আঞ্চলিক সংবাদ

October 26, 2025 7:12 PM

views 30

ৰাজ্যৰ বিভিন্ন প্ৰান্তত ষট্ পূজা পালনৰ সকলো প্রস্তুতি সম্পূৰ্ণ; মহানগৰীত যানবাহন চলাচলত প্ৰশাসনৰ নীতি-নির্দেশনা জাৰি

ৰাজ্যৰ বিভিন্ন প্ৰান্তত হিন্দু ধৰ্মৰ অন্যতম প্রাচীন উৎসৱ ষট্ পূজা পালনৰ সকলো প্রস্তুতি সম্পূৰ্ণ হৈ উঠিছে। এই উপলক্ষে গুৱাহাটীৰ আৰক্ষী উপ-আয়ুক্ত কার্যালয়ে কাইলৈ আৰু পৰহিলৈ মহানগৰীখনত যানবাহন চলাচলৰ ক্ষেত্ৰত কেতবোৰ নীতি-নির্দেশনা জাৰি কৰিছে। কাইলৈ দিনৰ ১১ বজাৰ পৰা পৰহিলৈ দিনৰ ১১ বজালৈ এই নির্দেশনাসমূ...

October 26, 2025 7:05 PM

views 26

মুখ্যমন্ত্ৰীৰ ধৰ্মজ্যোতি আঁচনিৰ অধীনত গুৱাহাটীৰ ৩৪ গৰাকী জ্যেষ্ঠ নাগৰিকৰ গোৱালপাৰাৰ ঐতিহাসিক শ্রীসূৰ্যপাহাৰ দৰ্শন

মুখ্যমন্ত্ৰীৰ ধৰ্মজ্যোতি আঁচনিৰ অধীনত আজি গুৱাহাটীৰ ৩৪ গৰাকী জ্যেষ্ঠ নাগৰিকে গোৱালপাৰাৰ ঐতিহাসিক শ্রীসূৰ্যপাহাৰ দৰ্শন কৰে। তীর্থযাত্রীসকলে শ্রীসূৰ্যপাহাৰ দৰ্শন কৰি অভিভূত হৈ পৰা বুলি আকাশবাণীৰ আগত প্রকাশ কৰে। উল্লেখযোগ্য যে এই আঁচনিৰ জৰিয়তে অসম ৰাজ্যিক পৰিবহণ নিগমৰ সহযোগত জ্যেষ্ঠ নাগৰিকসকলক কম খৰচতে...

October 26, 2025 6:57 PM

views 34

ৰাজ্যখনৰ ছটা জনগোষ্ঠীৰ জনজাতিকৰণৰ বাবে জনগোষ্ঠীকেইটাৰ অন্তৰ্গত দল-সংগঠনে জনাই অহা দাবীৰ প্ৰতি অসম গণ পৰিষদ দলৰ পূৰ্ণ সমর্থন আছেঃ অতুল বৰা

ৰাজ্যখনৰ ছটা জনগোষ্ঠীৰ জনজাতিকৰণৰ বাবে জনগোষ্ঠীকেইটাৰ অন্তৰ্গত দল-সংগঠনে জনাই অহা দাবীৰ প্ৰতি অসম গণ পৰিষদ দলৰ পূৰ্ণ সমর্থন আছে বুলি দলৰ সভাপতি অতুল বৰাই প্ৰকাশ কৰিছে। তেওঁ কয়, যে আহোম, চুতীয়া, মৰাণ, মটক, কোচ-ৰাজবংশী আৰু চাহ জনগোষ্ঠীৰ লোকসকলে দীর্ঘদিন ধৰি জনজাতিকৰণৰ বাবে দাবী জনাই আহিছে। এই দাবীৰ প্...

