আঞ্চলিক সংবাদ

October 6, 2025 1:02 PM October 6, 2025 1:02 PM

views 23

গুৱাহাটীৰ আমিনগাঁৱত আজিৰ পৰা বিশ্ব জুনিয়ৰ বেডমিণ্টন চেম্পিয়নশ্বিপ

গুৱাহাটীৰ আমিনগাঁৱত আজিৰ পৰা বিশ্ব জুনিয়ৰ বেডমিণ্টন চেম্পিয়নশ্বিপ অনুষ্ঠিত হ'ব। ১৭ বছৰৰ পাছত দেশত এই প্রতিযোগিতাৰ আয়োজন কৰা হৈছে। প্ৰতিযোগিতাত চীন, জাপান, ছিংগাপুৰ, ফিলিপিন্স, ইণ্ডোনেছিয়া, মালয়েছিয়া, ফ্রান্স, নেডাৰলেণ্ডছ, অষ্ট্ৰেলিয়া, কানাডা আৰু ডেনমার্ককে ধৰি ৪৩ খন দেশৰ ৪৫২ গৰাকী খেলুৱৈয়ে অ...

October 6, 2025 1:00 PM October 6, 2025 1:00 PM

views 16

মহিলাৰ এদিনীয়া ক্রিকেট বিশ্বকাপৰ এখন খেলত পাকিস্তানক ৮৮ ৰানত পৰাস্ত ভাৰতৰ

কলম্বোৰ আৰ প্ৰেমাদাছা ষ্টেডিয়ামত অনুষ্ঠিত মহিলাৰ এদিনীয়া ক্রিকেট বিশ্বকাপৰ এখন খেলত কালি ভাৰতে পাকিস্তানক ৮৮ ৰানত পৰাস্ত কৰে। ভাৰতে প্ৰথমে বেট ধৰি নিৰ্ধাৰিত ৫০ অভাৰত আটাইকেইটা উইকেট হেৰুৱাই ২৪৭ ৰান সংগ্ৰহ কৰে। প্ৰত্যুত্তৰত পাকিস্তানে ৩৩ অভাৰতে আটাইকেইটা হেৰুৱাই কেৱল ১৫৯ ৰানহে কৰিবলৈ সমৰ্থ হয়। ভাৰ...

October 6, 2025 12:39 PM October 6, 2025 12:39 PM

views 23

গুৱাহাটী আৰু ইয়াৰ উপকণ্ঠ অঞ্চলত অহা ২৪ ঘণ্টাত বতৰ ডাৱৰীয়া হৈ থাকিব

স্থানীয় বতৰৰ আগলি বতৰা অনুসৰি অহা ২৪ ঘণ্টাত গুৱাহাটী আৰু ইয়াৰ উপকণ্ঠ অঞ্চলত বতৰ ডাৱৰীয়া হৈ থাকিব। এই সময়ছোৱাত ঘণ্টাত ৪০ৰ পৰা ৫০ কিলোমিটাৰ বেগেৰে অহা বতাহৰ সৈতে বিজুলী-ঢেৰেকনিৰে বৰষুণ হোৱাৰ সম্ভাৱনা আছে। আজি গুৱাহাটীৰ তাপমাত্রা সর্বোচ্চ ৩২ ডিগ্ৰী চেলছিয়াছ আৰু সৰ্বনিম্ন ২৫ ডিগ্ৰী চেলছিয়াছ হ'ব পা...

October 6, 2025 12:30 PM October 6, 2025 12:30 PM

views 29

শিল্পী জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনাৰ তদন্ত অব্যাহত; ন্যায়িক তদন্ত আয়োগৰো তদন্ত আৰম্ভ

শিল্পী জুবিন গাৰ্গৰ ছিংগাপুৰত ৰহস্যজনক মৃত্যুৰ ঘটনাৰ তদন্ত অব্যাহত আছে। চি আই ডি আৰু এছ আই টিৰ তদন্তৰ মাজতে ৰাজ্য চৰকাৰে নতুনকৈ গঠন কৰা ন্যায়িক তদন্ত আয়োগেও তদন্ত প্ৰক্ৰিয়া আৰম্ভ কৰিছে। কালি চি আই ডি কার্যালয়ত পৃথকে পৃথকে জুবিন গাৰ্গৰ সহশিল্পী, বাদ্যযন্ত্রী, দেহৰক্ষী আৰু চালককে ১২ জন লোকক জেৰা ক...

October 6, 2025 12:28 PM October 6, 2025 12:28 PM

views 32

ৰাজ্যত ধন আৰু সৌভাগ্যৰ দেৱী শ্ৰীশ্ৰীলক্ষ্মী দেৱীৰ পূজাৰ আয়োজন

ঐশ্বর্য বিভূতিৰ কামনাৰে আজি ৰাজ্যত ধন আৰু সৌভাগ্যৰ দেৱী শ্ৰীশ্ৰীলক্ষ্মী দেৱীৰ পূজা কৰা হ'ব। প্ৰতিবছৰৰ দৰে এইবাৰো ৰাজ্যৰ প্ৰান্তে প্রান্তে লক্ষ্মী পূজাৰ আয়োজন কৰা হৈছে। ধুবুৰী জিলাৰ ভিন্ন স্থানৰ দেৱালয়, মন্দিৰ আৰু ৰাজহুৱা পূজা মণ্ডপত লক্ষ্মী পূজাৰ আয়োজন কৰা হৈছে। জিলাখনৰ বিলাসীপাৰাৰ ৰোকাখাটা সাৰ্ব...

