আঞ্চলিক সংবাদ

October 23, 2025 11:29 AM October 23, 2025 11:29 AM

views 43

ছিংগাপুৰত এছ আই টিৰ জুবিন গাৰ্গৰ মৃত্যুৰ তদন্ত অব্যাহত

জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনাৰ তদন্তৰ বাবে ছিংগাপুৰলৈ যোৱা এছ আই টিৰ মুৰববী মুন্না প্রসাদ গুপ্তা আৰু আই পি এছ বিষয়া তৰুণ গোৱেলে দেশখনত তদন্ত অব্যাহত ৰাখিছে। তেওঁলোকে কালি ছিংগাপুৰত কেইবাগৰাকীও প্রবাসী অসমীয়াৰ ভাষ্য গ্রহণ কৰাৰ লগতে শিল্পীগৰাকী অসুস্থ হৈ পৰা সমুদ্ৰৰ সেই বিশেষ স্থান পৰিদৰ্শন কৰে। দুয়োগৰাকী...

October 22, 2025 7:58 PM October 22, 2025 7:58 PM

views 11

শুশ্ৰুষা সেতু শীৰ্ষক স্বাস্থ্য শিবিৰ কাৰ্যসূচীৰ অধীনত বিভিন্ন জিলাত শিবিৰ মুকলি

অসম চৰকাৰে ৰাজ্যৰ ২২৬ টা সমষ্টিক সামৰি ৰূপায়ণ কৰা শুশ্ৰুষা সেতু শীৰ্ষক বৃহৎ স্বাস্থ্য শিবিৰ কাৰ্যসূচীৰ অধীনত আজিও বিভিন্ন জিলাত শিবিৰ মুকলি কৰা হয়। ৰাজ্যসভাৰ সাংসদ তথা প্ৰাক্তন কেন্দ্ৰীয় ৰাজ্যমন্ত্ৰী ৰামেশ্বৰ তেলীয়ে আজি তিনিচুকীয়া জিলাৰ নৱ জাগৃতি উচ্চ ইংৰাজী বিদ্যালয়ত এই স্বাস্থ্য শিবিৰ মুকলি ...

October 22, 2025 7:35 PM October 22, 2025 7:35 PM

views 123

জুবিন গাৰ্গক ন্যায়ালয়ৰ জৰিয়তে ন্যায় প্ৰদান কৰাৰ বাবে ৰাজ্যজুৰি বিজেপিৰ ন্যায় যাত্রা আৰম্ভ

জনতাৰ শিল্পী জুবিন গাৰ্গক ন্যায়ালয়ৰ জৰিয়তে ন্যায় প্ৰদান কৰাৰ বাবে বিজেপিয়ে ৰাজ্যজুৰি ন্যায় যাত্রা আৰম্ভ কৰিছে। ইযাৰ অংশ হিচাপে শাসকীয় দলটোৱে আজি নলবাৰীৰ ছহিদ মুকুন্দ কাকতি খেলপথাৰৰ পৰা গৰ্ডন খেলপথাৰলৈ সমদল উলিয়ায়। এই যাত্ৰাত বিজেপিৰ ৰাজ্যিক সভাপতি দিলীপ শ‍ইকীয়া, কেন্দ্ৰীয় মন্ত্ৰী পবিত্ৰ ম...

October 22, 2025 7:31 PM October 22, 2025 7:31 PM

views 8

হত্যাৰ গোচৰত দোষী সাব্যস্ত হোৱা এজন লোকক মৃত্যুদণ্ডৰে দণ্ডিত

বৰপেটা জিলা চেচন ন্যায়াধীশৰ আদালতে আজি হত্যাৰ গোচৰত দোষী সাব্যস্ত হোৱা ঋষভ দাস নামৰ এজন লোকক মৃত্যুদণ্ডৰে দণ্ডিত কৰে। বৰপেটা চহৰৰ গান্ধী নগৰৰ নিৱাসী ঋষভ দাসৰ বিৰুদ্ধে ২০২৩ বৰ্ষৰ ১৩ অক্টোবৰত পত্নী আৰু কন্যাক হত্যাৰ গোচৰ ৰুজু কৰা হৈছিল। আৰক্ষীয়ে ২০২৪ বৰ্ষৰ আৰম্ভণিতে এই গোচৰৰ অভিযোগনামা দাখিল কৰে। বা...

October 22, 2025 7:27 PM October 22, 2025 7:27 PM

views 13

নিক্ষয় মিত্ৰ কাৰ্যসূচীৰ অধীনত ৰাজভৱনত বিশেষ অনুষ্ঠান

যক্ষ্মা মুক্ত ভাৰত নিৰ্মাণৰ লক্ষ্যৰে ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যই নিক্ষয় মিত্ৰ কাৰ্যসূচীৰ অধীনত ৰাজভৱনত আয়োজিত এটি বিশেষ অনুষ্ঠানত কামৰূপ মহানগৰ আৰু নগাওঁ জিলাৰ এশগৰাকী যক্ষ্মা ৰোগীৰ চিকিৎ‍সাৰ দায়িত্ব গ্রহণ কৰে। উল্লেখযোগ্য যে ৰাজভৱনত আয়োজিত এটা অনুষ্ঠানত ৫ গৰাকী যক্ষ্মা ৰোগীলৈ খাদ্য সামগ্রী ...

