আঞ্চলিক সংবাদ

December 1, 2025 8:40 PM

views 20

শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ সমাজৰ উপ-সভাপতিৰূপে বিশিষ্ট অভিনেতা প্রাঞ্জল শ‍ইকীয়াৰ কাৰ্যভাৰ গ্ৰহণ

বিশিষ্ট অভিনেতা প্রাঞ্জল শ‍ইকীয়াই শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ সমাজৰ উপ-সভাপতিৰূপে আজি কাৰ্যভাৰ গ্ৰহণ কৰে। কাৰ্যভাৰ গ্ৰহণৰ পাছতেই শ্ৰী শ‍ইকীয়াই এখন বৈঠকত অংশ লৈ কলাক্ষেত্ৰ সমাজৰ উদ্যোগত চলি থকা বিভিন্ন প্ৰকল্পৰ বুজ লৈ সন্তুষ্টি প্ৰকাশ কৰে। কলাক্ষেত্ৰ সচিব সুদৰ্শন ঠাকুৰে তেওঁক কলাক্ষেত্ৰ সমাজৰ হৈ আদ...

December 1, 2025 8:35 PM

views 16

শ্ৰীভূমিৰ চূড়াইবাৰী তালাচী চকীত বুজন পৰিমাণৰ নিচাযুক্ত দ্রব্যসহ এজন সৰবৰাহকাৰীক গ্ৰেপ্তাৰ

নিচাযুক্ত দ্রব্যবিৰোধী অভিযানৰ অংশ হিচাপে শ্ৰীভূমি আৰক্ষীয়ে আজি চূড়াইবাৰী তালাচী চকীত বুজন পৰিমাণৰ নিচাযুক্ত দ্রব্যসহ এজন সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰে। ত্ৰিপুৰাৰ জিৰাণিয়া নিবাসী সৰবৰাহকাৰীজনে মেঘালয়লৈ নিচাযুক্ত সামগ্ৰীখিনি লৈ যোৱাৰ পথত শ্রীভূমিৰ চূড়াইবাৰীত আৰক্ষীয়ে তালাচী চলাই সামগ্ৰীখিনি উদ্ধাৰ ...

December 1, 2025 8:32 PM

views 29

শিলচৰত আজিৰে পৰা অসম গ্রন্থমেলা

আজিৰে পৰা শিলচৰত অসম গ্রন্থমেলা দ্বিতীয় বাৰৰ বাবে অনুষ্ঠিত হৈছে। অসম প্ৰকাশন পৰিষদ আৰু পুথি বিক্রেতা সন্থাৰ উদ্যোগত আয়োজিত এই গ্রন্থমেলা পুলিচ পেৰেড খেলপথাৰত অহা ১০ ডিচেম্বৰলৈকে চলি থাকিব। আজি গ্রন্থমেলাৰ উদ্বোধনী অনুষ্ঠানত দেশৰ বিশিষ্ট সাহিত্যিক, সাংবাদিক আৰু কলকাতা বিশ্ববিদ্যালয়ৰ জনসংযোগ বিভাগৰ...

December 1, 2025 8:28 PM

views 19

মৰিগাঁৱত ধৰ্ষণৰ অপৰাধত অভিযুক্ত তিনিজন লোকক ২০ বছৰ সশ্ৰম কাৰাদণ্ড পকছ’ আদালতৰ

মৰিগাঁৱৰ পকছ’ আদালতে ধৰ্ষণৰ অপৰাধত অভিযুক্ত তিনিজন লোকক আজি দোষী সাব্যস্ত কৰি ২০ বছৰ সশ্ৰম কাৰাদণ্ডৰে দণ্ডিত কৰে। লোক কেইজন মৰিগাঁও জিলাৰ মিকিৰভেটাৰ ৰাজীবুল হক, মান্নান আলী আৰু চমেড আলী বুলি আমাৰ সংবাদদাতাই জনাইছে। এই লোক কেইজনে যোৱা বছৰৰ আগষ্টত মৰিগাঁও জিলাৰ মিকিৰভেটা থানাৰ অন্তৰ্গত এগৰাকী কিশোৰীক ...

December 1, 2025 8:24 PM

views 32

নাগালেণ্ডৰ কোহিমাৰ কিছামা গাঁৱত আজিৰে পৰা ১০ দিনীয়াকৈ ২৬ সংখ্যক হর্নবিল মহোৎসৱ

নাগালেণ্ডৰ কোহিমাৰ কিছামা গাঁৱত আজিৰে পৰা ১০ দিনীয়াকৈ ২৬ সংখ্যক হর্নবিল মহোৎসৱ অনুষ্ঠিত হৈছে। মহোৎসৱত ৰাজ্যখনৰ লোক কথা, শিল্প, খাদ্য সম্ভাৰ আদিৰ মাধ্যমেৰে বৰ্ণাঢ্য সংস্কৃতিক প্ৰদৰ্শন কৰা হৈছে। কিচামা গাঁৱৰ ইউনিটি প্লাজাত আজি বিয়লি চাৰি বজাত উদ্বোধনী কার্যসূচী অনুষ্ঠিত হয়। নাগালেণ্ডৰ ৰাজ্যপাল অজয়...

