আঞ্চলিক সংবাদ

November 9, 2025 7:29 PM

views 35

মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই সোমবাৰে ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইন ২০১৩ৰ অধীনৰ পৰিয়ালক ৰাজ সাহায্যযুক্ত মচুৰ ডাইল, চেনী আৰু নিমখ সুলভ মূল্যত যোগান আঁচনিৰ শুভাৰম্ভ কৰিব

মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই কাইলৈ ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইন ২০১৩ৰ অধীনৰ পৰিয়ালক ৰাজ সাহায্যযুক্ত মচুৰ ডাইল, চেনী আৰু নিমখ সুলভ মূল্যত যোগান আঁচনিৰ শুভাৰম্ভ কৰিব। ৰাজ্যৰ প্ৰায় ৭০ লাখ লোক এই আঁচনিৰ দ্বাৰা উপকৃত হ'ব। উল্লেখযোগ্য যে ৰাইজৰ বাবে খাদ্য সুৰক্ষা সুনিশ্চিত কৰিবলৈ ২০২৩ চনৰ জানুৱাৰী ম...

November 9, 2025 6:35 PM

views 39

ৰাজ্য চৰকাৰে স্বচ্ছতাৰ ভিত্তিত নিযুক্তি প্রক্রিয়া গ্ৰহণ কৰাৰ ফলত বর্তমান যুৱক-যুৱতীসকলৰ মাজত নতুন প্ৰেৰণাৰ সৃষ্টি হৈছেঃ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মা

মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই কৈছে যে ৰাজ্য চৰকাৰে স্বচ্ছতাৰ ভিত্তিত নিযুক্তি প্রক্রিয়া গ্ৰহণ কৰাৰ ফলত বর্তমান যুৱক-যুৱতীসকলৰ মাজত নতুন প্ৰেৰণাৰ সৃষ্টি হৈছে। মুখ্যমন্ত্রী ড০ শর্মাই আজি গুৱাহাটীৰ খানাপাৰাৰ অসম পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয় খেলপথাৰত আয়োজিত এটা অনুষ্ঠানত প্রাথমিক শিক্ষক পদৰ বাব...

November 9, 2025 6:27 PM

views 23

৯৩ সংখ্যক বায়ু সেনা দিৱস উপলক্ষে গুৱাহাটীৰ লাচিত ঘাটত যুদ্ধ বিমানৰ উৰণ কৌশল প্ৰদৰ্শন

৯৩ সংখ্যক বায়ু সেনা দিৱস উপলক্ষে আজি গুৱাহাটীৰ লাচিত ঘাটত অনুষ্ঠিত কেন্দ্রীয় অনুষ্ঠানৰ অংশ হিচাপে এয়াৰ শ্ব' অর্থাৎ যুদ্ধ বিমানৰ উৰণ কৌশল প্ৰদৰ্শন কৰা হয়। কেন্দ্রীয়ভাবে আয়োজিত এই এয়াৰ শ্ব'ত ৰাফেল, মিগ, ছুখয় আদি ৭৫ খন বিমান আৰু হেলিকপ্তাৰে ভাগ লয়। এই প্রদর্শনী উপভোগৰ বাবে বিদ্যালয় আৰু মহাবিদ্যালয়ৰ ছা...

November 9, 2025 12:08 PM

views 35

গোৱালপাৰা জিলাৰ দহিকটা সংৰক্ষিত বনাঞ্চলত আজিৰে পৰা দুদিনীয়াকৈ উচ্ছেদ অভিযান আৰম্ভ

প্রশাসনে গোৱালপাৰা জিলাৰ দহিকটা সংৰক্ষিত বনাঞ্চলত আজিৰে পৰা দুদিনীয়াকৈ উচ্ছেদ অভিযান আৰম্ভ কৰিছে। ইয়াৰ জৰিয়তে দহিকটা সংৰক্ষিত বনাঞ্চলৰ ১১৪০ বিঘা ভূমি দখলমুক্ত কৰা হ'ব। গোৱালপাৰাৰ জিলা আয়ুক্ত প্রদীপ টিমুন্ডে কালি প্রকাশ কৰা মতে উচ্ছেদ অভিযানৰ বাবে অবৈধভাবে দখল কৰি থকা ভূ-ভাগক পাঁচটা খণ্ডত ভাগ কৰা হৈ...

November 9, 2025 12:04 PM

views 26

ডিমা হাচাও জিলাৰ হাৰাঙ্গাজাওৰ জলপ্রপাতত সন্ধানহীন এন আই টিৰ দুজন ছাত্ৰীৰ মৃতদেহ উদ্ধাৰ

ডিমা হাচাও জিলাৰ হাৰাঙ্গাজাওৰ বৌলচল জলপ্রপাতত কালি সন্ধানহীন হোৱা শিলচৰ এন আই টিৰ অভিযান্ত্রিক বিভাগৰ প্ৰথম বৰ্ষৰ দুগৰাকী ছাত্ৰী আৰু এজন ছাত্ৰৰ ভিতৰত দুজনৰ মৃতদেহ উদ্ধাৰ কৰা হৈছে। এন ডি আৰ এফে ছাত্ৰ-ছাত্ৰীৰ সন্ধানত অভিযান চলাই উত্তৰ প্ৰদেশৰ সৰ্বকৃতিকা সিং আৰু বিহাৰৰ ৰাধিকা নামৰ ছাত্ৰী দুগৰাকীৰ মৃত দ...

