আঞ্চলিক সংবাদ

October 28, 2025 7:05 PM

views 59

অৰুণোদয় তৃতীয় পর্যায় আৰু মুখ্যমন্ত্ৰীৰ এটি কলি দুটি পাত শীর্ষক আঁচনি সন্দৰ্ভত ডিব্ৰুগড়ত পর্যালোচনা বৈঠক

ডিব্ৰুগড় জিলাৰ অভিভাৱক মন্ত্রী যোগেন মহনৰ উপস্থিতিত আজি ৰাজ্য চৰকাৰৰ অভিলাষী আঁচনি অৰুণোদয় তৃতীয় পর্যায় আৰু মুখ্যমন্ত্ৰীৰ এটি কলি দুটি পাত শীর্ষক আঁচনি দুখনৰ সঠিক ৰূপায়ণ সন্দৰ্ভত জিলা আয়ুক্তৰ কাৰ্যালয়ত এখন পর্যালোচনা বৈঠক অনুষ্ঠিত হয়। বৈঠকত মন্ত্রী প্রশান্ত ফুকন আৰু জিলা আযুক্ত বিক্রম কৈৰী উপস্থিত ...

October 28, 2025 7:03 PM

views 25

দুদিনীয়া কাৰ্যসূচীৰে ৰাজ্যত পালন কৰা ষট্ পূজাৰ সামৰণি

দুদিনীয়া কাৰ্যসূচীৰে ৰাজ্যত পালন কৰা ষট্ পূজাৰ আজি সামৰণি পৰে। পূজা উপলক্ষে কালি ৰাজ্যখনত বাস কৰা হিন্দীভাষী উত্তৰ-ভাৰতীয় লোকসকলে বিভিন্ন প্রান্তৰ নৈৰ পাৰ, ঘাটসমূহত নৈবদ্য আগবঢ়াই আৰাধনা কৰে। কালি নিশাটো বিভিন্ন সাংস্কৃতিক আৰু আধ্যাত্মিক কাৰ্যসূচীৰ মাজেৰে নৈৰ ঘাটতে থাকি ভক্তসকলে আজি পুৱা উদিত সূৰ্য্...

October 28, 2025 6:59 PM

views 31

তদাৰকী সজাগতা সপ্তাহ উপলক্ষে পাৱাৰগ্ৰীড কর্পোৰেচন অফ ইণ্ডিয়া লিমিটেডৰ উদ্যোগত পদযাত্রা

তদাৰকী সজাগতা সপ্তাহ উপলক্ষে আজি পাৱাৰগ্ৰীড কর্পোৰেচন অফ ইণ্ডিয়া লিমিটেডৰ উদ্যোগত প্রতিষ্ঠানটোৰ গুৱাহাটীৰ কাহিলিপাৰাস্থিত কাৰ্যালয়ৰ পৰা এ এছ ই বি ছাব ষ্টেচনলৈকে পদযাত্রা উলিওৱা হয়। প্রতিষ্ঠানটোৰ কৰ্মচাৰীসকলে বিভিন্ন শ্লোগন সম্বলিত বেনাৰ, পোষ্টাৰ লৈ পদযাত্ৰা কাৰ্যসূচীত অংশগ্ৰহণ কৰি সমাজৰ পৰা দুর্নীতি...

October 28, 2025 6:56 PM

views 34

তিৱা জনগোষ্ঠীৰ অন্যতম উৎসৱ অষ্টাদশ লাংখন উৎসৱ উদযাপন

পশ্চিম কাৰ্বি আংলঙৰ ৰংখাং তিৱা সাংস্কৃতিক আঞ্চলিক সমিতিৰ উদ্যোগত আজি তিৱা জনগোষ্ঠীৰ অন্যতম উৎসৱ অষ্টাদশ লাংখন উৎসৱ উদযাপন কৰা হয়। তিৱা জনগোষ্ঠীৰ পৰম্পৰাগত লখিমীক আদৰা এই উৎসৱৰ লগত সংগতি ৰাখি সাতডাল লাংখন অর্থাৎ বাঁহেৰে সাতপুৰুষক শ্রদ্ধাঞ্জলি জনোৱা হয়। জিলাখনৰ তৰাডুবিৰ বৰঘাটত অনুষ্ঠিত এই উৎসৱৰ লগত সং...

October 28, 2025 7:56 PM

views 25

মুখ্যমন্ত্রী মহিলা উদ্যমিতা অভিযানৰ অধীনত কলিয়াবৰত উদ্যমিতা পুঁজিৰ চেক বিতৰণ

মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই আজি মুখ্যমন্ত্রী মহিলা উদ্যমিতা অভিযানৰ অধীনত কলিয়াবৰ বিধানসভা সমষ্টিৰ মুঠ ৩২ হাজাৰ ৪৮২ গৰাকী হিতাধিকাৰীলৈ উদ্যমিতা পুঁজিৰ চেক বিতৰণৰ শুভাৰম্ভ কৰে। এই উপলক্ষে কলিয়াবৰৰ ডা০ টি আও ষ্টেডিয়ামত আয়োজিত জনসভাত ভাষণ দি মুখ্যমন্ত্রী ড০ শৰ্মাই কয়, যে ৰাজ্যত বর্তমান প্রায় ৪ ...

