আঞ্চলিক সংবাদ

October 29, 2025 8:31 PM

views 34

বঙাইগাঁও জিলাৰ গান্ধী ময়দানত অনুষ্ঠিত অসম গ্ৰন্থমেলাৰ সামৰণি

অসম প্ৰকাশন পৰিষদ আৰু সদৌ অসম পুথি প্ৰকাশক আৰু বিক্রেতা সংস্থাৰ উদ্যোগত যোৱা ২২ অক্টোবৰৰ পৰা বঙাইগাঁও জিলাৰ গান্ধী ময়দানত অনুষ্ঠিত অসম গ্ৰন্থমেলাৰ আজি সামৰণি পৰিব। গ্ৰন্থমেলাৰ আজি সামৰণি সভাত শিক্ষামন্ত্রী তথা অসম প্ৰকাশন পৰিষদৰ অধ্যক্ষ ডাঃ ৰণোজ পেগুৱে অংশগ্ৰহণ কৰে। ডাঃ পেগুৱে তেওঁৰ ভাষণত কয়, যে গ...

October 29, 2025 8:28 PM

views 79

পূৰ্ণ গতিত চলি আছে শ্ৰীকৃষ্ণৰ ৰাস মহোৎসৱৰ আখৰা

ৰাজ্যৰ বিভিন্ন প্ৰান্তত শ্ৰীকৃষ্ণৰ ৰাস মহোৎসৱ পালন কৰাৰ উদ্দেশ্যে আখৰা পূৰ্ণ গতিত চলি আছে। সন্ধিয়া বিভিন্ন অঞ্চলত স্থানীয় বয়োজ্যেষ্ঠ, যুৱক-যুৱতীসকলে ৰাসৰ আখৰা চলাই আছে। মাজুলীৰ বিভিন্ন স্থানত অহা ৪ নৱেম্বৰৰ পৰা ৰাস মহোৎসৱৰ আয়োজন কৰা হৈছে। আউনীআটি সত্ৰত অহা ৬ নৱেম্বৰত ৰাস মহোৎসৱৰ আয়োজন কৰা হৈছে।...

October 29, 2025 8:25 PM

views 20

নিখিল বড়ো ছাত্ৰ সন্থাৰ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ

২০২০ চনৰ বড়ো চুক্তিৰ সকলো দফা ৰূপায়ণৰ দাবীৰে আজি নিখিল বড়ো ছাত্ৰ সন্থা, এবছুৱে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে। কোকৰাঝাৰত বডোফা শিশু উদ্যানৰ পৰা প্ৰতিবাদকাৰীসকলে কোকৰাঝাৰ উচ্চতৰ মাধ্যমিক আৰু উচ্চ মাধ্যমিক বিদ্যালয়ৰ খেল পথাৰলৈ সমদল উলিয়ায়। এবছুৱে কোকৰাঝাৰ জিলা আয়ুক্তৰ জৰিয়তে কেন্দ্ৰীয় গৃহমন্...

October 29, 2025 8:22 PM

views 52

সজাগতা বৃদ্ধিৰ লক্ষ্যৰে অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ উদ্যোগৰ মকড্রিল কাৰ্যসূচী

ৰাষ্ট্ৰীয় বিদ্যালয় সুৰক্ষা নীতি, ২০১৬ৰ অংশ হিচাপে অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ উদ্যোগত ৰাজ্যৰ ৩৫ খন জিলাৰ এহেজাৰ ৯৩৬ খন বিদ্যালয়ত দুর্যোগ প্রস্তুতি আৰু এই ক্ষেত্ৰত সজাগতা বৃদ্ধিৰ লক্ষ্যৰে মকড্রিল কাৰ্যসূচী অনুষ্ঠিত কৰা হয়। গোলাঘাট জিলাৰ ৮৭ খন বিদ্যালয়ত এই কার্যসূচী সফলতাৰে সম্পন্ন...

October 29, 2025 8:19 PM

views 17

বিশ্বনাথৰ বিভিন্ন বিভাগৰ শীৰ্ষ বিষয়াসকলৰে কেন্দ্ৰীয় ৰাজ্য মন্ত্ৰী শোভা কৰণ্ডলাজৰ বৈঠক

ক্ষুদ্ৰ, লঘু আৰু মজলীয়া উদ্যোগ তথা শ্ৰম আৰু নিয়োগ দপ্তৰৰ কেন্দ্ৰীয় ৰাজ্য মন্ত্ৰী শোভা কৰণ্ডলাজে আজি বিশ্বনাথ জিলাৰ বিভিন্ন বিভাগৰ শীৰ্ষ বিষয়াসকলৰ সৈতে এখন বৈঠকত মিলিত হৈ জিলাখনৰ বিভিন্ন উন্নয়নমূলক কাম-কাজৰ পৰ্যালোচনা কৰে। কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে ইয়াৰ পাছত জিলা আয়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত আ...

