আঞ্চলিক সংবাদ

October 28, 2025 10:53 AM

views 145

বীৰ লাচিত সেনা নামৰ সংগঠনৰ মুখ্য সচিবকে ধৰি ৮ জন সদস্যক আটক

● গুৱাহাটী মহানগৰীৰ দিশপুৰ আৰক্ষীয়ে বীৰ লাচিত সেনা নামৰ সংগঠনৰ মুখ্য সচিবকে ধৰি ৮ জন সদস্যক ধন দাবী আৰু অপহৰণৰ গোচৰত কালি আটক কৰাৰ পাছতেই সংগঠনটোৰ প্ৰশাসনিক সচিব শৃংখল চলিহাই কালি শিৱসাগৰত এখন সংবাদমেলৰ আয়োজন কৰে। তেওঁ এই বিষয়টোক লৈ তীব্র প্রতিক্রিয়া প্রকাশ কৰি শীঘ্ৰেই তেওঁলোকক মুকলি কৰি দিবলৈ চ...

October 28, 2025 10:50 AM

views 46

বিটিচি সচিবালয়ত বিটিচিৰ কাৰ্যবাহী পৰিষদৰ বৈঠক অনুষ্ঠিত

● কোকৰাঝাৰৰ বিটিচি সচিবালয়ত কালি বিটিচিৰ কাৰ্যবাহী পৰিষদৰ এখন বৈঠক অনুষ্ঠিত হয়। বিটিচিৰ মুৰব্বী হাগ্ৰামা মহিলাৰীৰ অধ্যক্ষতাত অনুষ্ঠিত এই বৈঠকত প্ৰশাসনিক আৰু উন্নয়ন বিষয়ক ভালেমান গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্রহণ কৰা হয়। বৈঠকত বিটিচিৰ সকলো কাৰ্যবাহী সদস্য, মুখ্য সচিব আৰু অন্যান্য জ্যেষ্ঠ বিষয়াসকল উপ...

October 28, 2025 10:44 AM

views 58

নিযুত মইনা আঁচনিয়ে ২০২৫-২৬ বৰ্ষত ৰাজ্যৰ ৩ লাখ ৫০ হাজাৰ ছাত্ৰীক উপকৃত কৰিব: মুখ্যমন্ত্ৰী

■ ৰাজ্য চৰকাৰে নাৰী শিক্ষাৰ ক্ষেত্ৰত যুগান্তকাৰী পদক্ষেপ গ্ৰহণ কৰি আহিছে। চৰকাৰী চাকৰিকে ধৰি ব্যক্তিগত খণ্ড তথা আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত নিয়োগৰ সুযোগ সৃষ্টি কৰি তেওঁলোকক সফলতাৰ দিশে লৈ যোৱাৰ ক্ষেত্ৰত সহায় কৰা হৈছে। সৰুসজাইৰ অৰ্জুন ভোগেশ্বৰ বৰুৱা ক্রীড়া প্ৰকল্পত কালি মুখ্যমন্ত্ৰীৰ নিযুত মইনা আঁচনি...

October 27, 2025 9:24 PM

views 47

বিশিষ্ট অভিনেতা নিপন গোস্বামীৰ আজি মৃত্যু তিথি

বিশিষ্ট অভিনেতা নিপন গোস্বামীৰ আজি মৃত্যু তিথি উপলক্ষে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই গভীৰ শ্ৰদ্ধা জনাইছে। সামাজিক মাধ্যমযোগে মুখ্যমন্ত্রী ড০ শর্মাই ৰাজ্যৰ অভিনয় জগতৰ প্ৰখ্যাত শিল্পীগৰাকীৰ অভিনয়, প্ৰতিভাৰ সমান্তৰালকৈ তেখেতৰ ব্যক্তিত্বও আকৰ্ষিত কৰিছিল বুলি মত প্ৰকাশ কৰে। ড০ শৰ্মাই ককাদেউতা নাত...

October 27, 2025 9:21 PM

views 26

ডিব্ৰুগড় জিলাৰ খোৱাঙত শুশ্ৰুষা সেতু শীৰ্ষক স্বাস্থ্য শিবিৰ

ৰাজ্যৰ স্বাস্থ্য বিভাগে ৰাজ্যজুৰি আৰম্ভ কৰা শুশ্ৰুষা সেতু শীৰ্ষক স্বাস্থ্য শিবিৰৰ অংশ হিচাপে আজি ডিব্ৰুগড় জিলাৰ খোৱাং বিধানসভা সমষ্টিৰ অন্তৰ্গত কোটোহা উচ্চতৰ মাধ্যমিক বিদ্যালয়ত অনুষ্ঠিত হয়। খোৱাঙৰ বিধায়ক চক্ৰধৰ গগৈয়ে এই শিবিৰ মুকলি কৰে। শিবিৰত সমষ্টিটোৰ ১৮ বছৰৰ তলৰ প্ৰত্যেক শিশু তথা কিশোৰ-কিশোৰ...

