ্বেকআউট প্র’গ্রাম শীর্ষক বিশেষ কার্যসূচী হাতত লৈছে। আন্তঃৰাষ...

October 17, 2025 12:08 PM

views 64

যাত্ৰীবাহী ৰে’ল সেৱাক অধিক জনমুখী কৰা সন্দৰ্ভত আকাশবাণী গুৱাহাটীৰ শনিবাৰে দৃষ্টিপাত অনুষ্ঠান

অসমত ৰে'ল সেৱা বিশেষকৈ যাত্ৰীবাহী ৰেল সেৱাক অধিক জনমুখী কৰা সন্দৰ্ভত আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ বাতৰি বিভাগে কাইলৈ নিশা ৮ বাজি ২ মিনিটত এটা বিশেষ দৃষ্টিপাত অনুষ্ঠান প্ৰচাৰ কৰিব। এই অনুষ্ঠানত উত্তৰ-পূব সীমান্ত ৰে'লৱেৰ প্ৰাক্তন মুখ্য জনসম্পৰ্কৰক্ষী বিষয়া ছিতু সিং হাজং, সাংবাদিক ত্ৰিদীপ লহকৰ আৰু অসম ৰ...

October 17, 2025 12:05 PM

views 62

স্নাতক আৰু স্নাতকোত্তৰ শিক্ষক পদৰ বাবে অনুষ্ঠিত টেট তথা নিযুক্তি পৰীক্ষাৰ ফলাফলসমূহ আজি ঘোষণা

● স্নাতক আৰু স্নাতকোত্তৰ শিক্ষক পদৰ বাবে অনুষ্ঠিত টেট তথা নিযুক্তি পৰীক্ষাৰ ফলাফলসমূহ আজি ঘোষণা কৰা হ'ব। পৰীক্ষাৰ্থীসকলে দিনৰ ১০.৩০ বজাত মাধ্যমিক শিক্ষা সঞ্চালকালয়ৰ ৱেব ছাইট madhyamik.assam.gov.in ত তেওঁলোকৰ ফলাফলসমূহ লাভ কৰিব। অহা ২৫ অক্টোবৰৰ ভিতৰত নিম্ন প্ৰাথমিক আৰু উচ্চ প্ৰাথমিক শিক্ষক পদৰ ফলাফল...

October 17, 2025 12:02 PM

views 55

অমৃতপ্রভা মহন্ত আৰু শেখৰজ্যোতি গোস্বামীক কামৰূপ মহানগৰ জিলাৰ মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতত হাজিৰ কৰোৱা হ’ব

● জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনা সন্দৰ্ভত গ্ৰেপ্তাৰ হোৱা কণ্ঠশিল্পী অমৃতপ্রভা মহন্ত আৰু বাদ্যযন্ত্রী শেখৰজ্যোতি গোস্বামীক আজি কামৰূপ মহানগৰ জিলাৰ মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতত হাজিৰ কৰোৱা হ'ব। ১৪ দিনৰ আৰক্ষীৰ জিন্মাৰ ম্যাদ অন্ত পৰাৰ পাছত দুয়োজনকে আদালতে ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰাৰ পূৰ্ণ সম্ভাৱনা আছে...

October 16, 2025 8:38 PM

views 17

টিএমপিকেৰ ৫৪ সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপন

মিচিং জনগোষ্ঠীৰ লোকসকলৰ শৈক্ষিক তথা সামাজিক উত্তৰণৰ লক্ষ্যৰে প্ৰতিষ্ঠা লাভ কৰা ছাত্ৰ সংগঠন টিএমপিকেৰ ৫৪ সংখ্যক প্ৰতিষ্ঠা দিৱস আজি জনগোষ্ঠীটোৰ বসতিপ্রধান বিভিন্ন অঞ্চলত উদযাপন কৰা হয়। গোলাঘাট জিলাৰ বোকাখাট সমষ্টিৰ পাণবাৰী গ্ৰাম্য ক্রীড়া সংস্থাৰ খেলপথাৰত এই দিৱসৰ কাৰ্যসূচী অনুষ্ঠিত হয়। এই অনুষ্ঠানত...

