আঞ্চলিক সংবাদ

October 23, 2025 11:55 AM

views 65

সোণাৰাম চুতীয়াৰ স্মৃতিত নিৰ্মাণ কৰিবলগীয়া প্ৰকল্পৰ বাবে ৰাজ্য চৰকাৰৰ ৫০ লাখ টকাৰ প্ৰাথমিক অনুদান মুকলি

শ্ৰীমন্ত শংকৰদেৱ সংঘৰ প্ৰয়াত পদাধিকাৰ, বৈষ্ণৱ পণ্ডিত সোণাৰাম চুতীয়াৰ স্মৃতিত তিতাবৰত নিৰ্মাণ কৰিবলগীয়া এটা প্ৰকল্পৰ বাবে ৰাজ্য চৰকাৰে ৫০ লাখ টকাৰ প্ৰাথমিক অনুদান মুকলি কৰি দিছে। সর্বমুঠ প্রায় ২ কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰিবলগীয়া প্রকল্পটোত এটা বিজ্ঞান সংগ্রহালয়, এখন শিশু উদ্যান, শ্রীমন্ত শংকৰদ...

October 23, 2025 11:49 AM

views 58

ৰাজ্যৰ বিভিন্ন প্ৰান্তত ৰাস উৎসৱ উদযাপনৰ বাবে প্ৰস্তুতি অব্যাহত

ৰাজ্যৰ বিভিন্ন প্ৰান্তত ৰাস উৎসৱ উদযাপনৰ বাবে প্ৰস্তুতি অব্যাহত আছে। মাজুলীত অহা ৪ নৱেম্বৰৰ পৰা ৰাস অনুষ্ঠিত হ'ব। ৮ নৱেম্বৰ পৰ্যন্ত জিলাখনৰ কেইবাখনো মঞ্চত শিশু ৰাস, মিছিং ভাষাৰ ৰাসৰ লগতে মহিলা শিল্পীৰ দ্বাৰা অভিনীত ৰাস পৰিৱেশন কৰা হ'ব। উজনি মাজুলী ঐক্যমঞ্চই অহা ৪ নৱেম্বৰত প্ৰথম বাৰৰ বাবে দেউৰী ভাষাত...

October 23, 2025 11:47 AM

views 104

গুৱাহাটী প্ৰেছ ক্লাবৰ সাধাৰণ নিৰ্বাচনৰ ফলাফল ঘোষণা

গুৱাহাটী প্ৰেছ ক্লাবৰ সাধাৰণ নিৰ্বাচনৰ ফলাফল কালি ঘোষণা কৰা হয়। কালি পুৱা ৮ বজাৰ পৰা অনুষ্ঠিত এই ভোট গণনাৰ সন্ধিয়া সামৰণি পৰে। এই অনুসৰি জ্যেষ্ঠ সাংবাদিক খগেন কলিতা সভাপতি, অমৰেন্দ্ৰ ডেকা সাধাৰণ সম্পাদক পদত নির্বাচিত হয়। সহকাৰী সাধাৰণ সম্পাদক পদত শ্বাহ আলম, মহিলাৰ বাবে সংৰক্ষিত সহকাৰী সাধাৰণ সম্পাদক...

October 23, 2025 11:42 AM

views 77

অহা ১২ৰ পৰা ২২ ডিচেম্বৰলৈ চৌকিদিঙী খেল পথাৰত চতুর্দশ ডিব্রুগড় গ্রন্থমেলা অনুষ্ঠিত

ডিব্ৰুগড়ৰ মিলন জ্যোতি সংঘৰ উদ্যোগত আৰু অসম পুথি প্রকাশক আৰু বিক্রেতা সংস্থাৰ সহযোগত অহা ১২ৰ পৰা ২২ ডিচেম্বৰলৈ চৌকিদিঙী খেল পথাৰত চতুর্দশ ডিব্রুগড় গ্রন্থমেলা অনুষ্ঠিত হ'ব। এই গ্রন্থমেলা সুকলমে পৰিচালনাৰ বাবে কেন্দ্রীয় মন্ত্রী সৰ্বানন্দ সোণোৱাল, ৰাজ্যৰ শক্তি মন্ত্রী প্রশান্ত ফুকন, অসম সাহিত্য সভাৰ প্ৰ...

October 23, 2025 11:41 AM

views 45

কালিৰেপৰা বঙাইগাঁৱত ২০২৫-২৬ বৰ্ষৰ প্ৰথমখন অসম গ্রন্থ মেলা আৰম্ভ

ৰাজ্য চৰকাৰে ঘোষণা কৰা গ্ৰন্থ বৰ্ষৰ সৈতে সংগতি ৰাখি কালিৰেপৰা বঙাইগাঁৱত ২০২৫-২৬ বৰ্ষৰ প্ৰথমখন অসম গ্রন্থ মেলা আৰম্ভ হৈছে। অসম প্রকাশন পৰিষদ আৰু সদৌ অসম পুথি প্রকাশক আৰু বিক্রেতা সংস্থাই বঙাইগাঁও চহৰৰ ঐতিহ্যমণ্ডিত গান্ধী ময়দানত ৮ দিনীয়াকৈ আয়োজন কৰা গ্ৰন্থমেলাখন কালি নাগালেণ্ড বিশ্ববিদ্যালয়ৰ আচার্য, স...

