আঞ্চলিক সংবাদ

October 19, 2025 6:57 PM

views 32

বাল্য বিবাহ হ্ৰাস কৰাত দেশৰ ভিতৰতে অসমৰ শীৰ্ষস্থান লাভ

অসমে বাল্য বিবাহ হ্ৰাস কৰাত দেশৰ ভিতৰতে শীৰ্ষস্থান লাভ কৰিছে। ৰাজ্যৰ কন্যা শিশুসকলৰ মাজত ৮৪ শতাংশ আৰু ল'ৰা শিশুসকলৰ মাজত ৯১ শতাংশ বাল্যবিবাহ হ্রাস পাইছে। মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ৰ সূত্ৰই এই বিষয়ে প্ৰকাশ কৰিছে। সূত্ৰটোৱে প্ৰকাশ কৰা মতে মহাৰাষ্ট্ৰ আৰু বিহাৰত ৭০ শতাংশকৈ, ৰাজস্থানত ৬৬ শতাংশ আৰু কৰ্ণাটকত...

October 19, 2025 6:54 PM

views 54

কালী পূজা আৰু পোহৰৰ উৎসৱ দীপাৱলী উপলক্ষে ৰাজ্যৰ জনসাধাৰণৰ প্ৰতি ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যৰ শুভেচ্ছা জ্ঞাপন

অসমবাসীৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ অকাল বিয়োগে সৃষ্টি কৰা শূন্যতাৰ মাজতে ৰাজ্যৰ জনসাধাৰণে পৰম্পৰাগত ৰীতি-নীতিৰে কালী পূজা আৰু পোহৰৰ উৎসৱ দীপাৱলী পালনৰ বাবে সাজু হৈছে। অৱশ্যে এইবাৰ ৰাইজৰ মাজত উৎসৱৰ পূৰ্বৰ আনন্দমুখৰ পৰিবেশে বিৰাজ কৰা নাই। এইবাৰ ৰাজ্যৰ অধিকাংশ লোকেই মাটিৰ চাকিৰে দীপান্বিতা পালন কৰি প্ৰ...

October 19, 2025 2:26 PM

views 70

নাগালেণ্ডৰ নেচনেল ডেমক্রেটিক প্রগ্রেছিভ পার্টীয়ে নাগা পিপলছ ফ্রন্ট, এন পি এফৰ সৈতে একত্ৰিত হৈ সুকীয়া আঞ্চলিক দল গঠনৰ সিদ্ধান্ত

নাগালেণ্ডৰ নেচনেল ডেমক্রেটিক প্রগ্রেছিভ পার্টী চমুকৈ এন ডি পি পি নামৰ ৰাজনৈতিক দলটোৱে নাগা পিপলছ ফ্রন্ট, এন পি এফৰ সৈতে একত্ৰিত হৈ এটা সুকীয়া আঞ্চলিক দল গঠনৰ সিদ্ধান্ত গ্রহণ কৰিছে। এই একত্ৰিকৰণৰ পাছত ৰাজ্যখনৰ মুখ্যমন্ত্ৰী নেইফিউ ৰিঅ' নাগা পিপলছ ফ্র'ণ্টৰ বিধায়িনী দলৰ নেতা হিচাপে নির্বাচিত হৈছে। শেহতী...

October 19, 2025 12:41 PM

views 59

মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মা নেতৃত্বাধীন অসম মন্ত্রীসভাত দপ্তৰৰ কিছু সাল-সলনি

মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মা নেতৃত্বাধীন অসম মন্ত্রীসভাত দপ্তৰৰ কিছু সাল-সলনি কৰা হৈছে। কালি নতুনকৈ অন্তর্ভুক্ত বি পি এফৰ বিধায়ক চৰণ বড়োক বড়োলেণ্ড কল্যাণ বিভাগৰ লগতে পৰিবহণ বিভাগৰ দায়িত্ব অর্পণ কৰা হৈছে। পূৰ্বে পৰিবহণ বিভাগ যোগেন মহনৰ আৰু বড়োলেণ্ড কল্যাণ বিভাগ উখাও গৌড়া ব্ৰহ্মৰ দায়িত্বত...

October 19, 2025 12:38 PM

views 51

প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ মৃত্যুৰ এমহীয়া উপলক্ষে শিল্পীগৰাকীলৈ জনতাৰ শ্ৰদ্ধাঞ্জলি

প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ মৃত্যুৰ আজি এমাহ সম্পূৰ্ণ হোৱা উপলক্ষে শিল্পীগৰাকীৰ কাহিলিপাৰাস্থিত বাসগৃহত মাঙ্গলিক কার্যসূচী আয়োজন কৰা হৈছে। শিল্পীগৰাকীৰ পৰিয়ালৰ লোকে এই এমহীয়া তিথিৰ আয়োজন কৰিছে। ইপিনে, ডিমৰীয়াবাসী ৰাইজে জুবিন গাৰ্গৰ সোণাপুৰৰ কমাৰকুছিৰ স্মৃতিক্ষেত্ৰত আজি গীতা পাঠ, সংকীর্তন, সর্বধর...

