আঞ্চলিক সংবাদ

January 24, 2026 9:56 PM

views 49

আজি নিশা ৮ বাজি ২ মিনিটত আকাশবাণী গুৱাহাটীৰ ‘দৃষ্টিপাত’ অনুষ্ঠানত ‘মোৰ বাবে গণতন্ত্ৰৰ অৰ্থ’ শীর্ষক এটি আলোচনা প্ৰচাৰ

৭৭ সংখ্যক গণৰাজ্য দিৱসৰ প্ৰাক্ কালত আকাশবাণী গুৱাহাটীৰ ‘দৃষ্টিপাত’ অনুষ্ঠানত আজি নিশা ৮ বাজি ২ মিনিটত ‘মোৰ বাবে গণতন্ত্ৰৰ অৰ্থ' শীর্ষক এটি আলোচনা প্ৰচাৰ কৰা হ'ব। আলোচনাত অংশগ্রহণ কৰিব জ্যেষ্ঠ নাগৰিকৰ প্ৰতিনিধি ড০ সূর্য দাস, মহিলা সমাজৰ প্ৰতিনিধি মিনাক্ষী কাকতি আৰু ছাত্ৰ সমাজৰ প্রতিনিধি অৰুণাভ হাজৰিক...

January 24, 2026 9:53 PM

views 46

আন্তর্জাতিক খ্যাতিসম্পন্ন সংগীত পৰিচালকদ্বয় জিতু-তপনক আজি আন্তৰিক আধাৰ সাধনা সন্মান ২০২৫ প্ৰদান

আন্তর্জাতিক খ্যাতিসম্পন্ন সংগীত পৰিচালকদ্বয় জিতু-তপনক আজি আন্তৰিক আধাৰ সাধনা সন্মান ২০২৫ প্ৰদান কৰা হয়। এই উপলক্ষে আজি আবেলি গুৱাহাটীৰ দিশপুৰ ৰ পি. ডব্লিও. ডি. কনভেনশ্যন হলত আয়োজিত এটা গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত জিতু-তপন যুটীৰ সংগীত পৰিচালক জিতু শৰ্মাই এই বঁটা গ্ৰহণ কৰে। শাৰীৰিক অসুস্থতাৰ বাবে তপন ...

January 24, 2026 9:49 PM

views 53

গুৱাহাটী এছিয়ান চলচ্চিত্ৰ মহোৎসৱ ২০২৬ৰ দ্বিতীয় সংস্কৰণত কেইবাখনো দেশী-বিদেশী ছবি প্ৰদৰ্শন

গুৱাহাটীৰ জ্যোতি চিত্ৰবনত যোৱা বৃহস্পতিবাৰৰ পৰা অনুষ্ঠিত গুৱাহাটী এছিয়ান চলচ্চিত্ৰ মহোৎসৱ ২০২৬ৰ দ্বিতীয় সংস্কৰণত আজি কেইবাখনো দেশী-বিদেশী ছবি প্ৰদৰ্শন কৰা হয়। জ্যোতি চিত্ৰবনৰ ভূপেন হাজৰিকা প্ৰেক্ষাগৃহত আজি অসমীয়া ভাষাৰ ছবি কক কক ককক, দক্ষিণ কোৰিয়াৰ ছবি এ পয়েট অৱ দা ৰিভাৰ আৰু মংগোলীয়ান ইফ অলি ...

January 24, 2026 9:44 PM

views 28

আজি নিশাৰে পৰা পৰৱৰ্তী ১৫ দিনলৈ চানমাৰী উৰণ সেতুখনৰ এটা পথৰ যান-বাহনৰ চলাচল বন্ধ

দিঘলীপুখুৰীৰ পৰা নুনমাটীলৈ নির্মীয়মান উৰণ সেতুখন চানমাৰী উৰণ সেতুৰ সৈতে সংযোগ কৰণৰ কাম চলি থকাৰ পৰিপ্ৰেক্ষিতত উৰণ সেতুখনেৰে পৰৱৰ্তী ১৫ দিনলৈ যান-বাহনৰ চলাচল কিছু নিয়ন্ত্ৰণ কৰা হ'ব। মহানগৰ যান-বাহন আৰক্ষীয়ে আজি সাংবাদিকৰ আগত এই বিষয়ে প্রকাশ কৰে। সেই অনুসৰি আজি নিশাৰে পৰা পৰৱৰ্তী ১৫ দিনলৈ উৰণ সেতু...

January 24, 2026 9:40 PM

views 35

প্ৰাথমিক আৰু উচ্চ প্ৰাথমিকৰ ৪,৫০০টা শিক্ষক পদত নিযুক্তিৰ বাবে প্ৰাৰ্থীসকলৰ পৰীক্ষণ তালিকা ২৬ জানুৱাৰীত প্ৰকাশ পাব

অসম ৰাজ্যিক বিদ্যালয় শিক্ষা বিভাগৰ অধীনৰ প্ৰাথমিক আৰু উচ্চ প্ৰাথমিকৰ ৪,৫০০টা শিক্ষক পদত নিযুক্তিৰ বাবে প্ৰাৰ্থীসকলৰ পৰীক্ষণ তালিকা পৰহিলৈ প্ৰকাশ পাব। শিক্ষামন্ত্ৰী ডা০ ৰণোজ পেগুৱে সামাজিক মাধ্যমযোগে আজি এই কথা ঘোষণা কৰিছে। তেওঁ লগতে প্ৰাৰ্থীসকলৰ নথি পৰীক্ষণ প্ৰক্ৰিয়া ২৮ জানুৱাৰীত আৰম্ভ হ'ব বুলি জা...

