আঞ্চলিক সংবাদ

November 8, 2025 8:39 PM

views 29

যোৰহাটৰ বাল্য ভৱন হাইস্কুলৰ মহাৰজত জয়ন্তীৰ সামৰণি

অসমীয়া ভাষাত মণ্টেশ্বৰী শিক্ষাৰ বাটকটীয়া যোৰহাটৰ বাল্য ভৱন হাইস্কুলৰ মহাৰজত জয়ন্তীৰ সামৰণি অনুষ্ঠান আজিৰে পৰা ৩ দিনীয়াকৈ অনুষ্ঠিত হৈছে। আজি পুৱা পতাকা উত্তোলনেৰে এই সমাৰোহ শুভাৰম্ভ কৰা হয়। ইয়াৰ পাছতে বাৰেৰহনীয়া শোভাযাত্ৰা আৰু চিত্ৰ প্ৰদৰ্শনী অনুষ্ঠিত হয়। বিশিষ্ট সাহিত্যিক, সাংবাদিক অনুৰাধা শ...

November 8, 2025 8:37 PM

views 29

বৃহৎ পৰিমাণৰ নিচাযুক্ত টেবলেট, নগদ ধনসহ মহিলাক গ্ৰেপ্তাৰ মানকাচৰৰ পূবেৰগাওঁ আৰক্ষীৰ

দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ ভাৰত -বাংলাদেশ সীমান্তৱৰ্তী পূবেৰগাওঁ আৰক্ষীয়ে যোৱা নিশা অভিযান চলাই বৃহৎ পৰিমাণৰ নিচাযুক্ত টেবলেট আৰু নগদ ধনসহ এগৰাকী মহিলাক গ্ৰেপ্তাৰ কৰে। মাদক দ্রব্য সৰবৰাহত জড়িত এই মহিলাগৰাকীৰ পৰা আৰক্ষীয়ে প্ৰায় ডেৰ হাজাৰ নিচাযুক্ত টেবলেট আৰু ৯ হেজাৰ ১০০ টকা উদ্ধাৰ কৰিছে। আৰক্ষী...

November 8, 2025 8:34 PM

views 25

অৱসৰপ্ৰাপ্ত বিষয়া শেৱালী দেৱী শৰ্মাৰ ৬ কোটি ৪০ লাখ টকাৰ স্থাৱৰ আৰু অস্থাৱৰ সম্পত্তি জব্দ

বিধি বলবৎকাৰী সঞ্চালকালয়ৰ গুৱাহাটী মহানগৰ কাৰ্যালয়ত ভাৰতীয় প্ৰশাসনিক বিষয়াৰ অৱসৰপ্ৰাপ্ত বিষয়া শেৱালী দেৱী শৰ্মাৰ ৬ কোটি ৪০ লাখ টকাৰ স্থাৱৰ আৰু অস্থাৱৰ সম্পত্তি জব্দ কৰিছে। আয়ৰ সৈতে সামঞ্জস্যহীন সম্পত্তি আহৰণ প্ৰতিৰোধ আইনৰ অধীনত তদন্তকাৰী সংস্থাটোৱে এই সম্পত্তি জব্দ কৰে। উল্লেখযোগ্য যে অসম ৰাজ্...

November 8, 2025 8:32 PM

views 28

লৌহপুৰুষ চৰ্দাৰ বল্লভভাই পেটেলৰ ১৫০ সংখ্যক জয়ন্তী উপলক্ষে ডিব্ৰুগড়ত বিভিন্ন কাৰ্যসূচী গ্ৰহণ

লৌহপুৰুষ চৰ্দাৰ বল্লভভাই পেটেলৰ ১৫০ সংখ্যক জয়ন্তী উপলক্ষে ডিব্ৰুগড়ত আজি জিলাভিত্তিত বিভিন্ন কাৰ্যসূচী গ্ৰহণ কৰা হৈছে। জয়ন্তীৰ সৈতে সংগতি ৰাখি এটা পদযাত্ৰা কাৰ্যসূচী উলিওৱা হয়। কেন্দ্রীয় মন্ত্রী সৰ্বানন্দ সোণোৱালে এই কাৰ্যসূচীত অংশগ্ৰহণ কৰে। কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কয়, যে দেশক স্বাধীন কৰাৰ ক...

November 8, 2025 8:27 PM

views 31

গোৱালপাৰাৰ দহিকটা সংৰক্ষিত বনাঞ্চলত কাইলৈৰ পৰা দুদিনীয়াকৈ উচ্ছেদ অভিযান

গোৱালপাৰা জিলাৰ দহিকটা সংৰক্ষিত বনাঞ্চলত কাইলৈৰ পৰা দুদিনীয়াকৈ উচ্ছেদ চলোৱা হ'ব। মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই সামাজিক মাধ্যমযোগে কাইলৈ আৰু পৰহিলৈ উচ্ছেদ চলোৱা হ'ব বুলি কৰা ঘোষণাৰ পাছতে দখলকাৰীসকলে স্বেচ্চাই সেই ঠাই ত্যাগ কৰিছে। উচ্ছেদৰ বাবে গোৱালপাৰা জিলা প্ৰশাসন সম্পূৰ্ণ সাজু হৈ উঠা বুলি আম...