October 19, 2025 12:32 PM

views 34

অসম আৰক্ষীৰ ৩৬ গৰাকী উচ্চ পদস্থ বিষয়াক বদলি

ৰাজ্যৰ গৃহ আৰু ৰাজনৈতিক বিভাগে এটা নির্দেশ যোগে অসম আৰক্ষীৰ ৩৬ গৰাকী উচ্চ পদস্থ বিষয়া বদলি কৰিছে। এই অনুসৰি শ্ৰীভূমিৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষক পার্থপ্রতীম দাসক কাছাৰৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষক অর্থাৎ এছ এছ পি হিচাপে বদলি কৰা হৈছে। ধুবুৰীৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষক লীনা দলেক অনুৰূপ পদত শ্ৰীভূমি জিলালৈ বদলি ...

October 18, 2025 9:05 PM

views 23

নগাঁও জিলাৰ ৰহাৰ ফুলগুৰি ধেৱা স্মৃতি ৰক্ষা সমিতিৰ সহযোগত ১৬৪সংখ্যক ফুলগুৰি ধেৱা দিৱস পালন

আজি ঐতিহাসিক ফুলগুৰি ধেৱা দিৱস। নগাঁও জিলাৰ ৰহাৰ ফুলগুৰি ধেৱা স্মৃতি ৰক্ষা সমিতিৰ সহযোগত আজি কেইবাটাও কাৰ্যসূচীৰে ১৬৪ সংখ্যক ঐতিহাসিক ফুলগুৰি ধেৱা দিৱস পালন কৰা হয়। ধেৱা উদযাপন সমিতিৰ সভাপতি প্রবীন হাজৰিকাই পুৱা কৰা পতাকা উত্তোলনেৰে কাৰ্যসূচী আৰম্ভ হয়। অনুষ্ঠানত ৰাজ্য চৰকাৰৰ মন্ত্ৰী কেশৱ মহন্তই মু...

October 18, 2025 9:03 PM

views 19

সুধাকণ্ঠৰ মৃত্যুবার্ষিকী পালনৰ প্ৰস্তুতি পর্যালোচনাৰ বাবে জিলা আয়ুক্তসকলৰ সৈতে মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাৰ বৈঠক

সুধাকণ্ঠ ড° ভূপেন হাজৰিকাৰ মৃত্যু বার্ষিকী অহা ৫ নৱেম্বৰত ৰাজ্যজুৰি পালনৰ প্ৰস্তুতি পর্যালোচনাৰ বাবে আজি মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই জিলা আয়ুক্তসকলৰ সৈতে ভার্চুৱেল ব্যৱস্থাৰে বৈঠকত মিলিত হয়। বৈঠকত সকলো জিলাতে এই অনুষ্ঠান সমন্বিতভাৱে আৰু মৰ্যাদা সহকাৰে পালন কৰা সন্দৰ্ভত আলোচনা কৰা হয়। সেইদ...

October 18, 2025 9:02 PM

views 13

কাছাৰৰ কালাইনত পুনৰ ১৮জন ৰোহিংগীয়া নাগৰিকক গ্ৰেপ্তাৰ

কাছাৰ জিলাৰ কালাইনত পুনৰ ১৮ জন ৰোহিংগীয়া নাগৰিকক গ্ৰেপ্তাৰ কৰা হৈছে। ধৃত লোকসকলৰ ভিতৰত মহিলা আৰু শিশু আছে। কালি স্থানীয় ৰাইজে এই লোকসকলক আটক কৰি আৰক্ষীক গটাই দিয়ে। আৰক্ষীৰ জেৰাত এই লোকসকলে ম্যানমাৰৰ বাসিন্দা আৰু দীৰ্ঘদিন ধৰি অবৈধভাৱে ভাৰতত বাস কৰি অহাৰ কথা স্বীকাৰ কৰে। হায়দৰাবাদৰ পৰা মধ্যভোগীৰ জ...

October 18, 2025 9:00 PM

views 22

আকাশবাণী গুৱাহাটীৰ বাতৰি বিভাগে আয়োজন কৰা অনলাইন বাতৰি পঢ়া প্ৰতিযোগিতাৰ ফলাফল ঘোষণা

আকাশবাণী গুৱাহাটীৰ বাতৰি বিভাগে আয়োজন কৰা ষষ্ঠ গোলাপ শ‍ইকীয়া সোঁৱৰণী অনলাইন বাতৰি পঢ়া প্ৰতিযোগিতাত নুনমাটিৰ অসম জাতীয় বিদ্যালয়ৰ নৱম শ্ৰেণীৰ ছাত্ৰী নিষ্ঠা বৰগোহাঁয়ে প্রথম স্থান অধিকাৰ কৰিছে। গহপুৰৰ নিউ স্কলাৰ্ছ একাডেমীৰ দ্বাদশ শ্ৰেণীৰ ছাত্ৰী দিব্যা আত্ৰেয়ই দ্বিতীয় স্থান, যোৰহাটৰ মহেশ্বৰ বৰকটক...

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।