আঞ্চলিক সংবাদ

October 31, 2025 7:40 PM

views 23

নবীকৰণযোগ্য শক্তি বিষয়ত এখন আঞ্চলিক কর্মশালা উদ্বোধন প্রহ্লাদ যোশীৰ

কেন্দ্রীয় নতুন আৰু নৱীকৰণযোগ্য শক্তিমন্ত্রী প্রহ্লাদ যোশীয়ে আজি নবীকৰণযোগ্য শক্তি বিষয়ত এখন আঞ্চলিক কর্মশালা উদ্বোধন কৰে। নতুন আৰু নৱীকৰণযোগ্য শক্তি মন্ত্ৰালয়ৰ উত্তৰ পূৱৰ মাণ্ডলিক শাখাই আয়োজন কৰা এই কর্মশালাত উত্তৰ পূৰ্বাঞ্চলৰ শক্তিমন্ত্রীসকল উপস্থিত থাকে।

October 31, 2025 7:36 PM

views 28

শ্রীভূমিত কৃষ্ণেন্দু পালৰ সভাপতিত্বত এখন পর্যালোচনা বৈঠক অনুষ্ঠিত

শ্রীভূমি জিলা পৰিষদৰ কাৰ্যালয়ৰ সভাকক্ষত আজি মন্ত্রী কৃষ্ণেন্দু পালৰ সভাপতিত্বত এখন পর্যালোচনা বৈঠক অনুষ্ঠিত হয়। এই বৈঠকত জিলাখনত বর্তমান চলি থকা বিভিন্ন উন্নয়নমূলক কামৰ পৰ্যালোচনা কৰা হয়। লগতে পঞ্চায়তীৰাজ প্রতিষ্ঠানসমূহক শক্তিশালীকৰণ আৰু অধঃস্তৰৰ বিভিন্ন চৰকাৰী কল্যানমূলক পৰিযোজনাসমূহৰ অধীনত কাৰ্যকৰ...

October 31, 2025 7:34 PM

views 26

আনন্দ কুমাৰ দাসৰ সভাপতিত্বত শোণিতপুৰ জিলা আযুক্তৰ কাৰ্যালয়ত এখন সভা অনুষ্ঠিত

শোণিতপুৰ জিলাৰ আয়ুক্ত আনন্দ কুমাৰ দাসৰ সভাপতিত্বত আজি জিলা আযুক্তৰ কাৰ্যালয়ত এখন সভা অনুষ্ঠিত হয়। সভাত জিলাখনৰ অসম্পূর্ণ প্রকল্পসমূহ শীঘ্ৰে সম্পূৰ্ণ কৰা সন্দৰ্ভত গুৰুত্ব আৰোপ কৰি অংশীদাৰ বিভাগসমূহক সক্রিয়তাৰে কাম কৰিবলৈ আহ্বান জনোৱা হয়। এই সভাতেই কৃষি বিভাগে কৃষক পঞ্জীয়ন আৰু ডিজিটেল শস্য জৰীপৰ অগ্র...

October 31, 2025 7:33 PM

views 28

মহানগৰীৰ দক্ষিণ বেলতলা উচ্চ মাধ্যমিক বিদ্যালয় খেলপথাৰত এটা স্বাস্থ্য শিবিৰৰ আয়োজন

অসম চৰকাৰে যোৱা ১৮ ছেপ্তেম্বৰৰ পৰা আয়োজন কৰা বিধানসভা সমষ্টিভিত্তিক স্বাস্থ্য শিবিৰৰ অংশ হিচাপে আজি মহানগৰীৰ দক্ষিণ বেলতলা উচ্চ মাধ্যমিক বিদ্যালয় খেলপথাৰত এটা স্বাস্থ্য শিবিৰৰ আয়োজন কৰা হয়। শুশ্রুষা সেতুৰ অধীনত কামৰূপ মহানগৰ জিলা প্ৰশাসন আৰু ৰাষ্ট্ৰীয় স্বাস্থ্য মিছন অসমৰ যুটীয়া সহযোগত আজি দিশপুৰ বিধ...

October 31, 2025 7:10 PM

views 27

অহা অসম গ্ৰন্থমেলাৰ বাবে লখিমপুৰত প্ৰস্তুতি সম্পূৰ্ণ

ৰাজ্যৰ বিভিন্ন প্ৰান্তত অসম প্রকাশন পৰিষদ আৰু সদৌ অসম পুথি প্রকাশক তথা বিক্রেতা সন্থাই আয়োজন কৰি অহা অসম গ্ৰন্থমেলাৰ বাবে লখিমপুৰত প্ৰস্তুতি সম্পূৰ্ণ হৈছে। লখিমপুৰ কমাৰ্চ কলেজৰ স্পোর্টছ কমপ্লেক্সত ভাষা সাহিত্য সংস্কৃতিৰ এলানি আকর্ষণীয় কাৰ্যসূচীৰে কাইলৈৰ পৰা ১০ দিনীয়াকৈ অসম গ্রন্থমেলা অনুষ্ঠিত হ'ব। ক...

