আঞ্চলিক সংবাদ

October 1, 2025 9:12 PM October 1, 2025 9:12 PM

views 28

অসম চৰকাৰৰ উদ্যোগত যোৰহাটবাসী ৰাইজৰ সহযোগত যোৰহাট ষ্টেডিয়ামত শিল্পী জুবিন গাৰ্গৰ আদ্যশ্ৰাদ্ধৰ পাছৰ মাংগলিক অনুষ্ঠানৰ আয়োজন

যোৰহাটত ৰাজহুৱাকৈ অসম চৰকাৰৰ উদ্যোগত আৰু যোৰহাটবাসী ৰাইজৰ সহযোগত আজি যোৰহাট ষ্টেডিয়ামত শিল্পী জুবিন গাৰ্গৰ আদ্যশ্ৰাদ্ধৰ পাছৰ মাংগলিক অনুষ্ঠানৰ আয়োজন কৰা হৈছে। ইয়াৰ লগতে জুবিন গাৰ্গৰ চিতাভস্মত ৰাজহুৱা শ্ৰদ্ধাঞ্জলি জ্ঞাপনৰো ব্যৱস্থা কৰা হৈছে। যোৰহাটবাসী তথা শিল্পী জুবিন গাৰ্গৰ অগণন অনুৰাগীয়ে সৰ্বধ...

October 1, 2025 9:04 PM October 1, 2025 9:04 PM

views 48

মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ ৫৭৭ সংখ্যক জয়ন্তী বৰ্ণাঢ্য কাৰ্যসূচীৰে মহাপুৰুষজনাৰ তিৰোভাৱ ক্ষেত্ৰ কোচ বিহাৰৰ মধুপুৰ সত্ৰত পালন কৰা হ’ব

মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ ৫৭৭ সংখ্যক জয়ন্তী কাইলৈ বৰ্ণাঢ্য কাৰ্যসূচীৰে মহাপুৰুষজনাৰ তিৰোভাৱ ক্ষেত্ৰ কোচ বিহাৰৰ মধুপুৰ সত্ৰত পালন কৰা হ'ব। মধুপুৰ সত্ৰৰ লগতে উত্তৰ বংগৰ সত্ৰ আৰু নামঘৰসমূহৰ সমন্বয়ৰক্ষী সমিতিৰ প্ৰচাৰ সম্পাদক যুগান্ত বায়নে জনোৱা অনুযায়ী প্রভাতী বন্দনাৰে কালিৰ দিনটো কাৰ্যসূচী আৰম্ভ হ...

October 1, 2025 9:01 PM October 1, 2025 9:01 PM

views 17

নাগালেণ্ডত নেৰা নেপেৰা বৰষুণৰ ফলত নিপকোৰ দৈয়াং নদীৰ বান্ধৰ পানীৰ স্তৰ ক্ৰমাৎ বৃদ্ধি

চুবুৰীয়া ৰাজ্য নাগালেণ্ডত হোৱা নেৰা নেপেৰা বৰষুণৰ ফলত নিপকোৰ দৈয়াং নদীৰ বান্ধৰ পানীৰ স্তৰ বৃদ্ধি পাইছে। ইয়াৰ ফলত বান্ধৰ ৪খনকৈ গেট খোলা হৈছে বুলি নিপকোৰ তৰফৰ পৰা জনোৱা হৈছে। অতিৰিক্ত পানী দৈয়াং নদীৰ জৰিয়তে ধনশিৰি নদীলৈ প্ৰবাহিত কৰা হ'ব বুলি নিপকো কর্তৃপক্ষই জানিবলৈ দিছে। গোলাঘাট জিলা প্ৰশাসনে জি...

October 1, 2025 9:00 PM October 1, 2025 9:00 PM

views 20

ধেমাজি জিলাৰ ৩৭ সংখ্যক প্ৰতিষ্ঠা দিৱস উপলক্ষে জিলা প্রশাসনৰ বিভিন্ন কাৰ্যসূচীৰ আয়োজন

ধেমাজি জিলাৰ ৩৭ সংখ্যক প্ৰতিষ্ঠা দিৱস উপলক্ষে আজি জিলা প্রশাসনে ধেমাজি ৰাজহুৱা প্ৰেক্ষাগৃহত বিভিন্ন কাৰ্যসূচীৰ আয়োজন কৰে। ১৯৮৯ চনৰ ১ অক্টোবৰত ধেমাজিক পূৰ্ণাংগ জিলা হিচাপে ঘোষণা কৰা হৈছিল। জিলাখনৰ প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি আজি বিদ্যালয় পৰ্যায়ত ছাত্ৰ-ছাত্ৰীসকলৰ মাজত চিত্ৰাংকন আৰু ৰচনা প্ৰতিযোগ...

October 1, 2025 8:57 PM October 1, 2025 8:57 PM

views 33

আৰক্ষী দিৱস উপলক্ষে আৰক্ষীত কৰ্মৰত সকলো বিষয়া, জোৱানলৈ শুভেচ্ছা আৰু কৃতজ্ঞতা জ্ঞাপন মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ

আজি অসম আৰক্ষী দিৱস। জনসাধাৰণৰ শান্তি, সুৰক্ষা আৰু নিৰাপত্তাৰ হকে নিৰৱচ্ছিন্নভাৱে কাম কৰি যোৱা অসম আৰক্ষীৰ বীৰত্ব আৰু সমৰ্পণৰ প্ৰতি সন্মান জনাই এই দিৱস পালন কৰা হয়। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই অসম আৰক্ষী দিৱস উপলক্ষে আৰক্ষীত কৰ্মৰত সকলো বিষয়া, জোৱানলৈ শুভেচ্ছা আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছে। তে...