October 26, 2025 6:49 PM

views 67

উত্তৰ-পূবৰ কফিয়ে বিশ্বত ভাৰতীয় কফিৰ পৰিচয়ত শক্তিশালী ভূমিকা ল’ব বুলি প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে মন কী বাত অনুষ্ঠানত মন্তব্য কৰে

ভাৰতৰ কফিৰ জনপ্রিয়তা বর্তমান বিশ্বজুৰি বৃদ্ধি পাইছে। উত্তৰ পূৰ্বাঞ্চলতো সম্প্রতি কফি খেতি জনপ্রিয় হৈছে আৰু উত্তৰ-পূবৰ কফিয়ে বিশ্বত ভাৰতীয় কফিৰ পৰিচয় শক্তিশালী কৰাত ভূমিকা ল'ব। প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে আকাশবাণীযোগে প্ৰচাৰিত মন কী বাত অনুষ্ঠানত আজি এইদৰে কয়। প্রধানমন্ত্রীয়ে ষট্ পূজাৰ কথা উল্লেখ ক...

October 26, 2025 12:50 PM

views 16

গোৱালিয়ৰত অনুষ্ঠিত ষোড়শ চম্বল আন্তর্জাতিক চলচিত্র মহোৎসৱ ২০২৫ত অনচুনী চিখে চুটি ছবিৰ বাবে ড০ পার্থ সাৰথি মহন্তই শ্রেষ্ঠ পৰিচালকৰ সন্মান লাভ

গোৱালিয়ৰত অনুষ্ঠিত ষোড়শ চম্বল আন্তর্জাতিক চলচিত্র মহোৎসৱ ২০২৫ত অনচুনী চিখে নামৰ চুটি ছবিখনৰ বাবে আৰক্ষী বিষয়া তথা লেখক, কবি সাহিত্যিক, পৰিচালক ড০ পার্থ সাৰথি মহন্তই শ্রেষ্ঠ পৰিচালকৰ সন্মান লাভ কৰিছে। ইয়াৰ পূৰ্বে যোৱা ছেপ্তেম্বৰত মুম্বাইত অনুষ্ঠিত উত্তৰ-পূব ভাৰত আন্তঃৰাষ্ট্ৰীয় চলচিত্র মহোৎসবত উত্তৰ-প...

October 26, 2025 12:37 PM

views 22

সোৱণশিৰি জলবিদ্যুৎ প্রকল্পত সুদীর্ঘ ২২ বছৰৰ মূৰত পৰীক্ষামূলকভাবে ২৫০ মেগাৱাট বিদ্যুৎ উৎপাদন কৰাৰ পাছতে বিভিন্ন দল-সংগঠনৰ প্রতিক্রিয়া

গেৰুকামুখত অৱস্থিত সোৱণশিৰি জলবিদ্যুৎ প্রকল্পত সুদীর্ঘ ২২ বছৰৰ মূৰত পৰহি পৰীক্ষামূলকভাবে ২৫০ মেগাৱাট বিদ্যুৎ উৎপাদন কৰাৰ পাছতে বিভিন্ন দল-সংগঠনে প্রতিক্রিয়া ব্যক্ত কৰে। নির্মাণকাৰী সংস্থা এন এইচ পি চিৰ মুখ্য পৰিচালন সঞ্চালক ভূপেন্দ্র গুপ্তাই জলবিদ্যুৎ প্রকল্পটোৰ মুঠ ৮টা টার্বাইনৰ ১ নম্বৰ ইউনিটটো মুক...

October 26, 2025 12:29 PM

views 50

ষট পূজা উপলক্ষে গুৱাহাটীৰ আৰক্ষী উপআয়ুক্তৰ সোমবাৰ আৰু মঙলবাৰলৈ মহানগৰীত যানবাহন চলাচলত কেতবোৰ নীতি-নিৰ্দেশনা জাৰি

ষট পূজা উপলক্ষে গুৱাহাটীৰ আৰক্ষী উপআয়ুক্ত কার্যালয়ে কাইলৈ আৰু পৰহিলৈ মহানগৰীখনত যানবাহন চলাচলৰ ক্ষেত্ৰত কেতবোৰ নীতি-নিৰ্দেশনা জাৰি কৰিছে। কাইলৈ দিনৰ ১১ বজাৰ পৰা পৰহিলৈ দিনৰ ১১ বজালৈ এই নিৰ্দেশনাসমূহ কাৰ্যকৰী হ'ব। এই অনুসৰি গুৱাহাটী মহানগৰীত এই সময়ছোৱাত সামগ্ৰী পৰিবাহী গধূৰ বাণিজ্যিক বাহন আৰু অন্য...