October 31, 2025 7:08 PM

views 27

আকাশবাণীত আজি ষষ্ঠ গোলাপ শইকীয়া সোঁৱৰণী বাতৰি পৰিৱেশন প্রতিযোগিতা ২০২৫ৰ পুৰস্কাৰসমূহ প্ৰদান

আকাশবাণী গুৱাহাটীৰ বাতৰি বিভাগে আয়োজন কৰা ষষ্ঠ গোলাপ শইকীয়া সোঁৱৰণী বাতৰি পৰিৱেশন প্রতিযোগিতা ২০২৫ৰ পুৰস্কাৰসমূহ আজি প্ৰদান কৰা হয়। আকাশবাণী গুৱাহাটীৰ সন্মিলন কক্ষত দিনৰ ২ বজাত অনুষ্ঠিত বাঁটা বিতৰণি অনুষ্ঠানত নিষ্ঠা বৰগোহাঁই-প্রথম, দিব্যা আত্রে-দ্বিতীয়, অন্বেষা ফুকন আৰু ৰোহিত গাওঁখোৱাক যুটীয়াভাবে তৃ...

October 31, 2025 7:05 PM

views 127

অসমসহ দেশৰ বিভিন্ন প্রান্তত জুবিন গাৰ্গৰ অন্তিমখন ছবি ৰৈ ৰৈ বিনালে মুক্তি

বহু প্রতীক্ষাৰ অন্তত আজি অসমসহ দেশৰ বিভিন্ন প্রান্তত জুবিন গাৰ্গৰ অন্তিমখন ছবি ৰৈ ৰৈ বিনালে মুক্তি দিয়া হয়। ৰাজ্যৰ বহু ঠাইত পুৱা ৪ বাজি ২৫ মিনিটত ছবিখনৰ প্ৰথমটো দর্শনী প্ৰদৰ্শন কৰা হয়। প্ৰাণৰ শিল্পীগৰাকীৰ শেষ ছবিখন উপভোগ কৰিবলৈ ধলপুৱাতে বিভিন্ন ঠাইৰ ছবিগৃহসমূহত অনুৰাগীসকলে ভিৰ কৰে। পুৱাৰ ভাগত অহা বৰ...

October 31, 2025 7:04 PM

views 38

দেশৰ বিভিন্ন স্থানৰ লগতে অসমতো আজি ৰাষ্ট্ৰীয় একতা দিৱস পালন

দেশৰ বিভিন্ন স্থানৰ লগতে অসমতো আজি চৰ্দাৰ বল্লভ ভাই পেটেলৰ ডেৰশ বছৰীয়া জয়ন্তী উপলক্ষে ৰাষ্ট্ৰীয় একতা দিৱস পালন কৰা হয়। ৰাষ্ট্ৰীয় একতা দিৱস উপলক্ষে ৰাজ্যৰ বিভিন্ন স্থানত আজি পুৱা একতাৰ বাবে দৌৰ কাৰ্যসূচী ৰূপায়ণ কৰা হয়। তদুপৰি চৰ্দাৰ বল্লভ ভাই পেটেললৈ শ্রদ্ধা নিবেদন কৰি বিভিন্ন কাৰ্যসূচীৰো আয়োজন কৰা হ...

October 31, 2025 7:01 PM

views 36

লখিমপুৰত আজি মুখ্যমন্ত্ৰীৰ কেইবাটাও উন্নয়নমূলক প্ৰকল্পৰ আধাৰশিলা স্থাপন

উন্নয়নমুখী পৰিকল্পনাৰ জৰিয়তে এসময়ত অৱহেলাপূর্ণ অঞ্চল বুলি খ্যত ব্রহ্মপুত্ৰৰ উত্তৰ পাৰটো বৰ্তমান বিকশিত অঞ্চললৈ ৰূপান্তিৰত হৈছে বুলি আজি মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই প্রকাশ কৰে। মুখ্যমন্ত্রী ড০ শর্মাই আজি লখিমপুৰত কেইবাটাও উন্নয়নমূলক প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰি এই সন্দৰ্ভত কেইবাটাও গুৰুত্বপূৰ...

October 30, 2025 8:53 PM

views 19

ৰাজ্যত ২০০৮ চনৰ ৩০ অক্টোবৰত সংঘটিত উগ্ৰপন্থীৰ ধাৰাবাহিক বোমা বিস্ফোৰণৰ ১৭ বছৰ সম্পূৰ্ণ

ৰাজ্যত ২০০৮ চনৰ ৩০ অক্টোবৰত সংঘটিত উগ্ৰপন্থীৰ ধাৰাবাহিক বোমা বিস্ফোৰণৰ ঘটনাৰ আজি ১৭ বছৰ সম্পূৰ্ণ হৈছে। এই দিনটোতে গুৱাহাটী, কোকৰাঝাৰ, বঙাইগাঁও আৰু বৰপেটা ৰোডত সংঘটিত বোমা বিস্ফোৰণত ৮০ জনৰো অধিক লোকে প্ৰাণ হেৰুৱাৰ উপৰি ৪০০ৰো অধিক লোক আহত হৈছিল। সেই ভয়াৱহ দিনটোৰ স্মৃতি সুঁৱৰি আজি গণেশগুৰিৰ উৰণ সেতুৰ ...

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।