আঞ্চলিক সংবাদ

October 24, 2025 6:49 PM October 24, 2025 6:49 PM

views 29

যোৰহাট জিলা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি তথা ৰাজ্য চৰকাৰৰ অৱসৰপ্ৰাপ্ত যুটীয়া সচিব ইন্দ্ৰজিৎ‍ কুমাৰ বৰুৱাৰ দেহাৱসান

যোৰহাট জিলা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি তথা ৰাজ্য চৰকাৰৰ অৱসৰপ্ৰাপ্ত যুটীয়া সচিব ইন্দ্ৰজিৎ‍ কুমাৰ বৰুৱাৰ আজি যোৰহাট চিকিৎসা মহাবিদ্যালয় হাস্পতালত মৃত্যু হয়। মৃত্যুৰ সময়ত তেখেতৰ বয়স হৈছিল ৭৬ বছৰ। যোৰহাটৰ বিভিন্ন অনুষ্ঠানৰ সৈতে জড়িত থকা প্ৰয়াত ইন্দ্ৰজিৎ বৰুৱাৰ নশ্বৰ দেহত যোৰহাট প্ৰেছ ক্লাবকে ধ...

October 24, 2025 6:47 PM October 24, 2025 6:47 PM

views 20

জনতাৰ শিল্পী জুবিন গাৰ্গৰ সোণাপুৰৰ কমাৰকুছিৰ সমাধিস্থলীক লৈ জাৰি কৰা নিৰ্দেশনা আজিৰে পৰা প্ৰযোজ্য

জনতাৰ শিল্পী জুবিন গাৰ্গৰ সোণাপুৰৰ কমাৰকুছিৰ সমাধিস্থলীক লৈ জাৰি কৰা নিৰ্দেশনা আজিৰে পৰা প্ৰযোজ্য হৈছে। ডিমৰীয়া সম-জিলাৰ আয়ুক্ত বিশ্বজিৎ শ‍ইকীয়াই এই সন্দৰ্ভত কয়, যে জুবিন গাৰ্গৰ সমাধিস্থলীৰ পৱিত্ৰতা আৰু শৃংখলা বৰ্তাই ৰখাটো অত্যন্ত জৰুৰী। উল্লেখযোগ্য যে, কামৰূপ মহানগৰ জিলা প্ৰশাসনৰ নিৰ্দেশ অনুসৰি...

October 24, 2025 6:43 PM October 24, 2025 6:43 PM

views 45

শিলচৰৰ পুলিচ পেৰেডগ্ৰাউণ্ডত আত্মসহায়ক গোটৰ ১৩,১৩৯ গৰাকী মহিলাক চেক বিতৰণ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ

শিলচৰৰ পুলিচ পেৰেডগ্ৰাউণ্ডত আজি মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা আঁচনিৰ অধীনত শিলচৰ বিধানসভা সমষ্টিৰ আত্মসহায়ক গোটৰ ১৩ হাজাৰ ১৩৯ গৰাকী মহিলাক চেক বিতৰণ কাৰ্যসূচীত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই অংশগ্রহণ কৰে। ইয়াৰ লগতে মুখ্যমন্ত্ৰীয়ে শিলচৰ মেডিকেল কলেজ হাস্পতাল পৰিদৰ্শন কৰি প্ৰস্তাৱিত ২০৮ খন বিচনা...

October 24, 2025 6:24 PM October 24, 2025 6:24 PM

views 42

হেঙেৰাবাৰী হাউচিং কলনি নিৱাসী জ্যেষ্ঠ সাংবাদিক তথা ইউ এন আইৰ প্ৰাক্তন ব্যুৰো ছীফ বৈকুণ্ঠনাথ গোস্বামীৰ মৃত্যু

হেঙেৰাবাৰী হাউচিং কলনি নিৱাসী জ্যেষ্ঠ সাংবাদিক তথা ইউ এন আইৰ প্ৰাক্তন ব্যুৰো ছীফ বৈকুণ্ঠনাথ গোস্বামীৰ আজি মৃত্যু হয়। মৃত্যুৰ সময়ত তেওঁৰ বয়স হৈছিল ৮১ বছৰ। প্ৰয়াত গোস্বামী কেইবাখনো ইংৰাজী আৰু অসমীয়া দৈনিক বাতৰি কাকতৰ সৈতে জড়িত হৈ আছিল। তেওঁ অসমীয়া জাতীয়তাবাদ আৰু অসমীয়াৰ সংজ্ঞা, সংবাদ মাধ্যমৰ ...

October 24, 2025 6:05 PM October 24, 2025 6:05 PM

views 113

জ্যেষ্ঠ সাংবাদিক তথা ইউ এন আইৰ প্ৰাক্তন ব্যুৰো ছীফ বৈকুণ্ঠনাথ গোস্বামীৰ দেহাৱসান

হেঙেৰাবাৰী হাউচিং কলনি নিৱাসী জ্যেষ্ঠ সাংবাদিক তথা ইউ এন আইৰ প্ৰাক্তন ব্যুৰো ছীফ বৈকুণ্ঠনাথ গোস্বামীৰ আজি মৃত্যু হয়। মৃত্যুৰ সময়ত তেওঁৰ বয়স হৈছিল ৮১ বছৰ।

October 24, 2025 6:03 PM October 24, 2025 6:03 PM

views 31

তামুলপুৰ আয়ুক্তৰ কাৰ্যালয়ত জিলা আয়ুক্ত পংকজ চক্ৰৱৰ্তীৰ অধ্যক্ষতাত দুর্যোগ ব্যৱস্থাপনা সম্পৰ্কীয় সভা অনুষ্ঠিত