October 26, 2025 12:23 PM

views 53

গুৱাহাটী দূৰদৰ্শন কেন্দ্ৰৰ বাতৰি বিভাগৰ কেবাগৰাকীও পূৰ্বৰ বিষয়া কৰ্মচাৰী আৰু বাতৰি পৰিবেশকৰ মনৰ ভাৱ আৰু অভিজ্ঞতাৰে আকাশবাণী গুৱাহাটীৰ দৃষ্টিপাত অনুষ্ঠান

১৯৮৫ চনৰ ২৪ মাৰ্চত আৰম্ভণি হোৱা গুৱাহাটী দূৰদৰ্শন কেন্দ্ৰৰ বাতৰি বিভাগৰ কেবাগৰাকীও পূৰ্বৰ বিষয়া কৰ্মচাৰী আৰু বাতৰি পৰিবেশকৰ মনৰ ভাৱ আৰু অভিজ্ঞতাৰে কালি আকাশবাণী গুৱাহাটীৰ দৃষ্টিপাত অনুষ্ঠান প্ৰচাৰ কৰা হয়। এই অনুষ্ঠানত বাতৰি বিভাগৰ প্ৰাক্তন বিষয়া দেবেন তামুলী, মুকুল তালুকদাৰ আৰু শৈলেন্দ্ৰ দাসে প্ৰ...

October 26, 2025 12:14 PM

views 49

তিনিচুকীয়াত নিৰাপত্তা বাহিনীৰ বিষয়াসকলৰ সৈতে অসম আৰক্ষীৰ সঞ্চালক প্ৰধানৰ পর্যালোচনা বৈঠক

অসম আৰক্ষীৰ সঞ্চালক প্ৰধান হৰমিত সিঙে কালি তিনিচুকীয়াত নিৰাপত্তা বাহিনীৰ বিষয়াসকলৰ সৈতে পর্যালোচনা বৈঠকত মিলিত হয়। শ্রীসিঙে জিলাখনৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ত সেনা বাহিনীৰ শীৰ্ষ বিষয়া, চোৰাংচোৱা বিষয়া, শদিয়া আৰু তিনিচুকীয়া আৰক্ষীৰ শীৰ্ষ বিষয়াৰ সৈতে আলোচনা কৰে। এই বৈঠকত শেহতীয়াকৈ তিন...

October 26, 2025 12:41 PM

views 58

অসম চৰকাৰৰ প্ৰাথমিক শিক্ষা সঞ্চালকালয়ৰ অধীনৰ ৫,৫৫০ টা নিম্ন আৰু উচ্চ প্ৰাথমিক পৰ্যায়ৰ শিক্ষক পদ দ্বিতীয়খন প্ৰাৰম্ভিক মেধা তালিকা প্ৰকাশ

অসম চৰকাৰৰ প্ৰাথমিক শিক্ষা সঞ্চালকালয়ৰ অধীনৰ ৫,৫৫০ টা নিম্ন আৰু উচ্চ প্ৰাথমিক পৰ্যায়ৰ শিক্ষক পদ দ্বিতীয়খন প্ৰাৰম্ভিক মেধা তালিকা যোৱা নিশা প্ৰকাশ কৰা হয়। ইয়াৰ লগে লগে ৰাজ্যৰ নিম্ন প্ৰাথমিক বিদ্যালয়ৰ ৩,৮০০ টা আৰু উচ্চ প্ৰাথমিক বিদ্যালয়ৰ শিক্ষকৰ নিয়মীয়া খালী পদত নিযুক্তিৰ বাবে মুঠ ৮,৫৮১ গৰাকী...

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।