January 24, 2026 9:37 PM

views 40

দিল্লীত হ’বলগীয়া গণৰাজ্য দিৱসৰ পেৰেডত অসমৰ পোৰামাটি শিল্পৰ প্ৰতীকপট প্ৰদৰ্শন কৰা হ’ব

৭৭ সংখ্যক গণৰাজ্য দিৱসলৈ মাজত এদিন থকা অৱস্থাত দেশৰ বিভিন্ন প্ৰান্তৰ লগতে ৰাজ্যৰ আটাইকেইখন জিলাতে ব্যাপক প্রস্তুতি চলিছে। জিলা সদৰ সমূহত কুছকাৱাজৰ অনুশীলন কৰি থকা হৈছে। গুৱাহাটীৰ খানাপাৰত থকা অসম পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰত গণৰাজ্য দিৱসৰ কাৰ্যসূচী উদযাপন কৰা হ'ব। ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্য...

January 24, 2026 9:28 PM

views 36

নলবাৰীৰ বৰক্ষেত্ৰী সমষ্টিৰ ৩০,৮০৬ গৰাকী আত্মসহায়ক গোটৰ সদস্যাৰ মাজত মহিলা উদ্যমিতা আঁচনিৰ চেক বিতৰণ

মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই আজি নলবাৰীৰ বৰক্ষেত্ৰী সমষ্টিৰ ৩০ হাজাৰ ৮০৬ গৰাকী আত্মসহায়ক গোটৰ সদস্যাৰ মাজত মহিলা উদ্যমিতা আঁচনিৰ অধীনত ১০ হাজাৰ টকাকৈ চেক বিতৰণ কৰে। নপ্তিপাৰাত এই উপলক্ষে আয়োজিত অনুষ্ঠানত মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী, জিলা আয়ুক্ত নিবেদন দাসকে ধৰি কেইবাগৰাকী বিশিষ্ট ব্যক্তি উ...

January 24, 2026 8:28 PM

views 21

নগাঁৱৰ সৰবৰহী সামাজিক ব্যক্তি নিৰ্মল চন্দ্ৰ বৰাৰ দেহাৱসান

নগাঁৱৰ খুটিকটিয়া নিৱাসী সৰবৰহী সামাজিক ব্যক্তি নিৰ্মল চন্দ্ৰ বৰাৰ আজি পুৱা দেহাৱসান ঘটে। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৮৬ বছৰ।

January 24, 2026 8:25 PM

views 40

৭৯ সংখ্যক সন্তোষ ট্ৰফী ৰাষ্ট্ৰীয় ফুটবল প্রতিযোগিতাত আজি অনুষ্ঠিত গ্রুপ-বিৰ তিনিওখন খেলে অমীংমাসিত হৈ ৰয়

৭৯ সংখ্যক সন্তোষ ট্ৰফী ৰাষ্ট্ৰীয় ফুটবল প্রতিযোগিতাত আজি অনুষ্ঠিত গ্রুপ-বিৰ তিনিওখন খেলে অমীংমাসিত হৈ ৰয়। চিলাপথাৰত আজি পুৱা কেৰালা আৰু ৰে'লৱেৰ মাজত অনুষ্ঠিত প্ৰথমখন খেলত দুয়োটা দলে ১-১ গ’লত সমতা স্থাপন কৰে। ইয়াৰ পাছত ছাৰ্ভিচেছ আৰু ওড়িশাৰ মাজৰ খেলখন গ’ল শূন্যভাৱে ড্ৰ' হয়। ঢকুৱাখনাত অনুষ্ঠিত পাঞ...

January 24, 2026 8:21 PM

views 40

দেশৰ বিভিন্ন প্ৰান্তৰ লগতে শ্রীভূমি জিলাতো কাইলৈ ষষ্ঠদশ ৰাষ্ট্ৰীয় ভোটাৰ দিৱস পালন কৰা হ’ব

দেশৰ বিভিন্ন প্ৰান্তৰ লগতে শ্রীভূমি জিলাতো কাইলৈ ষষ্ঠদশ ৰাষ্ট্ৰীয় ভোটাৰ দিৱস পালন কৰা হ'ব। এই উপলক্ষে জিলাখনৰ সকলো চৰকাৰী কাৰ্যালয়, শিক্ষা প্ৰতিষ্ঠান, ৰাজহুৱা খণ্ডৰ প্ৰতিষ্ঠান আদিত ৰাষ্ট্ৰীয় ভোটাৰ দিৱসৰ অংগীকাৰ লোৱা হয়। এই বছৰৰ ভোটাৰ দিৱসৰ বিষয়বস্তু - মাই ইণ্ডিয়া মাই ভোটৰ আধাৰত নিৰ্বাচন আযোগে ...

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।