আঞ্চলিক সংবাদ

November 6, 2025 7:44 PM

views 28

৯৩ সংখ্যক বায়ু সেনা দিৱসৰ কেন্দ্রীয় অনুষ্ঠানত ৰাজনাথ সিঙৰ অংশগ্রহণ

প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে গুৱাহাটীৰ লাচিত ঘাটত অহা দেওবাৰে হ'বলগীয়া ৯৩ সংখ্যক বায়ু সেনা দিৱসৰ কেন্দ্রীয় অনুষ্ঠানত অংশগ্রহণ কৰিব। এই অনুষ্ঠানৰ অংশ হিচাপে সেইদিনা দুপৰীয়া চাৰে ১২ বজাৰ পৰা দিনৰ দুই বজালৈ এয়াৰ শ্ব প্ৰদৰ্শন কৰা হ'ব। কেন্দ্রীয়ভাবে অনুষ্ঠিত এই এয়াৰ শ্বত ৰাফেল, মিগ, ছুখয় আদিৰ দৰে ৭৫ খ...

November 6, 2025 7:41 PM

views 19

গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অতিৰিক্ত ন্যায়াধীশৰূপে কৌশিক গোস্বামীৰ কাইলৈ শপত গ্রহণ

ন্যায়াধীশ কৌশিক গোস্বামীয়ে কাইলৈ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অতিৰিক্ত ন্যায়াধীশৰূপে শপত গ্রহণ কৰিব। কাইলৈ উচ্চ ন্যায়ালয়ৰ নতুন ভৱনত আয়োজিত এটা অনুষ্ঠানত ন্যায়াধীশ গোস্বামীক গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ আশুতোষ কুমাৰে কাৰ্যভাৰ গ্ৰহণৰ গোপনীয়তাৰ শপতবাক্য পাঠ কৰোৱাব।

November 6, 2025 7:40 PM

views 44

অসম লোকসেৱা আয়োগৰ অধ্যক্ষ হিচাপে প্রভাতি থাওচেনৰ আজি কাৰ্যভাৰ গ্ৰহণ

ভাৰতীয় প্রশাসনিক সেৱাৰ অৱসৰপ্ৰাপ্ত বিষয়া প্রভাতি থাওচেনে আজি অসম লোকসেৱা আয়োগৰ অধ্যক্ষ হিচাপে কাৰ্যভাৰ গ্ৰহণ কৰে। ৰাজ্যপাল লক্ষ্মণ প্রসাদ আচার্যই আজি বাজভবনত আয়োজিত এটা অনুষ্ঠানত শ্রীমতী থাওচেনক শপতবাক্য পাঠ কৰোৱায়। এই অনুষ্ঠানৰ আৰম্ভণিতে ৰাজ্যৰ মুখ্য সচিব ড০ ৰবি কোটাই শপতগ্রহণ অনুষ্ঠান আৰম্ভ কৰাৰ ব...

November 6, 2025 6:57 PM

views 33

আজিৰেপৰা ৯ নৱেম্বৰলৈ গুৱাহাটী-উত্তৰ গুৱাহাটীৰ মাজৰ ফেৰীসেৱা বন্ধ

ব্ৰহ্মপুত্ৰৰ পাৰত বায়ুসেনাৰ সামৰিক প্ৰদৰ্শনৰ অনুশীলনৰ পৰিপ্ৰেক্ষিতত আজিৰেপৰা ৯ নৱেম্বৰলৈ গুৱাহাটী-উত্তৰ গুৱাহাটীৰ মাজৰ ফেৰীসেৱা বন্ধ ৰখা হ'ব। এই অনুশীলনত সুবিধা হোৱাকৈ আৰু গুৱাহাটী গে'টবে মুকলি অনুষ্ঠানৰ বাবে আভ্যন্তৰীণ জল পৰিবহণ বিভাগে ফেৰীসেৱা বন্ধ ৰখাৰ সিদ্ধান্ত লৈছে। বিকল্প হিচাপে উত্তৰ গুৱাহাট...

November 6, 2025 6:55 PM

views 18

ভুৱা চিকিৎসকৰ বিৰুদ্ধে কাছাৰ জিলাৰ আৰক্ষীৰ অভিযান অব্যাহত

কাছাৰ জিলাৰ আৰক্ষীয়ে জিলাখনত ভুৱা চিকিৎসকৰ বিৰুদ্ধে অভিযান অব্যাহত ৰাখিছে। আজি আৰক্ষীয়ে লক্ষীপুৰৰ পয়লাপুলৰ বাসিন্দা শেখৰ আচাৰ্য নামৰ লোক এজনক গ্ৰেপ্তাৰ কৰে। এই লোকজনে দীর্ঘদিন ধৰি চিকিৎসক হিচাপে পৰিচয় দি ৰোগীক প্রবঞ্চনা কৰি আহিছিল বুলি আৰক্ষীৰ সূত্ৰই প্ৰকাশ কৰিছে। আৰক্ষীয়ে এই লোকজনৰ পৰা চিকিৎসকৰ ভুৱ...

