আঞ্চলিক সংবাদ

October 18, 2025 8:59 PM

views 58

অসম ক্রিকেট সন্থাৰ উদ্যোগত ৰাজ্যত অনাগত ছিজনৰ পৰা অসম প্রিমিয়াৰ লীগ

ইণ্ডিয়ান প্রিমিয়াৰ লীগৰ অনুকৰণত অসম ক্রিকেট সন্থাৰ উদ্যোগত ৰাজ্যতো অনাগত ছিজনৰ পৰা অসম প্রিমিয়াৰ লীগ অনুষ্ঠিত হ'ব। বিচিচিআইৰ সচিব দেৱজিৎ শ‍ইকীয়া আজি বৰপেটাত এই কথা প্রকাশ কৰিছে। অসম ক্রিকেট সন্থাই বৰপেটা জিলা ক্রীড়া সন্থাৰ সহযোগত বৰপেটাৰ বাৰাদিত নিৰ্মাণ কৰি থকা ক্রিকেট একাডেমীত আয়োজন কৰা এটা স...

October 18, 2025 8:54 PM

views 51

আমিনগাঁৱত চলি থকা বি ডব্লিউ এফ বিশ্ব জুনিয়ৰ বেডমিণ্টন চেম্পিয়নশ্বিপত ভাৰতৰ তনভী শৰ্মা ফাইনেলত

আমিনগাঁৱত চলি থকা বি ডব্লিউ এফ বিশ্ব জুনিয়ৰ বেডমিণ্টন চেম্পিয়নশ্বিপৰ আজি ত্ৰয়োদশ দিনত একক ছোৱালী শাখাৰ দ্বিতীয়খন ছেমি ফাইনেলত ভাৰতৰ তনভী শৰ্মাই জয়লাভ কৰি ফাইনেলত প্ৰৱেশ কৰিছে। তনভী শৰ্মাই চীনৰ লিউ ছি য়াক ১৫–১১, ১৫-৯ পইণ্টৰ ব্যৱধানত পৰাস্ত কৰে। বিশ্ব জুনিয়ৰ বেডমিণ্টন প্রতিযোগিতাৰ ফাইনেলত প্ৰৱে...

October 18, 2025 8:26 PM

views 17

ড° হিমন্ত বিশ্ব শর্মা নেতৃত্বাধীন অসম মন্ত্ৰীসভাৰ সম্প্ৰসাৰণ, বি পি এফৰ চৰণ বড়োৰ মন্ত্ৰীৰূপে শপতগ্ৰহণ

এগৰাকী নতুন মন্ত্ৰীৰ অন্তৰ্ভুক্তিৰে আজি ড° হিমন্ত বিশ্ব শর্মা নেতৃত্বাধীন অসম মন্ত্ৰীসভাৰ সম্প্ৰসাৰণ ঘটোৱা হয়। আজি দিনৰ এঘাৰ বজাত গুৱাহাটীৰ ৰাজভৱনত অনুষ্ঠিত এটা গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত ৰাজ্যপাল লক্ষ্মণ প্রসাদ আচার্যই বি পি এফ দলৰ চৰণ বড়োক মন্ত্ৰীৰূপে শপত বাক্য পাঠ কৰোৱায়। শপতগ্রহণ অনুষ্ঠানৰ পাছত...

October 18, 2025 8:24 PM

views 80

ৰাজ্যৰ প্ৰান্তে প্রান্তে কাতি বিহু পালন; ৰাজ্যবাসীলৈ মুখ্যমন্ত্ৰীৰ শুভেচ্ছা

আজি কাতি বিহু। অসমৰ কৃষিজীৱি ৰাইজে আহিন আৰু কাতিৰ দোমাহীৰ দিনা কাতি বিহু পালন কৰি শস্যৰ শ্ৰীবৃদ্ধি কামনা কৰে। ৰাজ্যৰ প্ৰান্তে প্রান্তে আজি কাতি বিহু পৰম্পৰাগত ৰীতি নীতিৰে পালন কৰা হৈছে। এই উপলক্ষে চোতালত তুলসী ৰুই তুলসীৰ তলত বন্তি জ্বলোৱাৰ লগতে পথাৰত বন্তি জ্বলাই বছৰটোৰ বাবে শ‍ইচ নদন বদন হোৱাৰ কামনা...

October 18, 2025 8:15 PM

views 18

বাক্সা জিলাৰ নিকাছিৰ হিংসাত্মক ঘটনাৰ সৈতে জড়িত আৰু ৫জনক গ্ৰেপ্তাৰ

বাক্সা জিলাৰ নিকাছিৰ হিংসাত্মক ঘটনাৰ সৈতে জড়িত আৰু ৫ জনক গ্ৰেপ্তাৰ কৰা হৈছে। এই ৫ জনৰ সৈতে এতিয়ালৈ ৯ জনক গ্ৰেপ্তাৰ কৰা হৈছে। বাক্সা জিলাৰ আৰক্ষী অধীক্ষকে এই বিষয়ে সংবাদ মাধ্যমৰ আগত কয়, যে জুবিন গাৰ্গৰ অনুৰাগী বুলি সুযোগ লৈ যিটো দুষ্টচক্রই হিংসাত্মক ঘটনা সংঘটিত কৰিলে সেই চক্ৰটোৰ আটাইকে এজন এজনকৈ ...