October 28, 2025 11:16 AM

views 51

ডিব্ৰুগড়ৰ জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহত ডিব্ৰুগড় জিলা প্ৰতিষ্ঠা দিৱস পালন

ডিব্ৰুগড় জিলা প্ৰশাসনৰ উদ্যোগত কালি ডিব্ৰুগড়ৰ জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহত ডিব্ৰুগড় জিলা প্ৰতিষ্ঠা দিৱস অনুষ্ঠিত হয়। যোৱা দুই অক্টোবৰত জিলা প্ৰতিষ্ঠা দিৱস পালন কৰা হৈছিল যদিও কালি এই দিৱস বিস্তৃত কাৰ্যসূচীৰে আয়োজন কৰা হয়। কাৰ্যসূচীৰ আৰম্ভণিতে জুবিন গাৰ্গলৈ শ্ৰদ্ধা জনোৱাৰ লগতে জিলা প্ৰশাসনৰ আটাই...

October 28, 2025 11:06 AM

views 134

কাছাৰত পুনৰ এগৰাকী ভুৱা চিকিৎসকক গ্ৰেপ্তাৰ

● কাছাৰ আৰক্ষীয়ে কালি কাছাৰত পুনৰ এগৰাকী ভুৱা চিকিৎসকক গ্ৰেপ্তাৰ কৰে। ইয়াকে ধৰি জিলাখনত গ্ৰেপ্তাৰ হোৱা ভুৱা চিকিৎসকৰ সংখ্যা ১৫লৈ বৃদ্ধি হৈছে। বিগত কেইবাটাও দিনত আৰক্ষীয়ে জিলাখনত ভুৱা চিকিৎসকৰ সন্ধানত অভিযান চলাই আহিছে। এই অভিযানত আৰক্ষীয়ে কালি সোণাই থানাৰ অন্তৰ্গত নগদিগ্ৰামৰ বাসিন্দা ডাঃ ৰাজুল হ...

October 28, 2025 11:03 AM

views 118

কপিলী মহাবিদ্যালয় খেলপথাৰত শুশ্রুষা সেঁতু শীৰ্ষক স্বাস্থ্য শিবিৰ

● পার্বত্য জিলা পশ্চিম কাৰ্বি আংলঙৰ ১১১ নম্বৰ ৰংখাং বিধানসভা সমষ্টিৰ অন্তৰ্গত খেনিস্থিত কপিলী মহাবিদ্যালয় খেলপথাৰত আজি শুশ্রুষা সেঁতু শীৰ্ষক এটা স্বাস্থ্য শিবিৰ আয়োজন কৰা হৈছে। বিধায়ক ৰূপ সিং টেনে এই শিবিৰ মুকলি কৰিব। ১৮ বছৰ অনুৰ্ধ ৩৫ হাজাৰৰো অধিক ৰোগীক এই শিবিৰত স্বাস্থ্য পৰীক্ষাৰ লক্ষ্য লোৱা হৈ...

October 28, 2025 11:01 AM

views 32

ষট্ পূজা উপলক্ষে উত্তৰ-ভাৰতীয় লোকসকলৰ বিভিন্ন প্ৰান্তৰ নৈৰ পাৰ, ঘাটসমূহত নৈবদ্য আগবঢ়াই আৰাধনা

■ ষট্ পূজা উপলক্ষে কালি ৰাজ্যখনত বাস কৰা হিন্দীভাষী উত্তৰ-ভাৰতীয় লোকসকলে বিভিন্ন প্ৰান্তৰ নৈৰ পাৰ, ঘাটসমূহত নৈবদ্য আগবঢ়াই আৰাধনা কৰিবলৈ সমবেত হয়। কালি নিশাটো বিভিন্ন সাংস্কৃতিক কাৰ্যসূচীৰ মাজেৰে নৈৰ ঘাটতে থাকি ভক্তসকলে আজি পুৱা উদিত সূৰ্য্যক প্রণাম কৰি পূজা-অৰ্চনা আগবঢ়ায়। ইয়াৰ লগে লগে আজি পূজা...

October 28, 2025 10:56 AM

views 53

নেলীত ২৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত পথ দুৰ্ঘটনাত ৩জন লোক থিতাতে নিহত

■ মৰিগাঁও জিলাৰ নেলীত ২৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত আজি পুৱতি নিশা সংঘটিত এটা পথ দুৰ্ঘটনাত তিনিজন লোক থিতাতে নিহত হয়। নিহত লোককেইজন চিকিৎসক ডাঃ কণ্ঠেশ্বৰ বৰদলৈ, মানস মহন্ত, আশ্বিক হুছেইন বুলি জানিব পৰা গৈছে। উল্লেখযোগ যে জাগীৰোডৰ পৰা নগাঁও অভিমুখে গৈ থকা তেওঁলোকৰ বাহনখন পথৰ দাঁতিত নিয়ন্ত্ৰণ হেৰুৱাই ৰ...

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।