আঞ্চলিক সংবাদ

May 5, 2024 12:54 PM

views 35

তৃতীয় পৰ্যায়ৰ ভোটগ্ৰহণৰ বাবে ৪টা সমষ্টিৰ অন্তৰ্গত জিলাসমূহত সুৰা নিষিদ্ধ ঘোষণা

লোকসভা নিৰ্বাচনৰ তৃতীয় পৰ্যায়ত পৰহিলৈ হ'বলগীয়া ভোটগ্ৰহণৰ বাবে ৪টা সমষ্টিৰ অন্তৰ্গত জিলা প্রশাসনসমূহে প্রয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰিছে। ইতিমধ্যে এই সমষ্টিসমূহৰ অধীনৰ ভোটকেন্দ্ৰসমূহলৈ বিষয়া- কৰ্মচাৰীসকল আজিৰে পৰা যোৱাৰ ব্যৱস্থা কৰা হৈছে। ইপিনে, আটাইকেইখন জিলাতে আজি বিয়লি ৫ বজাৰ পৰা ভোটগ্ৰহণৰ দিনা...

May 5, 2024 12:50 PM

views 33

লোকসভা নিৰ্বাচনৰ তৃতীয় পৰ্যায়ৰ প্ৰচাৰ অভিযানৰ আজি অন্তিম দিন

লোকসভা নিৰ্বাচনৰ তৃতীয় পৰ্যায়ৰ প্ৰচাৰ অভিযানৰ আজি অন্ত পৰিব। এই পৰ্যায়ত ৰাজ্যত ৪টা সমষ্টিত ভোটগ্ৰহণ কৰা হ'ব। চাৰিওটা সমষ্টিতে ৰাজনৈতিক দল আৰু প্ৰাৰ্থীসকলে নির্বাচনী প্ৰচাৰ তীব্ৰ কৰি তুলিছে। আজি বিয়লি ৫ বজাৰ লগে লগে গুৱাহাটী, বৰপেটা, কোকৰাঝাৰ আৰু ধুবুৰী সমষ্টিত প্ৰচাৰ অভিযানৰ অন্ত পৰিব। অহা ৭ মে'...

May 4, 2024 8:16 PM

views 31

ডিমা হাছাও জিলা প্রশাসনৰ সতৰ্কতামূলক ব্যৱস্থা গ্ৰহণ

ডিমা হাচাও জিলাত বিগত কিছু দিন ধৰি হৈ থকা ধাৰাষাৰ বৰষুণ আৰু ভূমিস্খলনৰ ফলত সৃষ্টি হোৱা পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত জিলা প্রশাসনে কেতবোৰ সতৰ্কতামূলক ব্যৱস্থা গ্ৰহণ কৰিছে। ভাৰতীয় বতৰ বিজ্ঞান বিভাগ আৰু গুৱাহাটীৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰৰ পৰা লাভ কৰা আগতীয়া জাননী অনুসৰি জিলা প্ৰশাসন আৰু জিলা দুর্যোগ ব...

May 4, 2024 8:11 PM

views 42

ৰাজ্যৰ বিভিন্ন স্থানত বুজন পৰিমাণৰ মাদক দ্রব্য জব্দ

ৰাজ্যৰ বিভিন্ন স্থানত আৰক্ষী, আবকাৰী বিভাগ আৰু অন্যান্য সুৰক্ষা বাহিনীসমূহে বুজন পৰিমাণৰ মাদক দ্রব্য জব্দ কৰিছে। তামুলপুৰ জিলাৰ ভাৰত-ভূটান সীমান্তৰ দৰঙা মেলাত আবকাৰী বিভাগ আৰু এছ এছ বিয়ে যুটীয়াভাৱে অভিযান চলাই বুজন পৰিমাণৰ সুৰাসহ দুজন লোকক আটক কৰিছে। আবকাৰী বিভাগে অবৈধ ভূটানী সুৰাৰ বিৰুদ্ধে ধাৰাবা...

May 4, 2024 7:51 PM

views 46

লোকসভা নিৰ্বাচনৰ তৃতীয় পৰ্যায়ৰ প্ৰচাৰ অভিযানৰ কাইলৈ অন্তিম দিন

লোকসভা নিৰ্বাচনৰ তৃতীয় পৰ্যায়ৰ প্ৰচাৰ অভিযানৰ কাইলৈ অন্তিম দিন। এই উপলক্ষে ঘাই ঘাই দলৰ শীৰ্ষ নেতাসকলে ভোটদাতাৰ মন জয় কৰাৰ বাবে আপ্রাণ চেষ্টা চলোৱা পৰিলক্ষিত হৈছে। বিহাৰৰ দৰভাংগাত আজি এখন নির্বাচনী সভাত অংশ লৈ প্ৰধানমন্ত্ৰী তথা বিজেপিৰ জ্যেষ্ঠ নেতা নৰেন্দ্ৰ মোদীয়ে কংগ্ৰেছ আৰু আৰ জে ডি নেতৃত্বাধীন...

