আঞ্চলিক সংবাদ

November 1, 2025 9:07 PM

views 26

দীঘলীপুখুৰীৰ ৰাজ্যিক যুদ্ধ স্মাৰকত বীৰ জোৱানসকলৰ প্ৰতি শ্ৰদ্ধা ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যৰ

ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যই আজি গুৱাহাটীৰ দীঘলীপুখুৰীৰ ৰাজ্যিক যুদ্ধ স্মাৰকত আয়োজিত অমৰ ছহিদ শ্রদ্ধাঞ্জলি অনুষ্ঠানত অংশগ্রহণ কৰে। অনুষ্ঠানটোত মুখ্য অতিথি হিচাপে অংশ লৈ ৰাজ্যপালগৰাকীয়ে দেশৰ হকে প্ৰাণ আহুতি দিয়া বীৰ জোৱানসকলৰ প্ৰতি শ্ৰদ্ধা জ্ঞাপন কৰে ৷

November 1, 2025 9:00 PM

views 29

ধেমাজি জিলাৰ চিলাপথাৰত সীমান্ত সমন্বয় সমাৰোহ

অসম আৰু অৰুণাচল প্ৰদেশৰ মাজত শান্তি-সম্প্ৰীতিৰ পৰিৱেশ সুদৃঢ় কৰি তোলাৰ প্ৰয়াসৰ অংশ হিচাপে অসম চৰকাৰৰ সীমান্ত সুৰক্ষা আৰু উন্নয়ন বিভাগৰ উদ্যোগত ধেমাজি জিলা প্রশাসন আৰু প্ৰতিবেশী ৰাজ্যখনৰ নামনি চিয়াং জিলা প্ৰশাসনৰ সহযোগত সীমান্ত সমন্বয় সমাৰোহ আজি অনুষ্ঠিত হয়। ধেমাজি জিলাৰ চিলাপথাৰত আয়োজিত এই সমা...

November 1, 2025 8:56 PM

views 51

ৰাজ্যৰ বিভিন্ন প্ৰান্তত শ্ৰীকৃষ্ণৰ ৰাস মহোৎসৱৰ আখৰা অব্যাহত

ৰাজ্যৰ বিভিন্ন প্ৰান্তত শ্ৰীকৃষ্ণৰ ৰাস মহোৎসৱ পালন কৰাৰ উদ্দেশ্যে আখৰা পূৰ্ণ গতিত চলি আছে। নামঘৰ, মন্দিৰ আদিত সন্ধিয়া স্থানীয় বয়োজ্যেষ্ঠ লোক, যুৱক-যুৱতীসকলে ৰাসৰ আখৰা চলাই আছে।   মাজুলীৰ বিভিন্ন স্থানত অহা ৪ নৱেম্বৰৰ পৰা ৰাস মহোৎসৱৰ আয়োজন কৰা হৈছে। আউনীআটী সত্ৰত অহা ৬ নৱেম্বৰত ৰাস মহোৎসৱৰ আ...

November 1, 2025 8:53 PM

views 23

মৰিগাঁৱৰ চৰাইবাহীৰ ১৬৮ বছৰীয়া ঐতিহাসিক ত্রিবার্ষিক ভাওনা মহোৎসৱত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শর্মাৰ অংশগ্রহণ

মৰিগাঁও জিলাৰ চৰাইবাহীৰ ১৬৮ বছৰীয়া ঐতিহাসিক ত্রিবার্ষিক ভাওনা মহোৎসৱত আজি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শর্মাই অংশগ্রহণ কৰে। মুখ্যমন্ত্ৰীয়ে নাথ মন্দিৰ প্ৰাংগণত আয়োজিত মুকলি সভাত অংশগ্ৰহণ কৰে। অনুষ্ঠানত দিয়া ভাষণত মুখ্যমন্ত্ৰীয়ে অংকীয়া নাট ভাওনাক মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ প্ৰৱৰ্তিত নৱবৈষ্ণব ধৰ্ম...

November 1, 2025 8:51 PM

views 18

সংগীত শিল্পী ছৈয়দ ছাদুল্লালৈ ডিব্ৰুগড়ৰ বাসগৃহত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু সাংসদ প্ৰদ্যুৎ বৰদলৈৰ শ্ৰদ্ধা

সংগীত শিল্পী ছৈয়দ ছাদুল্লাৰ ডিব্ৰুগড়ৰ নালীয়াপুলৰ বাসগৃহত উপস্থিত হৈ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু সাংসদ প্ৰদ্যুৎ বৰদলৈয়ে আজি শিল্পীগৰাকীৰ প্ৰতি শ্ৰদ্ধা জ্ঞাপন কৰে। দুয়োগৰাকীয়ে শিল্পী ছৈয়দ ছাদুল্লাৰ প্ৰতিচ্ছবিত শ্রদ্ধা জ্ঞাপন কৰাৰ লগতে শিল্পীগৰাকীৰ পৰিয়ালৰ সৈতে মত বিনিময় কৰে। একেদ...

