আঞ্চলিক সংবাদ

November 2, 2025 7:25 PM

views 23

ঝুমইৰ বিনন্দিনীত অংশগ্ৰহণ কৰা শিল্পীসকললৈ সম্বর্ধনা

বৰাক উপত্যকাৰ তিনিখন জিলাৰ পৰা যোৱা ২৪ ফেব্ৰুৱাৰীত ঝুমইৰ বিনন্দিনীত অংশগ্ৰহণ কৰা শিল্পীসকলক আজি সম্বর্ধনা জনোৱা হয়। শিলচৰৰ বংগ ভৱনত এই উপলক্ষে আয়োজিত এটা কাৰ্যসূচীত সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ মন্ত্ৰী বিমল বৰাই হাইলাকান্দি, শ্রীভূমি আৰু কাছাৰ জিলাৰ মুঠ ৩৩১ গৰাকী শিল্পী, মূল প্রশিক্ষক আৰু বিশেষজ্ঞ স...

November 2, 2025 7:19 PM

views 16

ৰে’ল মন্ত্ৰী অশ্বিনী বৈষ্ণৱৰ সৈতে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাৰ কেইবাটাও বিষয় সন্দৰ্ভত আলোচনা

মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই আজি ৰে'ল মন্ত্ৰী অশ্বিনী বৈষ্ণৱৰ সৈতে ৰাজ্যখনত ৰে'ল সেৱা সম্প্ৰসাৰণৰ লগতে কেইবাটাও বিষয় সন্দৰ্ভত আলোচনা কৰে। ড০ শৰ্মাই ৰাজ্যৰ যাতায়ত ব্যৱস্থা অধিক সুশৃংখলিত কৰাৰ বাবে ৰে'ল সেৱাৰ বিভিন্ন দিশত নতুনত্বৰ পোষকতা কৰে। এই বৈঠকত অসমলৈ চলাচল কৰা তিনিখন নতুন অমৃত ভাৰত ৰে'...

November 2, 2025 12:15 PM

views 40

অসম প্রকাশন পৰিষদ আৰু সদৌ অসম পুথি প্রকাশক আৰু বিক্রেতা সংস্থাৰ উদ্যোগত লখিমপুৰত অসম গ্রন্থমেলা অনুষ্ঠিত

ৰাজ্য চৰকাৰে ঘোষণা কৰা গ্ৰন্থ বৰ্ষৰ সৈতে সংগতি ৰাখি কালিৰে পৰা অসম প্রকাশন পৰিষদ আৰু সদৌ অসম পুথি প্রকাশক আৰু বিক্রেতা সংস্থাৰ উদ্যোগত লখিমপুৰত অসম গ্রন্থমেলা অনুষ্ঠিত হৈছে। লখিমপুৰ কমাৰ্চ কলেজৰ ক্রীড়া চৌহদত ভাষা সাহিত্য সংস্কৃতিৰ এলানি আকর্ষণীয় কাৰ্যসূচীৰে ১০ দিনীয়া গ্রন্থমেলাখন কালি উদ্বোধন কৰা হয়...

November 2, 2025 12:07 PM

views 17

জনজাতিকৰণৰ দাবীত উজনি অসমৰ কেইবাখনো জিলাত টাই আহোম আৰু চুতীয়া জনগোষ্ঠীৰ প্রতিবাদ

জনজাতিকৰণৰ দাবীত কালি উজনি অসমৰ কেইবাখনো জিলাত টাই আহোম আৰু চুতীয়া জনগোষ্ঠীৰ দল-সংগঠন আৰু সাধাৰণ লোকে প্রতিবাদ সাব্যস্ত কৰে। শিৱসাগৰত টাই আহোম যুৱ পৰিষদে জোঁৰ সমদল উলিয়াই জনজাতিকৰণ আৰু স্বায়ত্ত শাসনৰ দাবী কৰে। ডিব্ৰুগড়টো টাই আহোম যুৱ পৰিষদে কালি চৌকিডিঙি খেলপথাৰৰ পৰা থানা চাৰিআলিলৈ জোঁৰ সমদল উলিয়াই ...

November 2, 2025 12:00 PM

views 35

জুবিন গাৰ্গৰ মায়াবিনী ৰাতিৰ বুকুত গীতটিৰ সুৰত ৯ নৱেম্বৰত গুৱাহাটীৰ লাচিত ঘাটত বায়ু সেনাৰ এয়াৰ শ্ব’ প্ৰদৰ্শন

অসমীয়াৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ মায়াবিনী ৰাতিৰ বুকুত গীতটিৰ সুৰত অহা ৯ নৱেম্বৰত গুৱাহাটীৰ লাচিত ঘাটত বায়ু সেনাৰ এয়াৰ শ্ব' প্ৰদৰ্শন কৰা হ'ব। এয়া হ'ব উত্তৰ-পূৰ্বাঞ্চলৰ ভিতৰত বায়ুসেনাৰ প্ৰথমটো এয়াৰ শ্ব'। বায়ু সেনাৰ এয়াৰ মাৰ্চেল সুৰত সিং আৰু ৰবি কোটাই কালি দিছপুৰত এখন সংবাদ মেলত এই কথা প্রকাশ কৰে। এয়...