May 4, 2024 7:17 PM

views 30

৭ মে’ত হ’বলগীয়া ভোটগ্রহণৰ বাবে জিলা প্রশাসনসমূহৰ প্রয়োজনীয় ব্যৱস্থা গ্ৰহণ

৭ মে'ত হ'বলগীয়া তৃতীয় পৰ্যায়ৰ ভোটগ্রহণৰ বাবে ৪টা সমষ্টিৰ অন্তৰ্গত জিলা প্রশাসনসমূহে প্রয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰিছে। গোৱালপাৰা জিলাৰ ৯১০টা কেন্দ্ৰত ভোটগ্ৰহণৰ বাবে যাৱতীয় প্ৰস্তুতি সম্পন্ন হৈছে। আনহাতে আটাইকেইখন জিলাতে কাইলৈ বিয়লি ৫ বজাৰ পৰা ভোটগ্ৰহণৰ দিনা বিয়লি ৫ বজা পর্যন্ত সুৰা নিষিদ্ধ ঘোষণ...

May 4, 2024 7:11 PM

views 42

তৃতীয় পৰ্যায়ৰ প্ৰচাৰ অভিযানৰ কাইলৈ অন্তিম দিন, ৰাজনৈতিক দল আৰু প্ৰাৰ্থীৰ নিৰ্বাচনী প্ৰচাৰ তুংগত

লোকসভা নিৰ্বাচনৰ তৃতীয় পৰ্যায়ৰ প্ৰচাৰ অভিযানৰ কাইলৈ অন্তিম দিন হোৱাৰ পৰিপ্ৰেক্ষিতত সকলো ৰাজনৈতিক দল আৰু প্ৰাৰ্থীৰ নিৰ্বাচনী প্ৰচাৰ তুংগত উঠিছে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আজি বৰপেটা সমষ্টিৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী ফণীভূষণ চৌধুৰীৰ সমৰ্থনত বঙাইগাঁৱত প্ৰচাৰ চলায়। নির্বাচনী সভাত ভাষণ দি মুখ্যমন্ত্র...

May 4, 2024 6:10 PM

views 35

উত্তৰাখণ্ডত শোকাবহ পথ দুৰ্ঘটনাত ৫ লোকৰ মৃত্যু

উত্তৰাখণ্ডত আজি নিচেই পুৱাতে হোৱা এটা শোকাবহ পথ দুৰ্ঘটনাত ৫ জন লোকৰ মৃত্যু হোৱাৰ লগতে এগৰাকী যুৱতী গুৰুতৰভাৱে আহত হয়। আৰক্ষীৰ সূত্ৰই প্ৰকাশ কৰা অনুসৰি মুছৌৰি-ডেৰাদুন পথৰ ঝাৰিপানীত এখন গাড়ী নিয়ন্ত্ৰণ হেৰুৱাই পথৰ পৰা কাষৰ খাবৈত পৰি যায়। আৰক্ষী আৰু এছ ডি আৰ এফে ঘটনাস্থলীত উপস্থিত হৈ উদ্ধাৰ কাৰ্য সম...

May 4, 2024 12:39 PM

views 29

প্ৰাক্তন মন্ত্ৰী ছুম’ ৰহাঙৰ দেহাৱসান

গুৱাহাটীৰ এখন চিকিৎসালয়ত কালি মৃত্যু হোৱা প্ৰাক্তন মন্ত্ৰী ছুম’ ৰহাঙৰ মৃতদেহ কাৰ্বি আংলঙত থকা তেওঁৰ বাসগৃহলৈ নিয়া হৈছে। কাৰ্বি আংলং স্বায়ত্বশাসিত পৰিষদৰ প্ৰাক্তন মুখ্য কাৰ্যবাহী ৰংহাঙৰ আকস্মিক মৃত্যুত বৰ্তমানৰ পৰিষদৰ মুখ্য কাৰ্যবাহী তুলিৰাম বংহাঙে শোক প্রকাশ কৰে। তুলিৰাম ৰংহাঙে কয় যে, শিল্পী মনৰ...

May 4, 2024 12:41 PM

views 32

কাইলৈ ভাৰতীয় ইতিহাস সংকলন সমিতি যোৰহাট জিলাৰ গ্ৰন্থ উন্মোচনী সভা

♦ ভাৰতীয় ইতিহাস সংকলন সমিতি যোৰহাট জিলাৰ এখন গ্ৰন্থ উন্মোচনী সভা কাইলৈ দিনৰ ১১ বজাত চি কে মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত আয়োজন কৰা হৈছে। নতুন দিল্লীৰ মহাসচিব হিমন্ত ধিং মজুমদাৰক অখিল ভাৰতীয় ইতিহাস সংকলন যোজনাৰ ইতিহাস বার্তা নামৰ গ্ৰন্থখন উন্মোচন কৰিবলৈ আমন্ত্ৰণ জনোৱা হৈছে।

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।