November 1, 2025 8:49 PM

views 37

বীৰ লাচিত সেনা নামৰ সংগঠনটোৰ কামৰূপ মহানগৰ জিলা মুখ্য সচিব বিকাশ অসমক গ্ৰেপ্তাৰ

বীৰ লাচিত সেনা নামৰ সংগঠনটোৰ কামৰূপ মহানগৰ জিলা মুখ্য সচিব বিকাশ অসমক আজি দিছপুৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে। ধন দাবী, অপহৰণকে ধৰি কেইবাটাও গোচৰত অভিযুক্ত হৈ কেইবাদিনো ধৰি পলাই থকা বিকাশ অসমে আজি আৰক্ষীৰ ওচৰত আত্মসমৰ্পণ কৰাৰ পাছত আৰক্ষীয়ে তেওঁক গ্ৰেপ্তাৰ কৰে। উল্লেখযোগ্য যে আৰক্ষীয়ে ইতিমধ্যে ব্যৱসায়ী...

November 1, 2025 8:48 PM

views 37

লখিমপুৰত আজিৰে পৰা অসম গ্ৰন্থমেলা

ৰাজ্য চৰকাৰে ঘোষণা কৰা গ্ৰন্থ বৰ্ষৰ সৈতে সংগতি ৰাখি আজিৰে পৰা অসম প্ৰকাশন পৰিষদ আৰু সদৌ অসম পুথি প্ৰকাশক আৰু বিক্রেতা সংস্থাৰ উদ্যোগত লখিমপুৰত অসম গ্ৰন্থমেলা অনুষ্ঠিত হৈছে। লখিমপুৰ কমাৰ্চ কলেজৰ ক্ৰীড়া চৌহদত ভাষা সাহিত্য সংস্কৃতিৰ এলানি আকর্ষণীয় কাৰ্যসূচীৰে ১০ দিনীয়া গ্রন্থমেলাখন আজি উদ্বোধন কৰা হ...

November 1, 2025 8:46 PM

views 28

আই চি চি মহিলা বিশ্বকাপ ক্রিকেট প্রতিযোগিতাৰ কাইলৈৰ ফাইনেলত ভাৰত-দক্ষিণ আফ্ৰিকা

আই চি চি মহিলা বিশ্বকাপ ক্রিকেট প্রতিযোগিতাৰ প্ৰথমটো খিতাপ অৰ্জনৰ বাবে কাইলৈ ভাৰত দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন নৱী মুম্বাইৰ ড০ ডি ৱাই পাটিল স্প'ৰ্টছ একাডেমীৰ খেলপথাৰত বিয়লি ৩ বজাত আৰম্ভ হ'ব। ভাৰতে যোৱা বৃহস্পতিবাৰে দ্বিতীয়খন ছেমি ফাইনেলত অস্ট্রেলিয়াক ৫ উইকেটত পৰাস্ত কৰি ফাইনেলত প্ৰ...

November 1, 2025 8:04 PM

views 24

মৰিগাঁৱত আয়ুষ চিকিৎসালয়ৰ আধাৰশিলা স্থাপন মুখ্যমন্ত্ৰীৰ, ৩৬,৩৬৭গৰাকী হিতাধিকাৰীক মহিলা উদ্যমিতা অভিযানৰ চেক প্রদান

মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই আজি মৰিগাঁও জিলাৰ মিকিৰভেটাত এখন ৫০ খন বিচনাযুক্ত আয়ুষ চিকিৎসালয়ৰ আধাৰশিলা স্থাপন কৰাৰ লগতে মহিলা উদ্যমিতা অভিযানৰ অধীনত মৰিগাঁও সমষ্টিৰ হিতাধিকাৰীসকলক চেক বিতৰণৰ শুভাৰম্ভ কৰে। মুখ্যমন্ত্ৰীয়ে এই অনুষ্ঠানত ৩৬ হাজাৰ ৩৬৭ গৰাকী হিতাধিকাৰীলৈ ১০ হাজাৰ টকাকৈ উদ্যমিতাপ...

November 1, 2025 8:01 PM

views 26

জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যু ঘটনাৰ সন্দৰ্ভত ছিংগাপুৰ আৰক্ষীৰ পৰা তিনিটা গুৰুত্বপূৰ্ণ তথ্য লাভ বিশেষ তদন্তকাৰী গোটৰ

জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যু ঘটনাৰ সন্দৰ্ভত বিশেষ তদন্তকাৰী গোটে ছিংগাপুৰ আৰক্ষীৰ পৰা তিনিটা গুৰুত্বপূৰ্ণ তথ্য লাভ কৰিছে। এছ আই টিৰ মুৰববী মুন্নাপ্রসাদ গুপ্তাই আজি সংবাদ মাধ্যমৰ আগত এই কথা প্ৰকাশ কৰি কয়, যে পাৰস্পৰিক আইনী সাহায্য চুক্তিৰ অধীনত বিশেষ তদন্তকাৰী গোটে ছিংগাপুৰ আৰক্ষীৰ পৰা কিছু তথ্য বিচ...

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।