আঞ্চলিক সংবাদ

May 13, 2024 8:29 PM

views 29

জনস্বাস্থ্য কাৰিকৰী বিভাগৰ লখিমপুৰৰ কাৰ্যবাহী অভিযন্তা জয়ন্ত গোস্বামীক গ্ৰেপ্তাৰ

দুৰ্নীতি নিৰীক্ষণ আৰু নিবাৰক সঞ্চালকালয়ে উৎকোচ লোৱা অৱস্থাত জনস্বাস্থ্য কাৰিকৰী বিভাগৰ লখিমপুৰৰ কাৰ্যবাহী অভিযন্তা জয়ন্ত গোস্বামীক আজি গুৱাহাটীৰ এখন হোটেলৰ পৰা গ্ৰেপ্তাৰ কৰে। গুৱাহাটীৰ হেঙেৰাবাৰীৰ এজন লোকৰ পৰা বিলৰ ধন মোকলাই দিয়াৰ নামত ২০ হাজাৰ টকা উৎকোচ লওঁতেই পূৰ্বৰ পৰা খাপ পিতি থকা তদন্তকাৰী দ...

May 13, 2024 7:05 PM

views 20

ডº শ্ৰীশ্ৰীপীতাম্বৰ দেৱ গোস্বামীৰ ৬৬ সংখ্যক জন্ম তিথিৰ সৈতে সংগতি ৰাখি পৰহিলৈ এক অভিনন্দন কাৰ্যসূচীৰ আয়োজন

আউনীআটি সত্ৰৰ সত্ৰাধিকাৰ ডº শ্ৰীশ্ৰীপীতাম্বৰ দেৱ গোস্বামীৰ ৬৬ সংখ্যক জন্ম তিথিৰ সৈতে সংগতি ৰাখি পৰহিলৈ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ আন্তঃৰাষ্ট্ৰীয় প্রেক্ষাগৃহত এক অভিনন্দন কাৰ্যসূচীৰ আয়োজন কৰা হৈছে। গুৱাহাটী প্ৰেছ ক্লাৱত আয়োজিত এখন সংবাদমেলত সদৌ অসম ভাওনা সন্মিলনৰ সভাপতি জয়ন্ত কুমাৰ ডেকাই কয় যে...

May 13, 2024 7:03 PM

views 28

৩১ মে’ৰ পৰা দেশী-বিদেশী পৰ্যটকৰ বাবে বন্ধ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান

বিশ্ব ঐতিহ্যক্ষেত্ৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান অহা ৩১ মে'ৰ পৰা দেশী-বিদেশী পৰ্যটকৰ বাবে বন্ধ কৰা হ'ব। পূর্বে উদ্যান কর্তৃপক্ষই ১৫ মে'ত ৰাষ্ট্ৰীয় উদ্যানখনৰ জীপ চাফাৰী বন্ধ কৰাৰ বাবে নিৰ্দেশনা জাৰি কৰিছিল যদিও পাছত পৰ্যটকৰ আগমনৰ প্ৰতি লক্ষ্য ৰাখি ৩১ মে' পর্যন্ত এই সময়সীমা বৃদ্ধি কৰা হয়। ইতিমধ্যে যোৱ...

May 13, 2024 7:09 PM

views 41

পদ্মশ্ৰী সন্মানেৰে বিভূষিত বিৰুবালা ৰাভাৰ দেহাৱসান

কু-সংস্কাৰ আৰু অন্ধ বিশ্বাসৰ বিৰুদ্ধে আজীৱন যুঁজ দিয়া বিৰুবালা ৰাভাই আজি পুৱা গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত শেষ নিশ্বাস ত্যাগ কৰে। তেওঁক কেন্দ্ৰীয় চৰকাৰে ২০২১ চনত দেশৰ চতুৰ্থ অসামৰিক সন্মান পদ্মশ্ৰী বঁটাৰে সন্মানিত কৰিছিল। সমাজত প্ৰচলিত কু-সংস্কাৰ, ডাইনী প্ৰথাৰ বিৰুদ্ধে দুই দশকৰো অধিক কা...

May 13, 2024 6:59 PM

views 20

চি বি এছ ইৰ দশম আৰু দ্বাদশ শ্ৰেণীৰ চূড়ান্ত পৰীক্ষাৰ ফলাফল ঘোষণা

কেন্দ্ৰীয় মাধ্যমিক শিক্ষা পৰিষদ- চি বি এছ ইয়ে দশম আৰু দ্বাদশ শ্ৰেণীৰ চূড়ান্ত পৰীক্ষাৰ ফলাফল ঘোষণা কৰিছে। চি বি এছ ইয়ে প্ৰকাশ কৰা তথ্য অনুসৰি দশম শ্ৰেণীৰ পৰীক্ষাৰ উত্তীৰ্ণৰ হাৰ ৯৩ দশমিক ৬-০ শতাংশ। ছাত্ৰীৰ উত্তীৰ্ণৰ হাৰ ৯৪ দশমিক ৭-৫ শতাংশ হোৱাৰ বিপৰীতে ছাত্ৰৰ উত্তীৰ্ণ হাৰ ৯২ দশমিক ৭–১ শতাংশ। চি বি ...