December 1, 2025 7:03 PM

views 18

বিৰোধী পক্ষৰ হুলস্থূলীয়া প্ৰতিবাদৰ বাবে সংসদৰ শীতকালীন অধিবেশনৰ প্ৰথম দিনৰ কামকাজ স্থগিত

দেশৰ কেইবাখনো ৰাজ্যত ভোটাৰ তালিকাৰ পুংখানুপুংখ সংশোধন চমুকৈ এছ আই আৰ আৰু মণিপুৰৰ জি এছ টি বিধেয়ককে ধৰি বিভিন্ন বিষয়ৰ প্ৰতিবাদত বিৰোধী পক্ষই সৃষ্টি কৰা হুলস্থূলীয়া পৰিৱেশৰ বাবে সংসদৰ শীতকালীন অধিবেশনৰ আজি প্ৰথম দিনৰ কামকাজ স্থগিত ৰাখিবলগীয়া হয়। দিনৰ ১১ বজাত লোকসভাৰ কাৰ্যক্ৰমণিকা আৰম্ভ হোৱাৰ পাছত...

December 1, 2025 7:01 PM

views 19

নগাঁও জিলাত মহিলা উদ্যমিতা আঁচনিৰ চেক বিতৰণ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ

মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই আজি নগাঁও জিলাৰ বঢ়মপুৰ বিধানসভা সমষ্টিৰ অন্তৰ্গত কঠিয়াতলীত মুখ্যমন্ত্ৰীৰ মহিলা উদ্যমিতা আঁচনিৰ চেকসমূহ আনুষ্ঠানিকভাৱে বিতৰণ কৰে। সমষ্টিটোৰ ৩৩ হাজাৰ ৬২৫গৰাকী মহিলাক ১০ হাজাৰকৈ টকাৰ চেক বিতৰণ কৰা হয়। ইয়াৰে প্ৰায় ৩২ হাজাৰ মহিলা গ্ৰামাঞ্চলৰ বুলি আমাৰ নগাঁৱৰ সংবাদ...

December 1, 2025 6:58 PM

views 17

যমুনামুখত ৰে’লৱে উৰণ সেতু উদ্বোধন মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ

মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই আজি বঢ়মপুৰ সমষ্টিৰ অন্তৰ্গত যমুনামুখত কেইবাটাও উন্নয়নমূলক প্রকল্পৰ শুভাৰম্ভ কৰে। তেওঁ যমুনামুখ ৰেলৱে উৰণ সেতুখনৰ আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰে। উৰণ সেতুখন উদ্বোধন কৰি মুখ্যমন্ত্রী ড০ শর্মাই কয় যে এই নির্মাণে অঞ্চলটোত যান-জঁটৰ সমস্যা হ্ৰাস কৰি জনসাধাৰণক যাতায়াতৰ ...

December 1, 2025 6:57 PM

views 23

অহা মাহৰ প্ৰথম ভাগতে গুৱাহাটী-উত্তৰ গুৱাহাটী সংযোগী দলং মুকলি

অহা মাহৰ প্ৰথম ভাগতে গুৱাহাটী-উত্তৰ গুৱাহাটী সংযোগী দলংখন মুকলি কৰাৰ বাবে নিৰ্মাণকাৰী সংস্থাই প্রস্তুতি প্রায় সম্পূৰ্ণ কৰিছে। দলংখনৰ নিৰ্মাণৰ ৯০ শতাংশ কাম প্রায় সম্পূর্ণ হৈছে বুলি লোক নির্মাণ বিভাগৰ কৰ্তৃপক্ষৰ সূত্ৰৰ উদ্ধৃতি দি আমাৰ সংবাদদাতাই জনাইছে। উল্লেখযোগ্য যে, মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শ...

December 1, 2025 6:54 PM

views 15

ইষ্ট-ৱেষ্ট কৰিড’ৰৰ ডিমা হাচাও জিলাৰ অংশ জানুৱাৰীত সম্পূৰ্ণ হোৱাৰ সম্ভাৱনা

প্রাক্তন প্রধানমন্ত্রী অটল বিহাৰী বাজপেয়ীয়ে ১৯৯৮ চনত দেশৰ পূব আৰু পশ্চিম প্রান্তত সকলো বতৰ উপযোগী উন্নত ঘাইপথেৰে সংযোগ কৰাৰ বাবে শিলচৰৰ পৰা গুজৰাটৰ সৌৰাষ্টলৈ ইষ্ট-ৱেষ্ট কৰিড'ৰৰ নিৰ্মাণৰ বিষয়ে ঘোষণা কৰিছিল। কিন্তু প্রায় ৩ হাজাৰ ৩০০ কিলোমিটাৰ দৈৰ্ঘ্যৰ সেই ঘাইপথটোৰ নিৰ্মাণৰ কাম সম্পূৰ্ণ হৈ নুঠিল। অ...

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।