ৰাষ্ট্ৰীয়

April 22, 2024 11:38 AM

views 23

মণিপুৰৰ ইনাৰ মণিপুৰ সংসদীয় সমষ্টিৰ ১১টা ভোটগ্রহণ কেন্দ্ৰত আজি পুনৰ ভোটগ্রহণ

মণিপুৰৰ ইনাৰ মণিপুৰ সংসদীয় সমষ্টিৰ ১১টা ভোটগ্রহণ কেন্দ্ৰত আজি পুনৰ ভোটগ্রহণ অনুষ্ঠিত হৈছে। নির্বাচন আয়োগে এই কেন্দ্ৰকেইটাত পুৱা ৭ বজাৰ পৰা সন্ধিয়া ৫ বজালৈ পুনৰ ভোটগ্ৰহণ কৰিবলৈ ৰাজ্যিক নির্বাচন প্ৰাধিকৰণক নিৰ্দেশ দিছিল।

April 22, 2024 11:37 AM

views 29

দিল্লীৰ ৰাষ্ট্ৰপতি ভৱনত আজি পদ্ম বঁটা প্ৰদান কৰিব ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে

ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৱে আজি দিল্লীৰ ৰাষ্ট্ৰপতি ভৱনত সন্মানীয় পদ্ম বঁটাসমূহ প্ৰদান কৰিব। শ্রীমতী মুর্মুৱে প্ৰাক্তন উপ-ৰাষ্ট্ৰপতি এম ভেংকায়া নাইডু আৰু ভাৰত নাট্যমৰ বিশিষ্ট শিল্পী ড০ পদ্মা সুব্রমণ্যমক পদ্মবিভূষণ সন্মান প্ৰদান কৰিব। আনহাতে বিন্দেশ্বৰ পাঠকক মৰণোত্তৰভাৱে পদ্মবিভূষণ বঁটা প্ৰদ...

April 22, 2024 11:35 AM

views 22

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি উত্তৰ প্ৰদেশৰ আলিগড়ত এখন নির্বাচনী সভাত অংশগ্ৰহণ কৰিব

বিজেপিৰ জ্যেষ্ঠ নেতা তথা প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি উত্তৰ প্ৰদেশৰ আলিগড়ত এখন নির্বাচনী সভাত অংশগ্ৰহণ কৰিব। আলিগড় সংসদীয় সমষ্টিৰ বাবে দ্বিতীয় পৰ্যায়ত অহা ২৬ এপ্রিলত লোকসভা নির্বাচন অনুষ্ঠিত হ'ব। এই আসনখনৰ বাবে বৰ্তমানৰ সাংসদ তথা বিজেপি প্রার্থী সতীশ গৌতম, সমাজবাদী পার্টিৰ চৌধৰী বিজেন্দ্ৰ...

April 22, 2024 11:33 AM

views 23

গুজৰাটত লোকসভা নিৰ্বাচনৰ বাবে ৩২৮গৰাকী প্ৰাৰ্থী আৰু বিধানসভাৰ উপ-নিৰ্বাচনৰ বাবে ২৭গৰাকী প্ৰাৰ্থীৰ মনোনয়ন-পত্ৰ গ্ৰহণ

গুজৰাটত লোকসভা নিৰ্বাচনৰ বাবে ৩২৮গৰাকী প্ৰাৰ্থী আৰু বিধানসভা উপ-নিৰ্বাচনৰ বাবে ২৭গৰাকী প্ৰাৰ্থীৰ মনোনয়ন-পত্ৰ গ্ৰহণ কৰা হৈছে। ৰাজ্যখনত কালি মনোনয়ন-পত্ৰসমূহ পৰীক্ষা কৰা হয়। আমাৰ সংবাদদাতাই জনোৱা মতে, চুৰাট সমষ্টিৰ কংগ্ৰেছৰ লোকসভাৰ প্রার্থী নীলেশ কুম্ভানিৰ মনোনয়ন-পত্ৰ সমৰ্থকৰ স্বাক্ষৰ অমিল হোৱাৰ পৰ...

April 22, 2024 11:31 AM

views 27

মালদ্বীপৰ সংসদীয় নিৰ্বাচনত ইতিমধ্যে ঘোষণা হোৱা ৮৬খন আসনৰ ভিতৰত পিএনচিৰ ৬৬খন আসনত জয়লাভ

মালদ্বীপত ৰাষ্ট্ৰপতি মহম্মদ মুইজ্জুৰ শাসনাধিষ্ঠিত দল পিপলছ নেচনেল কংগ্রেছ (পি এন চি)য়ে কালি হৈ যোৱা সংসদীয় নিৰ্বাচনত ব্যাপক সংখ্যাগৰিষ্ঠতা লাভৰ দিশে আগবাঢ়িছে। মালদ্বীপৰ নিৰ্বাচন আয়োগে প্ৰকাশ কৰা মতে ইতিমধ্যে ঘোষণা হোৱা ৮৬ খন আসনৰ ভিতৰত মুইজ্জুৰ পি এন চিয়ে ৬৬ খন আসনত জয় লাভ কৰিছে। উল্লেখযোগ্য য...

