উত্তৰ-পূৰ্বাঞ্চল

April 16, 2025 12:18 PM

views 23

চি ই আই আৰ পোৰ্টেলৰ সহায়ত হেৰুওৱা মোবাইল ফোন উদ্ধাৰ কৰাৰ ক্ষেত্ৰত উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ বিশেষ সফলতা লাভ

উত্তৰ-পূব সীমান্ত ৰে'লৱেই চেণ্ট্ৰেল ইকুইপমেণ্ট আইডেন্টিটি ৰেজিষ্টাৰ, চি ই আই আৰ পোৰ্টেলৰ সহায়ত হেৰুওৱা মোবাইল ফোন উদ্ধাৰ কৰাৰ ক্ষেত্ৰত বিশেষ সফলতা লাভ কৰিছে। যোৱা বছৰৰ ২০ এপ্ৰিলৰ পৰা চলিত মাহলৈকে ৫২৮টা মোবাইল ফোনৰ সন্ধান উলিওৱা হয়। এই পদক্ষেপে যাত্ৰীৰ নিৰাপত্তা নিশ্চিতকৰণ আৰু তাৎক্ষণিকভাৱে ৰাজহুৱা...

April 15, 2025 7:47 PM

views 36

বাক্সা জিলাৰ বিভিন্ন স্থানত গোসাই বাঁহ অৰ্থাৎ‍ দহৰফুৰোৱা উৎসৱ আৰম্ভ

বাক্সা জিলাৰ বিভিন্ন স্থানত আজি গোসাই বাঁহ অৰ্থাৎ‍ দহৰফুৰোৱা উৎসৱ আৰম্ভ হৈছে। জিলাখনৰ মা গোঁসানী, মা কামাখ্যা, কলিয়া ঠাকুৰ, ভাংৰা গোসাই, বুঢ়া গোঁসাই, গৰখীয়া আদি স্থানত এই উৎসৱ উদযাপন কৰা হয়। উল্লেখযোগ্য যে এই লোক উৎসৱৰ বাবে ৫-৬ ডাল দীঘল বাঁহ কাটি গৰু বিহুৰ দজিনাখন গোসাইদহৰ বাঁহ সজোৱা হয়। মুৰত ...

April 13, 2025 6:04 PM

views 32

খ্ৰীষ্টিয়ান ধৰ্মাৱলম্বীসকলৰ ধৰ্মীয় উৎসৱ পাম চানদে মিজোৰাম আৰু নাগালেণ্ডত উৎসাহ আৰু উদ্দীপনাৰে পালন

খ্ৰীষ্টিয়ান ধৰ্মাৱলম্বী লোকসকলৰ ধৰ্মীয় উৎসৱ পাম চানদে মিজোৰাম আৰু নাগালেণ্ডত উৎসাহ আৰু উদ্দীপনাৰে পালন কৰা হয়। খ্ৰীষ্টান ধৰ্মৰ বিশ্বাসীসকলে ইজৰাইলৰ ৰজা হিচাপে জেৰুজালেমত যীশুখ্ৰীষ্টৰ বিজয়ী প্ৰৱেশৰ সোঁৱৰণত এই উৎসৱ পালন কৰা হয়। পাম চানডেৰ পবিত্র সপ্তাহটোত আৰম্ভ হয় আৰু ইষ্টাৰ চানডে উদযাপনেৰে ইয়া...

March 23, 2025 7:53 PM

views 35

সাংবিধানিক উপায়েৰে সকলো সমস্যা সমাধান কৰিব পাৰিঃ উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ বি আৰ গৱাই

উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ বি আৰ গৱাইয়ে আজি কয় যে সাংবিধানিক উপায়েৰে সকলো সমস্যা সমাধান কৰিব পাৰি। ইম্ফলত মণিপুৰ উচ্চ ন্যায়ালয়ৰ দ্বাদশ বার্ষিকী উপলক্ষে আয়োজিত অনুষ্ঠানত অংশগ্ৰহণ কৰি ন্যায়াধীশগৰাকীয়ে আলোচনাৰ শক্তি সন্দৰ্ভত গুৰুত্ব আৰোপ কৰি কয় যে সকলো পক্ষ আগবাঢ়ি আহিলে সমাধান সম্ভৱ হৈ উঠে...

March 16, 2025 8:54 PM

views 13

ডিমাচা কছাৰী বীৰ শম্ভুধন ফংলোৰ ১৭৫ সংখ্যক জয়ন্তী উপলক্ষে শিলচৰৰ অসম বিশ্ববিদ্যালয় চৌহদত বীৰগৰাকীৰ প্ৰতিমূৰ্তি উন্মোচন

ডিমাচা কছাৰী বীৰ শম্ভুধন ফংলোৰ ১৭৫ সংখ্যক জয়ন্তী উপলক্ষে শিক্ষামন্ত্রী ডাঃ ৰণোজ পেগুৱে আজি শিলচৰৰ অসম বিশ্ববিদ্যালয় চৌহদত বীৰগৰাকীৰ প্ৰতিমূৰ্তি উন্মোচন কৰে। অনুষ্ঠানত শিক্ষামন্ত্ৰীগৰাকীয়ে কয় যে উত্তৰ-পূৰ্বাঞ্চলৰ জনজাতীয় সম্প্ৰদায়ৰ লোকসকলে স্বাধীনতা সংগ্রামত সক্রিয় ভূমিকা গ্ৰহণ কৰিছিল। স্বাধীন...

