ৰাষ্ট্ৰীয়

May 16, 2024 8:38 PM

views 26

পাকিস্তানৰ নিষিদ্ধ সন্ত্ৰাসবাদী সংগঠন জইছ-ঈ-মহম্মদৰ এজন শীর্ষ সন্ত্ৰাসবাদীৰ ৭টা স্থাৱৰ সম্পত্তি জব্দ ৰাষ্ট্ৰীয় তদন্ত সংস্থাৰ

ৰাষ্ট্ৰীয় তদন্ত সংস্থাই পাকিস্তানৰ নিষিদ্ধ সন্ত্ৰাসবাদী সংগঠন জইছ-ঈ-মহম্মদৰ এজন শীর্ষ সন্ত্ৰাসবাদীৰ ৭টা স্থাৱৰ সম্পত্তি জব্দ কৰিছে। আজি কাশ্মীৰৰ পুলৱামা জিলাৰ কিছাৰিগামত সন্ত্ৰাসবাদী সৰ্তাজ আহমেদৰ সম্পত্তি জব্দ কৰা হয়। ২০২০ চনৰ জানুৱাৰী মাহত সৰ্তাজক গ্ৰেপ্তাৰ কৰাৰ লগতে তেওঁৰ পৰা কেইবাটাও অস্ত্ৰ-শস...

May 16, 2024 6:44 PM

views 32

নির্বাচনী প্ৰচাৰ অভিযানৰ অংশ হিচাপে দিল্লী বিজেপিৰ নেতা আৰু প্রার্থীৰ প্ৰাতঃভ্ৰমণকাৰীৰ সৈতে মত-বিনিময়

বিজেপিৰ কেইবাগৰাকীও নেতা আৰু দিল্লীৰ সাংসদ প্রার্থীসকলে নির্বাচনী প্ৰচাৰ অভিযানৰ অংশ হিচাপে আজি প্ৰাতঃভ্ৰমণকাৰীসকলৰ সৈতে মত-বিনিময় কৰে। দিল্লী বিজেপিৰ সভাপতি বীৰেন্দ্ৰ সচদেৱাই কেশৱপুৰমৰ হাটোডা ৰাম পাৰ্কত অঞ্চলটোৰ লোকসকলৰ সৈতে মত-বিনিময় কৰি পোষ্টাৰ আদি বিতৰণ কৰে। উত্তৰ পশ্চিম দিল্লীৰ বিজেপি প্রার্থ...

May 16, 2024 6:42 PM

views 12

মহাৰাষ্ট্ৰত লোকসভা নিৰ্বাচনৰ পঞ্চম পৰ্যায়ত ১৩টা সমষ্টিত ২৬৪গৰাকী প্ৰাৰ্থীৰ প্রতিদ্বন্দ্বিতা

লোকসভা নিৰ্বাচনৰ পঞ্চম পৰ্যায়ত মহাৰাষ্ট্ৰত ধুলে, দিন্দোৰি, নাছিক, কল্যাণ, পালঘৰ, ভিৱান্দি, থানে, মুম্বাই উত্তৰ, মুম্বাই উত্তৰ-পশ্চিম, মুম্বাই উত্তৰ-পূব, মুম্বাই উত্তৰ-মধ্য, মুম্বাই দক্ষিণ-মধ্য আৰু মুম্বাই দক্ষিণ- এই ১৩টা সমষ্টিৰ বাবে ভোটগ্ৰহণ কৰা হ'ব। এই পৰ্যায়ত ২৬৪গৰাকী প্ৰাৰ্থী প্রতিদ্বন্দ্বিতাত...

May 16, 2024 6:40 PM

views 14

বিজেপিয়ে সংৰক্ষণ ব্যৱস্থাৰ সমাপ্তিৰ লগতে সংবিধান পৰিৱৰ্তনৰ বাবেই ৪০০খনতকৈও অধিক আসন বিচাৰেঃ অৰবিন্দ কেজৰিৱাল

দিল্লীৰ মুখ্যমন্ত্ৰী তথা আম আদমী পাৰ্টীৰ নেতা অৰবিন্দ কেজৰিৱালে বিজেপিক আক্ৰমণ কৰি কয় যে সংৰক্ষণ ব্যৱস্থাৰ সমাপ্তিৰ লগতে সংবিধান পৰিৱৰ্তন কৰিব বিচাৰে বাবেই গেৰুৱা দলটোৱে লোকসভা নিৰ্বাচনত ৪০০খনতকৈও অধিক আসন বিচাৰে। সমাজবাদী পাৰ্টীৰ মুৰব্বী অখিলেশ যাদৱৰ সৈতে তেওঁ লক্ষ্ণৌত যুটীয়াভাৱে এখন সংবাদ মেলত ভ...

May 16, 2024 6:39 PM

views 30

ছিকিমৰ ৪৯সংখ্যক ৰাজ্যিক দিৱস উপলক্ষে জনসাধাৰণক ৰাষ্ট্ৰপতি-প্ৰধানমন্ত্ৰীৰ অভিনন্দন জ্ঞাপন

ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মু আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ছিকিমৰ ৪৯সংখ্যক ৰাজ্যিক দিৱস উপলক্ষে ৰাজ্যখনৰ জনসাধাৰণক অভিনন্দন জ্ঞাপন কৰিছে। সামাজিক মাধ্যমযোগে দিয়া এটা পোষ্টত ৰাষ্ট্ৰপতিয়ে কয় যে প্ৰকৃতিৰ বৰদানেৰে সমৃদ্ধ ছিকিমৰ সৌন্দৰ্য্য ৰাজ্যখনৰ বৰফেৰে আবৃত পর্বতৰ শিখৰ, ঘন বননি আৰু জলপ্ৰপ...

