উত্তৰ-পূৰ্বাঞ্চল

May 24, 2025 4:02 PM

views 16

মণিপুৰৰ উখৰুল জিলাত চলি থকা চিৰই লিলি উৎসৱৰ আজি সামৰণি

উত্তৰ পূবৰ ৰাজ্য মণিপুৰৰ উখৰুল জিলাত চলি থকা চিৰই লিলি উৎসৱৰ আজি সামৰণি পৰিব। এই উৎসৱ ২০ মে'ত আৰম্ভ হৈছিল আৰু আজি সন্ধিয়া বক্সি গ্রাউণ্ডত এই উৎসৱৰ সামৰণি পৰিব। ৰাজ্যখনৰ সংস্কৃতিৰ সৈতে ওতঃপ্রোত সমন্ধ থকা চিৰই লিলিৰ প্ৰতি সজাগতা সৃষ্টিৰ উদ্দেশ্যে এই ৫ দিনীয়া উৎসৱৰ আয়োজন কৰা হৈছিল। সামৰণিৰ দিনা আজি ...

May 23, 2025 12:15 PM

views 28

মণিপুৰৰ নৃগোষ্ঠীয় হিংসাৰ গোচৰসমূহৰ বিচাৰৰ বাবে এখন বিশেষ এন আই এ আদালত গঠন কেন্দ্ৰৰ

■ কেন্দ্ৰীয় চৰকাৰে মণিপুৰৰ নৃগোষ্ঠীয় হিংসাৰ সৈতে জড়িত গোচৰসমূহৰ বিচাৰৰ বাবে এখন বিশেষ এন আই এ আদালত গঠন কৰিছে। কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে মণিপুৰ উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশৰ পৰামৰ্শ অনুসৰি চুৰাচান্দপুৰ জিলাৰ এখন ছেছন আদালতক ৰাষ্ট্ৰীয় তদন্ত সংস্থা এন আই এয়ে তদন্ত কৰা গোচৰসমূহৰ বিচাৰৰ বাবে ...

May 21, 2025 8:01 PM

views 18

মিজোৰাম দেশৰ ভিতৰতে সম্পূৰ্ণৰূপে সাক্ষৰতাপ্ৰাপ্ত প্ৰথমখন ৰাজ্য হিচাপে পৰিগণিত

মিজোৰাম দেশৰ ভিতৰতে সম্পূৰ্ণৰূপে সাক্ষৰতাপ্ৰাপ্ত প্ৰথমখন ৰাজ্য হিচাপে পৰিগণিত হৈছে। ৰাজ্যখনৰ মুখ্যমন্ত্ৰী লালডুমা কালি কেন্দ্ৰীয় শিক্ষা দপ্তৰৰ ৰাজ্যমন্ত্রী জয়ন্ত চৌধুৰীৰ উপস্থিতিত মিজোৰামক পূৰ্ণ সাক্ষৰতাপ্রাপ্ত ৰাজ্য হিচাপে ঘোষণা কৰে। আইজলৰ মিজোৰাম বিশ্ববিদ্যালয়ৰ প্ৰেক্ষাগৃহত এই উপলক্ষে আয়োজিত অ...

May 20, 2025 9:23 PM

views 45

মণিপুৰৰ উখৰুল জিলাত আজিৰে পৰা ৫ দিনীয়া কাৰ্যসূচীৰে ৰাজ্যিক পৰ্যায়ত পঞ্চম শ্বিৰুয়ি লিলি মহোৎসৱৰ আয়োজন

মণিপুৰৰ উখৰুল জিলাত আজিৰে পৰা ৫ দিনীয়া কাৰ্যসূচীৰে ৰাজ্যিক পৰ্যায়ত পঞ্চম শ্বিৰুয়ি লিলি মহোৎসৱৰ আয়োজন কৰা হৈছে। ৰাজ্যপাল অজয় কুমাৰ ভাল্লাই আজি চিৰুয়ি গাঁওৰ হেৰিটেজ গ্ৰাউণ্ডত আয়োজিত অনুষ্ঠানত এই মহোৎসৱৰ শুভাৰম্ভ কৰে। অনুষ্ঠানত দিয়া ভাষণত ৰাজ্যপালগৰাকীয়ে এই মহোৎসৱৰ ভৌগলিক আৰু সাংস্কৃতিক গুৰুত্...

May 18, 2025 8:02 PM

views 24

ছিকিমৰ দৰে জৈৱিকভাৱে মাছ উৎপাদনৰ ব্যৱস্থা ত্ৰিপুৰাতো কৰাৰ বাবে কেন্দ্ৰীয় চৰকাৰে পুঁজিৰ অনুমোদন দিবঃ কেন্দ্ৰীয় মীন মন্ত্ৰী ৰাজীৱ ৰঞ্জন সিঙ

ছিকিমত কোনো ধৰণৰ ৰাসায়নিক দ্রব্য ব্যৱহাৰ নকৰাকৈ জৈৱিকভাৱে মাছ উৎপাদন কৰাৰ ব্যৱস্থা গ্ৰহণ কৰাৰ পাছতেই কেন্দ্ৰীয় মীন মন্ত্ৰী ৰাজীৱ ৰঞ্জন সিঙে কয়, যে কেন্দ্রই অতি সোনকালে ত্ৰিপুৰাতো এনে ব্যৱস্থা গঢ়াৰ বাবে পুঁজিৰ অনুমোদন জনাব। আগৰতলাত ৰাজ্যৰ প্ৰথমটো সংহত একুৱা পাৰ্ক আৰু মৎস্য উৎসৱৰ আধাৰশিলা স্থাপন ক...