March 16, 2025 6:46 PM

views 24

বড়োলেণ্ডৰ উন্নয়নৰ বাবে চৰকাৰ প্ৰতিশ্ৰুতিবদ্ধ বুলি কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহৰ প্ৰকাশ

বড়োলেণ্ডৰ উন্নয়নৰ বাবে চৰকাৰ প্ৰতিশ্ৰুতিবদ্ধ বুলি কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে আজি কোকৰাঝাৰত প্ৰকাশ কৰিছে। কোকৰাঝাৰৰ দোতমাত নিখিল বড়ো ছাত্ৰ সন্থাৰ ৫৭ সংখ্যক বাৰ্ষিক অধিবেশনত মুখ্য অতিথি হিচাপে উপস্থিত থাকি শ্ৰীশ্বাহে কয় যে কেন্দ্ৰীয় চৰকাৰ বড়ো চুক্তিৰ সকলো দফা ৰূপায়ণ কৰিবলৈ প্ৰতিশ্ৰুতিবদ্...

March 14, 2025 11:33 AM

views 80

বতৰৰ বতৰা:

স্থানীয় বতৰৰ আগলি বতৰা অনুসৰি অহা ২৪ ঘণ্টাত গুৱাহাটী আৰু ইয়াৰ উপকণ্ঠ অঞ্চলত আজি বতৰ ঘাইকৈ ডাৱৰীয়া হৈ থকাৰ লগতে দুই এজাক বৰষুণ হোৱাৰ সম্ভাৱনা আছে। আজি গুৱাহাটীৰ তাপমাত্রা সর্বোচ্চ ২৬ ডিগ্রী ছেলছিয়াছ আৰু সর্বনিম্ন তাপমাত্রা ১৭ ডিগ্রী ছেলছিয়াছৰ আশে-পাশে থাকিব বুলি বৰঝাৰৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্...

March 9, 2025 8:15 PM

views 22

মণিপুৰৰ কাংপোপি জিলাত কুকি-জো সংগঠনৰ অনির্দিষ্ট কাললৈ ধৰ্মঘটৰ আহ্বান

মণিপুৰৰ কাংপোপি জিলাত উত্তেজনাময় পৰিস্থিতি বিৰাজ কৰাৰ লগতে স্বাভাৱিক জীৱনযাত্ৰাত ব্যাঘাত হোৱাৰ প্ৰতিবাদত কুকি-জো সংগঠনে অনির্দিষ্ট কাললৈ ধৰ্মঘটৰ আহ্বান জনাইছে। ইম্ফল-ডিমাপুৰ পথকে ধৰি জিলাখনৰ স্পৰ্শকাতৰ অঞ্চলসমূহত অতিৰিক্ত নিৰাপত্তা বাহিনী মোতায়েন কৰা হৈছে ৰাজ্যখনত কালি সংঘটিত হিংসাত্মক প্রতিবাদত এ...

March 9, 2025 7:59 PM

views 37

ত্ৰিপুৰাত কন্যা শিশুৰ বাবে মুখ্যমন্ত্রী বালিকা সমৃদ্ধি যোজনা আৰু মুখ্যমন্ত্রী কন্যা আত্মনিৰ্ভৰ যোজনা শীৰ্ষক দুখন আঁচনিৰ বিষয়ে কেন্দ্ৰীয় স্বাস্থ্যমন্ত্ৰী নাড্ডাৰ ঘোষণা

বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি তথা কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰী জে পি নাড্ডাই আজি ত্ৰিপুৰাত কন্যা শিশুৰ বাবে মুখ্যমন্ত্রী বালিকা সমৃদ্ধি যোজনা আৰু মুখ্যমন্ত্রী কন্যা আত্মনিৰ্ভৰ যোজনা শীৰ্ষক দুখন আঁচনিৰ বিষয়ে ঘোষণা কৰে। আগৰতলাৰ স্বামী বিবেকানন্দ গ্রাউণ্ডত আয়োজিত এখন দলীয় সভাত ভাষণ দি...

March 9, 2025 12:15 PM

views 26

মণিপুৰৰ কাংপোক্‌পি জিলাত কুকি প্ৰতিবাদকাৰী আৰু সুৰক্ষা বাহিনীৰ মাজত হোৱা সংঘৰ্ষত এজন প্ৰতিবাদকাৰীৰ প্ৰাণহানি

মণিপুৰৰ কাংপোক্‌পি জিলাৰ বিভিন্ন অংশত কালি কুকি প্ৰদৰ্শনকাৰী আৰু সুৰক্ষা বাহিনীৰ মাজত হোৱা সংঘৰ্ষত এজন প্ৰতিবাদকাৰীয়ে প্ৰাণ হেৰুৱায় আৰু অন্য ২৫ জন আহত হয়। নিহত লোকজনক লাল গৌথা সিংগছিত বুলি চিনাক্ত কৰা হৈছে। প্ৰাপ্ত বাতৰি মতে কেইথেলমান্বিত হোৱা সংঘৰ্ষত এই ৩০ বছৰীয়া লোকজন গুলীবিদ্ধ হয় আৰু চিকিৎসা...

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।