October 29, 2025 8:12 PM

views 18

এছ আই টিৰ জুবিন গাৰ্গৰ মৃত্যুৰ তদন্ত প্ৰক্ৰিয়া প্ৰায় সম্পূৰ্ণ : মুখ্যমন্ত্রী

মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই বিশেষ তদন্তকাৰী দল এছ আই টিয়ে জুবিন গাৰ্গৰ মৃত্যুৰ তদন্ত প্ৰক্ৰিয়া প্ৰায় সম্পূৰ্ণ কৰিছে বুলি প্ৰকাশ কৰিছে। সংবাদ মাধ্যমৰ আগত এইকথা প্ৰকাশ কৰি ড০ শৰ্মাই কয়, যে অতি সোনকালেই অভিযোগনামা আদালতত দাখিল কৰা হ'ব। বিশেষ তদন্ত গোটৰ মুৰববী মুন্না প্ৰসাদ গুপ্তাই আজি সংবাদ...

October 29, 2025 8:05 PM

views 37

মুখ্যমন্ত্ৰী লোকসেৱক আৰোগ্য যোজনা আঁচনি আনুষ্ঠানিকভাৱে মুকলি

মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই আজি লোকসেৱা ভৱনত আয়োজিত এটা অনুষ্ঠানত মুখ্যমন্ত্ৰী লোকসেৱক আৰোগ্য যোজনা আঁচনি আনুষ্ঠানিকভাৱে মুকলি কৰে। আয়ুষ্মান অসম মুখ্যমন্ত্রী লোকসেৱক আৰোগ্য যোজনাৰ অধীনত ৰাজ্য চৰকাৰৰ কৰ্মচাৰী, পেঞ্চনাৰ আৰু তেওঁলোকৰ ওপৰত নিৰ্ভৰশীল পৰিয়ালৰ সদস্যসকলে নগদবিহীন চিকিৎসা সেৱা লাভ...

October 29, 2025 11:44 AM

views 37

জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনাৰ সন্দৰ্ভত এছ আই টিৰ ওচৰত সাক্ষ্য প্ৰদান বিশিষ্ট সাহিত্যিক ড০ ৰীতা চৌধুৰীৰ

বিশিষ্ট সাহিত্যিক ড০ ৰীতা চৌধুৰীয়েও কালি জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনাৰ সন্দৰ্ভত চলি থকা তদন্তৰ প্ৰক্ৰিয়াত সহযোগিতা আগবঢ়াই গুৱাহাটীৰ উলুবাৰীৰ চি আই ডিৰ কাৰ্যালয়ত উপস্থিত হৈ এছ আই টিৰ ওচৰত সাক্ষ্য প্ৰদান কৰে। জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনা সন্দৰ্ভত চলি থকা গোচৰত কালি চাংসাৰি আঞ্চলিক ৰঙালী বিহুৰ বিষয়ববীয়...

October 29, 2025 11:41 AM

views 36

দুদিনীয়া কাৰ্যসূচীৰে কাইলৈৰ পৰা মুখ্যমন্ত্ৰীৰ লখিমপুৰ জিলা ভ্ৰমণ

মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই কাইলৈৰ পৰা দুদিনীয়া কাৰ্যসূচীৰে লখিমপুৰ জিলা ভ্ৰমণ কৰিব। ইয়াৰ পৰিপ্ৰেক্ষিতত জিলা আয়ুক্ত প্ৰণৱজিৎ কাকতি, আৰক্ষী অধীক্ষক গুণেন্দ্ৰ ডেকা আৰু স্বানীয় বিধায়ক মানৱ ডেকাৰ লগতে বিভিন্ন বিভাগৰ উচ্চ পদস্থ বিষয়াসকলে মুখ্যমন্ত্ৰীগৰাকীয়ে ভ্ৰমণ কৰিবলগীয়া স্থানসমূহ পৰিদৰ...

October 29, 2025 11:40 AM

views 48

কলিয়াবৰৰ শিলঘাট কামাখ্যা সংৰক্ষিত বনাঞ্চলত এটা গঁড়ৰ মৃতদেহ উদ্ধাৰ

খাদ্যৰ সন্ধানত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ পৰা ওলাই আহি কলিয়াবৰৰ শিলঘাট কামাখ্যা সংৰক্ষিত বনাঞ্চলত আশ্ৰয় লৈ থকা এটা গঁড়ৰ মৃতদেহ আজি পুৱা উদ্ধাৰ কৰা হয়। কলিয়াবৰ চাহ বাগিচাৰ কাষত আজি পুৱা স্থানীয় লোকে গঁড়টোৰ মৃতদেহ প্রত্যক্ষ কৰে। শিলঘাটৰ বন বিভাগৰ কৰ্মচাৰীসকল ঘটনাস্থলীত উপস্থিত হৈ ইতিমধ্যে তদন্ত...

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।