আঞ্চলিক সংবাদ

October 20, 2025 7:23 PM

views 16

কার্বি আংলং জিলাৰ ডিফু ডিলাজি বিৰলাত অনুষ্ঠিত কাৰ্বি লোকগীতৰ কৰ্মশালাৰ সামৰণি

কার্বি আংলং স্বায়ত্ত শাসিত পৰিষদৰ সংস্কৃতি কেন্দ্ৰৰ উদ্যোগত আৰু ৰাছিঞ্জা আছঙৰ সহযোগত ডিফু ডিলাজি বিৰলাত ১৭ অক্টোবৰৰ পৰা অনুষ্ঠিত কাৰ্বি লোকগীতৰ কৰ্মশালাৰ আজি সামৰণি পৰে। চাৰিদিনীয়া এই কর্মশালাত অন্ত্যেষ্টিক্ৰিয়াৰ সময়ত গোৱা বিশেষ লোকগীত কাছাৰহেৰ প্ৰশিক্ষণ প্ৰদান কৰা হয়। কাৰ্বি আংলঙৰ লগতে বিশ্বনাথ আৰু...

October 20, 2025 7:19 PM

views 22

মাজুলীৰ দৰিয়াদুবিৰ পাৰত ৪ নৱেম্বৰৰ পৰা তিনিদিনীয়া কাৰ্যসূচীৰে শ্ৰীকৃষ্ণৰ ৰাসলীলাৰ আয়োজন

মাজুলীৰ দৰিয়াদুবিৰ পাৰত অহা ৪ নৱেম্বৰৰ পৰা তিনি দিনীয়া কাৰ্যসূচীৰে শ্ৰীকৃষ্ণৰ ৰাসলীলাৰ আয়োজন কৰা হৈছে। অঞ্চলটোৰ যুৱ সমন্বয় কৃষ্টি সংঘই অস্থায়ী মঞ্চত যোৱা ছবছৰ ধৰি আয়োজন কৰি অহা এই ৰাসলীলা এইবাৰ অসমীয়াৰ স্বভিমানস্বৰূপ হিয়াৰ আমঠু শিল্পী জুবিন গাৰ্গৰ সোঁৱৰণত উৎসৰ্গা কৰা হ'ব। উল্লেখযোগ্য যে শিল্পী জুবিন...

October 20, 2025 7:13 PM

views 19

গুৱাহাটীৰ নাৰেংগী সেনা চাউনীত সেনা বাহিনীৰ বিষয়া আৰু জোৱানসকলৰ সৈতে ৰাজ্যপাল লক্ষ্মণ প্রসাদ আচার্যৰ দীপাৱলী উদযাপন

ৰাজ্যপাল লক্ষ্মণ প্রসাদ আচার্যই কালী পূজা আৰু পোহৰৰ উৎসৱ দীপাৱলী উপলক্ষে ৰাজ্যৰ জনসাধাৰণৰ প্ৰতি শুভেচ্ছা জ্ঞাপন কৰাৰ লগতে পৰিবেশৰ প্ৰতি লক্ষ্য ৰাখি দায়বদ্ধ মানসিকতাৰে উৎসৱ উদযাপন কৰিবলৈ আহ্বান জনাইছে। এই উপলক্ষে দিয়া এটা বার্তাত তেওঁ কয় যে কালী পূজাই মানুহৰ মনৰ পৰা ভয় আৰু অজ্ঞানতাৰ আন্ধাৰ আঁতৰাই অন্...

October 20, 2025 6:59 PM

views 19

ডিচেম্বৰ-জানুৱাৰী মাহত কাজিৰঙাৰ এলিভেটেড কৰিড’ৰৰ আধাৰশিলা স্থাপনৰ সম্ভাৱনা আছে বুলি মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ প্রকাশ

অহা ডিচেম্বৰৰ পৰা জানুৱাৰী মাহত কাজিৰঙাৰ এলিভেটেড কৰিড'ৰৰ আধাৰশিলা স্থাপন কৰাৰ সম্ভাৱনা আছে বুলি মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই প্রকাশ কৰিছে। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ দাঁতিকাষৰীয়া বাগৰিত মুখ্যমন্ত্ৰীগৰাকীয়ে আজি এই কথা জানিবলৈ দিয়ে। ইপিনে, প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ তদন্তৰ বাবে...

October 20, 2025 6:33 PM

views 17

শিক্ষা মন্ত্রী ডাঃ ৰণোজ পেগুৰদ্বাৰা ধেমাজি অভিযান্ত্রিক বিদ্যালয়ৰ ছাত্রীনিবাসৰ উদ্বোধন

শিক্ষা তথা ভৈয়াম জনজাতি আৰু পিছপৰা শ্ৰেণীৰ কল্যাণ বিভাগৰ মন্ত্রী ডাঃ ৰণোজ পেগুৱে আজি ধেমাজি অভিযান্ত্রিক বিদ্যালয়ৰ এটা ছাত্রীনিবাসৰ উদ্বোধন কৰে। ৰাজ্য চৰকাৰৰ জনজাতি পৰিক্ৰমা ভৈয়াম বিভাগৰ অধীনত নির্মাণ কৰা এই ছাত্রীনিবাসটোৰ লগতে শিক্ষাৰ্থীৰ বর্ধিত সংখ্যালৈ লক্ষ্য ৰাখি আন এটা নিবাস নির্মাণৰো অনুমোদন দ...

