আঞ্চলিক সংবাদ

November 6, 2025 2:52 PM

views 33

অসমৰ মুখ্য তথ্য আয়ুক্ত ভাস্কৰজ্যোতি মহন্তৰ পদত্যাগ

■ অসমৰ মুখ্য তথ্য আয়ুক্ত ভাস্কৰজ্যোতি মহন্তই আজি পদত্যাগ কৰিছে। ৰাজ্যখনৰ ৰাজ্যপাললৈ লিখা এখন পত্ৰত মহন্তই সংগীত শিল্পী জুবিন গাৰ্গৰ মৃত্যুৰ পাছত তেওঁৰ ভাতৃ শ্যামকানু মহন্তৰ বিৰুদ্ধে কেইবাখনো আৰ টি আই আবেদন দাখিল কৰা আৰু এই সম্পৰ্কত আপীল তথ্য আয়োগলৈ অহাৰ পৰিপ্ৰেক্ষিতত পদত্যাগ কৰা বুলি প্ৰকাশ কৰিছে।...

November 6, 2025 11:24 AM

views 66

ৰাজ্যত আফ্রিকান ছোৱাইন ফিভাৰৰ সংক্ৰমণৰ প্ৰাদুৰ্ভাৱ

■ ৰাজ্যখনত আফ্রিকান ছোৱাইন ফিভাৰৰ সংক্ৰমণে সৃষ্টি কৰা পৰিস্থিতিৰ বুজ লোৱাৰ বাবে কালি কেন্দ্ৰীয় চৰকাৰৰ এটা প্ৰতিনিধি দল অসমলৈ আহিছে। ৰাজ্যখনৰ কেইবাখনো জিলাৰ বিভিন্ন স্থানত এই ৰোগৰ সংক্ৰমণ ক্ৰমাৎ বৃদ্ধি পোৱাৰ পৰিপ্ৰেক্ষিতত কেন্দ্ৰীয় মীন, পশুপালন, দুগ্ধ আৰু ভূপালৰ পশু ৰোগ সম্পৰ্কীয় ৰাষ্ট্ৰীয় প্ৰতিষ...

November 6, 2025 11:14 AM

views 47

বায়ুসেনাৰ সামৰিক প্ৰদৰ্শনৰ অনুশীলনৰ বাবে ৯ নৱেম্বৰলৈ গুৱাহাটী-উত্তৰ গুৱাহাটীৰ মাজৰ ফেৰীসেৱা বন্ধ

● ব্ৰহ্মপুত্ৰৰ পাৰত বায়ুসেনাৰ সামৰিক প্ৰদৰ্শনৰ অনুশীলনৰ পৰিপ্ৰেক্ষিতত আজিৰে পৰা ৯ নৱেম্বৰলৈ গুৱাহাটী- উত্তৰ গুৱাহাটীৰ মাজৰ ফেৰীসেৱা বন্ধ ৰখা হ'ব। এই অনুশীলনত সুবিধা হোৱাকৈ আৰু গুৱাহাটী গে’টৱে মুকলি অনুষ্ঠানৰ বাবে আভ্যন্তৰীণ জল পৰিবহণ বিভাগে ফেৰীসেৱা বন্ধ ৰখাৰ সিদ্ধান্ত লৈছে। বিকল্প হিচাপে উত্তৰ গুৱ...

November 6, 2025 11:10 AM

views 67

ৰাজ্যজুৰি পৱিত্ৰ ৰাস মহোৎসৱ উদযাপন

● ৰাস মহোৎসৱ উপলক্ষে ৰাজ্যজুৰি পৱিত্ৰ পৰিবেশে বিৰাজ কৰিছে। শৰৎ কালৰ পূৰ্ণিমা তিথিৰ পৰা আয়োজিত এই মহোৎসৱৰ অংশ হিচাপে শ্ৰীকৃষ্ণৰ লীলা শিল্পীৰ দ্বাৰা পৰিবেশনৰ লগতে মৃণ্ময় মূৰ্তিৰ জৰিয়তে আটকধুনীয়াকৈ উপস্থাপন কৰা হৈছে। ৰাজ্যপাল লক্ষ্মণ প্রসাদ আচাৰ্যই কালি কামৰূপ জিলাৰ ঐতিহ্যমণ্ডিত পলাশবাৰী ৰাস মহোৎসৱ...

November 6, 2025 10:58 AM

views 31

অসম বিধানসভাৰ আইন প্ৰণয়ন সম্পৰ্কীয় সমিতিৰ দলৰ হাফলং আৰু কাষৰীয়া অঞ্চলসমূহত উন্নয়নমূলক কাম-কাজৰ পৰ্যালোচনা

● অসম বিধানসভাৰ আইন প্ৰণয়ন সম্পৰ্কীয় সমিতিৰ এটা দলে কালি ডিমা হাচাও জিলাৰ হাফলং আৰু কাষৰীয়া অঞ্চলসমূহত উন্নয়নমূলক কাম-কাজৰ পৰ্যালোচনা কৰে। সমিতিৰ অধ্যক্ষ চাবুৱাৰ বিধায়ক পোণাকণ বৰুৱাৰ নেতৃত্বৰ দলটোৱে অঞ্চলটোত তৃণমূল পৰ্যায়ৰ পৰা ৰূপায়িত উন্নয়নমূলক কাম-কাজসমূহৰ বুজ লয়। এই দলটোত খুমটাই সমষ্টিৰ ...