November 6, 2025 6:53 PM

views 33

কাইলৈ দুদিনীয়া ভ্রমণসূচীৰে কেন্দ্রীয় বিত্তমন্ত্রী নির্মলা সীতাৰমণ গুৱাহাটীত উপস্থিত

অসমত দুদিনীয়া ভ্রমণসূচীৰে কেন্দ্রীয় বিত্তমন্ত্রী নির্মলা সীতাৰমণ কাইলৈ গুৱাহাটীত উপস্থিত হ'ব। কাইলৈ সন্ধিয়া তেওঁ উজান বজাৰত ব্ৰহ্মপুত্ৰ ৰিভাৰ ফ্ৰণ্টৰ সতী ৰাধিকা শান্তি উদ্যান আৰু পাণবজাৰৰ গে'টৱে অৱ গুৱাহাটীৰ অত্যাধুনিক ফেৰী টার্মিনেল আৰু জেটি উদ্বোধন কৰিব। অনুষ্ঠানত মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্ম...

November 6, 2025 6:51 PM

views 31

ৰাজ্যত বিভিন্ন জিলাত আজি চৰ্দাৰ বল্লভ ভাই পেটেলৰ ১৫০ বছৰীয়া জয়ন্তী উদযাপন

লৌহ মানৱ চৰ্দাৰ বল্লভ ভাই পেটেলৰ ডেৰশ বছৰীয়া জয়ন্তী উদযাপন অংশ হিচাপে আজি বিভিন্ন জিলাত কাৰ্যসূচী অনুষ্ঠিত হয়। কোকৰাঝাৰ জিলা প্রশাসনে আজি এই উপলক্ষে একতাৰ দৌৰ অনুষ্ঠিত কৰে। মন্ত্রী উর্ধ্বাও গৌৰা ব্ৰহ্মই মহাত্মা গান্ধী শিশু উদ্যানৰ পৰা এই দৌৰ মুকলি কৰে। হোজাই জিলাত লৌহ মানৱগৰাকীৰ জয়ন্তীৰ সৈতে সংগতি ৰ...

November 6, 2025 6:50 PM

views 21

মুখ্য তথ্য আয়ুক্ত ভাস্কৰজ্যোতি মহন্তৰ পদত্যাগ

অসমৰ মুখ্য তথ্য আয়ুক্ত ভাস্কৰজ্যোতি মহন্তই আজি পদত্যাগ কৰিছে। ৰাজ্যপাললৈ দিয়া এখন পত্রত শ্রীমহন্তই জুবিন গাৰ্গৰ মৃত্যুৰ পাছত ভাতৃ শ্যামকানু মহন্তৰ বিৰুদ্ধে কেইবাখনো আৰ টি আই আবেদন দাখিল কৰা আৰু এই সম্পর্কীয় আপিল আবেদন তথ্য আয়োগলৈ অহাৰ পৰিপ্ৰেক্ষিতত তেওঁ পদত্যাগ কৰিছে বুলি উল্লেখ কৰে। পত্ৰখনত তেওঁ ভ...

November 6, 2025 6:49 PM

views 40

ছহিদ কনকলতা বৰুৱা ৰাজ্যিক বিশ্ববিদ্যালয়ৰ নিৰ্মাণকাৰ্যত ব্যৱহাৰ হ’বলগীয়া ২৭০টা অমৃত কলহ গহপুৰলৈ প্ৰেৰণ

মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই গহপুৰত ছহিদ কনকলতা বৰুৱা ৰাজ্যিক বিশ্ববিদ্যালয়ৰ নিৰ্মাণকাৰ্যত ব্যৱহাৰ হ'বলগীয়া অমৃত কলহ কঢ়িয়াই নিয়া বাহনৰ আজি শুভাৰম্ভ কৰে। বিশ্ববিদ্যালয়খনৰ আধাৰশিলা স্থাপনৰ বাবে শ্রীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত সংৰক্ষণ কৰি ৰখা ২৭০টা অমৃত কলহ গহপুৰলৈ লৈ যোৱা হ'ব। উল্লেখযোগ্য যে 'মোৰ ...

November 6, 2025 3:08 PM

views 54

লাচিত ঘাটত ৯৩ সংখ্যক বায়ু সেনা দিৱসৰ কেন্দ্ৰীয় অনুষ্ঠানত কেন্দ্ৰীয় প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙ উপস্থিত থাকিব

■ কেন্দ্ৰীয় প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে গুৱাহাটীৰ লাচিত ঘাটত অহা দেওবাৰে হ'বলগীয়া ৯৩ সংখ্যক বায়ু সেনা দিৱসৰ কেন্দ্ৰীয় অনুষ্ঠানত অংশগ্ৰহণ কৰিব। এই অনুষ্ঠানৰ অংশ হিচাপে সেইদিনা দুপৰীয়া চাৰে ১২ বজাৰ পৰা দিনৰ দুই বজালৈ এয়াৰ শ্ব প্ৰদৰ্শন কৰা হ'ব। কেন্দ্ৰীয়ভাৱে অনুষ্ঠিত এই এয়াৰ শ্ব'ত ৰাফেল, মিগ...

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।