আঞ্চলিক সংবাদ

April 20, 2024 12:10 PM

views 35

প্রধানমন্ত্রী আবাস যোজনাত দুর্নীতি-অনিয়ম নিৰ্মূলৰ বাবে জিঅ’ টেগিঙৰ কাম পঞ্চায়ত তথা গাঁৱৰ মহিলা আত্ম সহায়ক গোটৰ জৰিয়তে কৰা হ’বঃ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

লোকসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ ভোটগ্ৰহণৰ দিনাই মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যৰ গ্ৰামাঞ্চলৰ মহিলাসকলৰ হাতত তুলি দিলে এক বিশেষ ক্ষমতা। প্রধানমন্ত্রী আবাস যোজনাত দুর্নীতি-অনিয়ম নিৰ্মূল কৰাৰ বাবে এতিয়াৰে পৰা ৰাজ্য চৰকাৰে জিঅ’ টেগিঙৰ কাম পঞ্চায়ত তথা গাঁৱৰ মহিলা আত্ম সহায়ক গোটৰ জ...

April 20, 2024 12:08 PM

views 29

আজি সতী সাধনী দিৱস

আজি সতী সাধনী দিৱস। অসমৰ অন্যতম জনগোষ্ঠী চুতীয়াসকলে তেওঁলোকৰ শেষৰগৰাকী ৰাণী তথা জাতিটোৰ শৌর্য-বীৰ্য আৰু সাহসৰ প্ৰতীক বীৰাংগনা সতী সাধনীৰ ৫০০ সংখ্যক স্মৃতি দিৱস পালন কৰিছে। তিনিচুকীয়া, যোৰহাট, গোলাঘাট আদি অঞ্চলত বীৰাংগনা সতী সাধনী দিৱস উপলক্ষে বিভিন্ন কাৰ্যসূচীৰ আয়োজন কৰা হৈছে।

April 20, 2024 11:55 AM

views 31

আকাশবাণী গুৱাহাটীৰ আঞ্চলিক বাতৰি বিভাগৰ আজি নিশা ৮ বাজি ২ মিনিটৰ দৃষ্টিপাত লোকনির্ণয় ২০২৪ শীর্ষক অনুষ্ঠানত লোকসভা নিৰ্বাচন সন্দৰ্ভত আলোচনা

আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ আঞ্চলিক বাতৰি বিভাগৰ আজি নিশা ৮ বাজি ২ মিনিটত প্ৰচাৰ হ'বলগীয়া দৃষ্টিপাত লোকনির্ণয় ২০২৪ শীর্ষক অনুষ্ঠানত লোকসভা নিৰ্বাচন সন্দৰ্ভত আলোচনা কৰা হ'ব। অনুষ্ঠানত অতিথি হিচাপে উপস্থিত থাকিব সাংবাদিক গৌতম শৰ্মা আৰু জিতেন্দ্ৰ কুমাৰ চৌধুৰী। অনুষ্ঠানৰ আঁত ধৰিব মানস প্রতীম শৰ্মাই।

April 19, 2024 8:33 PM

views 34

ৰাজ্যৰ ৫টা সমষ্টিত লোকসভা নিৰ্বাচনৰ ভোটগ্রহণ সম্পন্ন, বিয়লি ৫ বজাপর্যন্ত প্ৰায় ৭১ শতাংশ ভোটদান

ৰাজ্যৰ ৫ টা সমষ্টিত আজি শান্তিপূর্ণভাৱে লোকসভা নিৰ্বাচনৰ ভোটগ্রহণ সম্পন্ন হয়। শেহতীয়া তথ্য অনুসৰি বিয়লি ৫ বজা পর্যন্ত ৰাজ্যখনত প্ৰায় ৭১ শতাংশ ভোটদাতাই গণতান্ত্রিক অধিকাৰ সাব্যস্ত কৰিছে। কাজিৰঙা, শোণিতপুৰ, লখিমপুৰ, ডিব্ৰুগড় আৰু যোৰহাট সমষ্টিত ভোটদাতাসকলে উৎসাহ-উদ্দীপনাৰে নিজৰ গণতান্ত্রিক অধিকাৰ ...

April 19, 2024 8:27 PM

views 53

তৃতীয় পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ মনোনয়ন দাখিল প্ৰক্ৰিয়াৰ সামৰণি

তৃতীয় পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ মনোনয়ন দাখিল প্ৰক্ৰিয়াৰ আজি সামৰণি পৰিছে। মনোনয়ন দাখিলৰ অন্তিম দিনা আজি গুৱাহাটী লোকসভা সমষ্টিৰ বিজেপি মিত্ৰজোটৰ প্ৰাৰ্থী বিজুলী কলিতা মেধিয়ে কামৰূপ মহানগৰ জিলা আয়ুক্তৰ কাৰ্যালয়ত মনোনয়ন দাখিল কৰে। মনোনয়ন দাখিলৰ পূৰ্বে খানাপাৰাত অনুষ্ঠিত এখন জনসভাত মুখ্যমন্ত্র...

