ৰাষ্ট্ৰীয়

March 29, 2024 9:59 PM March 29, 2024 9:59 PM

views 6

জম্মু-কাশ্মীৰৰ ৰামবান জিলাত যাত্ৰীবাহী বাহন দুৰ্ঘটনাগ্ৰস্ত, ১০জন লোক নিহত

জম্মু-কাশ্মীৰৰ ৰামবান জিলাৰ জম্মু-শ্ৰীনগৰ ৰাষ্ট্ৰীয় ঘাইপথৰ বেটৰী চেচমাৰ সমীপত এখন যাত্রীবাহী বাহন পথৰ পৰা এটা দ খাৱৈত বাগৰি পৰাৰ ফলত কমেও ১০ জন লোকে প্ৰাণ হেৰুৱাইছে। আমাৰ সংবাদদাতাই জনাইছে যে, কালি মাজনিশা বহিঃৰাগত শ্রমিকক কঢ়িয়াই নিয়া এখন বাহন এটা এহেজাৰ ফুট গভীৰ খাৱৈত বাগৰি পৰাৰ ফলত এই অঘটনটো ঘ...

March 29, 2024 9:58 PM March 29, 2024 9:58 PM

views 5

জম্মু-কাশ্মীৰত যাত্ৰীবাহী বাহনৰ দুৰ্ঘটনাক লৈ ৰাষ্ট্ৰপতি-প্ৰধানমন্ত্ৰীৰ শোক প্ৰকাশ, সাহায্য ঘোষণা

ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুর্মু, প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু জম্মু-কাশ্মীৰৰ উপ-ৰাজ্যপাল মনোজ সিনহাই জম্মু-কাশ্মীৰৰ ৰামবান জিলাৰ জম্মু-শ্ৰীনগৰ ৰাষ্ট্ৰীয় ঘাইপথৰ বেটৰী চেচমাৰ সমীপত সংঘটিত দুৰ্ঘটনাক লৈ গভীৰ শোক প্ৰকাশ কৰিছে। ৰাষ্ট্ৰপতি শ্ৰীমতী মুর্মুৱে সামাজিক মাধ্যমযোগে দুৰ্ঘটনাত প্ৰাণ হেৰুওৱা ল...

March 29, 2024 9:54 PM March 29, 2024 9:54 PM

views 28

শ্ৰীমৎ স্বামী স্মৰণানন্দজী মহাৰাজ ভাৰতৰ আধ্যাত্মিক চেতনাৰ অগ্রণী আছিলঃ প্ৰধানমন্ত্ৰী মোদী

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কৈছে যে, শ্ৰীমৎ স্বামী স্মৰণানন্দজী মহাৰাজ ভাৰতৰ আধ্যাত্মিক চেতনাৰ অগ্রণী আছিল। প্রধানমন্ত্ৰীয়ে তেওঁৰ দেহাৱসানক ব্যক্তিগত ক্ষতি বুলি অভিহিত কৰিছে। শ্রীমোদীয়ে এটা ব্লগযোগে কয় যে, কিছু বছৰ পূৰ্বে স্বামী আত্মস্থানন্দজীৰ মৃত্যু আৰু এতিয়া স্বামী স্মৰণানন্দজীৰ বিয়োগে ভা...

March 29, 2024 9:52 PM March 29, 2024 9:52 PM

views 5

চৰকাৰী ই-মার্কেট প’ৰ্টেল জি ই এমৰ মাধ্যমেৰে চলিত বিত্তীয় বৰ্ষত ৪ লাখ কোটি টকাৰ ব্যৱসায়

চৰকাৰী ই-মার্কেট প'ৰ্টেল জি ই এমৰ মাধ্যমেৰে চলিত বিত্তীয় বৰ্ষত মুঠ ৪ লাখ কোটি টকাৰ অভিলেখ পৰিমাণৰ ব্যৱসায় হৈছে। এই পৰিমাণ যোৱা বিত্তীয় বৰ্ষৰ তুলনাত দুগুণ। নতুন দিল্লীত আজি সংবাদমাধ্যমৰ সৈতে হোৱা কথা-বতৰাত জি ই এমৰ মুখ্য কাৰ্যবাহী বিষয়া পি কে সিঙে কয় যে, ইয়াৰ পৰা জি ই এম পৰ্টেলৰ অনন্য ডিজিটীয় ...