May 18, 2025 12:02 PM

views 24

ভাৰতে ১৯ বছৰ অনুৰ্ধ ছাফ ফুটবল প্রতিযোগিতাৰ ফাইনেলত বাংলাদেশৰ বিৰুদ্ধে খেলিব

ভাৰত আজি অৰুণাচল প্ৰদেশৰ গল্ডেন জুবলী ষ্টেডিয়ামত হ'বলগীয়া ১৯ বছৰ অনুৰ্ধ ছাফ ফুটবল প্রতিযোগিতাৰ ফাইনেলত বাংলাদেশৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন সন্ধিয়া সাত বজাত আৰম্ভ হ'ব। গ্ৰুপ পৰ্যায়ত শ্রীলংকাক ৮-০, নেপালক ৪-০ আৰু শুকুৰবাৰে চেমিফাইনেলত মালদ্বীপক ৩-০ গলত পৰাস্ত কৰা ভাৰতীয় দল যথেষ্ট ভাল ফর্মত আছে।...

May 18, 2025 11:50 AM

views 23

কুকি ছাত্র সংগঠন কে এছ অ’ৰ দিল্লীৰ অধ্যক্ষ পাঅ’ জাখুপ গুইটেৰ বিৰুদ্ধে মণিপুৰ আৰক্ষীৰ গোচৰ ৰুজু

মণিপুৰ আৰক্ষীয়ে কুকি ছাত্র সংগঠন কে এছ অ'ৰ দিল্লীৰ অধ্যক্ষ পাঅ' জাখুপ গুইটেৰ বিৰুদ্ধে সামাজিক মাধ্যমত প্ৰচাৰিত এটা ভিডিঅ'ৰ সংক্ৰান্তত গোচৰ ৰুজু কৰিছে। ভিডিঅ'টোত গুইটেই এখন জনসভাত ভাষণ দি কুকি বসতিপ্রধান অঞ্চলত মেইটেই সম্প্ৰদায়ৰ আহ-যাহত নিষেধাজ্ঞা আৰোপ কৰিবলৈ আহ্বান জনাইছিল। মেইটেই সম্প্ৰদায়ৰ লোক ...

May 1, 2025 11:21 AM

views 34

২২,৮৬৪ কোটি টকা ব্যয়সাপেক্ষ মেঘালয়ৰ পৰা শিলচৰলৈ দ্রুত গতিসম্পন্ন কৰিড’ৰ নিৰ্মাণৰ প্ৰস্তাৱত কেন্দ্ৰীয় চৰকাৰৰ অনুমোদন

কেন্দ্ৰীয় চৰকাৰে ২২,৮৬৪ কোটি টকা ব্যয়সাপেক্ষে মেঘালয়ৰ শ্বিলঙৰ সমীপৰ মাওলিনখুঙৰ পৰা শিলচৰৰ ওচৰৰ পাঁচগ্ৰামলৈ এটা দ্রুত গতিসম্পন্ন কৰিড'ৰ নিৰ্মাণৰ প্ৰস্তাৱত অনুমোদন জনাইছে। প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত কালি নতুন দিল্লীত অনুষ্ঠিত মন্ত্ৰীসভাৰ বৈঠকৰ সিদ্ধান্তৰ বিষয়ে সাংবাদিকক অৱগত কৰি তথ্য ...

April 22, 2025 12:01 PM

views 25

বুদ্ধ ধৰ্ম্ম আৰু উত্তৰ-পূবৰ সংস্কৃতি শীৰ্ষক আন্তঃৰাষ্ট্ৰীয় অভিৱৰ্তনৰ আজি সামৰণি

● অৰুণাচল প্ৰদেশৰ নামচাইত কালিৰে পৰা অনুষ্ঠিত বুদ্ধ ধৰ্ম্ম আৰু উত্তৰ-পূবৰ সংস্কৃতি শীৰ্ষক আন্তঃৰাষ্ট্ৰীয় অভিৱৰ্তনৰ আজি সামৰণি পৰিব। আজি নামচাইৰ বিখ্যাত গ'ল্ডেন পেগোডাত বিশ্ব শান্তিৰ বাবে প্ৰাৰ্থনা অনুষ্ঠিত হ'ব। কালি ৰাজ্যখনৰ উপ-মুখ্যমন্ত্ৰী ছাওনা মেইনে এই অভিৱৰ্তন উদ্বোধন কৰে। কেন্দ্ৰীয় চৰকাৰৰ সংস...

April 16, 2025 12:27 PM

views 17

মানৱীয় সৃষ্টিশীলতা আৰু চিন্তা চেতনাক উদযাপন কৰাৰ বাবে মিজোৰামত বিশ্ব কলা দিৱসৰ আয়োজন

বিশ্বৰ অন্যান্য প্ৰান্তৰ লগতে মিজোৰামতো মানৱীয় সৃষ্টিশীলতা আৰু চিন্তা চেতনাক উদযাপন কৰাৰ বাবে বিশ্ব কলা দিৱসৰ আয়োজন কৰা হয়। আইজলৰ ট্ৰেজাৰী স্কুৱাৰত আয়োজিত এই অনুষ্ঠানত ৰাজ্যখনৰ মুখ্যমন্ত্ৰী লালডুৱোমাৰ উপৰি ৰাজ্যখনৰ বিশিষ্ট শিল্পীসকল আৰু বহিঃৰাজ্যৰ ভালেসংখ্যক শিল্পী উপস্থিত থাকে। ভাৰত আন্তঃৰাষ্ট্...

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।