November 9, 2025 11:25 AM

views 35

আকাশবাণী গুৱাহাটীৰ দৃষ্টিপাতত প্রাক্তন বাতৰি পৰিবেশকৰ মনৰ ভাব আৰু অভিজ্ঞতাৰ কথা সোঁৱৰণ

আকাশবাণী গুৱাহাটীৰ দৃষ্টিপাত অনুষ্ঠানত কালি নিশা আঞ্চলিক বাতৰি বিভাগৰ কেইবাগৰাকী প্রাক্তন বাতৰি পৰিবেশকে নিজৰ মনৰ ভাব আৰু অভিজ্ঞতা ব্যক্ত কৰে। অনুষ্ঠানত অংশ লৈ গুৱাহাটী বিশ্ববিদ্যালয়ৰ যোগাযোগ আৰু সাংবাদিকতা বিভাগৰ সহকাৰী অধ্যাপক ড০ ভাৰতী ভড়ালীয়ে বাতৰি বিভাগৰ সৈতে জড়িত হোৱাৰ মধুৰ অভিজ্ঞতাৰ কথা সোঁৱৰণ...

November 9, 2025 11:18 AM

views 76

৯৩ সংখ্যক বায়ু সেনা দিৱস উপলক্ষে গুৱাহাটীৰ লাচিত ঘাটত যুদ্ধ বিমানৰ উৰণ কৌশল প্ৰদৰ্শন

৯৩ সংখ্যক বায়ু সেনা দিৱস উপলক্ষে আজি গুৱাহাটীৰ লাচিত ঘাটত কেন্দ্রীয় অনুষ্ঠানৰ আয়োজন কৰা হৈছে। এই অনুষ্ঠানৰ অংশ হিচাপে দুপৰীয়া ১২.৩০ বজাৰ পৰা দিনৰ ২ বজালৈ এয়াৰ শ্ব' অর্থাৎ যুদ্ধ বিমানৰ উৰণ কৌশল প্ৰদৰ্শন কৰা হব। কেন্দ্রীয়ভাবে আয়োজিত এই এয়াৰ শ্বত ৰাফেল, মিগ, ছুখয় আদি ৭৫ খন বিমানে ভাগ ল'ব। এই এয়াৰ শ্ব'...

November 9, 2025 11:15 AM

views 37

খানাপাৰাত প্রাথমিক শিক্ষক পদৰ বাবে বাচনিকৃত ৰাজ্যৰ ৫৫৫০ গৰাকী টেট উত্তীর্ণ প্রার্থীক মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই নিযুক্তিপত্র প্রদান কৰিব

মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই আজি গুৱাহাটীৰ খানাপাৰাৰ অসম পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয় খেলপথাৰত আয়োজিত এটা অনুষ্ঠানত শিক্ষামন্ত্রী ডাঃ ৰণোজ পেণ্ডৰ উপস্থিতিত প্রাথমিক শিক্ষক পদৰ বাবে বাচনিকৃত ৰাজ্যৰ ৫৫৫০ গৰাকী টেট উত্তীর্ণ প্রার্থীক নিযুক্তিপত্র প্রদান কৰিব। ইয়াৰে ভিতৰত নিম্ন প্রাথমিক বিদ্যা...

November 9, 2025 11:07 AM

views 32

কেন্দ্রীয় বিত্তমন্ত্রী নির্মলা সীতাৰমণৰ গহপুৰত ছহিদ কনকলতা বৰুৱা ৰাজ্যিক বিশ্ববিদ্যালয়ৰ আধাৰশিলা স্থাপন

কেন্দ্রীয় বিত্তমন্ত্রী নির্মলা সীতাৰমণে কালি গহপুৰত ছহিদ কনকলতা বৰুৱা ৰাজ্যিক বিশ্ববিদ্যালয়ৰ আধাৰশিলা স্থাপন কৰে। ৪১৫ কোটি টকা ব্যয়সাপেক্ষে নির্মাণ কৰিবলগীয়া এই বিশ্ববিদ্যালয়খন প্রযুক্তি আধাৰিত বৃত্তিমূলক শিক্ষা আৰু প্ৰশিক্ষণৰ ক্ষেত্ৰত দেশৰ প্ৰথমখন বিশ্ববিদ্যালয় হ'ব। ৭৩১ বিঘা ভূমিত নির্মাণ কৰিবলৈ লো...

November 8, 2025 8:42 PM

views 32

জোনাইৰ ৰাজাখানাত ৰে’লৰ খুন্দাত এজন লোকৰ মৃত্যু

ধেমাজি জিলাৰ জোনাইৰ ৰাজাখানাত আজি পুৱা ৰে'লৰ খুন্দাত এজন লোকৰ মৃত্যু হয়। ৰাজাখানা ৰেল দলঙৰ সমীপত ৰঙিয়া অভিমুখী নামনিমুৱা ৰে'লখনে মহতীয়াই নিয়া লোকজন জোনাইৰ এক নম্বৰ ৰাজাখানা ৬০ বছৰীয়া তিলক ছেত্ৰী বুলি চিনাক্ত কৰা হৈছে। পৰিয়ালৰ সূত্ৰৰ উদ্ধৃতি দি আমাৰ সংবাদদাতাই জনোৱা মতে লোকজন প্ৰাতঃভ্ৰমণৰ বাবে ...

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।