ৰাষ্ট্ৰীয়

April 29, 2024 1:02 PM

views 32

ষষ্ঠ পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ বাবে অধিসূচনা জাৰি নির্বাচন আয়োগৰ

নির্বাচন আয়োগে ষষ্ঠ পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ বাবে অধিসূচনা জাৰি কৰিছে। এই পৰ্যায়ত ৬খন ৰাজ্য আৰু এখন কেন্দ্ৰীয়শাসিত অঞ্চলৰ মুঠ ৫৭টা সংসদীয় সমষ্টিৰ বাবে নিৰ্বাচন অনুষ্ঠিত হ'ব। দিল্লীৰ ৭ খন আসন, হাৰিয়ানাৰ ১০ খন, উত্তৰ প্ৰদেশৰ ১৪ খন, বিহাৰ আৰু পশ্চিমবংগৰ ৮ খনকৈ, ওড়িশাৰ ৬ খন আৰু ঝাৰখণ্ডৰ ৪খন আসনৰ ...

April 29, 2024 12:52 PM

views 27

আই পি এলত আজি কলকাতা নাইট ৰাইডাৰ্ছ, দেলহী কেপিটেলছৰ বিৰুদ্ধে অৱতীৰ্ণ

আই পি এল ক্রিকেট প্রতিযোগিতাত আজি সন্ধিয়া চাৰে ৭ বজাত কলকাতাৰ ইডেন গার্ডেনছত হ'বলগীয়া এখন খেলত কলকাতা নাইট ৰাইডাৰ্ছ, দেলহী কেপিটেলছৰ মুখামুখি হ'ব। আই পি এল ক্রিকেট প্রতিযোগিতাত কালি আহমেদাবাদৰ নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত অনুষ্ঠিত প্রথমখন খেলত ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৱে গুজৰাট টাইটানছক ৯ উইকেটত পৰ...

April 28, 2024 8:20 PM

views 34

বিহাৰৰ গোপালগঞ্জ জিলাত সংঘটিত দুৰ্ঘটনাত নির্বাচনী কর্তব্যৰত দুজন আৰক্ষীৰ মৃত্যু

বিহাৰৰ গোপালগঞ্জ জিলাৰ চিৱালিয়া আৰক্ষী চকীৰ অন্তৰ্গত বৰহিমা বজাৰৰ সমীপত সামগ্ৰী কঢ়িওৱা এখন বাহন আৰু বাছৰ মাজত সংঘটিত দুৰ্ঘটনাত নির্বাচনী কর্তব্যত থকা দুজন আৰক্ষীৰ লোকৰ মৃত্যু হয়। গোপালগঞ্জৰ আৰক্ষী অধীক্ষক স্বর্ণ প্রভাতে কয় যে, নির্বাচন অনুষ্ঠিত হ'বলগীয়া চপৌল জিলালৈ আৰক্ষীৰ লোকক লৈ যোৱা ৩ খন বাছ...

April 28, 2024 8:14 PM

views 35

জম্মু-কাশ্মীৰৰ উধমপুৰ জিলাত সন্ত্ৰাসবাদীৰে গুলিয়াগুলীত গাওঁৰক্ষী বাহিনীৰ এজন লোক নিহত

জম্মু-কাশ্মীৰৰ জম্মু খণ্ডৰ উধমপুৰ জিলাত আজি সন্ত্ৰাসবাদীৰ সৈতে হোৱা গুলিয়াগুলীত গাওঁৰক্ষী বাহিনীৰ এজন লোক নিহত হয়। আকাশবাণীৰ জম্মুৰ সংবাদদাতাই জানিবলৈ দিয়া মতে উধমপুৰ জিলাৰ বসন্তগড় অঞ্চলত আজি পুৱা সন্ত্ৰাসবাদীৰ সৈতে আৰক্ষী আৰু গাওঁৰক্ষী বাহিনীৰ এটা যুটীয়া দলৰ গুলিয়াগুলীৰ সূত্ৰপাত হয় । নিহত লো...

April 28, 2024 6:15 PM

views 32

পশ্চিমবংগৰ সন্দেশখালীৰ ঘটনাৰ বাবে মুখ্যমন্ত্রী মমতা বেনাৰ্জী সম্পূৰ্ণৰূপে দায়ী বুলি বিজেপিৰ সভাপতি জে পি নাড্ডাৰ অভিযোগ

বিজেপিৰ সভাপতি জে পি নাড্ডাই পশ্চিমবংগৰ সন্দেশখালীৰ ঘটনাৰ বাবে মুখ্যমন্ত্রী মমতা বেনাৰ্জী সম্পূৰ্ণৰূপে দায়ী বুলি অভিযোগ উত্থাপন কৰিছে। সামাজিক মাধ্যমযোগে দিয়া এটা বাৰ্তাত জে পি নাড্ডাই কয় যে, সন্দেশখালিত একাংশ দুস্কৃতিকাৰী প্ৰায়ে সমাজবিৰোধী কাৰ্যকলাপৰ সৈতে জড়িত হৈ আছে। চৰকাৰখনে এই সমাজ বিৰোধী চ...