November 6, 2025 10:56 AM

views 80

মানুহে মানুহৰ বাবে গীতটো সমগ্ৰ বিশ্বৰ মানৱতাৰ গীত হিচাপে স্বীকৃতি প্ৰদানৰ বাবে ৰাষ্ট্ৰসংঘক অনুৰোধৰ বাবে ৰাজ্য চৰকাৰৰ সিদ্ধান্ত

■ বিশ্ব বৰেণ্য শিল্পী ড° ভূপেন হাজৰিকাৰ মানুহে মানুহৰ বাবে গীতটো সমগ্ৰ বিশ্বৰ মানৱতাৰ গীত হিচাপে স্বীকৃতি প্ৰদানৰ বাবে ৰাষ্ট্ৰসংঘক অনুৰোধ জনাবলৈ ৰাজ্য চৰকাৰে সিদ্ধান্ত গ্ৰহণ কৰিছে। কালি সুধাকণ্ঠৰ চতুৰ্দশ মৃত্যুবার্ষিকীত অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত জালুকবাৰীৰ ড° ভূপেন হাজৰিকা সমন্বয...

November 6, 2025 10:52 AM

views 49

কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণ কাইলৈ দুদিনীয়া ভ্ৰমণসূচীৰে অসমলৈ আহিব

● কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণ কাইলৈ দুদিনীয়া ভ্ৰমণসূচীৰে অসমলৈ আহিব। এই ভ্ৰমণকালত তেওঁ গুৱাহাটীত এটা গুৰুত্বপূৰ্ণ প্ৰকল্প উদ্বোধন কৰাৰ লগতে এখন নতুন ৰাজ্যিক বিশ্ববিদ্যালয়ৰ আধাৰশিলা স্থাপন কৰিব শ্ৰীমতী সীতাৰমণে প্রথমে উজান বজাৰত ব্ৰহ্মপুত্ৰ ৰিভাৰ ফ্ৰণ্টৰ সতী ৰাধিকা শান্তি উদ্যান আৰু গেট...

November 6, 2025 10:49 AM

views 50

প্রবীণ সাংবাদিক হাইদৰ হুছেইনলৈ ২০২৫ বৰ্ষৰ চ্যুকাফা বঁটা

● প্রবীণ সাংবাদিক হাইদৰ হুছেইনলৈ ২০২৫ বৰ্ষৰ চ্যুকাফা বঁটা আগবঢ়োৱা হৈছে। অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে আগবঢ়োৱা এই বঁটা অহা ২ ডিচেম্বৰত চৰাইদেউ জিলাৰ সোণাৰীত হ'বলগীয়া চ্যুকাফা মহোৎসৱত আনুষ্ঠানিকভাৱে প্ৰদান কৰা হ'ব। উল্লেখযোগ্য যে প্ৰতিবছৰে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে অসমৰ আর্থসামাজিক, সাহ...

November 6, 2025 10:45 AM

views 35

শনিবাৰে আকাশবাণী গুৱাহাটীৰ বিশেষ দৃষ্টিপাত অনুষ্ঠান

■ আকাশবাণী গুৱাহাটীৰ বাতৰি বিভাগৰ ৬৯ বছৰীয়া ইতিহাসত বহুকেইগৰাকী সাংবাদিক আৰু সংবাদকর্মীয়ে বিভাগটোলৈ সেৱা আগবঢ়াই গৈছে। জীৱন আৰু জীৱিকাৰ সন্ধানত অথবা সাংসাৰিক প্ৰয়োজনত পৰৱৰ্তী কালত এওঁলোকৰ বহুকেইগৰাকীয়ে আন ক্ষেত্ৰলৈ যাবলগীয়া হ'ল আৰু নিজ নিজ ক্ষেত্ৰত প্রসিদ্ধি লাভ কৰিবলৈ সমৰ্থ হ'ল। কিন্তু তেওঁলোক...

November 5, 2025 8:03 PM

views 32

অহা ৭ নৱেম্বৰত কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণৰ দুদিনীয়া অসম ভ্ৰমণ

কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণ অহা ৭ নৱেম্বৰত দুদিনীয়া ভ্ৰমণসূচীৰে অসমলৈ আহিব। এই ভ্ৰমণকালত তেওঁ গুৱাহাটীত এটা গুৰুত্বপূৰ্ণ প্ৰকল্প উদ্বোধন কৰাৰ লগতে এখন নতুন ৰাজ্যিক বিশ্ববিদ্যালয়ৰ আধাৰশিলা স্থাপন কৰিব। শ্ৰীমতী সীতাৰমণে প্রথমে উজান বজাৰত ব্ৰহ্মপুত্ৰ ৰিভাৰ ফ্ৰণ্টৰ সতী ৰাধিকা শান্তি উদ্যান...

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।