April 22, 2024 11:17 AM

views 21

ৰাষ্ট্ৰীয় পৰীক্ষণ সংস্থাৰ ২০২৪ বৰ্ষৰ জুন মাহত হ’বলগীয়া ইউ জি চি নেটৰ পঞ্জীয়নৰ প্ৰক্ৰিয়া আৰম্ভ

ৰাষ্ট্ৰীয় পৰীক্ষণ সংস্থাই ২০২৪ বৰ্ষৰ জুন মাহত হবলগীয়া বিশ্ববিদ্যালয় অনুদান আয়োগক ৰাষ্ট্ৰীয় যোগ্যতা নিৰূপনকাৰী পৰীক্ষা ইউ জি চি নেটৰ বাবে পঞ্জীয়নৰ প্ৰক্ৰিয়া আৰম্ভ কৰিছে। পঞ্জীয়নৰ প্ৰক্ৰিয়া ১০ মে’লৈকে অব্যাহত থাকিব আৰু অনলাইনযোগে পৰীক্ষা মাচুল জমা কৰাৰ বাবে ১২ মে’ অন্তিম দিন ধাৰ্য্য কৰা হৈছে।...

April 21, 2024 8:22 PM

views 25

পশ্চিমবংগৰ আইন-শৃংখলা পৰিস্থিতি সন্দৰ্ভত মমতা বেনাৰ্জী নেতৃত্বাধীন তৃণমূল কংগ্ৰেছক বিজেপিৰ জ্যেষ্ঠ নেতা ৰাজনাথ সিঙৰ সমালোচনা

বিজেপিৰ জ্যেষ্ঠ নেতা তথা কেন্দ্ৰীয় মন্ত্ৰী ৰাজনাথ সিঙে পশ্চিমবংগৰ আইন-শৃংখলা পৰিস্থিতি সন্দৰ্ভত মমতা বেনাৰ্জী নেতৃত্বাধীন তৃণমূল কংগ্ৰেছক সমালোচনা কৰাৰ লগতে সমগ্ৰ ৰাজ্যখনতে অৰাজকতা বিৰাজ কৰিছে বুলি মত প্ৰকাশ কৰে। এন আৰ চি বিষয়ক লৈ মমতা বেনাৰ্জীয়ে মুৰ্ছিদাবাদৰ প্ৰব্ৰজিত শ্রমিকসকলক বিপথে পৰিচালিত ক...

April 21, 2024 8:19 PM

views 33

দেশক উন্নয়নৰ শিখৰত আৰোহণ কৰোৱাৰ উদ্দেশ্যে মই কাম কৰি আহিছোঃ নৰেন্দ্ৰ মোদী

বিজেপিৰ জ্যেষ্ঠ নেতা তথা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে, তেওঁ দেশক উন্নয়নৰ শিখৰত আৰোহণ কৰোৱাৰ উদ্দেশ্যে কাম কৰি আহিছে। ৰাজস্থানৰ জালোৰ লোকসভা সমষ্টিত আজি আয়োজিত এটা নির্বাচনী সমাৱেশত ভাষণ প্ৰসংগত তেওঁ কয় যে, কেন্দ্ৰীয় চৰকাৰে বাসগৃহসমূহত শৌচাগাৰ নিৰ্মাণ তথা ৰন্ধন গেছৰ সংযোগকে ধৰি বিভিন্ন স...

April 21, 2024 8:12 PM

views 29

বিগত ১০ বছৰত বিজেপিয়ে এখন সুস্থিৰ চৰকাৰ দিছেঃ জে পি নাড্ডা

বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডাই কৈছে যে, বিগত ১০ বছৰত বিজেপিয়ে এখন সুস্থিৰ চৰকাৰ দিছে, যিখন চৰকাৰে তিনি তালাক প্ৰথা আৰু অযোধ্যাত ৰাম মন্দিৰ নিৰ্মাণৰ লেখিয়া গুৰুত্বপূৰ্ণ বিষয়সমূহৰ নিষ্পত্তিত সহায় কৰিছিল। বিজেপি মহা মিত্রজোটৰ প্ৰাৰ্থী প্রতাপ ৰাও যাধৱৰ হৈ নির্বাচনী প্ৰচাৰৰ উদ্দেশ্যে আজি বুল...

April 21, 2024 8:08 PM

views 26

এতিয়া কেৱল প্ৰতিশ্ৰুতিৰে কাম নচলিব, বর্তমান জন-সাধাৰণে ভাল দিনৰ সপোনৰ বাস্তৱিকতা ভালকৈয়ে বুজি পাইছেঃ বি এছ পিৰ মুৰব্বী মায়াৱতী

বি এছ পিৰ মুৰব্বী মায়াৱতীয়ে আজি গাজিয়াবাদত এখন নিৰ্বাচনী ৰেলীত অংশগ্ৰহণ কৰে। মায়াৱতীয়ে কয় যে, এতিয়া কেৱল প্ৰতিশ্ৰুতিৰে কাম নচলিব। বর্তমান জন-সাধাৰণে ভাল দিনৰ সপোনৰ বাস্তৱিকতা ভালকৈয়ে বুজি পাইছে। মায়াৱতীয়ে কয় যে, কেন্দ্ৰত এইবাৰ বিজেপি ঘূৰি আহিবলৈ সমৰ্থ নহ'ব। তেওঁ কয় যে, অকল বিনামূলীয়া ৰে...

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।