October 6, 2025 12:25 PM October 6, 2025 12:25 PM

views 26

বিটিচিৰ মুখ্য কাৰ্যবাহী সদস্যৰূপে বিপিএফৰ মুৰব্বী হাগ্ৰামা মহিলাৰীৰ শপতগ্ৰহণ

বিপিএফৰ মুৰব্বী হাগ্ৰামা মহিলাৰীয়ে কালি বিটিচিৰ মুখ্য কাৰ্যবাহী সদস্যৰূপে শপতগ্ৰহণ কৰে। ৰাজ্যৰ মুখ্যসচিব ৰবি কোটাৰ অনুমোদন মৰ্মে বিটিচিৰ সচিব অমৰেন্দ্ৰ ডেকাই তেওঁক পদ আৰু গোপনীয়তা ৰক্ষাৰ শপতবাক্য পাঠ কৰোৱায়। শ্রীমহিলাৰীয়ে ইংৰাজী ভাষাত শপতগ্ৰহণ কৰে । কোকৰাঝাৰৰ বডোফা নগৰৰ বিটিচি সচিবালয় খেলপথাৰত ...

October 5, 2025 8:07 PM October 5, 2025 8:07 PM

views 57

যোৰহাট জিলাৰ আয়ুক্তৰ টীয়কত হ’বলগীয়া মেগা স্বাস্থ্য শিৱিৰৰ স্থান পৰিদৰ্শন

যোৰহাট জিলাৰ আয়ুক্তই আজি টীয়ক বিধানসভা সমষ্টিৰ অন্তৰ্গত বাহনা হাইস্কুলত অনুষ্ঠিত হ'বলগীয়া মেগা স্বাস্থ্য শিৱিৰৰ স্থান পৰিদৰ্শন কৰি ইয়াৰ প্ৰস্তুতিৰ বিভিন্ন দিশ সন্দৰ্ভত বুজ লয়। এই পৰিদৰ্শন কালত আয়ুক্তগৰাকীৰ সৈতে টীয়ক আৰু মৰিয়নীৰ সম জিলাৰ আয়ুক্তদ্বয়, স্বাস্থ্য বিভাগৰ যুটীয়া সঞ্চালক আৰু সংশ্লিষ্ট বি...

October 5, 2025 7:52 PM October 5, 2025 7:52 PM

views 62

ৰাজ্যৰ বহু ঠাইত ধুমুহা বৰষুণৰ ফলত বিস্তৰ ক্ষয়ক্ষতি

ৰাজ্যৰ বহু ঠাইত ধুমুহা বৰষুণৰ ফলত বিস্তৰ ক্ষয় ক্ষতি। গোৱালপাৰা জিলাত প্রতিকূল বতৰে জনজীবন ব্যাহত কৰাৰ উপৰি বহু ঠাইত কৃত্রিম বানৰ সৃষ্টি হোৱা বুলি আমাৰ সংবাদদাতাই জনাইছে। আজি বিয়লিৰ ভাগত অহা ধুমুহাৰ ফলত গোৱালপাৰা চহৰত গছ আৰু ফলক ভাঙি পৰি বহুকেইখন বাহন ক্ষতিগ্রস্ত হয়। মানকাচৰ জিলাতো নেৰানেপেৰা বৰষুণৰ ...

October 5, 2025 7:49 PM October 5, 2025 7:49 PM

views 8

শ্রীভূমি জিলাৰ বজাৰিছড়াৰ চুৰাইবাড়ীত বহু পৰিমাণৰ নিচাজাতীয় কফ ছিৰাপ জব্দ

শ্রীভূমি জিলাৰ বজাৰিছড়াৰ চুৰাইবাড়ীত আজি বহু পৰিমাণৰ নিচাজাতীয় কফ ছিৰাপ জব্দ কৰা হৈছে। এই নিচাজাতীয় সামগ্রীখিনি পশ্চিমবংগৰ পৰা ত্ৰিপুৰালৈ এখন বাহনেৰে লৈ গৈ থকা সময়ত অসম-ত্ৰিপুৰা সীমান্তৰ চুৰাইবাড়ী চেক পোষ্টত আৰক্ষীয়ে জব্দ কৰে। ১৪৪টা কার্টনত জব্দ কৰা মুঠ ২১,৬০০ বটল কফ ছিৰাপৰ মূল্য প্রায় ২ কোটি টকা হ'ব...

October 5, 2025 7:48 PM October 5, 2025 7:48 PM

views 24

৭১ সংখ্যক বিশ্ব বন্যপ্রাণী সপ্তাহ উপলক্ষে পবিতৰা অভয়াৰণ্যত বিভিন্ন কাৰ্যসূচী অনুষ্ঠিত হয়

৭১ সংখ্যক বিশ্ব বন্যপ্রাণী সপ্তাহ উপলক্ষে আজি পবিতৰা অভয়াৰণ্যত বিভিন্ন কাৰ্যসূচী অনুষ্ঠিত কৰা হয়। এই উপলক্ষে আৰণ্যক নামৰ স্বেচ্ছাসেৱী সংগঠনটোরে আয়োজন কৰা চিত্রাংকন আৰু কুইজ প্রতিযোগিতাত মায়ঙৰ পাঁচখন বিদ্যালয়ৰ ৭৫ গৰাকী ছাত্র-ছাত্রীয়ে অংশগ্রহণ কৰে। উল্লেখযোগ্য যে, প্ৰতিবছৰে বন বিভাগে ২ৰ পৰা ৮ অক্টোবৰল...