October 23, 2025 11:33 AM

views 35

আজিৰ পৰা পবিতৰা অভয়াৰণ্য পুনৰ পৰ্যটকৰ বাবে মুকলি

পবিতৰা অভয়াৰণ্য আজি পুনৰ পৰ্যটকৰ বাবে মুকলি কৰা হ'ব। বাৰিষাৰ বাবে বন্ধ হৈ থকা অভয়াৰণ্যখনত বানৰ ফলত হোৱা আন্তঃগাঁথনিৰ ক্ষতি ইতিমধ্যে মেৰামতি কৰা হৈছে বুলি অভয়াৰণ্যখনৰ মাণ্ডলিক বিষয়া প্রাঞ্জল বৰুৱাই প্ৰকাশ কৰিছে। তেওঁ কয় যে অভয়াৰণ্যখন মুকলি কৰাৰ লগে লগে পর্যটকসকলে জীপ আৰু হাতী চাফাৰি কৰিব পাৰিব। উল্লে...

October 23, 2025 11:29 AM

views 49

ছিংগাপুৰত এছ আই টিৰ জুবিন গাৰ্গৰ মৃত্যুৰ তদন্ত অব্যাহত

জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনাৰ তদন্তৰ বাবে ছিংগাপুৰলৈ যোৱা এছ আই টিৰ মুৰববী মুন্না প্রসাদ গুপ্তা আৰু আই পি এছ বিষয়া তৰুণ গোৱেলে দেশখনত তদন্ত অব্যাহত ৰাখিছে। তেওঁলোকে কালি ছিংগাপুৰত কেইবাগৰাকীও প্রবাসী অসমীয়াৰ ভাষ্য গ্রহণ কৰাৰ লগতে শিল্পীগৰাকী অসুস্থ হৈ পৰা সমুদ্ৰৰ সেই বিশেষ স্থান পৰিদৰ্শন কৰে। দুয়োগৰাকী...

October 22, 2025 7:58 PM

views 22

শুশ্ৰুষা সেতু শীৰ্ষক স্বাস্থ্য শিবিৰ কাৰ্যসূচীৰ অধীনত বিভিন্ন জিলাত শিবিৰ মুকলি

অসম চৰকাৰে ৰাজ্যৰ ২২৬ টা সমষ্টিক সামৰি ৰূপায়ণ কৰা শুশ্ৰুষা সেতু শীৰ্ষক বৃহৎ স্বাস্থ্য শিবিৰ কাৰ্যসূচীৰ অধীনত আজিও বিভিন্ন জিলাত শিবিৰ মুকলি কৰা হয়। ৰাজ্যসভাৰ সাংসদ তথা প্ৰাক্তন কেন্দ্ৰীয় ৰাজ্যমন্ত্ৰী ৰামেশ্বৰ তেলীয়ে আজি তিনিচুকীয়া জিলাৰ নৱ জাগৃতি উচ্চ ইংৰাজী বিদ্যালয়ত এই স্বাস্থ্য শিবিৰ মুকলি ...

October 22, 2025 7:35 PM

views 131

জুবিন গাৰ্গক ন্যায়ালয়ৰ জৰিয়তে ন্যায় প্ৰদান কৰাৰ বাবে ৰাজ্যজুৰি বিজেপিৰ ন্যায় যাত্রা আৰম্ভ

জনতাৰ শিল্পী জুবিন গাৰ্গক ন্যায়ালয়ৰ জৰিয়তে ন্যায় প্ৰদান কৰাৰ বাবে বিজেপিয়ে ৰাজ্যজুৰি ন্যায় যাত্রা আৰম্ভ কৰিছে। ইযাৰ অংশ হিচাপে শাসকীয় দলটোৱে আজি নলবাৰীৰ ছহিদ মুকুন্দ কাকতি খেলপথাৰৰ পৰা গৰ্ডন খেলপথাৰলৈ সমদল উলিয়ায়। এই যাত্ৰাত বিজেপিৰ ৰাজ্যিক সভাপতি দিলীপ শ‍ইকীয়া, কেন্দ্ৰীয় মন্ত্ৰী পবিত্ৰ ম...

October 22, 2025 7:31 PM

views 17

হত্যাৰ গোচৰত দোষী সাব্যস্ত হোৱা এজন লোকক মৃত্যুদণ্ডৰে দণ্ডিত

বৰপেটা জিলা চেচন ন্যায়াধীশৰ আদালতে আজি হত্যাৰ গোচৰত দোষী সাব্যস্ত হোৱা ঋষভ দাস নামৰ এজন লোকক মৃত্যুদণ্ডৰে দণ্ডিত কৰে। বৰপেটা চহৰৰ গান্ধী নগৰৰ নিৱাসী ঋষভ দাসৰ বিৰুদ্ধে ২০২৩ বৰ্ষৰ ১৩ অক্টোবৰত পত্নী আৰু কন্যাক হত্যাৰ গোচৰ ৰুজু কৰা হৈছিল। আৰক্ষীয়ে ২০২৪ বৰ্ষৰ আৰম্ভণিতে এই গোচৰৰ অভিযোগনামা দাখিল কৰে। বা...

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।