April 28, 2024 6:10 PM

views 28

দিল্লী কংগ্ৰেছৰ সভাপতি অৰবিন্দ সিং লাভলীৰ পদত্যাগ

দিল্লী কংগ্ৰেছৰ সভাপতি অৰবিন্দ সিং লাভলীয়ে সভাপতি পদৰ পৰা পদত্যাগ কৰিছে। কংগ্ৰেছৰ সভাপতি মল্লিকার্জুন খাৰ্গেলৈ লিখা এখন পত্ৰত অৰবিন্দ সিং লাভলীয়ে কয় যে, দিল্লী কংগ্ৰেছে আম আদমী পাৰ্টীৰ সৈতে মিত্ৰতাৰ বিৰোধিতা কৰিছিল। কিয়নো দিল্লী কংগ্ৰেছৰ বিৰুদ্ধে ভুৱা দুৰ্নীতিৰ অভিযোগ উত্থাপন কৰি আম আদমী পাৰ্টী ...

April 28, 2024 6:05 PM

views 19

কৰ্ণাটকৰ বেলগাৱিত নির্বাচনী সভাত অংশলৈ চৰকাৰৰ বিভিন্ন আঁচনিৰ দ্বাৰা কৃষক তথা জনসাধাৰণ উপকৃত হোৱাৰ কথা বিজেপিৰ জ্যেষ্ঠ নেতা তথা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ উল্লেখ

বিজেপিৰ জ্যেষ্ঠ নেতা তথা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি কৰ্ণাটকৰ বেলগাৱিত এখন বিশাল নির্বাচনী সভাত অংশগ্ৰহণ কৰে। সভাত উপস্থিত জনতাক সম্বোধন কৰি তেওঁ কয় যে, বিগত ১০ বছৰত বিজেপি চৰকাৰে কৃষক উৎপাদক সংস্থাৰ জৰিয়তে খেতিয়কসকলৰ বাবে কৃষি উৎপাদিত সামগ্ৰীৰ বজাৰ মুকলি কৰি ক্ষুদ্ৰ কৃষকসকলক সহায় কৰি আহি...

April 28, 2024 1:20 PM

views 31

উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ গুৱাহাটী আৰু নিউ তিনিচুকীয়াৰ পৰা সাপ্তাহিক বিশেষ ৰে’ল চলাচলৰ ব্যৱস্থা

গ্রীষ্মকালত ৰে'লযাত্ৰীৰ সংখ্যা বৃদ্ধিৰ পৰিপ্ৰেক্ষিতত উত্তৰ-পূব সীমান্ত ৰে'লৱেই গুৱাহাটী আৰু নিউ তিনিচুকীয়াৰ পৰা সাপ্তাহিক বিশেষ ৰে'ল চলাচলৰ ব্যৱস্থা কৰিছে। এখন বিশেষ ৰে'ল গুৱাহাটী আৰু ৰাজস্থানৰ শ্ৰীগংগানগৰৰ মাজত আৰু আনখন নিউ তিনিচুকীয়া আৰু এছ এম ভি টি বেংগালুৰুৰ মাজত চলাচল কৰিব। গুৱাহাটী আৰু ৰাজস্...

April 28, 2024 12:37 PM

views 34

মাৰাঠা সম্প্ৰদায় দেশভক্ত আৰু তেওঁলোকে দেশৰ বিকাশৰ বাবে মোদীৰ হাত শক্তিশালী কৰাৰ উচিতঃ কৰ্ণাটকৰ প্ৰাক্তন মুখ্যমন্ত্ৰী বছৱৰাজ বোম্মাই

কৰ্ণাটকৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা গাড়াগ হাৱেৰী লোকসভা সমষ্টিৰ বিজেপি প্রার্থী বছৱৰাজ বোম্মাইয়ে প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক প্ৰশংসা কৰিছে। তেওঁ কৈছে যে, প্রধানমন্ত্ৰী মাৰাঠা শাসক ছত্রপতি শিৱাজী মহাৰাজৰ নীতি আদৰ্শৰ হকে যুঁজ দি আহিছে। হাৱেৰীত মাৰাঠা সম্প্ৰদায়ৰ বৈঠকত অংশগ্ৰহণ কৰি কালি বিজেপিৰ নেতাগ...

April 28, 2024 12:32 PM

views 19

কংগ্ৰেছে দুদিনৰ ভিতৰত উত্তৰ প্ৰদেশৰ বাকী থকা আসনসহ লোকসভা নিৰ্বাচনৰ প্ৰাৰ্থীৰ পৰৱৰ্তী তালিকা প্রকাশ কৰিবঃ সাধাৰণ সম্পাদক কে চি বেনুগোপাল

কংগ্ৰেছৰ সাধাৰণ সম্পাদক কে চি বেনুগোপালে কৈছে যে দলে দুদিনৰ ভিতৰত উত্তৰ প্ৰদেশৰ বাকী আসনসহ লোকসভা নিৰ্বাচনৰ প্ৰাৰ্থীৰ পৰৱৰ্তী তালিকা প্রকাশ কৰিব। উত্তৰ প্ৰদেশত গুৰুত্বপূৰ্ণ ৰায়বৰেলি আৰু আমেথিৰ প্ৰাৰ্থী সম্পৰ্কে আলোচনা কৰাৰ বাবে কালি কংগ্ৰেছৰ কেন্দ্ৰীয় নির্বাচন কমিটীৰ এখন বৈঠক অনুষ্ঠিত হয়। সূত্ৰৰ ...

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।