ৰাষ্ট্ৰীয়

November 11, 2025 6:18 PM

views 37

দিল্লীৰ ভয়াৱহ বিস্ফোৰণৰ ঘটনাৰ তদন্তৰ দায়িত্ব এন আই এ-ক অৰ্পণ

দিল্লীৰ ভয়াৱহ বিস্ফোৰণৰ ঘটনাৰ তদন্তৰ দায়িত্ব এন আই এ-ক অৰ্পণ কৰা হৈছে। কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে সংস্থাটোক আজি তদন্তৰ দায়িত্ব অর্পণ কৰে। এই বিস্ফোৰণৰ আঁৰত থকা ষড়যন্ত্ৰকাৰীক কোনো কাৰণতে ক্ষমা কৰা নহ'ব বুলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি সকীয়াই দিয়ে। পার্বত্য ৰাষ্ট্ৰ ভূটানৰ ৰাজধানী থিঙ্কুৰ ...

November 11, 2025 6:34 PM

views 28

দিল্লীৰ বিস্ফোৰণৰ ঘটনাটোৰ পৰিপ্ৰেক্ষিতত গৃহমন্ত্রী অমিত শ্বাহৰ নতুন দিল্লীৰ বাসগৃহত উচ্চ পর্যায়ৰ বৈঠক

দিল্লীৰ লালকিল্লাৰ কাষৰীয়া এলেকাত কালি সন্ধিয়া সংঘটিত গাড়ীৰ বিস্ফোৰণৰ ঘটনাটোৰ পৰিপ্ৰেক্ষিতত কেন্দ্ৰীয় গৃহমন্ত্রী অমিত শ্বাহৰ নতুন দিল্লীৰ বাসগৃহত আজি এখন উচ্চ পর্যায়ৰ বৈঠক অনুষ্ঠিত হয়। শেহতীয়া নিৰাপত্তা ব্যৱস্থাৰ পৰ্যালোচনাৰ বাবে অনুষ্ঠিত এই বৈঠকত কেন্দ্ৰীয় গৃহ মন্ত্ৰীগৰাকীয়ে অধ্যক্ষতা কৰে।...

November 11, 2025 6:37 PM

views 34

দিল্লীৰ ভয়াৱহ বিস্ফোৰণৰ আঁৰত থকা ষড়যন্ত্ৰকাৰীক কোনো কাৰণতে ক্ষমা কৰা নহ’ব আৰু তেওঁলোকক কঠোৰ শাস্তি বিহা হ’বঃ প্রধানমন্ত্ৰী

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কৈছে যে দিল্লীৰ ভয়াৱহ বিস্ফোৰণৰ আঁৰত থকা ষড়যন্ত্ৰকাৰীক কোনো কাৰণতে ক্ষমা কৰা নহ'ব আৰু তেওঁলোকক কঠোৰ শাস্তি বিহা হ'ব। পাৰ্বত্য ৰাষ্ট্ৰ ভূটানৰ ৰাজধানী থিঙ্কুৰ এটা অনুষ্ঠানত ভাষণ দি শ্রী মোদীয়ে এইদৰে কয়। তেওঁ কয়, যে যোৱনিশাৰে পৰা তেওঁ দিল্লী বিস্ফোৰণৰ ঘটনাৰ তদন্তকাৰী...

November 11, 2025 12:58 PM

views 32

ভাৰতৰ শীৰ্ষ পৰ্যায়ৰ খেলুৱৈ লক্ষ্যসেন আৰু এইচ এছ প্রণয়ে জাপানত আজি হ’বলগীয়া কুমাম’ত’ মাষ্টাৰ্ছ বেডমিণ্টন প্রতিযোগিতাত দেশক নেতৃত্ব দিব

ভাৰতৰ শীৰ্ষ পৰ্যায়ৰ খেলুৱৈ লক্ষ্যসেন আৰু এইচ এছ প্রণয়ে জাপানত আজি আৰম্ভ হ'বলগীয়া কুমাম’ত’ মাষ্টাৰ্ছ বেডমিণ্টন প্রতিযোগিতাত দেশক নেতৃত্ব দিব। অলিম্পিক ছেমি ফাইনেলিষ্ট লক্ষ্যই স্থানীয় তাৰকা খেলুৱৈ ক’কি ৱাটানাবেৰ বিৰুদ্ধে আৰু প্ৰণয় মালয়েছিয়াৰ লিয়ং জুন হাওৰ বিৰুদ্ধে নিজৰ প্ৰথমখন খেলত অৱতীৰ্ণ হ'ব...

November 11, 2025 12:11 PM

views 34

কমনৱেলথ সংসদীয় সংস্থাৰ ২২সংখ্যক বাৰ্ষিক সন্মিলনৰ কোহিমাৰ নাগালেণ্ড বিধানসভাত আয়োজিত তৃতীয় আঞ্চলিক মণ্ডলৰ কাৰ্যসূচী উদ্বোধন লোকসভাৰ অধ্যক্ষ ওম বিৰলাৰ

লোকসভাৰ অধ্যক্ষ ওম বিৰলাই কালি কমনৱেলথ সংসদীয় সংস্থা চি পি এ-ৰ ২২ সংখ্যক বাৰ্ষিক সন্মিলনৰ কোহিমাৰ নাগালেণ্ড বিধানসভাত আয়োজিত তৃতীয় আঞ্চলিক মণ্ডলৰ কাৰ্যসূচী উদ্বোধন কৰে। উদ্বোধনী ভাষণত শ্রীবিলাই কয়, যে উত্তৰ-পূৰ্বাঞ্চল চহকী-সংস্কৃতি, বৈচিত্ৰ্য আৰু শক্তিশালী গণতান্ত্ৰিক প্ৰমূল্যৰ বাবে জনাজাত। তেওঁ...