October 22, 2025 7:23 PM October 22, 2025 7:23 PM

views 25

উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ পৰীক্ষাৰ শিক্ষাৰ্থীৰ বাবে অনলাইন প্ৰ-পত্ৰ পূৰণৰ প্ৰক্ৰিয়া আৰম্ভ

অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদে অহা বছৰৰ ফেব্ৰুৱাৰী-মাৰ্চত হ'বলগা উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ পৰীক্ষাত অৱতীৰ্ণ হ'বলগীয়া শিক্ষাৰ্থীসকলৰ বাবে আজি অনলাইন প্ৰ-পত্ৰ পূৰণৰ প্ৰক্ৰিয়া আৰম্ভ হৈছে। ২০ নৱেম্বৰত এই অনলাইন প্ৰক্ৰিয়াৰ অন্ত পৰিব। এইবাৰ উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ পৰীক্ষাৰ বাবে অফলাইন ...

October 22, 2025 7:20 PM October 22, 2025 7:20 PM

views 21

জাগীৰোডৰ ডাবৰঘাট প্রাথমিক বিদ্যালয়ত তিৱা ভাষাক শিক্ষাৰ মাধ্যম হিচাপে শুভাৰম্ভ

শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে আজি মৰিগাঁও জিলাৰ জাগীৰোডৰ ডাবৰঘাট প্রাথমিক বিদ্যালয়ত তিৱা ভাষাক শিক্ষাৰ মাধ্যম হিচাপে আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰে। তেওঁ লগতে তিৱা ভাষাৰ পাঠ্যপুথিসমূহো উন্মোচন কৰে। ৰাষ্ট্ৰীয় শিক্ষানীতি ২০২০ৰ অধীনত প্রাথমিক বিদ্যালয়সমূহত বিভিন্ন ভাষাত শিক্ষা প্ৰদানৰ ব্যৱস্থা কৰা হৈছে...

October 22, 2025 7:12 PM October 22, 2025 7:12 PM

views 33

মুখ্যমন্ত্রী মহিলা উদ্যমিতা অভিযানৰ অধীনত নগাঁৱত আত্মসহায়ক গোটৰ মহিলালৈ চেক বিতৰণ

মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই আজি নগাঁও জিলাত মুখ্যমন্ত্রী মহিলা উদ্যমিতা অভিযানৰ অধীনত আত্মসহায়ক গোটৰ ২৫ হাজাৰৰো অধিক মহিলাক ১০ হাজাৰ টকাকৈ চেক বিতৰণ কৰে। ইয়াৰ ভিতৰত গ্ৰামাঞ্চলৰ ১৯ হাজাৰ ৬২৮ গৰাকী আৰু নগৰাঞ্চলৰ ৬ হাজাৰ ৯৫৭ গৰাকী মহিলা আছে। এই উপলক্ষে নগাঁও চহৰৰ নেহৰুবালিত এখন জনসভাত ভাষণ দি...

October 22, 2025 12:51 PM October 22, 2025 12:51 PM

views 21

২৫ অক্টোবৰৰ নিশা ৮ বাজি ২ মিনিটত আকাশবাণী গুৱাহাটীৰ দৃষ্টিপাত অনুষ্ঠান

● অসমত টেলিভিছন সংবাদ প্রচাৰৰ ক্ষেত্ৰত বাটকটীয়া হৈছে গুৱাহাটী দূৰদৰ্শন কেন্দ্ৰৰ বাতৰি বিভাগ। ১৯৮৫ চনত অসমত প্ৰথম টেলিভিছন বাতৰি সেৱা আৰম্ভ কৰাৰ সময়ৰ কেইগৰাকীমান বিষয়া-কৰ্মচাৰী আৰু পৰিৱেশকক লগ পাব অহা ২৫ অক্টোবৰৰ নিশা ৮ বাজি দুই মিনিটৰ দৃষ্টিপাত অনুষ্ঠানত। টেলিভিছনত বাতৰি প্ৰচাৰৰ সময়ত সন্মুখীন হো...

October 22, 2025 12:36 PM October 22, 2025 12:36 PM

views 50

পবিতৰা অভয়াৰণ্য কাইলৈ পুনৰ পৰ্যটকৰ বাবে মুকলি কৰা হ’ব

● পবিতৰা অভয়াৰণ্য কাইলৈ পুনৰ পৰ্যটকৰ বাবে মুকলি কৰা হ'ব। বাৰিষাৰ বাবে বন্ধ হৈ থকা অভয়াৰণ্যখনত বানৰ ফলত হোৱা আন্তঃগাঁথনিৰ ক্ষতি ইতিমধ্যে মেৰামতি কৰা হৈছে বুলি অভয়াৰণ্যখনৰ মাণ্ডলিক বিষয়া প্ৰাঞ্জল বৰুৱাই প্ৰকাশ কৰিছে। তেওঁ কয় যে অভয়াৰণ্যখন মুকলি কৰাৰ লগে লগে পর্যটকসকলে জীপ আৰু হাতী চাফাৰি কৰিব পা...