November 2, 2025 11:55 AM

views 30

হোজাই জিলাৰ যমুনা-মৌডেঙা বনাঞ্চলৰ দখলিকৃত ভূমি দখলমুক্ত কৰাৰ ক্ষেত্ৰত স্থিতাবস্থা বাহাল ৰাখিবলৈ উচ্চতম ন্যায়ালয়ৰ নির্দেশ

ৰাজ্য চৰকাৰে জাননী জাৰি কৰা হোজাই জিলাৰ যমুনা-মৌডেঙা বনাঞ্চলৰ দখলিকৃত ভূমি দখলমুক্ত কৰাৰ ক্ষেত্ৰত স্থিতাবস্থা বাহাল ৰাখিবলৈ উচ্চতম ন্যায়ালয়ে নির্দেশ দিছে। যোৱা ১৩ অক্টোবৰত হোজাই বন সংমণ্ডলৰ ডবকাৰ এই ভূমি দখল হোৱা বুলি চিহ্নিত কৰি প্ৰশাসনে ১৫ দিনৰ ভিতৰত বাসস্থান খালী কৰাৰ বাবে ৬০০ পৰিয়াললৈ জাননী জাৰি...

November 2, 2025 11:52 AM

views 32

আকাশবাণীৰ দৃষ্টিপাতত ষষ্ঠ গোলাপ শইকীয়া সোঁৱৰণী বাতৰি পৰিৱেশন প্রতিযোগিতা ২০২৫ৰ পুৰস্কাৰ বিজয়ীসকলৰ অনুভৱ

আকাশবাণী গুৱাহাটীৰ বাতৰি বিভাগে আয়োজন কৰা ষষ্ঠ গোলাপ শইকীয়া সোঁৱৰণী বাতৰি পৰিৱেশন প্রতিযোগিতা ২০২৫ৰ পুৰস্কাৰ বিজয়ীসকলৰ অনুভৱেৰে কালি দৃষ্টিপাত অনুষ্ঠান প্ৰচাৰ কৰা হয়। অনুষ্ঠানত প্ৰথম পুৰস্কাৰ বিজয়ী নিষ্ঠা বৰগোহাঁই, দ্বিতীয় দিব্যা আত্রেয়ক, তৃতীয় স্থানপ্রাপ্ত অন্বেষা ফুকন আৰু ৰোহিত গাওঁখোৱাই আকাশবাণীৰ...

November 2, 2025 11:45 AM

views 41

মেঘালয়ৰ চেৰি ব্লা’ছম ফেষ্টিভেল ২০২৫ জুবিন গাৰ্গৰ স্মৃতিত উৎসৰ্গা

উত্তৰ-পূবৰ সবাটোকৈ জনপ্রিয় পর্যটন মহোৎসৱ মেঘালয়ৰ চেৰি ব্লা'ছম ফেষ্টিভেল ২০২৫ জুবিন গাৰ্গৰ স্মৃতিত উৎসৰ্গা কৰা হ'ব। দেশ-বিদেশৰ হাজাৰ হাজাৰ পৰ্যটকে অংশ ল'বলগীয়া এই মহোৎসৱত এইবাৰ অসমীয়াৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গক বিশেষভাবে শ্রদ্ধা জনোৱা হ'ব। মেঘালয়ৰ মুখ্যমন্ত্রী কনৰাড চাংমাই শুকুৰবাৰে এই কথা সদৰি কৰে।...

November 2, 2025 11:38 AM

views 42

১৭ ডিচেম্বৰৰ পূৰ্বে জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনাৰ তদন্ত প্ৰক্ৰিয়া সম্পূর্ণ হ’ব আৰু সকলো কথা পোহৰলৈ আহিব বুলি মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাৰ প্ৰকাশ

অহা ১৭ ডিচেম্বৰ অৰ্থাৎ নিৰ্ধাৰিত তাৰিখৰ পূৰ্বে জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনাৰ তদন্ত প্রক্রিয়া সম্পূর্ণ হ'ব আৰু সকলো কথা পোহৰলৈ আহিব বুলি মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই প্রকাশ কৰিছে। কালি মৰিগাঁৱত মুখ্যমন্ত্ৰীয়ে সাংবাদিকৰ আগত এই বিষয়ে উল্লেখ কৰি কয়, যে ১৭ ডিচেম্বৰ অন্তিম দিন ধার্য কৰা হৈছে যদিও ১০ ড...

November 1, 2025 9:13 PM

views 25

জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনাৰ তদন্তৰ অভিযোগনামা অহা ১০ ডিচেম্বৰৰ ভিতৰত এছ আই টিয়ে দাখিল কৰিবঃ মুখ্যমন্ত্ৰী

মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই অহা ১০ ডিচেম্বৰৰ ভিতৰত জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনাৰ তদন্তৰ অভিযোগনামা এছ আই টিয়ে দাখিল কৰিব বুলি আজি মৰিগাঁৱত প্ৰকাশ কৰিছে। ইতিমধ্যে এছ আই টিয়ে তদন্তত বহু বিস্ফোৰক তথ্য লাভ কৰিছে বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰী ড০ শৰ্মাই কয়, যে তদন্তৰ প্ৰতিবেদন প্রকাশ পোৱাৰ পাছত জুব...

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।