May 13, 2024 6:04 PM

views 46

উত্তৰ-পশ্চিম আৰু মধ্য ভাৰতত উষ্ণতা বৃদ্ধিৰ আগলি বতৰা ভাৰতীয় বতৰ বিজ্ঞান বিভাগৰ

ভাৰতৰ বতৰ বিজ্ঞান বিভাগে অহা চাৰি-পাঁচ দিনত উত্তৰ-পশ্চিম আৰু মধ্য ভাৰতত উষ্ণতা বৃদ্ধিৰ আগলি বতৰা দিছে। ৰাজস্থানকে ধৰি এই অঞ্চলসমূহত অহা ১৬ মে’ৰ পৰা গ্ৰীষ্ম প্রবাহ হোৱাৰ সম্ভাৱনা আছে বুলি বিভাগটোৱে প্রকাশ কৰিছে। আকাশবাণীৰ সৈতে হোৱা কথা বতৰাত বতৰ বিজ্ঞান বিভাগৰ বিজ্ঞানী আৰ কে জেনামানিয়ে কৈছে যে, আজি ভ...

May 13, 2024 11:26 AM

views 25

কলং নৈৰ পাৰৰ নিৰ্মীয়মান মথাউৰি পৰিদৰ্শন মন্ত্রী পীযূষ হাজৰিকাৰ

জলসম্পদ মন্ত্রী পীযূষ হাজৰিকাই কালি জাগীৰোড বিধানসভা সমষ্টিৰ তেলাহীৰ পৰা ৰহা বিধানসভা সমষ্টিৰ জোঙালবলহু গড়লৈকে কলং নৈৰ পাৰৰ নিৰ্মীয়মান মথাউৰি পৰিদৰ্শন কৰি নিৰ্মাণৰ অগ্ৰগতিৰ বুজ লয়। পৰিদৰ্শনকালত মন্ত্ৰীগৰাকীয়ে ৰহা চকী অঞ্চলৰ কলং নৈৰ সোঁকাষৰ মথাউৰিৰ খহনীয়া প্ৰতিৰোধ সন্দৰ্ভত লোকনিৰ্মাণ আৰু জলসম্পদ...

May 12, 2024 8:50 PM

views 26

১৫ মে’ৰ পৰা দেশী-বিদেশী পৰ্যটকৰ বাবে বিশ্ব ঐতিহ্যক্ষেত্ৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান বন্ধ

 বিশ্ব ঐতিহ্যক্ষেত্ৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ দুৱাৰ অহা ১৫ মে'ৰ পৰা দেশী-বিদেশী পৰ্যটকৰ বাবে বন্ধ কৰা হ'ব। বিগত বৰ্ষৰ ১৫ অক্টোবৰত মুকলি হোৱা ২০২৩-২৪ পর্যটন বৰ্ষৰ অহা ১৫ মে'ত অন্ত পৰিব। ইতিমধ্যে যোৱা পহিলা মে'ৰ পৰা উদ্যানখনত হাতী চাফাৰী বন্ধ কৰি দিয়া হৈছে। ২০২৩-২৪ পর্যটন বৰ্ষত কাজিৰঙা ৰাষ্ট্ৰীয় উ...

May 12, 2024 7:05 PM

views 16

দুধনৈত ২৩, ২৪ আৰু ২৫ মেত তিনি-দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে বাইখো উৎসৱ

জেঠ মাহৰ পূৰ্ণিমা তিথিত উদযাপন কৰিবলগীয়া ৰাভা জনগোষ্ঠীৰ জাতীয় উৎসৱ বাইখোৰ কাৰণে দুধনৈ আঞ্চলিক ছাত্র সভাই প্রস্তুতি অব্যাহত ৰাখিছে। অহা ২৩, ২৪ আৰু ২৫ মেত তিনি-দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে বাইখো উৎসৱ উদযাপন কৰা হ'ব। দুধনৈ ৰাজহুৱা খেলপথাৰত আজি এই উদ্দেশ্যেৰে আনুষ্ঠানিকভাৱে লাইখুটা স্থাপন কৰা হয়। উল্...

May 12, 2024 12:08 PM

views 20

সাংবাদিক প্রয়াত সীমান্ত ভাগৱতীৰ সোঁৱৰণত বক্তৃতা অনুষ্ঠান

সাংবাদিক প্রয়াত সীমান্ত ভাগৱতীৰ সোঁৱৰণত গুৱাহাটীৰ এটা প্ৰকাশন গোষ্ঠী আৰু সাংবাদিকগৰাকীৰ পৰিয়ালৰ সহযোগত কালি গুৱাহাটী প্ৰেছ ক্লাৱত সাম্প্ৰতিক সময়ত সংবাদ মাধ্যমৰ ভূমিকা আৰু বিশ্বাসযোগ্যতা শীৰ্ষক এটা বক্তৃতা অনুষ্ঠানৰ আয়োজন কৰে। এই অনুষ্ঠানত জ্যেষ্ঠ সাংবাদিক তথা নাগালেণ্ড বিশ্ববিদ্যালয় আচার্য্য ড০...

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।