May 16, 2024 6:37 PM

views 22

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাডিমিৰ পুটিন দুদিনীয়া ভ্ৰমণসূচীৰে চীনত উপস্থিত

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাডিমিৰ পুটিন দুদিনীয়া চৰকাৰী ভ্ৰমণসূচীৰে আজি পুৱা চীনত উপস্থিত হৈছে। ৰাষ্ট্ৰপতি হিচাপে পঞ্চমটো কাৰ্যভাৰ গ্ৰহণ কৰাৰ পাছত শ্ৰীপুটিনৰ এয়া প্ৰথমটো বিদেশ ভ্ৰমণ। বিমানবন্দৰত চীনৰ চৰকাৰী বিষয়াসকলে শ্রীপুটিনক আদৰণি জনায়। ৰাছিয়াৰ ৰাষ্ট্ৰপতি কাৰ্যালয়ে প্ৰকাশ কৰা মতে শ্রীপুটিনে আজি...

May 16, 2024 6:35 PM

views 30

শ্লোভাকিয়াৰ প্ৰধানমন্ত্ৰী ৰবাৰ্ট ফিকো গুলীবিদ্ধ, প্ৰধানমন্ত্ৰী মোদীৰ কাপুৰুষালি আখ্যা

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে শ্লোভাকিয়াৰ প্ৰধানমন্ত্ৰী ৰবাৰ্ট ফিকো গুলীবিদ্ধ হোৱা বাতৰিটোত আশ্চৰ্য প্ৰকাশ কৰিছে। সামাজিক মাধ্যমৰ এটা পোষ্টত শ্রীমোডীয়ে এই ঘটনাক কাপুৰুষালি বুলি আখ্যা দি প্ৰধানমন্ত্ৰীগৰাকীৰ আশুআৰোগ্য কামনা কৰিছে। তেওঁ কয় যে ভাৰত শ্লোভাকিয়াৰ জনসাধাৰণৰ সৈতে সংহতিৰে থিয় হৈ আছে।

May 16, 2024 11:21 AM

views 22

দ্য ইণ্ডিয়া স্কিলছ ২০২৪ শীৰ্ষক ভাৰতৰ সৰ্ববৃহৎ দক্ষতা প্রতিযোগিতা আৰম্ভ

নতুন দিল্লীত কালিৰে পৰা দ্য ইণ্ডিয়া স্কিলছ ২০২৪ শীৰ্ষক ভাৰতৰ সৰ্ববৃহৎ দক্ষতা প্রতিযোগিতা আৰম্ভ হৈছে। প্রতিযোগিতাৰ চাৰিটা দিনত ৩০খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ ৯০০ৰো অধিক ছাত্ৰ-ছাত্ৰীয়ে পৰম্পৰাগত শিল্পকৰ্মৰপৰা আৰম্ভ কৰি শেহতীয়া প্রযুক্তিলৈকে ৬১টা ভিন্ন ক্ষেত্রত দক্ষতা প্ৰদৰ্শন কৰিব। উদ্বোধনী অনু...

May 16, 2024 11:19 AM

views 31

নতুন দিল্লীত ভাৰত আৰু ৰাছিয়াৰ আফগানিস্তান সন্দর্ভত দ্বিপাক্ষিক আলোচনা

ভাৰত আৰু ৰাছিয়া কালি নতুন দিল্লীত আফগানিস্তান সন্দর্ভত দ্বিপাক্ষিক আলোচনাত মিলিত হয়। বিদেশ মন্ত্রালয়ৰ তথ্য অনুসৰি আফগানিস্তানত থকা ৰাছিয়াৰ ৰাষ্ট্ৰপতিৰ বিশেষ কটকী জামিৰ কাবুলভ আৰু ভাৰতৰ বিদেশ মন্ত্ৰালয়ৰ পাকিস্তান, আফগানিস্তান আৰু ইৰাণ বিভাগৰ যুটীয়া সচিব জে পি সিঙে আফগানিস্তানৰ সাম্প্ৰতিক পৰিস্থিতিৰ ব...

May 16, 2024 11:16 AM

views 21

পাকিস্তান অধিকৃত কাশ্মীৰ ভাৰতৰ অংশ আৰু ইয়াৰ ওপৰত দেশৰ অধিকাৰ আছে : অমিত শ্বাহ

বিজেপিৰ জ্যেষ্ঠ নেতা তথা কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে কৈছে যে, পাকিস্তান অধিকৃত কাশ্মীৰ ভাৰতৰ অংশ আৰু ইয়াৰ ওপৰত দেশৰ অধিকাৰ আছে। এটা বাতৰি যোগান প্ৰতিষ্ঠানক দিয়া সাক্ষাৎকাৰত শ্ৰীশ্বাহে কালি এইদৰে প্ৰকাশ কৰে। তেওঁ কয় যে, পাকিস্তান অধিকৃত কাশ্মীৰ ভাৰতৰ অংশ কিয়নো সমগ্ৰ কাশ্মীৰক ভাৰতৰ সৈতে অন্ত...

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।