October 18, 2025 1:00 PM

views 23

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ পূব প্ৰান্তৰ অগৰাতলি বনাঞ্চল আজি পৰ্যটকৰ বাবে মুকলি

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ পূব প্ৰান্তৰ অগৰাতলি বনাঞ্চল আজি পৰ্যটকৰ বাবে মুকলি কৰি দিয়া হয়। বনাঞ্চলখনৰ আনুষ্ঠানিক মুকলি অনুষ্ঠানত মন্ত্রী অতুল বৰাৰ লগতে কাজিৰঙা লোকসভা সমষ্টিৰ সাংসদ কামাখ্যা প্রসাদ তাছাও উপস্থিত থাকে। বনাঞ্চলখনত কেৱল জীপ ছাফাৰীৰহে ব্যৱস্থা থাকিব বুলি বন বিভাগৰ সূত্ৰই প্ৰকাশ কৰিছে। আজ...

October 18, 2025 12:57 PM

views 45

দীপাবলী উপলক্ষে জিলাসমূহত অহা ২১ অক্টোবৰত বন্ধৰ দিন ঘোষণা অসম চৰকাৰৰ

অসম চৰকাৰৰ সাধাৰণ প্রশাসন বিভাগে দীপাবলী উপলক্ষে জিলাসমূহত অহা ২১ অক্টোবৰত বন্ধৰ দিন ঘোষণা কৰিছে। কামৰূপ মহানগৰ, ডিব্ৰুগড়, হোজাই আৰু বজালী জিলাতো ২১ অক্টোবৰত দীপাৱলীৰ বাবে স্থানীয় বন্ধৰ দিন ঘোষণা কৰা হৈছে। হোজাইত সেইদিনা জিলাখনৰ সকলো চৰকাৰী কাৰ্যালয়, শিক্ষানুষ্ঠান, বিত্তীয় প্রতিষ্ঠান আদি বন্ধ থাকিব।...

October 18, 2025 12:55 PM

views 29

যাত্রীবাহী ৰে’ল সেৱাক অধিক জনমুখী কৰা সন্দৰ্ভত আকাশবাণীত আজি বিশেষ দৃষ্টিপাত অনুষ্ঠান প্ৰচাৰ

অসমত ৰে'ল সেৱা বিশেষকৈ যাত্রীবাহী ৰে'ল সেৱাক অধিক জনমুখী কৰা সন্দৰ্ভত আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ বাতৰি বিভাগে আজি নিশা ৮ বাজি ২ মিনিটত এটা বিশেষ দৃষ্টিপাত অনুষ্ঠান প্ৰচাৰ কৰিব। এই অনুষ্ঠানত উত্তৰ-পূব সীমান্ত ৰে'লৱেৰ প্ৰাক্তন মুখ্য জনসম্পৰ্কৰক্ষী বিষয়া ছিতু সিং হাজং, সাংবাদিক ত্ৰিদীপ লহকৰ আৰু অসম ৰে'...

October 18, 2025 12:51 PM

views 373

কাতি বিহু উপলক্ষে ৰাজ্যবাসীলৈ মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাৰ শুভেচ্ছা জ্ঞাপন

আজি কাতি বিহু। আহিন আৰু কাতিৰ দোমাহীৰ দিনা কাতি বিহু পালন কৰি কৃষকসকলে শস্য শ্যামলা পথাৰৰ আশাৰে প্ৰাৰ্থনা জনায়। এই কাতি বিহু হৈছে অসমৰ জাতীয় উৎসৱ তিনি বিহুৰ অন্যতম। মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই কাতি বিহু উপলক্ষে ৰাজ্যবাসীলৈ শুভেচ্ছা জ্ঞাপন কৰিছে। এটা বার্তাত মুখ্যমন্ত্ৰীগৰাকীয়ে তুলসী তলৰ বন্ত...

October 18, 2025 12:45 PM

views 36

জুবিন গাৰ্গৰ মৃত্যুৰ প্ৰাৰম্ভিক তদন্তত কোনো ধৰণৰ সন্দেহজনক তথ্য পোৱা নাই বুলি ছিংগাপুৰ আৰক্ষীৰ আনুষ্ঠানিক বিবৃতি প্রকাশ

ছিংগাপুৰ আৰক্ষীয়ে জুবিন গাৰ্গৰ মৃত্যুৰ প্ৰাৰম্ভিক তদন্তত কোনো ধৰণৰ সন্দেহজনক তথ্য পোৱা নাই বুলি আনুষ্ঠানিক বিবৃতি প্রকাশ কৰিছে। ছিংগাপুৰ আৰক্ষীয়ে দেশখনৰ আইন অনুসৰি জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনাৰ তদন্ত অব্যাহত ৰাখিছে। তদন্ত সম্পূৰ্ণ কৰিবলৈ আৰক্ষীক আৰু তিনি মাহৰ প্ৰয়োজন হ'ব বুলি বিবৃতিটোত উল্লেখ কৰা হৈছে।...

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।