October 1, 2025 8:54 PM October 1, 2025 8:54 PM

views 20

প্ৰাচীন দেৱালয়সমূহত নৱৰাত্ৰিৰ প্ৰথম দিনাৰে পৰা যথাবিহিত ৰীতি-নীতিৰে দেৱী দুৰ্গাৰ পূজা-অৰ্চনা কৰা হৈছে

শাৰদীয় দুর্গাপূজাৰ আজি মহা নৱমীত দেৱীক সিদ্ধিদাত্ৰী ৰূপত পূজা-অৰ্চনা কৰা হয়। দেৱীৰ এই ৰূপে আধ্যাত্মিক জ্ঞান আৰু মহৎ শক্তিক প্ৰতিফলিত কৰে। জনপ্রিয় শিল্পী জুবিন গাৰ্গৰ বিয়োগত ৰাজ্যজুৰি সৃষ্টি হোৱা শোকাকুল পৰিস্থিতিৰ মাজতে পৰম্পৰা ৰক্ষা কৰি জনসাধাৰণে মহিষ মর্দিনীৰ আৰাধনা কৰিছে। ৰাজ্যৰ প্ৰতিখন পূজা ...

October 1, 2025 7:12 PM October 1, 2025 7:12 PM

views 25

আজি অসম আৰক্ষী দিৱস

আজি অসম আৰক্ষী দিৱস। জনসাধাৰণৰ শান্তি, সুৰক্ষা আৰু নিৰাপত্তাৰ হকে নিৰৱচ্ছিন্নভাৱে কাম কৰি যোৱা অসম আৰক্ষীৰ বীৰত্ব আৰু সমৰ্পণৰ প্ৰতি সন্মান জনাই এই দিৱস পালন কৰা হয়। মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই অসম আৰক্ষী দিৱস উপলক্ষে আৰক্ষীত কৰ্মৰত সকলো বিষয়া, জোৱানলৈ শুভেচ্ছা আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছে। তে...

October 1, 2025 7:08 PM October 1, 2025 7:08 PM

views 23

কেন্দ্ৰীয় মন্ত্রীসভাই ৭১৫ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ কলিয়াবৰ-নুমলীগড় অংশৰ সম্প্ৰসাৰনেৰে চাৰিলেনলৈ উন্নীতৰ বাবে অনুমোদন জনাইছে

কেন্দ্ৰীয় মন্ত্রীসভাই ৭১৫ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ কলিয়াবৰ-নুমলীগড় অংশৰ সম্প্ৰসাৰণ কৰি চাৰিলেনলৈ উন্নীত কৰাৰ বাবে অনুমোদন জনাইছে। মুঠ ৬,৯৫৭ কোটি টকা ব্যয়ৰে এই ৮৫ কিলোমিটাৰ দৈৰ্ঘ্যৰ পথছোৱা সম্প্ৰসাৰণ কৰা হ'ব। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ মাজেৰে যোৱা এই পথছোৱা নিৰ্মাণৰ ক্ষেত্ৰত বন্যপ্ৰাণী অনুকূল ব্যৱ...

October 1, 2025 7:02 PM October 1, 2025 7:02 PM

views 40

শাৰদীয় দুর্গাপূজাৰ আজি মহা নৱমীত দেৱীক সিদ্ধিদাত্ৰী ৰূপত পূজা-অৰ্চনা

শাৰদীয় দুর্গাপূজাৰ আজি মহা নৱমীত দেৱীক সিদ্ধিদাত্ৰী ৰূপত পূজা-অৰ্চনা কৰা হয়। দেৱীৰ এই ৰূপে আধ্যাত্মিক জ্ঞান আৰু মহৎ শক্তিক প্ৰতিফলিত কৰে। জনপ্রিয় শিল্পী জুবিন গাৰ্গৰ বিয়োগত ৰাজ্যজুৰি সৃষ্টি হোৱা শোকাকুল পৰিস্থিতিৰ মাজতে পৰম্পৰা ৰক্ষা কৰি জনসাধাৰণে মহিষ মর্দিনীৰ আৰাধনা কৰিছে। ৰাজ্যৰ প্ৰতিখন পূজা ...

October 1, 2025 6:56 PM October 1, 2025 6:56 PM

views 47

শ্যামকানু মহন্ত আৰু মেনেজাৰ সিদ্ধাৰ্থ শৰ্মাক আজি পুৱা মুখ্য ন্যায়িক দণ্ডাধীশৰ সন্মুখত হাজিৰ

জনতাৰ প্ৰিয় শিল্পী জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ ঘটনা সন্দৰ্ভত যোৱানিশা এছ আই টিয়ে গ্ৰেপ্তাৰ কৰা অভিযুক্ত শ্যামকানু মহন্ত আৰু শিল্পীজনৰ মেনেজাৰ সিদ্ধাৰ্থ শৰ্মাক আজি পুৱা মুখ্য ন্যায়িক দণ্ডাধীশৰ সন্মুখত হাজিৰ কৰোৱা হয়। দণ্ডাধীশে দুয়োকে ১৪ দিনৰ বাবে আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ কৰে। উল্লেখযোগ্য যে আজি...

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।