আঞ্চলিক সংবাদ

October 8, 2025 12:18 PM October 8, 2025 12:18 PM

views 11

ধুবুৰীৰ গৌৰীপুৰৰ বালাজানত ৰে’লৰ খুন্দাত যুৱকৰ মৃত্যু

ধুবুৰী জিলাৰ গৌৰীপুৰৰ বালাজান অঞ্চলত কালি নিশা ৰে'লৰ খুন্দাত এজন যুৱকৰ মৃত্যু হয়। নিশা প্ৰায় ১০ বজাত পশ্চিমবংগৰ পৰা গৌৰীপুৰ অভিমুখে আহি থকা মালবাহী ৰে'লৰ খুন্দাত মধুশৌলমাৰী প্ৰথম খণ্ড অঞ্চলৰ বাসিন্দা আজগৰ আলীৰ পুত্ৰ আজিজুৰ ৰহমানৰ মৃত্যু হয়। পথচাৰীয়ে ঘটনা সন্দৰ্ভত আৰক্ষীক অৱগত কৰাৰ পাছত আৰক্ষীয়ে...

October 8, 2025 12:13 PM October 8, 2025 12:13 PM

views 52

গুৱাহাটী আৰু ইয়াৰ উপকণ্ঠ অঞ্চলত অহা ২৪ ঘণ্টাত বতৰ ডাৱৰীয়া, দুই-এজাক পাতলীয়া বৰষুণৰ সম্ভাৱনা

স্থানীয় বতৰৰ আগলি বতৰা অনুসৰি অহা ২৪ ঘণ্টাত গুৱাহাটী আৰু ইয়াৰ উপকণ্ঠ অঞ্চলত বতৰ ডাৱৰীয়া হৈ থকাৰ লগতে দুই-এজাক পাতলীয়া বৰষুণ হোৱাৰ সম্ভাৱনা আছে। আজি গুৱাহাটীৰ তাপমাত্রা সর্বোচ্চ ৩৩ ডিগ্রী ছেলছিয়াছ আৰু সৰ্বনিম্ন ২৪ ডিগ্ৰী ছেলছিয়াছ হ'ব পাৰে বুলি বৰঝাৰৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই আগজাননী দিছে। এ...

October 8, 2025 11:50 AM October 8, 2025 11:50 AM

views 22

ডিব্ৰুগড়ত আজি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই এটা স্বয়ংক্রিয় যান-বাহন উপযোগিতা পৰীক্ষণ কেন্দ্ৰ মুকলি কৰিব

চাৰিদিনীয়া ভ্ৰমণসূচীৰে কালি উজনি অসমত উপস্থিত হোৱা মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই আজি ডিব্ৰুগড়ত এটা স্বয়ংক্রিয় যান-বাহন উপযোগিতা পৰীক্ষণ কেন্দ্ৰ মুকলি কৰিব। এই পৰীক্ষণ কেন্দ্ৰটোৰ জৰিয়তে যান-বাহন উপযোগিতাৰ দ্ৰুত পৰীক্ষণ প্ৰক্ৰিয়া সম্ভৱ হ'ব। মুখ্যমন্ত্রী ড০ শৰ্মাই আজি তিনিচুকীয়াত মুখ্যমন্ত...

October 8, 2025 11:47 AM October 8, 2025 11:47 AM

views 29

তিনিচুকীয়া জিলাত সুসজ্জ্বিত আৱৰ্ত ভৱন উদ্বোধন মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাৰ

মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই কালি তিনিচুকীয়া জিলাত এটা সুসজ্জ্বিত আৱৰ্ত ভৱন উদ্বোধন কৰে । জিলাখনৰ গেলাপুখুৰী বাইপাছৰ সন্মিলন কক্ষৰ চৌহদত নিৰ্মাণ কৰা এই আৱৰ্ত ভৱনটোৱে ৰাইজক উপকৃত কৰিব বুলি উল্লেখ কৰে। এই কাৰ্যসূচীত মন্ত্ৰী বিমল বৰা, ৰূপেশ গোৱালা, সাংসদ ৰামেশ্বৰ তেলীৰ লগতে কেইবাগৰাকীও বিধায়ক,...

October 8, 2025 11:41 AM October 8, 2025 11:41 AM

views 34

ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ বিষয়ত চৰকাৰে গঠন কৰা মন্ত্ৰীগোটে ২৫ নৱেম্বৰত দাখিল কৰিব চূড়ান্ত প্ৰতিবেদন

মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই কালি তিনিচুকীয়াত ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ বিষয়টো দ্রুত গতিত নিষ্পত্তিৰ দিশে আগবাঢ়িছে বুলি মন্তব্য কৰিছে। ড০ শৰ্মাই প্ৰকাশ কৰা মতে অহা ২৫ নৱেম্বৰত অসম চৰকাৰে গঠন কৰা মন্ত্ৰীগোটে এই সন্দৰ্ভত চূড়ান্ত প্রতিবেদন দাখিল কৰিব। ইয়াৰ পাছতে জনজাতিকৰণৰ বিষয়টো কাৰ্যকৰী কৰ...