October 16, 2025 8:36 PM

views 21

অসম-মেঘালয় সীমান্তত সংঘৰ্ষত নিহত অৰিৱেল তিমুৰ মৃত্যুৰ দণ্ডাধীশ পৰ্যায়ৰ তদন্ত ঘোষণা

পশ্চিম কাৰ্বি আংলং জিলা প্ৰশাসনে যোৱা ৯ অক্টোবৰত অসম-মেঘালয় সীমান্তৰ তাপাতত সংঘটিত সংঘৰ্ষত নিহত অৰিৱেল তিমুৰ মৃত্যুৰ দণ্ডাধীশ পৰ্যায়ৰ তদন্ত ঘোষণা কৰিছে। পশ্চিম কাৰ্বি আংলঙৰ অতিৰিক্ত জিলা দণ্ডাধীশ হিমাদ্ৰী শেখৰ বৰদলৈয়ে জাৰি কৰা নিৰ্দেশ অনুসৰি, কাইলৈ খান্দুলিস্থিত সীমান্ত পহৰাচকীত এই সন্দৰ্ভত শুনান...

October 16, 2025 8:33 PM

views 33

ৰাজ্যৰ ১১টা বিধানসভা সমষ্টিত বৃহৎ স্বাস্থ্য শিবিৰ মুকলি

অসম চৰকাৰে ৰাজ্যৰ ১২৬টা বিধানসভা সমষ্টিক সামৰি ৰূপায়ণ কৰা শুশ্রূষা সেতু শীৰ্ষক কাৰ্যসূচীৰ অধীনত আজি ৰাজ্যৰ ১১টা বিধানসভা সমষ্টিত বৃহৎ স্বাস্থ্য শিবিৰ মুকলি কৰা হয় ৷ হোজাই জিলাৰ লংকা স্বাস্থ্য বিভাগৰ উদ্যোগত আজি লামডিং বিধানসভা সমষ্টিভিত্তিক বৃহৎ স্বাস্থ্য শিবিৰৰ আয়োজন কৰা হয়। শিবিৰত বিশেষজ্ঞ চিক...

October 16, 2025 8:29 PM

views 18

খানাপাৰাত ঝুমইৰ বিনন্দিনীৰ শিল্পী, প্ৰশিক্ষক, বিশেষজ্ঞ সমিতিৰ সদস্যক প্ৰশংসা-পত্র আৰু মাননি প্ৰদান

মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই আজি খানাপাৰাৰ পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয় খেলপথাৰত আয়োজিত এটা অনুষ্ঠানত ঝুমইৰ বিনন্দিনীত অংশগ্ৰহণকাৰী শিল্পী, প্ৰশিক্ষক আৰু বিশেষজ্ঞ সমিতিৰ সদস্যসকলক প্ৰশংসা-পত্র আৰু মাননী প্ৰদান কৰে। এই শিল্পীসকলে যোৱা ২৪ ফেব্ৰুৱাৰীত অৰ্জুন ভোগেশ্বৰ বৰুৱা ক্রীড়া প্ৰকল্পত ...

October 16, 2025 8:22 PM

views 25

শিল্পী জুবিন গাৰ্গৰ স্থায়ী সমাধি নিৰ্মাণৰ বাবে ৰাজ্য চৰকাৰৰ পদক্ষেপ

ৰাজ্য চৰকাৰে শিল্পী জুবিন গাৰ্গৰ স্থায়ী সমাধি নিৰ্মাণৰ বাবে পদক্ষেপ লৈছে। লোকনির্মাণ বিভাগক সমাধি প্রকল্প নিৰ্মাণৰ দায়িত্ব অর্পণ কৰা হৈছে। দিছপুৰৰ লোকসেৱা ভৱনত অনুষ্ঠিত মন্ত্ৰীসভাৰ বৈঠকৰ পাছত সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই এই কথা প্ৰকাশ কৰে। এখন বিশেষ সমিতিয়ে সম...

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।