November 11, 2025 11:56 AM

views 41

বিহাৰ বিধানসভাৰ ১২২টা সমষ্টিত দ্বিতীয় তথা অন্তিম পৰ্যায়ৰ ভোটগ্রহণ আৰম্ভ

বিহাৰ বিধানসভাৰ ১২২টা সমষ্টিত দ্বিতীয় তথা অন্তিম পৰ্যায়ৰ ভোটগ্রহণ আজি পুৱা সাত বজাৰ পৰা আৰম্ভ হৈছে । ৰাজ্যখনৰ ২০খন জিলাত ৩ কোটি ৭০ লাখৰো অধিক ভোটদাতাই আজি এহেজাৰ ৩০২ গৰাকী প্ৰাৰ্থীৰ ৰাজনৈতিক ভাগ্য নিৰ্ণয় কৰিব। ইয়াৰ ভিতৰত ১৩৪ গৰাকী মহিলা প্রার্থীও আছে। ভোটগ্রহণ সন্ধিয়া ৬ বজাত সামৰণি পৰিব যদিও ৭ ...

November 11, 2025 11:55 AM

views 43

দিল্লীৰ লালকিল্লাৰ সমীপত সংঘটিত বোমা বিস্ফোৰণত কমেও ৮জন লোকৰ মৃত্যু

দিল্লীৰ লালকিল্লাৰ সমীপত কালি সন্ধিয়া সংঘটিত এটা শক্তিশালী বোমা বিস্ফোৰণত কমেও ৮ জন লোকৰ মৃত্যু হোৱাৰ লগতে ২৪ জনৰো অধিক লোক আহত হৈছে। এখন বাহনত সংস্থাপিত এটা বোমা বিস্ফোৰণৰ ফলত হোৱা এই ঘটনা সন্দৰ্ভত অনুসন্ধান চলাই থকা হৈছে বুলি কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে প্ৰকাশ কৰিছে। শক্তিশালী এই বিস্ফোৰণটো...

November 11, 2025 11:53 AM

views 27

দিল্লীত সংঘটিত বোমা বিস্ফোৰণত নিহতসকলৰ পৰিয়াললৈ সমবেদনা, আহতসকলৰ আশুআৰোগ্য কামনা ৰাষ্ট্রপতি দ্ৰৌপদী মুৰ্মুৰ

দিল্লীৰ লালকিল্লাৰ সমীপত কালি সন্ধিয়া সংঘটিত এটা শক্তিশালী বোমা বিস্ফোৰণৰ ঘটনাত মৃত্যু হোৱা লোকসকলৰ পৰিয়ালৰ প্ৰতি ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৱে সমবেদনা প্রকাশ কৰিছে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত ৰাষ্ট্ৰপতিগৰাকীয়ে এই ঘটনাত আঘাতপ্রাপ্ত লোকসকলৰ আশু আৰোগ্য কামনা কৰিছে। কেন্দ্ৰীয় তথ্য আৰু সম্প্ৰ...

November 11, 2025 11:50 AM

views 33

ছবছৰৰ পাছতো এন আৰ চিৰ সমগ্ৰ প্ৰক্ৰিয়া সম্পূর্ণ নকৰা বিষয় সন্দৰ্ভত কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰলৈ উচ্চতম ন্যায়ালয়ৰ জাননী

ছবছৰ পূৰ্বে অসমত চূড়ান্ত এন আৰ চি অৰ্থাৎ‍ ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী প্ৰকাশ পোৱাৰ পাছতো এই পর্যন্ত এন আৰ চিৰ সমগ্ৰ প্ৰক্ৰিয়া সম্পূৰ্ণ নকৰা বিষয় সন্দৰ্ভত উচ্চতম ন্যায়ালয়ে কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ পৰা ব্যাখ্যা বিচাৰিছে। ন্যায়ালয়ে বিগত ছবছৰে নাগৰিক পৰিচয় পত্ৰ আৰু বাদ পৰি যোৱা নথি প্ৰদানকে ধৰি বি...

November 10, 2025 8:13 PM

views 30

তামিলনাডুৰ মায়লাদুথুৰাইৰ ১৪জন মাছমৰীয়াক মাছ ধৰি থকা অৱস্থাত গ্ৰেপ্তাৰ শ্ৰীলংকাৰ নৌসেনাৰ

তামিলনাডুৰ মায়লাদুথুৰাই জিলাৰ ১৪জন মাছমৰীয়াক আজি শ্ৰীলংকাৰ নৌসেনাই মাছ ধৰি থকা অৱস্থাত গ্ৰেপ্তাৰ কৰে। মাছমৰীয়াসকলে ব্যৱহাৰ কৰা এখন নাওঁ নৌসেনাই জব্দ কৰে। বাৰ্জন মাছমৰীয়া বানাকিৰৈ গাঁৱৰ আৰু বাকীসকল কুড্ডালোৰ আৰু থাৰংগম্বড়ীৰ বুলি জানিব পৰা গৈছে। তদন্তৰ বাবে মাছমৰীয়াকেইজনক কাংকেসন্তুৰাই নৌসেনাৰ শ...

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।