October 20, 2025 6:27 PM

views 17

বিশ্বনাথ জিলাৰ বগুৰিগুৰিৰ ১৫ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত এখন সুৰাভর্তি ট্রাক জব্দ

বিশ্বনাথ জিলাৰ বগুৰিগুৰিৰ ১৫ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ বাইপাছত আৰক্ষীয়ে এখন সুৰাভর্তি ট্রাক জব্দ কৰে। অৰুণাচল প্ৰদেশৰ পৰা মণিপুৰলৈ সুৰাখিনি নিয়াৰ সময়তে বিশ্বনাথ আৰক্ষী আৰু কাৰ্বি আংলং আৰক্ষীয়ে এই যুটীয়া অভিযান চলায়। জব্দ কৰা সুৰাখিনিৰ বজাৰমূল্য প্রায় ৩০ লাখ টকা হ'ব বুলি সদৰি কৰাৰ লগতে অধিক তথ্যৰ বাবে আ...

October 20, 2025 6:08 PM

views 68

পবিতৰা অভয়াৰণ্য ২৩ অক্টোবৰত পৰ্যটকৰ বাবে মুকলি কৰা হ’ব

২০২৫-২৬ পর্যটন বৰ্ষৰ বাবে পবিতৰা অভয়াৰণ্য অহা ২৩ অক্টোবৰত পৰ্যটকৰ বাবে মুকলি কৰা হ'ব। বিশ্বৰ ভিতৰত কম আয়তনত সর্বাধিক গঁড় থকা অভয়াৰণ্যখনৰ দ্বাৰ ৰাজ্য চৰকাৰৰ বন মন্ত্রী চন্দ্রমোহন পাটোৱাৰীয়ে আনুষ্ঠানিকভাৱে মুকলি কৰিব। উল্লেখযোগ্য যে বানপানীৰ সময়ছোৱাত ক্ষয়-ক্ষতি হোৱা অভয়াৰণ্যখনৰ আন্তঃগাঁথনি ইতিমধ্যে মে...

October 20, 2025 6:03 PM

views 26

ৰাজ্যৰ প্ৰতিখন জিলাত জাকজমকতা পৰিহাৰ কৰি আৰু পৰম্পৰা বৰ্তাই ৰাখি কালীপূজা আৰু দীপাৱলী উদযাপন

ৰাজ্যৰ প্ৰতিখন জিলাত জাকজমকতা পৰিহাৰ কৰি আৰু পৰম্পৰা বৰ্তাই ৰাখি কালীপূজা আৰু দীপাৱলী উদযাপন কৰা হৈছে। বৰপেটা জিলাৰ বিভিন্ন স্থানত আজিৰে পৰা কেইবাদিনীয়া কাৰ্যসূচীৰে কালীপূজাৰ আয়োজন কৰা হৈছে। জিলাখনৰ গহীয়াত আজিৰে পৰা পাঁচ দিনীয়া কাৰ্যসূচীৰে ৬৭ সংখ্যক কালীপূজা উদযাপন কৰা হৈছে। উল্লেখযোগ্য যে, এই পূজাত...

October 20, 2025 12:17 PM

views 18

শিলচৰ আৰক্ষীৰ এজন ভুৱা চিকিৎসকক গ্ৰেপ্তাৰ

শিলচৰ আৰক্ষীয়ে কালি পুনৰ এজন ভুৱা চিকিৎসকক গ্ৰেপ্তাৰ কৰে। অম্বিকাপট্টীৰ এখন ব্যক্তিগত ক্লিনিকত অভিযান চলাই আৰক্ষীয়ে বিপুল চন্দ্র নাথ নামৰ লোকজনক গ্ৰেপ্তাৰ কৰে। লোকজনৰ পৰা বহুখিনি সন্দেহযুক্ত নথি-পত্রও জব্দ কৰা হয়। আৰক্ষীয়ে ইতিমধ্যে এই সন্দৰ্ভত শিলচৰ থানাত এটা গোচৰ ৰুজু কৰিছে।

October 20, 2025 12:13 PM

views 27

বিশ্বনাথ জিলাৰ মধ্য বিহালীৰ বৰনামঘৰত জুবিন গাৰ্গৰ সোঁৱৰণত দুদিনীয়া কাৰ্যসূচীৰে ভাওনা প্রদর্শন

বিশ্বনাথ জিলাৰ মধ্য বিহালীৰ বৰনামঘৰত জুবিন গাৰ্গৰ সোঁৱৰণত দুদিনীয়া কাৰ্যসূচীৰে ভাওনা প্রদর্শন কৰা হয়। বিহালী যুৱ সংঘৰ উদ্যোগত বৰনামঘৰত শিল্পীসকলে ভাওনা প্রদর্শন কৰে। দুদিনীয়া কাৰ্যসূচীৰ প্ৰথম দিনা ধৰ্মধবজা উত্তোলন কৰাৰ লগতে জুবিন গাৰ্গৰ প্ৰতিচ্ছবিৰ সন্মুখত বস্তি প্রজ্বলন আৰু শ্রদ্ধাঞ্জলি জনোৱা হয়। শ...

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।