তামুলপুৰ জিলাৰ আয়ুক্তৰ কাৰ্যালয়ত জিলা আয়ুক্ত পংকজ চক্ৰৱৰ্তীৰ অধ্যক্ষতাত আজি এখন দুর্যোগ ব্যৱস্থাপনা সম্পৰ্কীয় সভা অনুষ্ঠিত হয়। জিলা প্ৰশাসনৰ সহযোগত জিলা দুর্যোগ ব্যৱস্থাপনা প্ৰাধীকৰণে জিলাখনৰ সকলো স্কুল কৰ্তৃপক্ষক সামৰি বিদ্যালয়ৰ সুৰক্ষা আৰু দুৰ্যোগৰ প্ৰস্তুতি শক্তিশালী কৰাৰ বাবে কাৰ্যসূচী গ্ৰ...

October 24, 2025 6:00 PM October 24, 2025 6:00 PM

views 35

গুৱাহাটীত উপস্থিত জুবিন গাৰ্গৰ মৃত্যুৰ তদন্তৰ বাবে ছিংগাপুৰলৈ যোৱা এছ আই টিৰ মুৰব্বী তথা অসম আৰক্ষীৰ অতিৰিক্ত সঞ্চালক প্রধান মুন্না প্রসাদ গুপ্তা আৰু তৰুণ গোৱেল

জুবিন গাৰ্গৰ মৃত্যুৰ তদন্তৰ বাবে ছিংগাপুৰলৈ যোৱা এছ আই টিৰ মুৰব্বী তথা অসম আৰক্ষীৰ অতিৰিক্ত সঞ্চালক প্রধান মুন্না প্রসাদ গুপ্তা আৰু তৰুণ গোৱেল কালি গুৱাহাটীলৈ উভতি আহে। ছিংগাপুৰ ভ্ৰমণ তথা এছ আই টিৰ তদন্তৰ অগ্ৰগতি সন্দৰ্ভত আজি এখন সংবাদ মেল সম্বোধন কৰি মুন্না প্রসাদ গুপ্তাই কয়, যে তেওঁলোকে ২০ অক্টোব...

October 24, 2025 5:55 PM October 24, 2025 5:55 PM

views 39

শ্ৰীভূমি জিলাৰ ৰামকৃষ্ণ নগৰ বিধানসভা সমষ্টিৰ অন্তৰ্গত হিতাধিকাৰীসকলক বীজ মূলধনৰ চেক বিতৰণ কাৰ্যসূচীৰ শুভাৰম্ভ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ

মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই আজি মুখ্যমন্ত্রী মহিলা উদ্যমিতা অভিযানৰ অধীনত শ্ৰীভূমি জিলাৰ ৰামকৃষ্ণ নগৰ বিধানসভা সমষ্টিৰ অন্তৰ্গত হিতাধিকাৰীসকলক বীজ মূলধনৰ চেক বিতৰণ কাৰ্যসূচীৰ শুভাৰম্ভ কৰে। এখন ৰাজহুৱা সভাত অংশগ্ৰহণ কৰি মুখ্যমন্ত্ৰী ড০ শৰ্মাই নিজৰ বক্তব্যত কয়, যে তৃণমূল স্তৰৰ মহিলা উদ্যমীসকল...

October 24, 2025 12:36 PM October 24, 2025 12:36 PM

views 18

২০২৫-২৬ পর্যটন বৰ্ষৰ বাবে পবিতৰা অভয়াৰণ্য মুকলি

 পবিতৰা অভয়াৰণ্য কালি ২০২৫-২৬ পর্যটন বৰ্ষৰ বাবে মুকলি কৰা হয়। বন মন্ত্রী চন্দ্রমোহন পাটোৱাৰীয়ে অভয়াৰণ্যখন আনুষ্ঠানিকভাবে মুকলি কৰে। অভয়াৰণ্যখন মুকলি কৰাৰ পাছত সাংবাদিকৰ সৈতে হোৱা কথা-বতৰাত শ্রী পাটোৱাৰীয়ে এইবাৰৰ পৰ্যটন বৰ্ষত পবিতৰালৈ পূৰ্বৰ দৰে পৰ্যটকৰ আগমন হ'ব বুলি আশা প্রকাশ কৰে। তেওঁ লগতে পবিতৰাৰ...

October 24, 2025 12:35 PM October 24, 2025 12:35 PM

views 37

ধেমাজি জিলাৰ গোগামুখত মিচিং ক্রীড়া মহোৎসৱৰ তৃতীয় সংস্কৰণ আৰম্ভ

ধেমাজি জিলাৰ গোগামুখত কালি মিচিং ক্রীড়া মহোৎসৱৰ তৃতীয় সংস্কৰণ আৰম্ভ হয়। মিচিং জনগোষ্ঠীৰ পিছপৰা গ্ৰামাঞ্চলৰ প্ৰতিভাবান খেলুৱৈসকলক ৰাজ্যিক আন্তঃৰাজ্যিক পৰ্যায়ৰ লগতে বিশ্ব দৰবাৰতো এখন মঞ্চ প্ৰদানৰ উদ্দেশ্যেৰে আয়োজিত এই ক্রীড়া মহোৎসৱত ৰাজ্যৰ ১৭ খন জিলাৰ ৩ হাজাৰ নিৰ্বাচিত খেলুৱৈয়ে বিভিন্ন ইভেন্টত অংশ ল'ব...