April 19, 2024 8:22 PM

views 34

ৰাজ্যত দ্বিতীয় আৰু তৃতীয় পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ বাবে কেইবাগৰাকীও প্ৰাৰ্থীৰ প্ৰচাৰ

ৰাজ্যত দ্বিতীয় আৰু তৃতীয় পৰ্যায়ত নিৰ্বাচনৰ বাবে ব্যাপক ৰূপত প্ৰচাৰ অব্যাহত আছে। দৰং ওদালগুৰি সমষ্টিৰ আই এন ডি আই মিত্ৰজোটৰ সমর্থিত কংগ্ৰেছ দলৰ প্ৰাৰ্থীগৰাকীৰ সমৰ্থনত বিভিন্ন স্থানত জনসভা অনুষ্ঠিত কৰা হয়। ৰঙিয়াৰ কেইবাটাও স্থানত আয়োজিত নিৰ্বাচনী প্ৰচাৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰি কংগ্ৰেছৰ প্ৰাৰ্থী ম...

April 19, 2024 8:16 PM

views 36

ৰাজ্যত সাদিনীয়া ৰঙালী বিহুৰ শেষৰ দিনটো চেৰা বা এৰা বিহু হিচাপে পালন

সাদিনীয়া ৰঙালী বিহুৰ আজি শেষৰ দিনটো চেৰা বা এৰা বিহু হিচাপে ৰাজ্যৰ বিভিন্ন প্ৰান্তত পালন কৰা হৈছে। এই উপলক্ষে বিভিন্ন স্থানত বিহু ভঙা আৰু পাৰ তোলা উৎসৱৰ আয়োজন কৰা হৈছে। কোনো ঠাইত এই উৎসৱ ভঠেলী নাইবা বাঁহ গোঁসাই উৎসৱ হিচাপেও পালন কৰা হয়। নামনি অসমত আজিৰ দিনটোত সাত বিধ শাক খোৱাৰ পৰম্পৰা নাইবা সাত শ...

April 19, 2024 5:51 PM

views 40

ৰাজ্যত দ্বিতীয়-তৃতীয় পৰ্যায়ৰ নিৰ্বাচনৰ বাবে প্ৰচাৰ অব্যাহত, কেইবাখনো নিৰ্বাচনী সভাত মুখ্যমন্ত্ৰীৰ অংশগ্ৰহণ

ৰাজ্যখনত দ্বিতীয় আৰু তৃতীয় পৰ্যায়ত নিৰ্বাচনৰ বাবে ব্যাপক ৰূপত প্ৰচাৰ অব্যাহত আছে। আজি খানাপাৰাৰ পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰত আয়োজিত এখন জনসভাত বিজেপি নেতা তথা মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই গুৱাহাটী সমষ্টিৰ প্ৰাৰ্থী বিজুলী কলিতা মেধিৰ হৈ প্ৰচাৰ চলায়। একেদিনাই মুখ্যমন্ত্ৰীগৰাকীয়ে ওদাল...

April 19, 2024 5:46 PM

views 32

আকাশবাণী গুৱাহাটীৰ আঞ্চলিক বাতৰি বিভাগৰ কাইলৈ নিশা ৮.০২ বজাৰ দৃষ্টিপাত লোকনির্ণয় ২০২৪ শীর্ষক অনুষ্ঠানত লোকসভা নির্বাচন সন্দৰ্ভত আলোচনা

আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ আঞ্চলিক বাতৰি বিভাগৰ কাইলৈ নিশা ৮ বাজি ২ মিনিটত প্ৰচাৰ হ'বলগীয়া দৃষ্টিপাত লোকনির্ণয় ২০২৪ শীর্ষক অনুষ্ঠানত লোকসভা নির্বাচন সন্দৰ্ভত আলোচনা কৰা হ'ব। অনুষ্ঠানত অতিথি হিচাপে উপস্থিত থাকিব সাংবাদিক গৌতম শৰ্মা আৰু জিতেন্দ্ৰ কুমাৰ চৌধুৰী। অনুষ্ঠানৰ আঁত ধৰিব মানস প্রতীম শৰ্মাই।

April 17, 2024 8:05 PM

views 45

আগৰতলাত প্ৰধানমন্ত্ৰীৰ নির্বাচনী সভা

বিজেপিৰ জ্যেষ্ঠ নেতা তথা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ত্ৰিপুৰাত কংগ্ৰেছ আৰু কমিউনিষ্ট দলৰ আই এন ডি আই মিত্রজোটক সমালোচনা কৰি কয় যে, দক্ষিণৰ ৰাজ্য কেৰালাত দুয়োটা দলেই পৰস্পৰৰ শত্ৰু। পশ্চিম ত্ৰিপুৰা আৰু পূৱ ত্ৰিপুৰা আসনত প্ৰতিদ্বন্দিতা কৰা প্ৰাৰ্থীৰ হ'কে আগৰতলাত এখন নির্বাচনী সভাত অংশগ্ৰহণ কৰি...

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।