October 8, 2025 11:35 AM October 8, 2025 11:35 AM

views 36

২০২৪ বৰ্ষত বানত হোৱা ক্ষয়-ক্ষতিৰ বাবে অসমলৈ ৩১৩ কোটি ৬৯ লাখ টকা মুকলি

কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ নেতৃত্বৰ উচ্চস্তৰীয় সমিতিয়ে ২০২৪ বৰ্ষত বানত হোৱা ক্ষয়-ক্ষতিৰ বাবে অসমলৈ ৩১৩ কোটি ৬৯ লাখ টকা মুকলি কৰি দিছে। অসমৰ উপৰি গুজৰাটলৈও প্ৰায় ৪০০ কোটি টকা মোকলাই দিয়া হৈছে। সমিতিখনে হাৰিয়ানা, মধ্যপ্ৰদেশ আৰু ৰাজস্থানলৈ এন ডি আৰ এফৰ সম্প্ৰসাৰণ আৰু অগ্নিনির্বাপন সেৱাৰ আধ...

October 7, 2025 7:48 PM October 7, 2025 7:48 PM

views 11

ধেমাজি জিলাৰ বিদ্যালয় শিক্ষা ক্ষেত্ৰৰ পৰ্যালোচনা ডাঃ ৰণোজ পেগুৰ

শিক্ষা, ভৈয়াম জনজাতি আৰু পিছপৰা শ্ৰেণীৰ কল্যাণ মন্ত্রী ডাঃ ৰণোজ পেগুৱে আজি ধেমাজি জিলাৰ বিদ্যালয় শিক্ষা ক্ষেত্ৰৰ পৰ্যালোচনা কৰে। মন্ত্ৰীগৰাকীয়ে জিলাখনৰ বিদ্যালয় শিক্ষা বিভাগৰ বিষয়াবৰ্গৰ উপস্থিতিত প্রাদেশিকীকৃত উচ্চ, উচ্চতৰ আৰু মাধ্যমিক বিদ্যালয়ৰ প্ৰধান শিক্ষকসকলৰ সৈতে পর্যালোচনা সভাত অংশগ্ৰহণ কৰে। জ...

October 7, 2025 7:46 PM October 7, 2025 7:46 PM

views 24

দিনজোৰা কাৰ্যসূচীৰে অনিল বৰাৰ ৫৩ সংখ্যক স্মৃতি দিৱস পালন

১৯৭২ চনৰ মাধ্যম আন্দোলনৰ দ্বিতীয় ছহিদ অনিল বৰাৰ ৫৩ সংখ্যক স্মৃতি দিৱস আজি তেওঁৰ জন্মস্থান নগাঁৱৰ পলাশনিত দিনজোৰা কাৰ্যসূচীৰে পালন কৰা হয়। সেই সময়ৰ সদৌ অসম ছাত্ৰ সন্থাৰ সহকাৰী সাধাৰণ সম্পাদক, নগাঁও জিলা ছাত্ৰ সন্থা আৰু নগাঁও মহাবিদ্যালয় ছাত্র একতা সভাৰ সাধাৰণ সম্পাদক অনিল বৰাই মাধ্যম আন্দোলনৰ নেতৃত্ব...

October 7, 2025 7:44 PM October 7, 2025 7:44 PM

views 17

অহা ১০ অক্টোবৰৰ পৰা তিনিদিনীয়াকৈ দশম গৱেষণা আৰু ঔদ্যোগিক অভিৱর্তন

আই আই টি গুৱাহাটীত অহা ১০ অক্টোবৰৰ পৰা তিনিদিনীয়াকৈ দশম গৱেষণা আৰু ঔদ্যোগিক অভিৱর্তন অনুষ্ঠিত হ'ব। আজি অভিৱৰ্তনৰ আয়োজক সমিতিয়ে সংবাদ মেলযোগে এই বিষয়ে সদৰি কৰে। এই অভিবৰ্তনত দেশৰ কমেও ৩৩খন বিশ্ববিদ্যালয়ৰ এহেজাৰ গৱেষক ছাত্ৰ-ছাত্ৰীৰ লগতে ৬০টাৰো অধিক ষ্টার্ট-আপ কোম্পানীয়ে অংশগ্ৰহণ কৰিব। ১০ অক্টোবৰৰ সন্ধ...

October 7, 2025 7:43 PM October 7, 2025 7:43 PM

views 9

পৰহিলৈ বিটিচিৰ বিধায়িনী সভাৰ অধিবেশন অনুষ্ঠিত

বিটিচিৰ বিধায়িনী সভাৰ অধিবেশন পৰহিলৈ অনুষ্ঠিত হ'ব। ৰাজ্যপাল লক্ষ্মণ প্রসাদ আচার্যই পঞ্চম বিটিচি পৰিষদীয় চৰকাৰৰ পাৰিষদসকলৰ শপত গ্ৰহণৰ পাছত প্ৰথম বাৰৰ বাবে এই অধিবেশনৰ আহ্বান জনাইছে। কোকৰাঝাৰৰ বড়োফা নগৰত থকা বিটিচি বিধায়িনী ভৱনত দিনৰ ১০ বজাত এই অধিবেশন আৰম্ভহ'ব।