October 27, 2025 9:19 PM

views 118

বঙাইগাঁও গ্রন্থমেলাত ষষ্ঠ দিনালৈকে ২০ লাখৰো অধিক টকাৰ গ্ৰন্থ বিক্ৰী

বঙাইগাঁৱৰ ঐতিহ্যমণ্ডিত গান্ধী ময়দানত চলি থকা বঙাইগাঁও গ্রন্থমেলাত আজি ষষ্ঠ দিনালৈকে ২০ লাখৰো অধিক টকাৰ গ্ৰন্থ বিক্ৰী হোৱা বুলি অসম প্ৰকাশন পৰিষদ আৰু সদৌ অসম পুথি প্ৰকাশক আৰু বিক্রেতা সংস্থাই প্ৰকাশ কৰিছে। আজি গ্ৰন্থমেলাৰ প্ৰাংগণত জুবিন গাৰ্গ সোঁৱৰণী অস্থায়ী প্রেক্ষাগৃহত এখন কবি সন্মিলনৰো আয়োজন কৰ...

October 27, 2025 9:18 PM

views 58

আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ উপ-সঞ্চালক প্ৰধান আৰু কেন্দ্ৰটোৰ মুৰব্বী হিচাপে কাৰ্যভাৰ ভাৰতীয় সম্প্ৰচাৰ অভিযান্ত্ৰিক সেৱাৰ জ্যেষ্ঠ বিষয়া ৰবীন চন্দ্ৰ বড়োৰ

ভাৰতীয় সম্প্ৰচাৰ অভিযান্ত্ৰিক সেৱাৰ জ্যেষ্ঠ বিষয়া ৰবীন চন্দ্ৰ বড়োৱে আজি আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ উপ-সঞ্চালক প্ৰধান আৰু কেন্দ্ৰটোৰ মুৰব্বী হিচাপে কাৰ্যভাৰ গ্ৰহণ কৰিছে। তেওঁ উপ-সঞ্চালক প্রধান ৱালিউল্লাহ খানৰ পৰা কাৰ্যভাৰ গ্ৰহণ কৰে। উল্লেখযোগ্য যে অভিযান্ত্ৰিক শাখাৰ জ্যেষ্ঠ বিষয়া শ্ৰীবড়োৱে ইয়াৰ...

October 27, 2025 9:14 PM

views 43

দেশৰ ভিতৰত আটাইতকৈ কম দুর্নীতি হোৱা ৰাজ্যৰ তালিকাত দ্বিতীয় স্থানত মিজোৰাম

মিজোৰামে দেশৰ ভিতৰত আটাইতকৈ কম দুর্নীতি হোৱা ৰাজ্যৰ তালিকাত দ্বিতীয় স্থান দখল কৰিছে। এই তালিকাত লাক্ষাদ্বীপ প্রথম স্থানত আছে। ৰাজ্যখনৰ মুখ্যমন্ত্ৰী পু লালদুঅ'মাই সতর্কতা সজাগতা সপ্তাহ ২০২৫ উপলক্ষে এই কথা ঘোষণা কৰে। এই সফলতাৰ ক্ষেত্ৰত ৰাজ্যখনৰ চৰকাৰৰ সুপ্ৰশাসন আৰু স্বচ্ছতাৰ নীতিয়ে অৰিহণা যোগাইছে বু...

October 27, 2025 9:03 PM

views 51

বীৰ লাচিত সেনা নামৰ সংগঠনৰ মুখ্য সচিব ৰন্টু পানী ফুকন আৰু কেন্দ্ৰীয় সমিতিৰ সদস্য তন্ময় ফুকনক আটক

গুৱাহাটী মহানগৰীৰ দিশপুৰ আৰক্ষীয়ে আজি সংবাদ মেল সম্বোধন কৰি থকা অৱস্থাতে বীৰ লাচিত সেনা নামৰ সংগঠনৰ মুখ্য সচিব ৰণ্টু পানী ফুকন আৰু কেন্দ্ৰীয় সমিতিৰ সদস্য তন্ময় ফুকনক আটক কৰে। সংগঠনৰ দুয়োগৰাকী নেতাক আটক কৰি আৰক্ষীয়ে দিশপুৰ থানাত দুয়োকে সোধা-পোচা অব্যাহত ৰাখিছে। উল্লেখযোগ্য যে ধন দাবী আৰু অপহৰণৰ...

October 27, 2025 8:56 PM

views 42

অসম বিধানসভাৰ শীতকালীন অধিৱেশন দিশপুৰত অহা ২৫ নৱেম্বৰত আৰম্ভ হ’ব

অসম বিধানসভাৰ শীতকালীন অধিৱেশন দিশপুৰত অহা ২৫ নৱেম্বৰত আৰম্ভ হ'ব। ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যৰ ভাষণেৰে আৰম্ভ হ'বলগীয়া এইবাৰৰ অধিৱেশনত কেইবাখনো বিধেয়ক উত্থাপন কৰাৰ উপৰি গুৰুত্বপূৰ্ণ প্ৰতিবেদন দাখিল কৰা হ'ব। ৰাজ্য চৰকাৰে বিধানসভাৰ শীতকালীন অধিৱেশনত লাভ জেহাদ, বহু বিবাহৰ বিৰুদ্ধে বিধেয়ক আৰু সত্ৰৰ...

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।