November 8, 2025 8:20 PM

views 29

গুৱাহাটীত ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান অসম আৰু আয়ুষ অভিযানৰ অগ্ৰগতি সন্দৰ্ভত বৈঠক

কেন্দ্ৰীয় আয়ুষ আৰু স্বাস্থ্য আৰু পৰিয়াল কল্যান বিভাগৰ ৰাজ্যমন্ত্ৰী প্ৰতাপ ৰাও যাদৱৰ অধ্যক্ষতাত আজি গুৱাহাটীৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান অসম আৰু আয়ুষ অভিযানৰ অগ্ৰগতি সন্দৰ্ভত এখন বৈঠক অনুষ্ঠিত হয়। বৈঠকখনত ৰাজ্যজুৰি স্বাস্থ্য সেৱা অধিক উন্নীতকৰ...

November 8, 2025 8:17 PM

views 32

৯৩ সংখ্যক বায়ু সেনা দিৱস উপলক্ষে লাচিত ঘাটত কাইলৈ কেন্দ্ৰীয় অনুষ্ঠান

৯৩ সংখ্যক বায়ু সেনা দিৱস উপলক্ষে গুৱাহাটীৰ লাচিত ঘাটত কাইলৈ আয়োজিত কেন্দ্ৰীয় অনুষ্ঠানত প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে অংশগ্রহণ কৰিব। এই অনুষ্ঠানৰ অংশ হিচাপে দুপৰীয়া চাৰে ১২ বজাৰ পৰা দিনৰ দুই বজালৈ এয়াৰ শ্ব' অর্থাৎ যুদ্ধ বিমানৰ উৰণ কৌশল প্ৰদৰ্শন কৰা হ'ব। কেন্দ্ৰীয়ভাৱে আয়োজিত এই এয়াৰ শ্বত ৰাফে...

November 8, 2025 8:11 PM

views 33

গহপুৰত ছহিদ কনকলতা বৰুৱা ৰাজ্যিক বিশ্ববিদ্যালয়ৰ আধাৰশিলা স্থাপন

কেন্দ্রীয় বিত্তমন্ত্রী নির্মলা সীতাৰমণে আজি গহপুৰত ছহিদ কনকলতা বৰুৱা ৰাজ্যিক বিশ্ববিদ্যালয়ৰ আধাৰশিলা স্থাপন কৰে। ৪১৫ কোটি টকা ব্যয়সাপেক্ষে নির্মাণ কৰিবলগীয়া এই বিশ্ববিদ্যালয়খন প্রযুক্তি আধাৰিত বৃত্তিমূলক শিক্ষা আৰু প্ৰশিক্ষণৰ ক্ষেত্ৰত দেশৰ প্ৰথমখন বিশ্ববিদ্যালয় হ'ব। ৭৩১ বিঘা ভূমিত নির্মাণ কৰিব...

November 8, 2025 1:23 PM

views 61

গহপুৰত শ্বহীদ কনকলতা বৰুৱা ৰাজ্যিক বিশ্ববিদ্যালয়ৰ আধাৰশিলা স্থাপন কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমনৰ

ৰাজ্যত কাৰিকৰী শিক্ষাৰ দিশত যুগান্তকাৰী ব্যৱস্থা হিচাপে কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমনে আজি গহপুৰত শ্বহীদ কনকলতা বৰুৱা ৰাজ্যিক বিশ্ববিদ্যালয়ৰ আধাৰশিলা স্থাপন কৰে। ৪১৫ কোটি টকা ব্যয়সাপেক্ষে নিৰ্মাণ কৰিবলগীয়া এই বিশ্ববিদ্যালয়খন প্রযুক্তি আধাৰিত বৃত্তিমূলক শিক্ষা আৰু প্ৰশিক্ষণৰ ক্ষেত্ৰত দে...

November 8, 2025 1:22 PM

views 42

গোৱালপাৰাৰ দহিকটা বনাঞ্চলত কাইলৈ-পৰহিলৈ উচ্ছেদ অভিযান, সাজু জিলা প্ৰশাসন

মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই সামাজিক মাধ্যমযোগে কাইলৈ আৰু পৰহিলৈ গোৱালপাৰাৰ দহিকটা বনাঞ্চলত উচ্ছেদ অভিযান চলোৱা হ'ব বুলি ঘোষণা কৰে। এই ঘোষণাৰ পাছতে উচ্ছেদ অভিযানৰ পূৰ্বেই দখলকাৰীসকলে স্ব-ইচ্ছাই সেই ঠাই ত্যাগ কৰিছে। উচ্ছেদৰ বাবে গোৱালপাৰা জিলা প্ৰশাসন সম্পূৰ্ণ সাজু হৈ উঠিছে। ইয়াৰ জৰিয়তে দহিক...

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।