March 29, 2024 7:58 PM March 29, 2024 7:58 PM

views 10

কাৰাবন্দী গেংষ্টাৰৰ পৰা ৰাজনৈতিক নেতালৈ পৰিৱৰ্তন ঘটা মুখটাৰ আনচাৰিৰ মৃত্যু

কাৰাবন্দী গেংষ্টাৰৰ পৰা ৰাজনৈতিক নেতালৈ পৰিৱৰ্তন ঘটা মুখটাৰ আনচাৰিৰ যোৱানিশা উত্তৰ প্ৰদেশৰ বান্দা চিকিৎসা মহাবিদ্যালয় হাস্পতালত হৃদযন্ত্ৰৰ ক্ৰিয়া বন্ধ হোৱাৰ ফলত মৃত্যু হয়। পূৰ্বে আনচাৰিক ৰখা জিলা কাৰাগাৰতেই অসুস্থ হৈ পৰাৰ ফলত তেওঁৰ স্বাস্থ্যৰ অৱনতি ঘটা বুলি অভিযোগ উত্থাপিত হোৱাৰ পাছতেই তেওঁক হাস্...

March 29, 2024 7:50 PM March 29, 2024 7:50 PM

views 15

নতুন দিল্লীত বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ড° এছ জয়শংকৰ আৰু ইউক্রেইনৰ বিদেশ মন্ত্ৰী ডিমাইট্ৰ’ কুলেবাৰ বৈঠক

বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ড° এছ জয়শংকৰ আৰু ইউক্রেইনৰ বিদেশ মন্ত্ৰী ডিমাইট্ৰ’ কুলেবা নতুন দিল্লীত বৈঠকত মিলিত হৈছে। দুয়োগৰাকী মন্ত্ৰীয়ে পাৰস্পৰিক স্বাৰ্থৰ আঞ্চলিক আৰু গোলকীয় বিষয়সমূহত দ্বিপাক্ষিক অংশীদাৰিত্ব আৰু সহযোগিতাৰ বিষয়ে আলোচনা কৰিছে। উল্লেখযোগ্য যে ইউক্ৰেইনৰ বিদেশ মন্ত্ৰী ডিমাইট্ৰ’ কুলেব...

March 29, 2024 7:48 PM March 29, 2024 7:48 PM

views 10

গুড ফ্রাইডেত আমি যীশুখ্ৰীষ্টৰ বলিদানৰ কথা মনত পেলোৱা উচিতঃ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে গুড ফ্রাইডে উপলক্ষে সামাজিক মাধ্যমৰ এটা বাৰ্তাযোগে যীশুখ্ৰীষ্টৰ বলিদানৰ কথা স্মৰণ কৰিছে। শ্ৰী মোদীয়ে কৈছে যে গুড ফ্রাইডেত আমি যীশুখ্ৰীষ্টৰ বলিদানৰ কথা মনত পেলোৱা উচিত। যীশুখ্ৰীষ্টই শিকোৱা মমতা আৰু ক্ষমাৰ পাঠেৰে সকলোৱে উদ্বুদ্ধ হ'ব বুলি প্রধানমন্ত্ৰীয়ে আশা প্রকাশ কৰিছে...

March 29, 2024 7:43 PM March 29, 2024 7:43 PM

views 20

চৰকাৰে সকলো গাঁৱলৈ ডিজিটেল সুবিধা সম্প্ৰসাৰণ কৰি আছেঃ প্রধানমন্ত্ৰী মোদী

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ডিজিটেল ৰাজহুৱা আন্তঃগাঁথনিৰ প্ৰয়োজনীয়তাৰ কথা উল্লেখ কৰি চৰকাৰে সকলো গাঁৱলৈ ডিজিটেল সুবিধা সম্প্ৰসাৰণ কৰি আছে বুলি মন্তব্য কৰিছে। বিল গেটছৰ সৈতে মত বিনিময় কৰি শ্ৰী মোদীয়ে কয় যে কৃষি, স্বাস্থ্য আৰু শিক্ষাত প্রযুক্তিয়ে গুৰুত্বপূর্ণ ভূমিকা গ্ৰহণ কৰে। যেতিয়া বিশ্বত ...

March 28, 2024 6:43 PM March 28, 2024 6:43 PM

views 5

দ্বিতীয় পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ বাবে অধিসূচনা জাৰি

দ্বিতীয় পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ বাবে আজি অধিসূচনা জাৰি কৰা হৈছে। এই পৰ্যায়ত দেশৰ ১২ খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ অন্তৰ্গত মুঠ ৮৮ খন আসনৰ লগতে আউটাৰ মণিপুৰ লোকসভা সমষ্টিৰ বাকী অংশৰ বাবে ভোটগ্ৰহণ কৰা হ'ব। আউটাৰ মণিপুৰ সংসদীয় সমষ্টিৰ এটা অংশৰ বাবে প্ৰথম পৰ্যায়ত ভোটগ্ৰহণ কৰা হ'ব। দ্বিতীয় ...

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।